এমাহ হোৱালৈ এটা কেচুৱাই
- তাৰ গালখন চুই দিলে সেই হাতখনৰ ফালে মূৰটো ঘুৰাব পাৰিব লাগে।
- নিজৰ মুখৰ ওচৰলৈ দুয়োখন হাত নিব পাৰিব লাগে।
- চিনাকি মাত আৰু শব্দৰ ফাললৈ ঘুৰিব পাৰিব লাগে।
- মাকৰ স্তন চুপিব আৰু হাতেৰে স্তন স্পৰ্শ কৰিব পাৰিব লাগে।
মাক দেউতাক আৰু যত্ন লওঁতাৰ প্ৰ্তি পৰামৰ্শ
- জন্মৰ এঘণ্টাৰ ভিতৰতে মাকৰ দেহৰ ছালত লগাকৈ কেঁচুৱাৰ সৈতে স্পৰ্শ কৰিব আৰু স্তনপান কৰিব।
- থিয়কৈ লওঁতে কেঁচুৱাৰ মূৰটোৰ পিছফালে ধৰি থাকিব।
- সঘনাই কেঁচুৱাক আলিংগন আৰু মালিচ কৰিব।
- আপোনাৰ ভাগৰ বা আমনি লাগিলেও কেঁচুৱাক সদায় সযতনে কোমলকৈ ল’ব।
- সঘনাই, কমকৈ চাৰি ঘণ্টাত এবাৰকৈ স্তন পান কৰাব।
- যিমান সঘনাই পাৰে কেঁচুৱাৰ সৈতে কথা পাতিব, কিবা পঢ়ি শুনাব আৰু গীত গাই শুনাব।
- জন্মৰ ছয়সপ্তাহৰ পাছত কেঁছুৱাটোক লৈ স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যাব।
মনকৰিবলগীয়া বিপদ স্ংকেতসমূহ
- কমকৈ স্তন চোপা বা চুপিবলৈ নিবিচৰা।
- হাত-ভৰিৰ লৰচৰ কম হোৱা।
- ডাঙৰ শব্দ বা বেছি পোহৰৰ প্ৰতি কম প্ৰতিক্ৰিয়া দেখুওৱা বা একেবাৰে প্ৰতিক্ৰিয়া নেদেখুওৱা।
- কোনো বিশেষ কাৰণ নোহোৱাকৈ বেছিজ সময় কন্দা।
- বমি বা ডায়েৰিয়া, য’ৰ পৰা দেহৰ পানী কমিব পাৰে।
ছমাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে
- তলমুৱা হৈ থাকোতে মূৰ আৰু বুকু দাঙিব।
- ওলমি থকা বস্তুহ চুব বিচাৰিব।
- যিকোনো বস্তু হাতেৰে ধৰি জোকাৰিব।
- দুয়োকাষে বাগৰিব।
- সহায় লৈ বহিব।
- হাত আৰু মুখেৰে বস্তুহ পিটিকি-মুচৰি চাব।
- আনৰ মুখৰ শব্দ আৰু ভ্ংগিমা অনুকৰণ কৰিব।
- নিজৰ নাম আৰু আনৰ চিনাকি মুখৰ প্ৰতি সঁহাৰি দিব।
মাক-দেউতাকৰ আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ
- কেঁচুৱাই যাতে বাধা নোহোৱাকৈ লৰচৰ কৰিব পাৰে আৰু যিকোনো বস্তু খেপিয়াই চুবলৈ চেষ্টা কৰিব পাৰে, সেয়া সুবিধাজনক হ’বৰ বাবে এখন চফা, সমান, নিৰাপদ ঠাইত শুৱাব।
- ওচৰত কি হৈছে চাব পৰাকৈ কেঁচুৱাক দাঙি ধৰিব। দিনতে হওক, নিশায়ে হওক, বিচাৰিলেই স্তনপান কৰাব, আৰু আন খাদ্য দিবলৈ আৰম্ভ্ কৰিব(৬-৮ মাহত নিতৌ দুবাৰ, ৮-১২ মাহত নিতৌ ৩-৪ বাৰ)।
মন কৰিবলগীয়া বিপদস্ংকেতসমূহ
- হাত-ভৰিৰ জঠৰতা বা লৰচৰ কৰাত অসুবিধা। বিৰামহীনভাৱে মূৰটো ইফাল-সিফাল কৰি থকা(ই কাণৰ অসুখৰ ইংগিত, যাৰ পৰা কাণেৰে নুশুনা হ’বগৈ পাৰে)।
- শব্দ, চিনাকি মুখ আৰু মাকৰ স্তনৰ প্ৰতি সঁহাৰি নিদিয়া। স্তনপান বা আন খাদ্য খাবলৈ অস্বীকাৰ কৰা।
বাৰ মাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে
- সহায় নোহোৱাকৈ বহা।
- হাত আৰু আঁঠুৰে বগাই গৈ থিয় হোৱা।
- অ’ত ত’ত ধৰি খোজ কঢ়া।
- শব্দ আৰু কথা অনুকৰণ কৰিবলৈ চেষ্টা কৰা আৰু সাধাৰণ অনুৰোধলৈ সঁহাৰি দিয়া।
- খেলি আৰু হাত-চাপৰি মাৰি আনন্দ পোৱা।
- মনোযোগ আকৰ্ষণৰ বাবে শব্দ আৰু অংগীভ্ংগী একাধিকবাৰ কৰা।
- বুঢ়া আঙুলি আৰু আন এটা আঙুলিৰে বস্তু উঠোৱা।
- চামুচ আৰু পিয়লা দাঙিবলৈ আৰম্ভ্ কৰি নিজে খাবলৈ চেষ্টা কৰা।
মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ
- বিভিন্ন বস্তু আঙুলিয়াই দেখুৱাই নাম ক’ব, কেঁচুৱাৰ সৈতে সঘনাই কথা পাতিব আৰু খেলিব।
- খোৱাৰ সময়ত পৰিয়ালৰ সকলোৰে সৈতে আন্ত: ক্ৰিয়া কৰিবলৈ উৎসাহ যোগাব।
- যদি শিশুৰ বিকাশ লেহেমীয়া হৈছে বা তাৰ কিবা শাৰীৰিক প্ৰতিবন্ধকতা আছে, তেনেহ’লেক তাৰ পাৰদৰ্শিতাৰ ওপৰত বেছি জোৰ দিব আৰু অতিৰিক্ত উদ্দীপনা দিয়াৰ লগতে বেছিকৈ আনৰ সৈতে মিলা-মিচা কৰাব।
- একেটা ভ্ংগীতে শিশুক কেইবাঘণ্টাও নথ’ব।
- দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ হকে ঠাইডোখৰ যিমান পাৰি নিৰাপদ কৰি ৰাখিব।
- স্তনপান কৰায়েই থাকিব আৰু শিশুৱে যাতে যথেষ্ট খাদ্য আৰু পৰিয়ালৰ আনে খোৱা বিভিন্ন খাদ্য খাবলৈ পায়, সেইটো নিশ্চিত কৰিব।
- শিশুক পিয়লা, চামুচ আদিৰে খোৱাৰ চেষ্টাত সহায় কৰিব।
- শিশুৱে যাতে সকলো প্ৰতিষেধক পায় সেইটো নিশ্চিত কৰিব।
মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ
- আনে কৰা শব্দৰ প্ৰতি শব্দৰে সহাঁৰি নিদিয়ে।
- লৰচৰ কৰা বস্তুলৈ নাচায়।
- উদাসীন, আনক সঁহাৰি নিদিয়ে।
- খোৱাৰ প্ৰতি ৰুচি নাই, খাব নোখোজে।
দুবছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে
- খোজ কঢ়া, ওপৰলৈ বগোৱা
- নাম ক’লেই আঙুলিয়াই দেখুৱাব(যেনে-চকু, নাক,,,,,,ইত্যাদি)।
- (১৫ মাহ মানৰ পৰা) কেইবাটাও শব্দ একেলগে কোৱা।
- সহজন নিৰ্দেশ বুজি পোৱা।
- পেনচিল বা চকমাটি দিলে আঁকবাকঁ কৰা।
- সাধাৰণ সাধু আৰু গান শুনি ফুৰ্তি পোৱা।
- আনৰ আচাৰ-ব্যৱহাৰ অনুকৰণ কৰা।
- নিজে গাবলৈ আৰম্ভ কৰা।
মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ
- শিশুৰ সৈতে কিতাপ পঢ়িব, খেলিব, গীত গাব।
- বিপদজনক বস্তু এৰাই চলিবলৈ শিকাব।
- শিশুক স্বাভাৱিক ভাৱে কথা ক’ব। লেবালেবি/কেঁচুৱামি কৰি নহয়।
- স্তনপান কৰাই থাকিব, শিশুৱে যাতে যথেষ্ট খাদ্য পায় আৰু পৰিয়ালৰ বিভিন্ন খাদ্য পায় সেইটো নিশ্চিত কৰিব।
- খাবলৈ উৎসাহ দিব, জোৰ নিদিব।
- সাধাৰণ নিয়ম শিকাব আৰু সাধাৰণ ভাৱে প্ৰত্যাশা/লক্ষ্য বান্ধি দিব।
- সফলতাত শিশুক প্ৰশ্ংসা কৰিব।
মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ
- আনৰ প্ৰতি সঁহাৰিৰ অভাৱ।
- খোজ কাঢ়োতে ভাৰসাম্যৰ অভাৱ(ততালিকে স্বাস্থ্যকৰ্মীক দেখা কৰিব)।
- সঘনাই আঘাত পোৱা আৰু আচাৰ-ব্যৱহাৰত অস্বাভাৱিক সালসলনি।
- খোৱাৰ প্ৰতি অৰুচি।
তিনি বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে
- খোজ কঢ়া, দৌৰা, বগোৱা, গোৰ মৰা, জাপ মৰা।
- আঙুলিয়াই সাধাৰণ বস্তুবোৰ চিনাক্ত কৰা।
- দুই-তিনিটা শব্দৰ বাক্য ৰচনা কৰা।
- নিজৰ নাম আৰু বয়স কোৱা।
- ৰ্ং চিনাক্ত কৰা, ৰঙৰ নাম কোৱা।
- স্ংখ্যা বুজি পোৱা।
- খেলত মনেসজা সামগ্ৰী ব্যৱহাৰ কৰা।
- নিজে খোৱা।
- মৰম-চেনেহ প্ৰকাশ কৰা।
মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ
- শিশুৰ সৈতে বহি কিতাপ চাব আৰু পঢ়িব আৰু তাত থকা ছবিৰ বিষয়ে কথা পাতিব।
- শিশুক সাধুহ ক’ব, গীত-পদ্য শিকাব।
- শিশুক নিজাকৈ থাল-বাটি দিব।
- খোৱাৰ ক্ষেত্ৰত উৎসাহ দিব আৰু খাওঁতে যিমান সময় লাগে দিব।
- কাপোৰ পিন্ধিবলৈ, হাত ধুবলৈ আৰু পায়খানা কৰি ধুবলৈ শিকাব।
মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ
- খেলাত ৰাপ হেৰুওৱা।
- সঘনাই পৰি দুখ পোৱা।
- সৰু বস্তু পিটিকি চোৱাত অসুবিধা পোৱা।
- কেইবাটাও একেলগে ব্যৱহাৰত অসুবিধা।
- খাদ্যৰ প্ৰতি কম ৰাপ হোৱা বা স্কেবাৰে ৰাপ নোহোৱা।
পাঁচ বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে
- সুসমন্বিত ভাৱে চলাচল কৰা।
- বহু শব্দ ব্যৱহাৰ কৰি বাক্যত কথা কোৱা।
- বিপৰীত শব্দ বুজা(যেনে-শকত-ক্ষীণ, ওখ-চাপৰ)
- আন শিশুৰ সৈতে খেলা।
- আনৰ সহায় নলোৱাকৈ কাপোৰ পিন্ধা।
- সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া।
- ৫-১০ টা বস্তু গন্তি কৰা।
- নিজে হাত ধোৱা।
মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ
- খেলোতে সিহঁতে কি ভাও লয় মন কৰিব। শিশু যদি ভয়াতুৰ, খঙাল বা হিংসুক, তেন্তে এইবোৰ আবেগিক সমস্যা বা আনৰ দ্বাৰা অপ-ব্যৱহাৰৰ লক্ষণ।
স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.