শিশুৱে জন্মগত দোষ লৈ আহিলে ই মাক-দেউতাক তথা পৰিয়ালৰ বাবে এক দু:চিন্তাৰ কাৰণ হৈ পৰে- সেয়া ভৰিতেই হওক বা দেহৰ অন্য অংগতে হওক । ভৰিতো বিভিন্ন ধৰণৰ দোষ লৈ শিশু জন্ম হ’ব পাৰে । তাৰ ভিতৰত সততে দেখা দোষবিধ হৈছে- ক্লাবফুট বা অভঁজা ভৰি , যাক চিকিৎসা বিজ্ঞানত কনজেনা- ইটেল টেলিপেছ ইকুইন’ ভেৰাছ (Congenital Talipes Equinovarus CTEV) বুলি কোৱা হয় ।
জন্মগতভাৱে ভৰি বেঁকা বা ভাঁজ লগা কথাটোক লৈ আমাৰ সমাজত এক অন্ধবিশ্বাস প্ৰচলিত হৈ আছে । সেই অনুসৰি, চন্দ্ৰগহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভধাৰণ কৰা মাতৃয়ে যদি ইচ্ছাকৃতভাৱে নিজৰ ভৰিখন বেঁকা কৰি থয়, তেন্তে গৰ্ভত থকা শিশুৰো ভৰিটো বেঁকা হ’ব পাৰে । এনে চিন্তা অমূলকেই নহয়, সম্পূৰ্ণৰুপে অন্ধবিশ্বাসো । কিন্তু এই কথাও ঠিক যে চিকিৎসা বিজ্ঞানেও ইয়াৰ এটা সঠিক কাৰণ দিব পৰা নাই । ভৰিৰ মাংসপেশী আৰু হাড়ৰ সন্তুলনবিহীন বিকাশ হোৱাৰ বাবেই এই সমস্যাৰ উৎপত্তি হয় ।
ভৰিৰ এই জন্মগত দোষবোৰ জন্মৰ সময়ত কম চকুত পৰা ধৰণৰ হ’ব পাৰে যদিও বেছিভাগ শিশুৰ ক্ষেত্ৰতে এই দোষবোৰ সততে চকুত পৰে । যেনে – ভৰিৰ গোৰোৱাটো সৰু হয়, ভৰিখন ভিতৰফালে ভাঁজ হৈ থাকে, ভৰিৰ ভিতৰ ফালটো বাহিৰ ফালতকৈ সৰু হয় , আঙুলিবোৰ তললৈ নমা হয় । খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে শিশুটো ভৰিৰ বাহিৰ ফালে ভৰ দি খোজ কাঢ়ে । ভৰিৰ এই দোষৰ লগত ওঁঠ, তালু, হৃৎপিণ্ড, ৰাজহাড় নাইবা অন্য অংশত জন্মগত দোষ থাকিব পাৰে। দিন আগুৱাই যোৱাৰ লগে লগে এই দোষবোৰ চকুত পৰা হয় । বহু সময়ত বিয়া-বাৰুৰ বয়সত উপনীত হ’লেহে ল’ৰা-ছোৱালী চিকিৎসকৰ কাষ চাপে আৰু তেনে সময়ত চিকিৎসা পদ্ধতি যথেষ্ট জটিল আৰু দীঘলীয়া হয় ।
কিছু বছৰৰ আগেয়ে ভৰিৰ এনে দোষ লৈ জন্ম হোৱা শিশুবিলাকক চিকিৎসা পলমকৈ দিয়া হৈছিল । কিন্তু বৰ্তমানে ইয়াৰ চিকিৎসা সোনকালে আৰম্ভ কৰা হয় । এনে সমস্যাৰ ক্ষেত্ৰত বহু সময়ত অপাৰেশ্যনৰ প্ৰয়োজন নহয় । বেছিভাগ শিশুক প্লাষ্টাৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হয় আৰু ইয়াৰ সুফলো পোৱা যায় ।
