অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ সচৰাচৰ হোৱা ৰোগত বনৌষধ

জন্মৰ পাছৰ পৰা বহুসংখ্যক শিশু নানা ৰোগত আক্ৰান্ত হয়। এনে শিশুক প্ৰাৰম্ভিক অৱস্থাতে আৰোগ্য কৰিব নোৱাৰিলে পিছলৈ ৰোগ জটিল হৈ পৰিব পাৰে। শিশু অৱস্থাত সচৰাচৰ হোৱা অনেক ৰোগ নিতৌ ব্যৱহাৰ কৰি অহা সাধাৰণ গছ-পাতৰ দ্বাৰা সহজে আৰোগ্য কৰিব পৰা যায়।

ঘোমোৰুকটীয়া

শিশুৰ সৰু অৱস্থাৰ পৰা ডাঙৰ হোৱা পৰ্যন্ত এই ৰোগ হব পাৰে। এই ৰোগত শিশুৱে অতি কষ্ট ভোগ কৰিব লগা হয়। উশাহ-নিশাহ লোৱাত যথেষ্ট কষ্ট হয়। ডিঙিৰ পৰা ঘেৰঘেৰণি শব্দ হয়। শিশুটিয়ে দুৰ্বল অনুভৱ কৰে। কেতিয়াবা সামান্য কফ ওলায়। কফ সাধাৰণতে হাঁওফাঁওত জমা হৈ থাকে। প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগীক চিকিতসা নকৰিলে বহু বছৰলৈ আক্ৰান্ত হৈ ৰোগৰ জটিলতা বৃদ্ধি হ’ব পাৰে।

লইজাবৰি নামৰ জেকা মাটিত বগাই যোৱা এবিধ সধাৰণ বনজাতীয় উদ্ভিদৰ পৰা প্ৰস্তুত কৰা ঔষধেৰেীই ঘোমৰুকীয়া ৰোগ সহজে নিৰ্মূল কৰিব পৰা গৈছে। লাইজাবৰিৰ পাতবিলাক প্ৰায় গোলাকাৰ আৰু পাত বিপৰীতমুখী। ঠাৰি গোলাকাৰ, গা-গছৰ পাবৰ পৰা শিপা ওলায়। পাতৰ বৰণ গাঢ় সেউজীয়া, কাণ্ডৰ পৰা বহুতো শাখা-প্ৰশাখা ওলায়। পত খালে জ্বলা লাগে।

এই লাইজাবৰি গোটেই গছজোপা পানীৰে ধুই লোৱাৰ পাছত খুন্দি তাৰ পৰা চাহ চামুচেৰে এচামুচ ৰসত দুই চামুচ পানী মিশ্ৰণ কৰি তাত এটিপা নিমখ দি সামান্য গৰম কৰি লব লাগে। বয়স অনুসৰিব্জালুক্কৰ গুড়া এই ৰসত মিহলাই পাতল আহাৰ খোৱাৰ পছত দিনে এবাৰকৈ একেৰাহে ৫-৭ দিন পৰ্যন্ত খুৱাব লাগে। এবছৰীয়া ল’ৰা-ছোৱালীক এটা জালুক  আৰু দুবছৰীয়া ল’ৰা-ছোৱালীক দুটা জালুকৰ গুড়া মিশ্ৰণ কৰিব লাগে। বয়স অনুসৰি জালুকৰ গুড়া এনে অনুপাতত মিহলি কৰা উচিত। এই ঘোমোৰুকীয়া ৰোগ সকলো সময়ত হোৱা দেখা নাযায়। শিশু যেতিয়া এই ৰোগত আক্ৰান্ত হয় তেতিয়হে এই ঔষধ খুৱাব লাগে। এই ঔষধ খুওৱাৰ কালছোৱাত পুঠি মাছ খাবলৈ দিব নালাগে।

ঘোমোৰুকীয় ৰোগীৰ পথ্য

মৌ, কলীয়া তুলসী ৰস, আমলখিৰ ৰস, ত্ৰিফলা, বাহক পতৰ ৰস, বগা বাহক আৰু ৰঙা বাহকৰ ফুলৰ গুড়া, জালুক, পিপলি, ওভোটা বনসূতৰ শিপাৰ ৰস, শুহনি বনৰ ফল আদি সুপথ্য। যষ্ঠি মধুৰ শিপা চোবাই খাবলৈ দিলে বা গুড়াকৰি মৌৰ লগত খালে যথেষ্ট উপকাৰ পাব পাৰে।

ঘোমোৰুকীয়া ৰোগীয়ে কি খাব নালাগে/কি কৰিব নালাগে

ঘোমোৰুকীয়া ৰোগীয়ে বিজলুৱা বস্তু, চাহ, মিঠা জাতীয় বস্তু খাব নালাগে। ধূলি ধোঁৱাৰ পৰা সদায় আঁতৰত থাকিব লাগে।

কাহ

কাহ কোনো ৰোগ নহয়। ই নানা ৰোগৰ উপসৰ্গহে। কাহ বিভিন্ন কাৰণত হব পাৰে। যি কাৰণতে শিশুৰ কাহ নহওঁক লাগে এই কাহ সহজ লভ্য বনদৰৱৰ দ্বাৰা আৰোগ্য কৰিব পৰা হয়। কলীয়া তুলসীৰ ডেৰ চামুচ ৰসত ১/৪ চামুচ আদাৰ ৰস, ৩ টা জালুকৰ গুড়া, সিজু গছৰ দুখন পাত গৰম পানীত সিদ্ধ কৰি তাৰ ৰস ৪ চামুচ মৌ মিহলি কৰি আহাৰ খোৱাৰ পাছত্ চাহ চামুচেৰে এচামুচকৈ দিনে আহাৰ খোৱাৰ পাছত চাহ চামুচেৰে এচামুচকৈ দিনে দুবাৰকৈ একেৰাহে ৩/৪ দিন খুৱাব লাগে।

কাহ ৰোগীক ষষ্ঠি মধু ৪ আঙুল খুন্দি তাক একাপ পানীত সিজাই পানীখিনি খাবলৈ দিলে যথেষ্ট উপকাৰ পায়। পাছত শুহনি বনৰ ফুল, শেৱালি ফুল, কেঁচা হালধিৰ ৰস, ত্ৰিফলা সুপথ্য। কচু, ভেণ্ডি খাব নালাগে। ধপাত, চাহ, ধোঁৱা জাতীয় বস্তু ক্ষতিকাৰক, দৈ আৰু গাখীৰ অপথ্য। গুড়, চেনি বা মিঠা বস্তু ক্ষতিকাৰক। কলও অপকাৰী।

পানীলগা

শিশুৰ সচৰাচৰ হোৱা ৰোগৰ ভিতৰত পানিলগা অন্যতম। পানীলগা সাধাৰণ ৰোগ বুলি বহুতে অৱহেলা কৰা দেখা যায়। শিশুৰ এই ৰোগ বুলি হ’লে উপযুক্ত সময়ত চিকিত্সাৰ ব্যৱস্থা নকৰিলে নিউমোনিয়া পৰ্যন্ত হব পৰে। পানীলগ ৰোগত আক্ৰান্ত হ’লে শিশুৱে উশাহ-নিশাহ লোৱাত যথেষ্ট কষ্ট পায়, খোৱা বোৱাত মন নবহে, শৰীৰ দুৰ্বল হয়। জ্বৰো উঠিব পৰে। এচামুচ আদাৰ ৰস আৰু তিনি চামুচ মৌ মিহলাই দিনে দুবাৰকৈ খুৱালে পানীলগা ভাল হয়। খাদ্যপ্ৰাণ ‘গ’ যুক্ত ৰস বিশেষকৈ আমলখিৰ দুচামুচ ৰসত এচামুচ মৌ মিহলাই খাবলৈ দিব লাগে। তদুপৰি বচ গছৰ কাণ্ড চকল চকল কৈ কাটি এডাল সূতাত নহৰু ফোটাৰ সৈতে সি লৈ শিশুৰ ডিঙিত সামান্য ওলমি থকাকৈ পিন্ধাই দিলে ৩/৪ দিনৰ ভিতৰত পানীলগা ভাল হয়। কাৰণ কেঁচা নহৰু আৰু বচ গছৰ কাণ্ডৰ গোন্ধত পানিলগা বিজাণু নাশ হয়।

হাগনি আৰু পেটচলা

ডায়েৰিয়া অৰ্থাৎ পেটচলা ৰোগত আমাৰ দেশৰ বহু শিশু প্ৰতিবছৰে মৃত্যু মুখত পৰাটো বৰ্তমান অৱস্থাতো সাধাৰণ কথা হৈ পৰিছে। বিশেষকৈ গ্ৰামাঞ্চলত বানপানী হোৱাৰ পাছত এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। অপৰিস্কাৰ পানী বা খাদ্যবস্তু, বাচন-বৰ্তন অপৰিস্কাৰ হোৱাৰ কাৰণেই এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি বেছি। এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ দেহৰ পৰা যথেষ্ট পৰিমাণে পানী বাহিৰ ওলাই যায়। তদুপৰি খনিজ দ্ৰৱ্য, বিশেষকৈ পটাছিয়াম আদি দেহৰ পৰা বাহিৰ হয়। গতিকে, এনে ৰোগীক নিমখ, চেনি আৰু নেমুৰ ৰস মিহলি মিশ্ৰণ সঘনাই খুৱাই থাকিলে বিপদৰ পৰা শিশুটিক ৰক্ষা কৰিব পাৰি। পকা ভীমকলৰ গুটিখিনি উলিয়াই মঙহাল অংশ গাখীৰত ফেটি বা এনেয়ে খুৱালে হাগনি বন্ধ হয়। পকা ভীমকলৰ পৰিৱৰ্তে কেঁচা ভীমকল নাইবা কলডিল বা পুৰাকল সৰু সৰুকৈ কাটি পানীত তিয়াই ৰাখি সেই পানী খুৱালেও আশানুৰুপ ফল পাব পাৰি। পাতলকৈ সিজোৱা দাইলৰ পানী, ডাব নাৰিকলৰ পানী সুপথ্য। মধুৰীৰ ৩/৪ টা কুঁহিপাতসহ আগ খুন্দি ৰস উলিয়াই তাত এটিপা নিমখ দি খুৱালে পেটচলা ৰোগ ভাল হয়। কলীয়া তুলসীৰ ৰস, মানিমুনি শাক, টেঙেচি, নেমুৰ ৰস, আমলখি, শতমূল, ত্ৰিফলা আদি উপকাৰী।

খজুৱতি

অপৰিস্কাৰ ছালতহে প্ৰধানকৈ খজুৱতি হয়। গতিকে, শিশুৱে ব্যৱহাৰ কৰা সকলো কাপোৰ-কানি আদি পৰিস্কাৰকৈ ৰাখিব লাগে। খজুৱতিত মহানিমৰ পাত ২ মুঠি খুন্দি দুগিলাচ পানীত সিজাই আধা কৰি তাত দুচামুচ কেঁচা হালধিৰ ৰস আৰু দুচামুচ নাৰিকল তেল মিশ্ৰণ কৰি খজুৱতি হোৱা ঠাইত লগালে খজুৱতি ভাল হয়। খোৱা কচুৰ তিনিটা ডাল পিহি নাৰিকল তেল মিহলাই লগালেও খজুৱতি নাইকিয়া হয়। মহানিমৰ পাত আৰু তুলসীৰ পাত আঠদিনৰ অন্তৰে অন্তৰে খাবলৈ দিব লাগে। তেজ পৰিস্কাৰ হবৰ কাৰণে কেঁচা হালধিৰ ৰস গুড়ৰ লগত খাবলৈ দিয়াৰ উপৰি হালধিৰ ৰসেৰে খজুৱতি হোৱা ঠাই ধুব লাগে।

শিশুৰ শৌচ কচা

৪ খন কালমেঘৰ পাতৰ ৰসত এচামুচ চেনি মিহলাই খুৱালে শৌচ স্বাভাৱিক হয়।

শিশুৰ কঠিন শৌচ

পাণৰ ঠাৰি এটাত নাৰিকল তেল বা এড়ি তেল লগাই গুহ্যদ্বাৰত ৫ মিনিট সময় লগাই ৰাখিব। শৌচ স্বাভাৱিক হয়। সোণাৰু গছৰ পকা গুটিৰ মঙহাল অংশ আধা চামুচ দুই চামুচ পানী মিহলাই খুৱাব। সুফল পাব।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate