মাথোঁ দুমাহৰ বয়সৰ শিশুৱে এই কথা নিশ্চিতভাৱে ঠাৱৰ কৰিব পাৰে যে তেওঁক কোনোবাই কোলাত তুলি ল’ব বিচাৰিছে। সেয়ে এনে শিশুৱে কোনোবাই ল’ব খোজাৰ প্ৰাকমুহূৰ্ততে শৰীৰটো এনে অনুৰূপ ঢাল খুৱাই লয়- য’ত লওঁতাজনে অতি আলাসতে তেওঁক তুলি ল’ব পাৰে। আচৰিত যেন লাগিলেও সঁচা যে এনে শাৰীৰিক পৰিৱৰ্তনৰ বাবে শিশু অনবৰতে মানসিকভাৱে প্ৰস্তুত থাকে। শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে ব্ৰিটেইনস্থিত পোৰ্টমাউথ ইউনিভাৰ্ছিটীৰ গৱেষক ডাঃ বাসু ৰেদ্দীয়ে এই কথা প্ৰকাশ কৰিছে। গৱেষক ডাঃ ৰেড্ডীৰ মতে দুইৰপৰা চাৰিমহীয়া শিশুৱে অতি সহজে এই কথা নিৰ্ণয় কৰিব পাৰে যে মাকেই হওঁক বা অইন কোনোবাই হওঁক তেওঁক এনে নিচুকাবলৈ আহিছে নে দৰাচলতে ল’বলৈ আহিছে। যেতিয়াই শিশুৱে জানিব পাৰে যে তেওঁক আগন্তুকে ল’বলৈকে আহিছে তেতিয়া তেওঁ শাৰীৰিক গতি-বিধিত স্থৱিৰতা আনি ল’ব বিচৰাজনক বাৰুকৈয়ে সহায় কৰে।
দুইৰপৰা চাৰি মাহ বয়সৰ ১৮টি শিশুক প্ৰেছাৰ মেটত কিছু সময়ৰ কাৰণে ৰাখি চলোৱা অধ্যয়নৰ কালত গৱেষক ডাঃ ৰেড্ডী আৰু তেওঁৰ সহযোগীসকলে লগতে এই কথাও জানিব পাৰে যে এই বয়সৰ শিশুৱে নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ সক্ষম, সমান্তৰালকৈ সন্মুখত থকাজনৰ ভাব-ভংগিমা বুজিবলৈও সক্ষম। গৱেষক ডাঃ বাসু ৰেড্ডীৰ মতে নৱজাতকৰ এই ক্ষমতা চিনাক্ত হোৱাৰ পিছত সৰু ল’ৰা-ছোৱালীৰ বিকাশজনিত সমস্যা যেনে অটিজম্ আদিৰ বিষয়ে সময় থাকোতেই চিনাক্তকৰণ কৰাটো এতিয়াৰেপৰা সম্ভৱ হৈ উঠাৰ লগতে ইয়াৰ উপযুক্ত চিকিৎসাও সম্ভৱ হৈ উঠিব।
লিখকঃ চন্দন কুমাৰ কলিতা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/9/2020