জন্মৰ পাছতে মাকক কিছুমান বিশেষ হস্তচালন (Manipulation) পদ্ধতি শিকোৱা হয়, যাতে মাকে গাখীৰ খুৱাই থকা অৱস্থাত ভৰিটো ঘূৰাই কিছু পৰিমাণে সুফল পায় । প্ৰায় এমাহমান হোৱাৰ পাছত প্লাষ্টাৰ পদ্ধতি আৰম্ভ কৰা হয় । প্লাষ্টাৰ কাষ্ট পদ্ধতিৰে ঠিক কৰিবলৈ দুমাহৰ পৰা চাৰি মাহ লাগে । এসপ্তাহৰ মূৰে মূৰে প্লাষ্টাৰ সলোৱা হয় । এই পদ্ধতিক প’নছেটি নিময় বুলি জনা যায় ।
সাধাৰণতে ভৰিৰ তলুৱাৰ আগ অংশৰ পৰা ভৰিৰ ওপৰলৈকে প্লাষ্টাৰ কৰি অভঁজা ভৰিক পোন কৰি ৰখা হয় । প্লাষ্টাৰটোৱে ভৰিখনক সুন্দৰকৈ মেলি ৰখাৰ লগতে ইয়াক সঠিক অৱস্থানত ধৰি ৰাখে । এসপ্তাহ পাছত প্ৰথম প্লাষ্টাৰটো খুলি দি ভৰিৰ সঠিক অৱস্থানত পুনৰ এটা নতুন প্লাষ্টাৰ সংস্থাপন কৰা হয় । উল্লেখযোগ্য যে প্ৰতি এসপ্তাহ বা দুসপ্তাহৰ মূৰত শিশুটিক নতুন প্লাষ্টাৰ লগাবলৈ চিকিৎসা কেন্দ্ৰলৈ অনাটো বাঞ্চনীয় । ভৰিখনক সঠিক অৱস্থানলৈ আনিবৰ বাবে বেছিভাগ শিশুৰেই ছয়ৰ পৰা আঠটা প্লাষ্টাৰৰ প্ৰয়োজন হয় ।
বেছিভাগ শিশুৰ ক্ষেত্ৰত শেষৰ প্লাষ্টাৰৰ সময়ত এটা সৰু অপাৰেশ্যন দৰকাৰ হয় । তাক টেন’টমি (Tenotomy) বুলি কোৱা হয় । য’ত গোৰোৱাৰ ওপৰত লাগি থকা পেশীডাল (Tendom) কটা হয় আৰু পুনৰ প্লাষ্টাৰ লগাই দিয়া হয় । এই কাৰ্যত সাধাৰণতে সংজ্ঞাহৰণৰ প্ৰয়োজন নহয় আৰু শিশুক ঘৰলৈ যাব দিয়া হয় ।
যদিও CTEV বহু সময়ত প্লাষ্টাৰৰ সহায়ত ঠিক কৰিব পাৰি, কিন্তু কেতিয়াবা কেতিয়াবা ই সফল নহয় । তেনে ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ সহায় লোৱা হয় । বয়স অনুযায়ী, অস্ত্ৰোপচাৰ বেলেগ বেলেগ কৰা হয় । এবছৰমান বয়সলৈকে সাধাৰণতে এই অস্ত্ৰোপচাৰ কেৱল সংকুচিত পেশী (Tendon) দীঘল কৰাৰ ব্যৱস্থা কৰা হয় । সাধাৰণতে ভৰিৰ ভিতৰফালে মাংশপেশীবিলাক সংকুচিত অৱস্থাত থাকে, সেইখিনি অপাৰেশ্যনযোগে দীঘল কৰি পুনৰ লগাই দিয়া হয় ।
শিশু ডাঙৰ হ’লে এই অস্ত্ৰোপচাৰ কেৱল মাংসপেশীতে সীমিত ৰাখিব নোৱাৰি, হাড়ৰো কৰিব লগোৱা হয় । তাক Osteotomy বোলা হয় ।
ডাঙৰ মানুহৰ ক্ষেত্ৰত কেৱল হাড়তে নহয়, বৰঞ্চ সন্ধিৰ ওপৰতো অস্ত্ৰোপচাৰেৰে পোন কৰি কিছুমান সন্ধিক গোটেই জীৱনৰ বাবে বন্ধ কৰি দিয়া হয়, যাক Arthrodesis বোলা হয় ।
লেখক – ডা: বিপুল বৰঠাকুৰ
উৎস- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 3/19/2020