অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ মেদবহুলতা কাৰণ আৰু নিবাৰণ :

শিশুৰ মেদবহুলতা কাৰণ আৰু নিবাৰণ :

 

বৰ্তমান সময়ত শিশুৰ মেদবহুলতা এক দ্ৰুত গতিত বৃদ্ধি পোৱা ৰোগত পৰিণত হৈছে। ভাৰতবৰ্ষই ১৪.৪ মিলিয়ন মেদবহুল শিশুৰে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি আছে। চীনে ১৫.৪ মিলিয়ন শিশুৰে প্ৰথম স্থানত আছে। ২০১৭ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ১.২১ বিলিয়ন। আৰু ইয়াৰ ৩৯ শতাংশ শিশু। তাৰ মানে ১০০ কোটি জনসংখ্যাৰ ভিতৰত ৩৯ কোটি শিশু আৰু এই ৩৯ কোটি শিশুৰ ভিতৰত ১.৪ কোটি (১৪.৪ মিলিয়ন) শিশুৱেই মেদবহুল। অৰ্থাৎ প্ৰায় ৪০ টি শিশুৰ ভিতৰত এটিকৈ শিশু ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। শিশুৰ মেদবহুলতাক বৰ সহজভাৱে লোৱাটো উচিত নহয়। কিয়নো, ইয়াৰ ফলত নিম্নোক্ত ৰোগসমুহৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায়। উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল বৃদ্ধি, মধুমেহ, শ্বাসজনিত সমস্যা, সন্ধিবিষ, ফেটী লিভাৰ, আত্মবিশ্বাসৰ অভাৱ, বুদ্ধিমত্তাৰ অভাৱ, হতাশা আদি।

মেদবহুলতাৰ প্ৰধান কাৰণসমুহ হ’ল যথাক্ৰমে বংশানুক্ৰমিক, শাৰীৰিক ব্যায়ামৰ অভাৱ, ভুল খাদ্য, হৰম’নৰ অসন্তুলন আৰু কোনো কোনো ক্ষেত্ৰত এই আটাইকেইটা কাৰকৰে সংমিশ্ৰণ।

(BMI (Body Mass Index) পদ্ধতি অনুযায়ী আপোনাৰ শিশুটিৰ সঠিক ওজন উলিয়াব পাৰি। ইয়াৰ এটা সহজ নিয়ম আছে, সেইটো হ’ল- (BMI= Weight/ Height)2 ওজন কিলোগ্ৰাত আৰু উচ্চতা মিটাৰত থাকিব। এটা উদাহৰণৰ দ্বাৰা বুজাইছো । ধৰা হ’ল এটি শিশুৰ ওজন ৭৫ কিলোগ্ৰাম আৰু উচ্চতা ১৮০ চেণ্টিমিটাৰ। এতিয়া প্ৰথম কাম হ’ব উচ্চতাক মিটাৰলৈ নিয়া। যিহেতু ১০০ চেণ্টিমিটাৰে এক মিটাৰ, গতিকে উচ্চতা হ’ব ১.৮ মিটাৰ। আৰু BMI হ’ব ৭৫/১.৮* ১.৮= ২৩.১৫। এতিয়া তলত দিয়া চাৰ্টখনৰ লগত মিলাই চাওক।

BMIযদি ১৮ ৰ পৰা ২০ ৰ ভিতৰত আছে, তেন্তে শিশুটি সুস্থ ওজন (Wealthy wt) ৰ ভিতৰত আছে ।BMI  যদি ২১ৰ পৰা ২২ ৰ ভিতৰত আছে, তেন্তে তাৰ ওজন বেছি আছে (Over weight) আৰু যদি ২৩ অথবা ২৩ ৰ ওপৰলৈ গৈছে, তেন্তে সি মেদবহুল ৰোগত পৰিছে।

যদি আপোনাৰ শিশুটিৰ BMI ২১ ৰ ওপৰলৈ গৈছে, তেন্তে তাক প্ৰতিৰোধ কৰিব লাগিব। মেদবহুলতা প্ৰতিৰোধ আৰু নিবাৰণ কৰাৰ ক্ষেত্ৰত প্ৰথম ভুমিকা হ’ল আহাৰৰ। খাদ্য তালিকাৰ পৰা মিঠাজাতীয় আহাৰ বৰ্জন কৰা (যেনে- মিঠাই, কেক, চকলেট, ক’লড ড্ৰিংকছ ইত্যাদি। প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফল-মুল খাবলৈ দিয়ক। বাহিৰত খোৱা, বিশেষকৈ ফাষ্ট ফুড আদি খোৱা একেবাৰে বন্ধ কৰক। বেছিকৈ টিভি চোৱা, ভিডিঅ’ গেম আদি খেলাত বাধা দিয়ক। দ্বিতীয় ভুমিকা হ’ল শাৰীৰি ক পৰিশ্ৰম, ব্যায়াম, যোগাসন, চাইকেল চলোৱা, সাঁতোৰা, দৌৰা আদিৰ। শিশুটিক শাৰীৰিক পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিব লাগে।

মেদবহুলতা হ্ৰাসত যোগৰ ভুমিকা অতি মহত্ত্বপুৰ্ণ। কিয়নো, পাচনতন্ত্ৰ আৰু অন্ত:স্ৰাৱী গ্ৰন্থিতন্ত্ৰৰ অসন্তুলন মেদবহুলতাৰ এক প্ৰধান কাৰণ আৰু সঠিকভাৱে কৰা যোগাসনৰ অভ্যাসে এই দুয়ো তন্ত্ৰৰ ওপৰত অতি মাৰাত্মক প্ৰভাৱ পেলায়।

ভাৰতৰ এক অগ্ৰণী যোগ শিক্ষাৰ প্ৰতিষ্ঠান যোগ বিদ্যা গুৰুকুল নাচিকে মেদবহুলতাৰ বাবে এক অতি প্ৰভাৱশালী ৯০ মিনিটৰ দৈনিক অভ্যাসক্ৰমে প্ৰস্তুত কৰি দিছে। ভালদৰে এই আসনসমুহ শিকি লৈ নিয়মিত অভ্যাস কৰিলে যথেষ্ট লাভ পাব পাৰি।

দৈনিক অভ্যাসক্ৰম

ওমকাৰ উচ্চাৰণ

৫ মি:

সন্ধি সঞ্চালন

৪ মি:

সুৰ্য নমস্কাৰ (৩২ বাৰ)

১২ মি:

শৱাসন

১ মি:

ধনুৰাসন

২ মি:

সৰ্বাংগাসন

৩ মি:

হলাসন

১ মি:

মৎস্যাসন

১ মি:

উষ্ট্ৰাসন

১ মি:

অৰ্ধ মৎস্যেন্দ্ৰাসন

৩ মি:

পশ্চিমোত্তাসন

১ মি:

আকৰ্ণ ধনুৰাসন

৩ মি:

উদৰ সঞ্চালন

৩ মি:

ত্ৰিকোণাসন

৩ মি:

বীৰাসন

৩ মি:

শৱাসন

১ মি:

অগ্নিসাৰ ক্ৰিয়া (১০০ চক্ৰ)

৪ মি:

উদ্দীয়ান বন্ধ (৫ বাৰ)

৩ মি:

কপালভাটী (৩০০ বাৰ)

৫ মি:

ভম্ৰিকা

১ মি:

সুৰ্যভেদী প্ৰাণায়াম

১০ মি:

 

মুঠ ৯০ মি:

 

লেখক: পৰশমণি বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate