অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বিষয়ে

শিশুৰ বিষয়ে

শিশুৰ মেদবহুলতা আৰু কিছু কথা


কম বয়সতে শৰীৰটো লোধোমা হৈ পৰা ...... ওজন বঢ়া ...... বয়োজ্যেষ্ঠৰ দৰে বেমাৰ হোৱা ইত্যাদি বিভিন্ন সমস্যা...। একে বয়সৰ বহু শিশুৱে য’ত খেলা-ধূলা কৰে, মেদবহুলতাৰ চিকাৰ হোৱাসকলে নিজৰ কামখিনি নিয়াৰিকৈ কৰাটোও সম্ভৱ নহয়গৈ। কিন্তু মেদ বৃদ্ধি কিয় হয়?

আজি কিছু বছৰৰ পৰা শিশুসকলৰ মাজত দেখা দিয়া মেদবহুলতাৰ সমস্যাটোৱে গম্ভীৰ ৰূপ ধাৰণ কৰিছে। ভাৰতবৰ্ষত প্রায় ১০-১২ শতাংশ শিশুৱে এই ৰোগৰ চিকাৰ হৈছে বুলি অলপতে চলোৱা পৰীক্ষা-নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে। ভাৰতত শিশুৰ মাজত তৈল পদার্থ সেৱনৰ পৰিমাণ ২০ শতাংশ বাঢ়িছে। চকলেট, পিজা, মিঠাই ইত্যাদি খোৱা শিশু মাজত ১০-১২ বছৰীয়া শিশুৰ সংখ্যা প্রায় ৮০ শতাংশই হ’ব।

মেদবহুলতা

প্রয়োজনতকৈ সামান্য বেছি ওজনৰ অৰ্থ মেদবহুলতা নহয়। কিন্তু ই মেদবহুলতাৰ ইংগিত হ’ব পাৰে আৰ যদি সেই সময়ত খাদ্য নিয়ন্ত্ৰণ কৰা হয়, লগতে ব্যায়ামৰ অভ্যাসো কৰা হয়, তেতিয়াহ’লে মেদ বঢ়াৰ পৰা ৰক্ষা পাব পাৰি। এটি শিশুক শকত বুলি কোৱা হয় তেতিয়া, যদি তাৰ ওজন আদর্শ শৰীৰৰ তুলনাত ১০ শতাংশ অধিক হয়। শৈশৱত মেদ বৃদ্ধি ৫-৬ বছৰৰ পৰা হ’ব পাৰে। যি শিশু ১০-১২ বছৰ বয়সৰ ভিতৰত শকত হয়, তেওঁলোক ডাঙৰ হৈ আহিলেও মেদবহুল হৈয়ে ৰয়।

মেদ বৃদ্ধিৰ কাৰণ

বংশগত কাৰণ, অত্যাধুনিক আৰু বিলাসী জীৱন-যাপন আদি বিভিন্ন কাৰণত মেদ বৃদ্ধি হয়। সাধাৰণতে অত্যাধিক কেলৰি সেৱন কৰা শিশু মেদবহুল হয়। তদুপৰি নিম্নোলিখিত কাৰণসমূহো ইয়াৰ বাবে জগৰীয়া।

পাৰিবাৰিক কাৰণ

যিসকল শিশুৰ পিতৃ-মাতৃ শকত, তেওঁলোক শকত হোৱাৰ সম্ভাৱনা অধিক।

ক্রিয়াশীলতাৰ অভাৱ

আজিকালি প্রায়সংখ্যক শিশুলে নিজৰ প্ৰায়খিনি সময় টিভিৰ সন্মুখত বহিয়ে কটাই

দিয়ে। এনে কাৰণতে সিহঁতৰ শাৰীৰিক ক্রিয়া কম হয়। অন্যহাতে টিভি চাই থকা শিশুসকলে কিবা নহয় কিবা এবিধ খায়ে থাকে, যি কাৰণত সিহঁতৰ ওজন বাঢ়ি গৈ থাকে।

বংশগত কাৰণ

বহু শিশুৱে বেছি পৰিমাণে নাখায় আৰু ঘণ্টাৰ পাছত ঘণ্টা ধৰি টিভিৰ সন্মুখতো নবহে। তথাপি সিহঁতৰ ওজন বাঢ়ি আহে। এই সংক্ৰান্তত চলোৱা অনুসন্ধানমূলক তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে যে ইয়াৰ অন্তৰালত বংশগত কাৰণো আছে বাবে শকত মাতৃৰ শিশুও লোদোৰ-পোদোৰ আৰু এলেহুৱা স্বভাৱৰ হয়।

ফাষ্টফুডৰ প্ৰচলন বৃদ্ধি

দৈনিক খাদ্যত পুষ্টিসাধক খাদ্যৰ পৰিৱৰ্তে ফাষ্টফুডৰ প্রচলন বাঢ়িব লাগিছে। অর্থাৎ জিভাৰ জুতি বাঢ়িছে ঠিকেই, কিন্তু পুষ্টি নোহোৱা হৈছে। পৰিণামস্বৰূপে স্বাস্থ্য হানি হৈছে আৰু ওজন বাঢ়ি আহিছে।

অত্যাধিক হতাশা

পিতৃ-মাতৃৰ মাজৰ কন্দল, বিবাহ বিচ্ছেদ, পৰিয়ালত প্রিয়জনৰ মৃত্যু আৰু অন্যান্য পাৰিবাৰিক অশান্তিও ইয়াৰ বাবে দায়ী।

মেদবহুলতাৰ পৰা হ’ব পৰা বিপদ

মেদ বৃদ্ধিৰ ফলত বিভিন্ন বিপদৰ আশংকা বাঢ়িব পাৰে। নিচেই কম বয়সতে বহু কঠিন ৰোগত আক্রান্ত হ’ব পাৰে। উদাহৰণস্বৰূপে—

  • ডায়েবেটিছ টাইপ-১, ইনচুলিন লোৱা আৱশ্যক।
  • কম বয়সতে উচ্চ ৰক্তচাপৰ বিকাৰ হ’ব পাৰে।
  • হৃদৰোগৰ আশংকা বাঢ়ে।
  • টোপনিত বিজুতি

তদুপৰি শিশু আৰু কিশোৰৰ মাজত দেখা দিয়া মেদবহুলতাৰ হেতু বিভিন্ন ভাবনাত্মক ৰোগো হ’ব পাৰে। এনে কিশোৰৰ মানসিক উদাম কম হয়। হীনমনাতাত ভুগে। খিংখিঙীয়া স্বভাৱ সিহঁতৰ মাজত দেখা দিয়ে।

উপায়

শিশুটিৰ সমস্যাটোৰ বিষয়ে কোনো চিকিৎসকক অৱগত কৰাওক; কিয়নো তাৰ কিবা দৈহিক বিজুতিও ঘটিব পাৰে। যদি তেনে কোনো বিজুতি নাই, তেন্তে তাৰ খাদ্যৰ পৰা অতিৰিক্ত কেলৰি নাইকিয়া কৰক। শাৰীৰিক ক্রিয়া বঢ়াওক। ই সম্ভৱ হ’ব তেতিয়াহে, যদি শিশুক ওজন কমাবলৈ উৎসাহিত কৰিব পৰা যায়।

মেদবহুলতাক কেনেভাৱে নিয়ন্ত্রণ কৰিব

  • ওজন নিয়ন্ত্ৰণ কৰক।
  • খাদ্যাভাসৰ পৰিৱর্তন আনক।
  • খাদ্য নির্বাচনত সাৱধান হওক (চৰ্বিযুক্ত খাদ্য কমকৈ খাওক আৰু ফাষ্টফুড পৰিহাৰ কৰক)।
  • কেল'ৰিৰ পৰিমাণ কমাওক।
  • জীৱনশৈলী অধিক উন্নত কৰক।
  • আপোনাৰ শিশুৱে স্কুলত কেনে খাদ্য খায়— ইয়াৰ প্ৰতি নজৰ ৰাখক।
  • পৰিয়ালৰ সকলোৱে একেলগে বহি আহাৰ গ্ৰহণ কৰক|
  • টিভি অথবা কম্পিউটাৰৰ সন্মুখত বহি দুপৰীয়া বা নিশাৰ আহাৰ কৰাৰ অভ্যাস ভুলতো নকৰিব।
  • খাদ্য প্রয়োজন অনুসৰি খাওক। ভোক নাই, কিন্তু লোভনীয় খাদ্য চকুৰ আগত দেখি লোভতে খোৱাৰ ইচ্ছা নকৰিব।
  • সকলো সময়তে কিবা এটা মুখত লৈ থকাৰ অভ্যাস এৰিব।

লেখিকা: ৰীণা দেৱী, অসম বাণী।


শিশুৰ খাদ্যাভাস


আজিৰ যুগটো পেকেজিঙৰ যুগ। আজিকালি ভিতৰৰ বস্তুটোতকৈ ৰংচঙীয়া পেকেটটোৱেহে মানুহক অধিক আকর্ষণ কৰে। অভিজাত শব্দটোৰ ভুলকৈ অর্থোদ্ধাৰ কৰি বহু লোকে এতিয়া “ৰংচঙীয়া পেকেটেৰেহে আভিজাত জাহিৰ কৰিবলৈ ভাল পায়। এই ৰংচঙীয়া পেকেজিং সংস্কৃতিয়ে আটাইতকৈ বেছি ক্ষতি কৰিছে আমাৰ স্বাস্থ্যৰ। বিশেষকৈ আমাৰ ভবিষ্যৎ প্রজন্মৰ। পিঠা-পনা, চিৰা, কোমল চাউল চিনি নোপোৱা আজিকালিৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ প্রিয় খাদ্য হ’ল চাউমিন,চিপছ, নুডলছ, চকলেট আদি। এইবোৰ খাদ্য শৰীৰৰ বাবে কিমান ক্ষতিকাৰক, সেয়া ইতিমধ্যে খাদ্য বিশেষজ্ঞ বা চিকিৎসকসকলে প্রমাণেৰে সৈতে বুজাই দিছে। তথাপি বহু পিতৃ-মাতৃ, অভিভাবকে বিষয়টো গুৰুত্বপূর্ণ বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে নিজৰ কিশোৰৰ টিফিন বক্স সজাইছে এনে খাদ্যৰে। বাহিৰৰ পৰা ক্রয় কৰা টণ্ডুৰী চিকেন, অপৰিস্কাৰ পৰিৱেশৰ মম', বেছিদিন পুৰণি মাংসৰে তৈয়াৰী ৰোল আদি খাদ্যবস্তু আৰু চিলি, টমেট', চয়া আদি চচৰ অত্যাধিক ব্যৱহাৰে মানুহৰ স্বাস্থ্যৰ হানি কৰে। আজিকালিৰ বহু মানুহে ঘৰতে কৰা পাচলিৰ চুপতকৈ বজাৰৰ পৰা কিনা পেকেটৰ চুপকহে অধিক গুৰুত্ব দিয়ে। পেকেটৰ মটৰ-পানীৰ, চিকেন মছলাৰ সোৱাদ যিমানেই ভাল নহওক কিয়, সেয়া কেতিয়াও সুষম খাদ্য হ’ব নোৱাৰে। আলহী-অতিথি আহিলেতো কথাই নাই— তেতিয়া ডাইনিং টেবুল ভৰি পৰে লোভনীয়; অথচ স্বাস্থ্য হানিকাৰক খাদ্যৰে। পঢ়া-শুনা, খেলা-ধূলাত অতি আগ বঢ়া ল’ৰা-ছোৱালীৰো সামান্য খাদ্য জ্ঞান নাথাকিব পাৰে পিতৃ-মাতৃ, অভিভাৱকৰ দোষত। কাৰণ বেছিভাগ পিতৃ-মাতৃয়ে এক শতাংশ নম্বৰ পাবৰ বাবেহে শিশু-কিশোৰসকলক উৎসাহিত কৰে, সুষম খাদ্য বা ব্যায়াম সম্পর্কে সচেতন হ’বলৈ নহয়। অৱশ্যে সদায় শাক-পাচলি, ফল-মূল খাবলৈ দি থাকিলে শিশুটোৱে আমনি পাব, সেয়েহে শিশুটোক মাজে মাজে তাৰ ভাল লগা খাদ্য দিয়াটোও জৰুৰী। কিন্তু ইয়াৰ লগে লগে এক সুস্থ খাদ্যাভ্যাস গঢ়ি তোলাটো অত্যন্ত প্রয়োজনীয়, যাতে এটা সময়ত শিশু বা কিশোৰটিয়ে নিজেই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যক এৰাই চলিবলৈ বিচাৰে। সৰু ল’ৰা-ছোৱালীয়ে সাধাৰণতে শাক-পাচলি খাবলৈ বেয়া পায়। এনে পৰিস্থিতিত বতৰৰ কেইবাবিধো শাক-পাচলি মিহলাই দাইলখন ৰান্ধক। এতিয়া গ্রীষ্মৰ বতৰ। বজাৰত কলমৌ, মৰিছা, পূৰৈ, টেকীয়া আদি শাক, স্কোৱাছ, কোমোৰা, ভাতকেৰেলা আদি পাচলি উভৈনদী। কেইবাবিধো শাকপাচলি কম কম পৰিমাণে লৈ দাইলৰ সৈতে মিহলাই ৰান্ধক। দেখিব শাক ভাজি বা কোমোৰাৰ ভাজি নোখোৱা শিশুটোৱে এনেকৈ ৰন্ধা দাইলখন খাবলৈ বেছি আপত্তি নকৰিব। শিশুৱে তিতাকেৰেলা, নিমপাতক যম দেখাদি দেখে। এনে খাদ্যবোৰ শিশুটোৱে বেয়া পায় বাবেই খাদ্য তালিকাৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই নেপেলাই খুব কম পৰিমাণে তাক খুৱাবলৈ যত্ন কৰক। এচামুচ তিতাকেৰেলা ভাজি নাখালেও এডোখৰ বা এটা নিমপাত খালেও লাভ। কাৰণ ইয়ে এটা সময়ত তাৰ খাদ্যাভাস গঢ়ি উঠাত অৰিহণা যোগাব। মাংস শিশুৰ প্রিয় খাদ্য। মাংস ৰান্ধোতে বজাৰৰ মছলা পেকেটৰ পৰিৱৰ্তে আদা-নহৰু আৰু ঘৰতে খুন্দা মছলাৰ গুড়িহে ব্যৱহাৰ কৰিব। ফল-মূল আদি শাক-পাচলি একেবিধকে খুৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে তাকৰীয়াকৈ কেইবাবিধো একেলগে খুৱাবলৈ যত্ন কৰিব। ফল-মূলৰ ক্ষেত্ৰত আমাৰ থলুৱা ফলমূলবোৰকহে অগ্রাধিকাৰ দিব। বাহিৰৰ আপেল, ডালিম, স্ট্রবেৰীতকৈ আমাৰ লেতেকু, মধুৰী আম, পনিয়ল, জামু, লিচু, কঁঠাল আদি বহু গুণে উপকাৰী। বটলৰ বা জুইচ কৰ্ণাৰৰ ফলৰ ৰসৰ পৰিৱৰ্তে ঘৰতে অতি সহজে ফলৰ ৰস তৈয়াৰ কৰিব পাৰি। আবেলিৰ জলপানৰ বাবে চাউমিন, বিস্কুট-কেক আদিৰ পৰিৱর্তে চাউলেৰে তৈয়াৰী বিভিন্ন পিঠা-পায়স,গাখীৰত সিজোৱা মাকৈ আদিক অগ্রাধিকাৰ দিব পাৰে। ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ ব্যবহাৰে ইতিমধ্যে আমাৰ উদ্ভিদজাত খাদ্য-সামগ্রীক বিষাক্ত কৰিছেই, গতিকে যিমানদূৰ সম্ভৱ আমি আমাৰ ভবিষ্যৎ প্রজন্মক স্বাস্থ্য আৰু খাদ্যাভ্যাস সম্পৰ্কত সৰুৰে পৰাই শিক্ষা দিয়া উচিত।

লেখিকা: নিজৰা ৰাজকুমাৰী, অসম বাণী।


শিশুৰ কাজিয়া আৰু আপোনাৰ কর্তব্য


কিয় বাৰু ল’ৰা-ছোৱালীহাল অকস্মাতে ইমান উগ্ৰ হৈ পৰে আৰ কাজিয়া কৰিবলৈ বাধ্য হয়। ইয়াৰ বিভিন্ন কাৰণ আছে।

ধ্যানকেন্দ্ৰিত কৰা

পৰিয়ালটোত কেৱল এটি সন্তান থাকিলে সকলোৱে তাকেই মৰম-আদৰ কৰে। কিন্তু দ্বিতীয়টি সন্তানৰ আৱিৰ্ভাৱ হ’লে প্ৰথমজনৰ প্ৰতি সিমানখিনি ধ্যান দিব পৰা নাযায়, যিমানখিনি আগেয়ে দিয়া হৈছিল। তেনেক্ষেত্ৰত ল’ৰা-ছোৱালীয়ে নিজৰ প্ৰতি ধ্যান আকর্ষণ কৰাৰ বাবে কাজিয়া কৰে।

একে ধৰণৰ বস্তু

ই প্রায়ে দেখা যায় যে সন্তানক কাপোৰ-কানি ইত্যাদি যি বস্তুকে দিয়া হয়, সিহঁতৰ ভাব হয় যে আনজন ভাই বা ভনীক দিয়খিনি তাতকৈ বেছি ভাল। এই ধৰণৰ তুলনাত্মক মনোভাবৰ ফলতো দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হয়।

সমর্থন

ধৰি লোৱা হ’ল, আপুনি দুটা জিন্‌ছ কিনি আনিলে আৰু আপোনাৰ দুয়োজন ল’ৰাই একেটা জিন্‌ছকে পছন্দ কৰিলে আৰু পছন্দ হোৱাতো আপুনি সৰু ল’ৰাটোকে দি দিলে। তেনে সময়ত দুয়োৰে মাজত কাজিয়া হোৱাটো খাটাং।

পক্ষপাতিত্ব

দুটি সন্তানৰ মাজত কাজিয়া হ’লে আপুনি যিকোনো এজনৰ ফালে বেছি সমর্থন দিবলৈ গ’লেও কাজিয়াৰ স্থিতি আহি পৰে। কাজিয়া হ’লে মাক-দেউতাকে প্রায়ে কয় যে তই ডাঙৰ। গতিকে তই বুজি পাব লাগে। পিছে সিটো সিমানখিনি বুজিব পৰা নহয়গৈ। মাক-দেউতাকৰ এই ধৰণৰ কথা-বতৰাইও সন্তানৰ মাজত পাৰস্পৰিক ঈৰ্ষাৰ ভাব জগায়।

হেঁচা

স্কুলত পঢ়াৰ হেঁচা আৰু খেলা-ধূলা আদিয়েও ল’ৰা-ছোৱালীৰ মাজত কাজিয়াৰ সৃষ্টি কৰে। দিনটো বিভিন্ন কাম-কাজত ব্যস্ত হৈ থাকি এটা সময়ত সিহঁতৰ শৰীৰ-মন ভাগৰি পৰে আৰ, সেয়েহে কোনো সময়ত সিহঁতে সৰু-সুৰা কথাতে খিংখিঙাই উঠে আৰু কাজিয়া কৰিব ধৰে।

পিতৃ-মাতৃয়ে কি কৰিব

ভাই-ভনীহালৰ মাজত সময়ে সময়ে হোৱা কাজিয়া-পেচাল বন্ধ কৰিবতো নোৱাৰি। কিন্তু কম কৰিব পৰা যায়। পিতৃ-মাতৃসকলে কিছুমান কথাৰ প্ৰতি ধ্যান দি এই কাজিয়া বহুখিনি কমাব পাৰে।

তুলনা নকৰিব

এষাৰ কথা জনা উচিত যে প্রতিজন ল’ৰা-ছোৱালীয়ে সমযোগ্যতাসম্পন্ন নহয়। সেয়ে সিহঁতৰ মাজত তুলনা কৰা উচিত নহয়। "তাই বৰ সোনকালে সকলো কথা মনত ৰাখিব পাৰে।” “তাইতো সকলোৰে মৰমৰ৷” এনে একোটা বাক্য উচ্চাৰণ কৰি সিহঁতৰ ভাবনাক তিৰস্কাৰ নকৰিব; বৰং যোগ্যতাখিনিৰ বুজ লোৱাৰ চেষ্টাহে কৰিব।

ভেদভাব নানিব

পিতৃ-মাতৃ হিচাপে নিশ্চয় এই কথা জানে যে ঘৰখনৰ সন্তান দুটিৰ মাজত কোনো ধৰণৰ ভেদ

ভাব ৰখা উচিত নহয়। একেদৰে দুয়োজনৰে প্রয়োজনসমূহৰ উপলব্ধি কৰিহে এটা সিদ্ধান্তত উপনীত হ’ব। এনে কোনো কাম নকৰিব যাৰ দ্বাৰা সিহঁতৰ মনলৈ এই ধৰণৰ ভাব আহে যে আপুনি এজনক বেছি ভাল পায়। আৰু আনজনক কম ভাল পায়।

ইচ্ছা-আকাংক্ষাৰ বুজ লওক

প্ৰতিটো সন্তানৰে ইচ্ছা আৰু পছন্দ ভিন ভিন হয়। আপুনি যদি বজাৰলৈ যায়, সন্তান দুটিৰ পছন্দৰ প্রতি লক্ষ্য ৰাখিহে বস্তু কিনিব। ডাঙৰ ল’ৰাজন অথবা ছোৱালীজনীয়ে ৰঙা ৰংটো ভাল পায় বুলি সৰুজনেও একেটা ৰঙকে পছন্দ কৰিব বুলি ভাবি নল'ব। নহ’লে দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি হ’ব পাৰে।

ভাব বিনিময় কৰক

সন্তানৰ সৈতে কথা-বতৰা পাতি থাকিব লাগে। দুয়োজনেই যদি চাকৰিয়াল হয়, তথাপি টেলিফোনেৰে খা-খবৰ লৈ থাকিব লাগে। যিকোনো পৰিস্থিতিকে বুদ্ধিৰে আৰু মৰমেৰে সমাধানৰ প্রয়াস কৰিব লাগে। পৰিৱর্তনীয় সময় অনুসৰি ল’ৰা-ছোৱালীৰ প্রয়োজনখিনিৰ উপলব্ধি কৰি সিহঁতৰ লগত সৰলভাৱে যুক্তিপূর্ণ কথা-বতৰা হওক।

অৱসৰৰ মূহুর্ত

স্কুলৰ গ্ৰীষ্মবন্ধ অথবা বিশেষ কোনো দীঘলীয়া বন্ধ তথা অৱসৰৰ মূহুৰ্তবোৰত সন্তান দুটিক এনেয়ে ঘৰত সুমুৱাই ৰখাতকৈ অন্য কাম-কাজত ব্যস্ত ৰখাৰ চেষ্টা কৰক। সিহঁতে বিচৰা ধৰণেৰে নৃত্য,গীত, ছবি অঁকা, ছুইমিং, সাঁতোৰ ইত্যাদি কলাৰ অনুশীলন কৰাৰ সুযোগ দিয়ক।

স্কুল-পাৰ্টি

সন্তানটিয়ে যদি স্কুলৰ ফালৰ পৰা পিকনিকলৈ যাব বিচাৰে, তেতিয়া তাক বাধা নিদিব। যাবলৈ দিয়ক। কিন্তু সেই সম্বন্ধীয় সকলো কথা। আপুনি গুপুতে স্কুলৰ পৰা জানি থ’ব। পিকনিকৰ পৰা ঘূৰি অহাৰ পাছত আপুনি তাক বা তাইক সেই ঠাইডোখৰৰ বিষয়ে সুধিব।

উৎসাহ যোগাওক

সন্তানটিয়ে যদি কিবা ভাল কাম কৰে, পৰীক্ষাত ভাল নম্বৰ পায়, তেতিয়া তাক উৎসাহ যোগাওক। এই কথালৈ ধ্যান দিয়া উচিত যে আপোনাৰ যিজন সন্তানে ভাল নম্বৰ লাভ কৰিব পৰা নাই, তাকো আগলৈ ভাল নম্বৰ লাভ কৰাৰ বাবে যথেষ্ট প্রেৰণা যোগোৱাৰ প্রয়োজন।

খৰচৰ অনুমান

বর্তমান দ্রুতগতিত বাঢ়ি অহা একক পৰিয়ালসমূহে কেৱল এটি বা দুটি সন্তানৰ জন্ম দিয়াত গুৰুত্ব দিয়া দেখা যায়। এনে ক্ষেত্ৰত আপুনিও পূৰ্বৰে পৰাই এই সম্পর্কীত পৰিকল্পনা কৰা দৰকাৰ। যদি দ্বিতীয়টো সন্তানৰ জন্ম হয়, তাৰ বা তাইৰ স্কুল তথা অন্যানা যাৱতীয় খৰচৰ বাবে পইচা ক’ৰ পৰা আহিব অথবা খৰচ বহন কৰিব পৰা যাব নে নাযায়! এনে যাতে নহয় যে প্রথমটো সন্তানে সকলো সুখ-সুবিধা পালে, কিন্তু দ্বিতীয়টিয়ে সেইসমূহৰ পৰা বঞ্চিত হ’ব লগা হ’ল।

পাৰিবাৰিক আলোচনা বা খেলা-ধূলা

সময়ে সময়ে ল’ৰা-ছোৱালী দুটাৰ লগত খেলা-ধূলা কৰক। দুয়োটি সন্তানকে পৰস্পৰৰ ‘পার্টনাৰ” হ’বলৈ কওক। এনে কৰিলে সিহঁতৰ মাজত প্রেম ভাব বঢ়াৰ উপৰি সম্বন্ধসমূহৰ মাজৰ গভীৰতা উপলব্ধি কৰিব পাৰিব।

লেখিকা: ৰীণা দেৱী, অসম বাণী।

খঙেৰে নহয়, মৰমেৰেহে শিশুক শাসন কৰক


আজিকালি প্রায়ভাগ অভিভাৱকৰে এটাই অভিযোগ-সেয়া হ’ল শিশুটি বিচৰা ধৰণৰ নহ’ল, শিশুটিয়ে কথা নুশুনে, কিতাপ নপঢ়ে, অঘাইতং হ’ল।

শিশু হ’ল দেশৰ ভৱিষ্যৎ নাগৰিক। পিতৃ-মাতৃৰ ভবিষ্যতৰ কণাৰ লাখুটি, অন্নদাতা। সেয়ে শিশুটিক লৈ অভিভাৱকৰ চিন্তা বা কল্পনাৰো অন্ত নাই। প্ৰতিগৰাকী পিতৃ-মাতৃয়েই বিচাৰে তেওঁলোকৰ সন্তানটি অন্ততঃ খুটি খাব পৰা হওঁক, সমাজত এখন ভাল আসনৰ গৰাকী হওক, চৰিত্ৰৱান, ৰাইজৰ দ্বাৰা প্রশংসিত হওক। সেয়ে শিশুটি অকণমান ইফাল-সিফাল হ’লেই অভিভাৱক হৈ পৰে নিৰাশ, চিন্তিত।

পিছে শিশুসকলক শৈশৱৰ পৰা চৰিত্ৰ গঠনত সহায় কৰিব নোৱাৰিলে পাছত কেতিয়াও সম্ভৱ নহয়। চৰিত্ৰ হৈছে কিছুমান অভ্যাসৰ সমষ্টি। আমি দৈনন্দিন কৰি অহা চিন্তা-ভাৱনা, আচাৰ-ব্যৱহাৰ, কাজ-কর্ম আদি ইয়াৰ একোটা উপাদান। কোৱা হয় শিশু এটিৰ জ্ঞান লাভৰ প্ৰক্ৰিয়া আৰম্ভ হয় গৰ্ভাৱস্থাতে। সেয়ে গৰ্ভৱতী মাতৃক সদায় সৎচিন্তা, সৎ কর্ম, সু-আলোচনা আৰু প্রফুল্ল চিত্তে থাকিবলৈ পৰামর্শ দিয়া হয়।

ঘৰখনক শিশুৰ শিক্ষাৰ কঠিয়াতলী বুলি কোৱা হয়। মাতৃগৰাকী শিশুৰ প্রথম অভিভাৱক তথা শিক্ষক। ঘৰুৱা পৰিৱেশতেই শিশুৰ দৈহিক, মানসিক বিকাশ হয়। ঘৰৰ জ্যেষ্ঠজনৰ বিশেষকৈ পিতৃ-মাতৃৰ আচৰণে শিশুৰ স্বভাৱ-চৰিত্ৰ, আবেগ-অনুভূতি আদিৰ ওপৰত প্রভুত প্ৰভাৱ পেলায়। ঘৰখনৰ সুস্থ পৰিৱেশতহে শিশুৰ সুবিকাশ সম্ভৱ হয়।

সাধাৰণতে প্ৰতিটো শিশুই মৰম আকলুৱা হয়। সিহঁতে কেৱল পিতৃ-মাতৃৰ পৰাই নহয়, আনৰ পৰাও মৰম বিচাৰে। সিহঁতৰ কথা-বতৰাত আনে মনোযোগ দিয়াটো বিচাৰে। সেইবোৰেই শিশুৰ মনস্তাত্ত্বিক দিশ।

খেল-ধেমালিও শিশুৰ প্রিয়। খেল-ধেমালিৰ দ্বাৰা শিশুৰ অকল শাৰীৰিক বা দৈহিক বিকাশেই নহয়, মানসিক বিকাশো হয়। খেল-ধেমালিয়ে শিশুৰ বুদ্ধিমত্তাও বৃদ্ধি কৰে। সেয়ে শিশুক নিয়মীয়াকৈ খেলিবলৈ দিয়া উচিত।

শিশুৰ মন সদায় অনুসন্ধিৎসু। সেয়ে প্ৰতিটো কথাৰে ওৰ বিচৰাটো শিশুৰ স্বভাৱ। সিহঁতে কিবা সুধিলে- যথাযথ উত্তৰ দিব নোৱাৰিলেও সিহতক নিৰাশ কৰা উচিত নহয়।

ভুল কৰাটো মানুহৰ স্বভাৱ। শিশুৱেও ভুল কৰে। তেনে কৰিলে শিশুক মৰমেৰে বুজাই দিব লাগে, তাৰ পৰিৱর্তে সিহঁতক দাবী-ধমকি দিলে সিহঁতে লাজ পায়। আনহাতে প্ৰতিটো কথাতে শিশুক দোষ ধৰি থাকিলে সিহঁতৰ মনবোৰ বিদ্রোহী হৈ উঠে আৰু শাসন নমনা হয়। গতিকে কথাবোৰ ধীৰে-সুস্থিৰে চিন্তা-চৰ্চা কৰিহে শিশুক শাসন কৰা উচিত।

লেখক: প্ৰসাদ দাস, অসম বাণী।

শিশুৰ মানসিক স্বাস্থ্য গঢ়াত ঘৰ আৰু বিদ্যালয়ৰ ভূমিকা


কোৱা হয় আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। যদি শিশুটি শৈশৱতে সুস্থ-সবল মানসিক স্বাস্থ্যৰ অধিকাৰী হৈ নুঠে, তেতিয়া? তেনে শিশু প্রকৃত নাগৰিক হৈ উঠিব পাৰিবনে ?

সেয়েহে ঘৰৰ সকলোৱে শিশু এটিক শৈশৱতে সুস্থ-সবল মানসিক স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ যত্নপৰ হ’ব লাগিব।

প্রকৃততে মানসিক স্বাস্থ্যনো কি ? মনোবিজ্ঞানী হেডফিল্ডৰ মতে, “মানসিক স্বাস্থ্য হ’ল সামগ্রিকভাবে ব্যক্তিত্বৰ সম্পূর্ণ আৰু সু-সামঞ্জস্য কার্য বিশেষ।” এজন সুস্থ-সবল মানসিক স্বাস্থ্যৰ অধিকাৰীয়ে জীৱনৰ যিকোনো ক্ষেত্ৰত, যিকোনো যুঁজত হেলাৰঙে অৱতীর্ণ হ’ব পাৰে। তেনে ব্যক্তিয়ে নিজৰ শক্তি-সামৰ্থ বুজি পোৱা হেতুকে যিকোনো পৰিস্থিতিতে দক্ষতা বিকাশ কৰিব পাৰে। আত্মসন্তুষ্টি আৰু ধনাত্মক চিন্তাৰে জীৱনৰ বাটত আগবাঢ়িব পাৰে। যিমান ডাঙৰ বিপদ নহ'লেও কিন্তু তেনে ব্যক্তিৰ সহনশক্তি, ধৈর্য আৰু আত্মবিশ্বাস অটুট থাকে। অৱশ্যে তেনে মানসিকতা একেদিনাই বা পৰিণত বয়সত গঢ়ি উঠিব নোৱাৰে। তেনে ব্যক্তিত্বৰ অধিকাৰী কৰি তুলিবলৈ হ’লে শৈশৱতে মনত সাঁচ বহুৱাব লাগিব।

ঘৰখনেই হ’ল এটি শিশুৰ জীৱনৰ প্রথম পঢ়াশালি। পিতৃ-মাতৃ হ’ল প্রথম গুৰু। শিশুৰ সুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠিবলৈ হ’লে পিতৃ-মাতৃৰ গভীৰ চিন্তা, গঠনমূলক আচৰণ, ধৈর্য আৰু সহানুভূতিৰ অতীব প্ৰয়োজন। শিশুৰ মন অনুকৰণপ্রিয় হোৱা হেতুকে পিতৃ-মাতৃয়ে যি ধৰণৰ আচৰণ কৰিব, যি ধৰণৰ কথা-বতৰা পাতিব, তেনেকৈয়ে শিকি লয়। ঘৰখনৰ পৰিৱেশটো সুস্থ-সবল কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগিব। প্ৰতিটো ক্ষেত্ৰতে অধিক সতর্ক হৈ থাকিব লাগিব যাতে শিশুৰ মনত কোনো ধৰণৰ কুপ্ৰভাৱ নপৰে। পিতৃ-মাতৃয়ে প্রতিটো খোজতে শিশুৰ মনত সততা, ন্যায়, একাগ্রতা, মিতব্যয়ী, শিষ্টাচাৰ আদি গুণবোৰৰ প্ৰভাৱ পেলাবলৈ যত্নপৰ হ’ব লাগিব।

শিশুৰ জীৱন দৰ্শন, আদর্শ আদি প্রথমে ঘৰখনতেই গঢ় লৈ উঠে। অশান্তিপূর্ণ ঘৰ এখনত শিশুৱে থাকি ভাল নাপায়। পিতৃ-মাতৃৰ মাজৰ কাজিয়াই শিশুৰ মানসিকতাত প্রভাৱ পেলায়। সেয়েহে পিতৃ-মাতৃ সাৱধান হ’ব লাগিব যাতে শিশু সন্তানৰ আগত কেতিয়াও উচ্চ-বাচ্য, অবাইচ গালি-গালাজ আদি প্রয়োগ নকৰে। পিতৃ-মাতৃয়ে যিকোনো ত্যাগৰ বিনিময়ত ঘৰখনৰ পৰিৱেশটো সুস্থ-সবল কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগিব, তেতিয়াহে শিশুটিও সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হৈ উঠিব।

ঘৰখনৰ পাছতেই শিশুৰ মানসিকতাত প্রভাৱ পেলোৱা অন্য এটি পৰিকল্পিত অনুষ্ঠান হ’ল বিদ্যালয়। ইয়াত পদ্ধতিগতভাৱে শিশুৰ মানসিকতাক প্ৰভাৱ পেলাব পৰাকৈ শিক্ষা প্রদান কৰা হয়। ঘৰখনৰ পৰিৱেশৰ পৰা শিশুৱে তুলনামূলকভাৱে বহুল পৰিৱেশৰ বিদ্যালয়লৈ ওলাই আহে। শিক্ষক, সমনীয়া, পাঠ্যক্ৰমৰ প্ৰভাৱত শিশু মন পৰিণত হ’বলৈ ধৰে। শিক্ষকসকল হ’ল শিশুৰ ভৱিষ্যৎ জীৱনৰ পথ প্রদর্শক। গতিকে শিক্ষকসকলো শক্তিশালী মানসিক স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। তেওঁলোকক অনুকৰণ কৰিয়েতো শিশুৱে শিক্ষা জীৱনত আগবাঢ়ে।

গতিকে ঘৰৰ পৰিৱেশ আৰ-বিদ্যালয়ৰ পৰিৱেশৰ মাজত সামঞ্জস্য থাকিব লাগিব। এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগ বঢ়াব লাগিব। তেতিয়াহে আমি আজিৰ শিশুৰ পৰা ভবিষ্যৎ সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নাগৰিক লাভ কৰিম।

লেখিকা: ৰেখা বৰগোহাঁই, অসম বাণী।

অনুকৰণপ্ৰিয় শিশু


শিশুৰ এটি প্রধান বৈশিষ্ট্য হৈছে অনুকৰণ। আনক অনুকৰণ কৰিয়েই অ-আ-ক-খ ক’বলৈ শিকা শিশুৱে প্ৰতিটো বস্তু বা বিষয়ৰ প্রতিয়ে মনোযোগ দিয়ে। কেৱল মাত্ৰ শিশুৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ মানৱ জাতিয়েই অনুকৰণপ্রিয়। এই বিষয়ে “মেটাফিজিক্স’ নামৰ গ্ৰন্থত এৰিষ্ট'টলে কৈছিল—একমাত্র মানুহেই অনুকৰণ কৰা জীৱ নহয়, কিন্তু মানুহ হ’ল আন জীৱতকৈ বেছি। যদি আন প্রাণীয়ে অনুকৰণ কৰে, তেন্তে সেইবোৰে বিশেষ বস্তুৰহে অনুকৰণ কৰিব। কাৰণ আন প্রাণীবোৰ মানুহৰ দৰে ধাৰণা বা প্রত্যয়ৰ অধিকাৰী নহয়।

অনুকৰণ প্রায় সকলো প্রাণীৰ মাজতেই বিদ্যমান। সৰুৱে ডাঙৰক, ডাঙৰে তেওঁলোকৰ উপৰিপুৰুষক— এনেদৰেই চলি গৈছে প্রকৃতিৰ নিয়ম। ইজনৰ লগত সিজনৰ মনৰ ভাব আদান-প্রদান কৰাৰ সময়তো আমি অনুকৰণ কৰি ভাল পাওঁ। অইনৰ কথা-বতৰা, খোজ-কাটলৰ মাজত লুকাই থকা গুণবোৰ প্ৰায়েই অনুকৰণ কৰা দেখা যায়। কিন্তু ভালটো অনুকৰণ কৰি বেয়াবোৰ বাদ দিলেহে মানুহৰ এই জয়যাত্ৰা সার্থক হ’ব। কিন্তু শিশুৰ ক্ষেত্ৰত এয়া যে সম্পূর্ণ বিপৰীত। কাৰণ শিশুৱে ভাল-বেয়াৰ পাৰ্থক্য বুজি নাপায়। মাত্র অনুকৰণ কৰিহে ভাল পায়। নিজৰ সংস্পৰ্শত ৰাখিব খোজে। এয়া যে প্রকৃতিৰ নিয়ম। নিয়তিৰ বাস্তৱতাক আমি সকলোৱেই গ্রহণ কৰিব লাগিব। শিশুৰ বাবে পিতৃ-মাতৃয়েই সর্বোচ্চ আৰু পিতৃ-মাতৃৰ বাবেও সন্তানেই সৰ্বোচ্চ। সন্তানক নিজৰ আঁচলৰ ছায়াৰ তলত ৰাখি ডাঙৰ-দীঘল কৰা মাতৃগৰাকীৰ বাবে সন্তন সৰগৰ যেন এটুকুৰা সুৰুযৰ ৰশ্মি। সেয়েহে পিতৃতকৈ এজনী মাতৃয়ে শিশুৰ ক্ষেত্ৰত বেছি যত্ন ল’ব লগা হয়।

শৈশৱৰ পৰা কৈশোৰ আৰু কৈশোৰৰ পৰা যৌৱন আৰু যৌৱনৰ পৰা বৃদ্ধাৱস্থালৈকে পিতৃ-মাতৃৰ মনত সন্তান সদায় আছুতীয়া। অতি কষ্টেৰে ডাঙৰ-দীঘল কৰে সন্তানক। শিশু অৱস্থাৰ পৰাই আমি আনক অনুকৰণ কৰি ভাল পাওঁ। পিতৃ-মাতৃৰ আলসুৱা মৰম-চেনেহৰ মাজেৰে এই জয়যাত্ৰা আৰম্ভ হয়। শৈশৱ অৱস্থাত এটি শিশুৱে খেল-ধেমালি, মৰম-স্নেহ, কাজিয়া-পেচাল, মান-অভিমান আদিৰ মাজত ডাঙৰ হয়। ইজনৰ লগত সিহঁতে পৰম আনন্দ পায়। এইখিনি সময়তেই আৰম্ভ হয় নিজৰ বস্তুৰ প্রতি থকা মোহ। নিজৰ বস্তু বা সামগ্ৰী আনে নিলে সিহঁতৰ খং উঠে। অভিমান জাগে।

প্ৰতিটো শিশুৱে নিজ নিজ জগতত ব্যস্ত হৈ থাকি ভাল পায়। ভাল বা বেয়াৰ বিচাৰ সিহঁতৰ বাবে অজ্ঞ। প্রত্যেকটো শিশুৱেই বিচাৰে আনন্দ-স্মৃতিৰ মাজেৰে সময়বোৰ কটাবলৈ। সিহঁতৰ দুচকুৱে সকলো বস্তুকেই সুন্দৰকৈ দেখে, ভাল পায়। কিন্তু ইয়াৰ মাজতো বেয়া থাকিব পাৰে। সেয়েহে ইয়াৰ বাবে পিতৃ-মাতৃ আৰু পৰিয়াল সচেতন হৈ থাকিব লাগিব।

আজিকালি টিভিত প্রদর্শিত বেয়া অনুষ্ঠানবোৰেও শিশুৰ ওপৰত কু-প্রভাৱ পেলাব পাৰে। শিশুৱে যি ভাল পায়, তাকেই কৰে আৰু বাস্তৱতো সেইবোৰ সম্ভৱ বুলি ভাবি ভুল কৰে। শিশুক বুজা হোৱাৰ পৰাই শিকাব লাগে প্ৰতিটো কথা। সেয়া কৰিলে হয়তো ভবিষ্যতে অনাগত বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব।

লেখিকা: হীৰামণি চক্ৰৱৰ্তী, অসম বাণী।


শিশুৰ প্ৰথম গোটা আহাৰৰ সময়ত


এটি শিশুক স্বাস্থ্যৱান কৰি ডাঙৰ-দীঘল কৰা এগৰাকী মাতৃৰ বাবে প্রত্যাহ্বানস্বৰূপ হৈ পৰে। গৰ্ভত থকাৰ পৰা অনেক যত্নৰ উপৰি শিশুটিৰ জন্মৰ পাছত মাতৃগৰাকীৰ দায়িত্ব অধিক আহি পৰে।

সাধাৰণতে ভূমিস্থ হোৱাৰ পাছত শিশু এটিৰ ছমাহলৈকে খোৱা-বোৱালৈ সিমান চিন্তা কৰিব লগা নাথাকে। কিয়নো এই সময়ছোৱাত মাতৃদুগ্ধই শিশুটিৰ একমাত্র আহাৰ। আনকি এই সময়ত এটি স্বাভাৱিক শিশুক পানী খুওৱাৰো কোনো প্রয়োজন নহয়। কিন্তু ছমাহ হোৱাৰ লগে লগে কিছুমান ছাপ্লিমেণ্টেৰী আহাৰ দিবলৈ আৰম্ভ কৰিব লাগে। নহ’লে শিশুটিৰ বিকাশত বাধা আহি পৰে। প্রথম গোটা আহাৰ দিবলৈ ধৰোতে কিছুমান কথা আমি জানি থোৱা প্রয়োজন।

  • শিশুটিক কি খুৱাব নিৰ্ভৰ কৰে সন্তানৰ মাতৃ-পিতৃৰ ওপৰত। সৰহসংখ্যক মাতৃয়েই গাখীৰৰ সৈতে সামান্য গুড়া জলপান মিহলাই খুৱায়। এই সময়ত পাতলকৈ সিজোৱা চাগু-বালি, দাইলৰ পানী, পাচলিৰ চুপ, পানী মিহলোৱা ফলৰ ৰস, পাতলকৈ তৈয়াৰ কৰা চুজি আদি দিব লাগে।
  • কেনেকৈ শিশুটিক খুৱাব প্রথমে মাতৃসকলে ধৰিব নোৱাৰে। শিশুটিক কোলাত বহাই অকণমান চামুচত লৈ প্রথমে মুখখন খুলি জিভাত চেলেকাই দিয়ক। প্রথম অৱস্থাত শিশুটিয়ে মুখখন চেলেকাই দিয়ক। প্ৰথম অৱস্থাত শিশুটিয়ে মুখখন চেলেকিব। পাছলৈ খাদ্যৰ সোৱাদ পালে আপোনা আপুনি খাব ধৰিব।
  • শিশুটিক গোটা আহাৰ দিছে বুলি তাৰ গাখীৰৰ পৰিমাণ কমাই নিদিব।
  • আকৌ গোটা আহাৰ প্রথমে দিনটোত এবাৰ তাৰ পাছত লাহে লাহে দিনটোত তিনিবাৰ কৰিব পাৰে। তথা পৰিমাণটো বঢ়াই দিয়ক।
  • একেলগে ভিন্ন ধৰণৰ নতুন খাদ্য আৰম্ভ নকৰিব। এসপ্তাহত এবিধ আহাৰ দিলে, সপ্তাহত আন এবিধ দিব পাৰে।
  • শিশুটিক একেলগে সকলো খাব দিলে সোৱাদ বুজিব নোৱাৰি তাৰ আহাৰৰ প্রতি অনিহা বাঢ়িব। সেয়ে সকলো সোৱাদ একেবাৰতে নিদিব।

এনেকৈ লাহে লাহে তাক সৰহভাগ গোটা আহাৰ দি থাকিলে তাৰ গোটা আহাৰ খোৱাৰ অভ্যাস হ’ব|

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

শিশুৰ ব্যক্তিত্ব বিকাশত ঘৰখনৰ ভূমিকা


শিশু হ’ল ভবিষ্যতৰ নাগৰিক। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক হৈ নিজৰ কর্মৰে দেশক উন্নতিৰ পথত আগুৱাই নিব। এনে ক্ষেত্ৰত শিশুক ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সৰুৰে পৰা ঘৰখনৰ প্ৰতিগৰাকী সদস্যই যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। শিশুৰ জীৱনৰ আৰম্ভণি ঘৰখনতেই হয়। বিদ্যালয়লৈ যোৱালৈকে এটি শিশুৱে যথেষ্ট কথা ঘৰখনতেই আহৰণ কৰে। শিশুসকল হ’ল অনুকৰণপ্ৰিয়। পিতৃ-মাতৃ, ককাক-আইতাককে আদি কৰি ঘৰখনৰ আন সদস্যসকলৰ আচাৰ-ব্যৱহাৰ, কাম-কাজ, মৰম-চেনেহ, নিয়মানুৱৰ্তিতা, সহযোগিতা আদিবোৰ শিশুৱে নিজৰ অজ্ঞাতেই অনুকৰণ কৰে। ইয়াৰ পৰা এটা কথা নিঃসন্দেহে ক’ব পাৰি যে শিশুটোক ভৱিষ্যতে যেনেধৰণে গঢ় দিবলৈ ইচ্ছা কৰে, তেনে পৰিৱেশ ঘৰখনত সৃষ্টি কৰিব পাৰিব লাগিব। ঘৰখনত যদি অনবৰতে কাজিয়া-পেচাল হৈ থাকে, ঘৰখনৰ সদস্যসকলৰ মাজত মিলা-প্রীতি নাথাকে, তেতিয়া শিশুৰ স্বাভাৱিক বিকাশ বাধাগ্রস্তু হ’ব আৰু আমি ভবিষ্যতৰ সু-নাগৰিক এজনক হেৰুৱাম।

শিশুটোক ভৱিষ্যতৰ এজন সু-নাগৰিক তথা ব্যক্তিত্বসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ হ’লে ঘৰখনে কিছুমান প্রচেষ্টা হাতত ল’ব লাগিব। কেৱল পুথিগত বিদ্যাই প্রকৃতাৰ্থত শিক্ষিত কৰি তুলিব নোৱাৰে। প্রখ্যাত শিক্ষাবিদ পাৰ্চিনানে ব্যক্তিত্বক পৰিপূৰ্ণভাৱে বিকশিত কৰা প্রক্রিয়াকেই শিক্ষা আখ্যা দিছিল। ঘৰখনত আনন্দময় পৰিৱেশ বিৰাজমান হ’লেহে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ উপযুক্তভাৱে হ’ব বুলি আশা কৰিব পাৰি। শিশুটোৰ মাজত দয়া-ক্ষমা-সহানুভূতিশীলতা আদি গুণবোৰৰ বিকাশত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিশেষ ভূমিকা আছে। ঘৰলৈ অহা ভিক্ষাৰীজনক যদি পিতৃয়ে মৰমৰ মাত এষাৰ নিদিয়ে, তেন্তে শিশুটোৱে দেখি-শুনি তাকেই আয়ত্ত কৰিব। দুখীয়া মানুহৰ প্রতি সহানুভূতি, দয়াৰ ভাব বিকশিত কৰিবলৈ হ’লে ঘৰখনে তেনে আদর্শ দেখুৱাব লাগিব। শিশুৰ ওপৰত শাস্তিমূলক অনুশাসন যিমান পাৰি কমাই কৰিব লাগে। বিখ্যাত প্রকৃতিবাদী দার্শনিক ৰুছোৱে শিশুসকলক স্বাধীন আৰু মুক্তভাৱে ডাঙৰ-দীঘল হ’বলৈ দিলেহে প্রকৃতভাৱে বিকশিত হ’ব বুলি কৈছিল। শাস্তি প্রদানেৰে কোনো এটা কাম কৰিবলৈ বাধা প্রদান কৰাতকৈ শিশুটোৰ মনত এনে ধৰণা সুমুৱাই দিব লাগে যে সেইটো কাম কৰা বেয়া। শিশুটোৱে নিজ মনে বুজি উঠিলে নিজৰ বিবেকেই সেইটো কাম কৰিবলৈ বাধা দিব।

ঘৰখনত শিশুটোৰ সৰু-সুৰা কামবোৰ শিশুটোকেই কৰিবলৈ দি আত্মনিৰ্ভৰশীলতাৰ পাঠ ঘৰখনে দিব পাৰে। শাৰীৰিক শ্ৰমক মূল্য আৰু সন্মান প্রদর্শন কৰিবলৈ সৰুৰে পৰাই শিকাটো প্রয়োজনীয়। পৰিয়ালৰ প্ৰতিজন সদস্যকে সহায়-সহযোগ কৰিবলৈ সৰুৰে পৰাই অনুপ্রাণিত কৰিব লাগে। কিয়নো জীৱনৰ বাটত উন্নতি কৰিবলৈ হ’লে পাৰস্পৰিক সহযোগিতাৰ প্রয়োজন আছে। শিশুটোৰ লগৰীয়াসকলক ঘৰখনৰ প্ৰতিজন সদস্যই সমানে ভাল ব্যৱহাৰ কৰিব লাগে। অন্যথা বিভেদমূলক ব্যৱহাৰ প্ৰত্যক্ষ কৰিলে ভৱিষ্যতে শিশুটি ডাঙৰ হৈ সমাজৰ সকলো স্তৰৰ লোকৰ লগত মিলিবলৈ ইচ্ছুক নহ’বও পাৰে। শিশুটোৰ অন্ধবিশ্বাসমুক্ত মন এটা গঢ়ি তুলিব পাৰে ঘৰখনেই। ইয়াৰ বাবে ঘৰখনৰ সদস্যসকল আত্মবিশ্বাসী হ’ব নালাগিব। নিজৰ সংস্কৃতি-পৰম্পৰাৰ প্রতি সন্মান প্রদর্শন কৰিবলৈ শিকাব লাগিব সৰুৰে পৰাই। নৈতিকভাৱে সৎ কৰি গঢ়ি তোলাটোও ঘৰখনৰে দায়িত্ব। মিছা কথা নোকোৱাৰ অভ্যাস কৰাব লাগে শিশুটোক। ভুল কৰিলেও সাহসিকতাৰে স্বীকাৰ কৰাৰ দায়িত্ববোধ থাকিলেহে শিশুটি ভৱিষ্যতে নৈতিকতাসম্পন্ন সু-নাগৰিক হ’ব পাৰিব। কেৱল পুথিগত বিদ্যাৰে শিক্ষিত কৰি, সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰ দৌৰত নমোৱাতকৈ শিশুটোক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি সকলো মানৱীয় গুণৰ বিকাশেৰে এজন সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিজন অভিভাৱকে চেষ্টা কৰা উচিত।

লিখক: গৌতম বৰা, অসম বাণী।

শিশুটিৰ বাবে আপোনাৰ কৰণীয়


শিশুসকল হৈছে এখন দেশৰ ভবিষ্যৎ নাগৰিক। সেয়ে সৰুৰে পৰাই সিহঁতক সর্বাংগীন দিশৰ পৰা চালি-জাৰি চাই আশুৱাই নিয়া উচিত। আমি সকলোৱে জানো যে শিশুসকল অনুকৰণপ্রিয়। বিশেষকৈ সিহঁতে মাক-দেউতাকক মূল অনুকৰণপ্রিয় ব্যক্তি হিচাপে বাছি লয়। সেয়ে ঘৰত থকা আন লোকসকলৰ লগতে মাক-দেউতাকে নিজৰ ব্যৱহাৰ-আচৰণ নিখুঁত কৰাৰ যত্ন কৰা উচিত।

এই ক্ষেত্ৰত মাক-দেউতাকৰ কৰণীয়বোৰ হ’ল-

প্রশংসা কৰা

মানুহ মাত্রেই প্রশংসা ভাল পায়। শিশুও ইয়াৰ ব্যতিক্ৰম নহয়। সেয়ে শিশুটোৱে কোনো ইতিবাচক কাম কৰিলে প্রশংসাৰে তাক উপচাই দিয়া উচিত। উদাহৰণস্বৰূপে শিশুটিাৱে স্বৰবৰ্ণ বা ব্যঞ্জনবর্ণখিনি পঢ়িব পাৰিলে, তাক হাত তালি বজাই বা পুৰস্কাৰ দি প্রশংসা কৰা উচিত। ই তাক ইতিবাচক কাম কৰিবলৈ প্রেৰণা যোগাব।

অভিৰুচিত প্রাধান্য দিয়া

ধৰা হ’ল আপোনাৰ শিশুটিয়ে ছবি আঁকি ভাল পায়; অথচ তাৰ বিপৰীতে আপোনাৰ ছবিৰ প্ৰতি কোনো আকর্ষণ নাই। সেই বুলিয়েই তাৰ অভিৰুচিক আপুনি বেয়া বুলি বা পৰিহাৰ কৰিবলৈ চেষ্টা নকৰিব; বৰং। তাৰ অভিৰুচিক গুৰুত্ব দি অধিক উৎসাহিত কৰিব।

শিশুটিক সময় দিব

আপোনাৰ শিশুটি কেৱল আপোনাৰেই নহয়, ই সমাজৰ এক অমূল্য সম্পদ। কিন্তু আজিৰ ভোগবাদী সমাজৰ যান্ত্রিক ব্যৱস্থাই শিশুটিক যেন যন্ত্রৱৎ কৰি তুলিছে। অর্থৰ পিছে পিছে দৌৰি ভাগৰুৱা হৈ পৰা মাক-দেউতাকৰ ব্যৱহাৰ শিশুটিৰ প্রতি যেন ৰূঢ়, নিষ্ঠুৰ হৈ পৰিছে।

শিশুটিক মানুহ হিচাপে গঢ় দিবলৈ হ’লে মাক-দেউতাকে মিলি সময় দিব পাৰিব লাগিব। আন্তৰিকতাৰে দিয়া এঘণ্টা সময় যান্ত্রিকতাৰে দিয়া চাৰি ঘণ্টা সময়তকৈ বহু মূল্যৱান।

শিশুটিয়ে কি বিচাৰে

আজিকালি দেখা যায় যে বহু মাক-দেউতাকে শিশুটিয়ে কি বিচাৰে সেয়া বিচাৰ কৰাতকৈ নিজৰ ইচ্ছাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ে। ই শিশুটিৰ বাবে এক নেতিবাচক দিশ। উদাহৰণস্বৰূপে, অমুকৰ ল’ৰাটোৱে নৃত্য কৰি বহু পুৰস্কাৰ পাইছে, সন্মান পাইছে বুলি জানি নিজৰ শিশুটিকে তেনে কৰিবলৈ যোৱাটো শিশুটিৰ নীতিবিৰুদ্ধ কথা। এনে কৰাৰ বিপৰীতে শিশুটিৰ ইচ্ছাৰ বুজ লৈ পদক্ষেপ ল’লেহে অধিক সুফল আশা কৰিব পাৰি।

অধ্যয়নমুখী কৰা

আপোনাৰ শিশুটিক সৰুৰে পৰা এটি অধ্যয়নমুখী পৰিৱেশ দিয়া উচিত। তাৰ বাবে দুই-এখন কাকত-আলোচনী কিনি দিয়াতেই আপোনাৰ দায়িত্ব শেষ নহয়, বৰং মাক-দেউতাক উভয়ে মিলি তাক পঢ়িবলৈ দিয়া, বুজাই দিয়া, প্রশ্ন সোধা, ক’ব পাৰিলে কিতাপ পুৰস্কাৰ দিয়া- এনে কার্য হাতত ল’লেহে আপোনাৰ শিশুটি প্রকৃতাৰ্থত অধ্যয়নমুখী হৈ উঠিব।

সাধুকথাৰ মাজেৰে নৈতিক শিক্ষা

সকলো শিশুৱে সাধুকথা শুনি ভাল পায়। কিন্তু তাহানিৰ সেই সোণালী শৈশৱ আজি যেন নাই। ককা-আইতাৰ বুকুত মুখ গুজি সাধু শুনিবলৈ আজি ককা-আইতা নাই। যাৰ বাবে আজিৰ শিশুৱে টেলিভিছনত কার্টুন চাই সময় পাৰ কৰিবলৈ বাধা হৈছে। শিশুক সুস্থ ব্যক্তি হিচাপে গঢ়ি তোলাত নৈতিক শিক্ষাৰ যি অৱদান, সেই ক্ষেত্ৰত সাধুকথাৰ স্থান শীর্ষত বুলি ক’ব পাৰি। সেয়ে মাক-দেউতাক উভয়ে মিলি দৈনিক সাধু কোৱাৰ অভ্যাস কৰা উচিত। এনে অভ্যাসে আপোনাৰ শিশুটিক নৈতিকভাৱে শক্তিশালী কৰি তুলিব।

শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষা

আপোনাৰ শিশুটিক সৰুৰে পৰাই শৃংখলাবদ্ধ হ’বলৈ শিকাওক। কোনটো বস্তু ক’ত থ’ব লাগে, তাক দেখুওৱাক আৰু নিজৰ কিছু কিছু কাম নিজে কৰিবলৈ শিকাওক৷ এবাৰ এই অভ্যাস তাক দেখুৱাই দিলে পাছলৈ সি নিজে নিজে কৰাৰ অভ্যাস কৰিব। শৃংখলাবদ্ধতা এবাৰ আয়ত্ত কৰিব পাৰিলে সি আজীৱন এক সম্পদস্বৰূপ হৈ পৰিব। তেনেদৰে শিশুটিক নিয়মানুৱৰ্তিতাৰো পাঠ পঢ়াওক। তাৰ বাবে মাক-দেউতাক উভয়ে নিয়মানুৱৰ্তী হোৱা উচিত। এই শিক্ষাই আপোনাৰ শিশুটিক নিয়মানুৱর্তী কৰি সুশিক্ষিত কৰি তুলিব।

মুঠতে মাক-দেউতাকেই হৈছে শিশুৰ ভবিষ্যৎ নির্মাতা। সৰু সৰু যেন লগা এই কথাবোৰ তাক আখৰে আখৰে মনাব পাৰিলে আপোনাৰ শিশুটি মানুহ হিচাপে গঢ় লোৱাত যে কোনেও বাধা দিব নোৱাৰে, সি ধুৰূপ।

লিখক: দিগন্ত বৈশ্য, অসম বাণী।

কিশোৰ-কিশোৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশত পৰিয়ালৰ ভূমিকা


ধৰিত্নীয়ে যিদৰে বায়ু-পানী-আহাৰ, ফল-মূল আদি উৎপন্ন কৰি সকলো প্রাণীকে জীয়াই ৰাখিছে, সেইদৰে নাৰীৰূপী মাতৃগৰাকীয়েও সন্তান জন্ম দি লালন-পালন কৰি ডাঙৰ-দীঘল কৰি আহিছে। মাতৃ তথা পৰিয়ালৰ মৰম-চেনেহ সুলভ প্ৰতিপালনত এই ল’ৰা-ছোৱালীয়েই কোনো মহাপুৰুষ হয়। গতিকে এনেবোৰ শিশুৰ বাবে ঘৰখন হ’ব লাগিব সর্বাংগ সুন্দৰ। ওচৰ-চুবুৰীয়াৰ মাজত পাৰস্পৰিক সদ্ভাৱ-সম্প্ৰীতি, প্রেম-প্রীতি থাকিব লাগিব।

তদুপৰি ভাৰতীয় সংস্কৃতিত "মাতৃ’ হৈছে মহান শক্তি। পৃথিৱীৰ অন্যান্য দেশৰ তুলনাত ভাৰতবৰ্ষত আদিম অৱস্থাৰে পৰা মাতৃক বিশেষ স্থান দি অহা হৈছে। কিয়নো এগৰাকী মাতৃ হৈছে পবিত্ৰতা, সহিষ্ণুতা আৰু সুন্দৰতাৰ প্রতীক। সন্তানৰ প্ৰতি মমতা, স্বামীৰ প্ৰতি ভক্তি, জীৱ মাত্রে কৰুণা— এই মহান গুণ প্রকাশিকা গৰাকীয়ে হৈছে মাতৃ।

কীৰ্ত্তিঃ শ্ৰীৰ্বাক চ নাৰীনাং স্মৃতিমেধা ধৃতি ক্ষমা। এই সপ্তবিভূতিৰূপে দেৱতা ময়ে।” এই সপ্ত গুণৰ অধিকাৰিণী মাতৃসকলে সন্তানসকলক গঢ় দিয়াতহে অধিক গুৰুত্ব দিলে সুন্দৰ সবল সমাজৰ সৃষ্টি হ’ব। এটা কথা প্রত্যেকৰে স্বীকার্য যে পৃথিৱীত আজিলৈকে যিমান মহাপুৰুষৰ জন্ম হৈছে, গুৰিতে আছে মাতৃ। সেইদৰে পৰিয়ালটোৰ চিন্তা-ভাবনা, স্বভাৱ-চৰিত্ৰ আদিতো মাতৃৰ প্রেৰণা, সাধনা আৰু তপসা আছে।

শিশুক প্রশংসা কৰক

শিশুৱে সদায় পিতৃ-মাতৃৰ পৰা মৰম-চেনেহ আৰু উৎসাহ পাবলৈ আশা কৰে। মনোবিজ্ঞানীসকলে কৈছে যে শিশুৰ সৃজনীশীল প্রতিভা বিকাশৰ ক্ষেত্ৰত বিশেষকৈ চিত্রকলা, খেলা-ধূলা, নাচগান, ফুলনি পতা আদি কাম-কাজত প্রশংসা কৰা উচিত। তেতিয়া কণ কণ শিশুসকল কাৰ্যক্ষম হয়, কৰ্মৰ প্ৰতি স্পৃহা বাঢ়ে। বিশেষকে এনে শিশু যোগাত্মক, মৌলিকতাপূৰ্ণ আৰু বৌদ্ধিকভাৱে সুস্থ আৰু কৌতুহলী মনৰ হয়। নিজৰ বুদ্ধি-বৃত্তি বিকাশ কৰাৰ বাবে শিশুৱে সদায় আগ্রহ আৰু ইচ্ছা কৰে। গতিকে পিতৃ-মাতৃয়ে এই ক্ষেত্ৰত অধিক মনোযোগ দিয়া উচিত।

সংগী নির্বাচন

শিশুৱে সদায় লগ-সমনীয়াৰ লগত ফুৰা-চকা, খেল-ধেমালি কৰিব বিচাৰিছে। শিশু বন্ধু নির্বাচনৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে প্রধান সহায়কৰ ভূমিকা গ্রহণ কৰাটো অতি আৱশ্যক। বেয়া স্বভাৱৰ শিশুৰ লগত ফুৰা-চকা, বন্ধুত্ব স্থাপন কৰা আদিৰ পৰা সদায় বিৰত ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব হোৱা উচিত। কিয়নো শিশু সদায় অনুকৰণপ্রিয়। আচৰণ, কথা-বতৰা বা অভ্যাসবোৰ অতি সোনকালে আয়ত্ত কৰি ল’ব পাৰে। আনহাতে বন্ধুৰ উপস্থিতিত শিশুক কেতিয়াও মাৰ-ধৰ, গালি-গালাজ, অপমান-তিৰস্কাৰ আদি কৰিব নালাগে। শিশুক বুজাই-বঢ়াই সেইবোৰৰ পৰা এৰুৱাই আনিবলৈ চেষ্টা কৰা উচিত।

নৈতিক বিকাশ

শিশুৰ সামাজিক বিকাশৰ লগত তাৰ নৈতিক দিশ, অনুশাসনৰ দিশ, চৰিত্ৰ গঠনৰ দিশ, ব্যক্তিত্ব বিকাশৰ দিশবোৰ জড়িত হৈ থাকে। প্ৰতিখন সমাজৰ সামাজিকভাৱে গ্রহণযোগ্য নীতি-নিয়ম, আস্থা-নিষ্ঠা, বিশ্বাস-লোকনীতি, লোকবিশ্বাস আছে। এইবোৰ পালন কৰাটোৱে হৈছে প্ৰধান কাম।

শিশুৰ অনুশাসন

শিশুক অনুশাসন কৰিবলৈ যাওঁতে মনত ৰাখিব লাগিব যাতে আমাৰ পিতৃ-মাতৃসকলে শিশুৰ প্রতি কৰা আচৰণ ৰূঢ় অর্থাৎ কঠোৰ নহয়। বিশেষকৈ মাতৃৰ ওপৰত শিশুৰ দৈহিক আৰু মানসিক বিকাশৰ কথা নিৰ্ভৰ কৰে।

মাতৃ গৰাকীয়ে মনত ৰখা উচিত যে তেওঁ এগৰাকী জন্মদাত্রী, প্ৰতিপালিনী আৰ গঠনকাৰিণী শক্তিৰ আধাৰ। সেয়ে মাতৃয়ে সন্তানক সজ আচৰণ, সুবাক্য শিকাব লাগে। সস্তানক সদায় উৎসাহ আৰু প্রেৰণা দিয়া উচিত। কিয়নো আজিৰ শিশুৱে কাইলৈৰ সুনাগৰিক হ’ব।

শিশুৱে সন্মান বিচাৰিলে সন্মান দিয়ক

দেখা যায় যে আমি যেনেকুৱাই নহওঁ কিয়, কিন্তু নিজৰ সন্তানটিৰ পৰা বহু কিবাকিবি আশা কৰো— সি আমাক মানি চলক, সি আমাৰ প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰক, ইত্যাদি। অর্থাৎ আমি নিজৰ পিতৃ-মাতৃক সন্মান কৰো বা নকৰো, শিশুটিৰ পৰা কিন্তু সেইখিনি অৱশ্যেই আশা কৰো।

এইটো সত্য যে শিশুৱে জ্যেষ্ঠজনক অনুকৰণ কৰে। আপুনি যদি আনক মান-সন্মান জনাব নিবিচাৰে অথবা কথাই পতি মিছাৰ আশ্ৰয় লয় বা কিবা ভুল কাম কৰে, তেনেহ’লে আপোনাৰ শিশুটিয়েও তাকেই কৰিব। ইয়াৰ কাৰণ এইটোৱে যে সি আপোনাক এনে কার্য কৰা দেখিছে। উদাহৰণস্বৰূপে, আপুনি যদি শিশুটিৰ সন্মুখত নিজৰ পিতৃ-মাতৃক আদৰ-সন্মান নকৰে, হকে-বিহকে খিংখিঙাই থাকে বা তৰ্ক-বিতৰ্ক কৰে তেতিয়াহ’লে জানিব এদিন সিও আপোনাৰ প্ৰতি ঠিক তেনে আচৰণেই প্রদর্শন কৰিব। কিয়নো আপোনাৰ পৰাই সি শিকিছে। তদুপৰি বহু অভিভাৱকৰ এনে কিছুমান অভ্যাস আছে যে তেওঁলোকে অনবৰতে নিজৰ সন্তানটিৰ দোষ খুঁচৰি থাকে আৰু ডাবি-ধমকি দিয়ে। আচলতে এনে কৰা অনুচিত। যদি ল'ৰাটো বা ছোৱালীজনীয়েও আপোনাক সন্মান যচাটো বিচাৰে, তেন্তে সিহঁতক আপুনিও সন্মান যাচিব পাৰিব লাগিব। ইয়াৰ অর্থ এইটো নহয় যে আপুনি সন্তানৰ ভৰিত পৰি থাকক; বৰং সিহঁতৰ কথা-বতৰা, ভাব-চিন্তা-ভাবনা তথা ইচ্ছা-অনিচ্ছাখিনিৰ আদৰ কৰিবলৈ শিকক যাতে সিও আপোনাৰ মানসিকতাৰ উপলব্ধি কৰিব পাৰে।

  • যেতিয়াই শিশুৰ কেৰিয়াৰৰ প্রশ্ন আহে, মাক-দেউতাকে নিজৰ পছন্দৰ কেৰিয়াৰ নিৰ্বাচন কৰিবলৈ জোৰ-জুলুম কৰা দেখা যায়। পিছে এনে কৰা ভুল। শিশুটিয়ে কি কৰিব বিচাৰে, আৰু তাৰ মাজত কেনে ধৰণৰ প্রতিভা আছে, এই কথালৈও ধ্যান ৰাখিব। তাৰ ৰুচি প্রকৃততে কিহত তাকো জনা উচিত। যেনে— শিশুটিয়ে যদি নৃত্য কৰি ভাল পায়, তাক এইটো নক’ব যে পঢ়া-শুনা কৰা ল’ৰাই নৃত্য শিকিব নালাগে, কিয়নো কিজানি সেই ৰুচিয়েই তাৰ কেৰিয়াৰত এদিন অনুকূল প্ৰভাৱ পেলায়।
  • বহু অভিভাৱকৰ আকৌ এনে অভ্যাস আছে যে এইটো নকৰিবা, সেইটো নকৰিবা বুলি বাধা প্রদান কৰে বা অনবৰতে শিশুৰ কাম-কাজত খুঁটি-নাটি বিচাৰি ফুৰে। এনে কৰি থাকিলে শিশুৱে আপোনাক সন্মান কৰিবলৈ এৰি সদায় আঁতৰি ফুৰিব। গতিকে সিহঁতৰ দোষকে খুঁচৰি নাথাকি গুণখিনিৰ প্ৰতিও ধ্যান দিয়ক।
  • প্রায়ে মাক-দেউতাকে সন্তানৰ যিকোনো ফলাফল (সেয়া পৰীক্ষাৰ ফলাফল হওক অথবা কোনো প্রতিযোগিতা)ক লৈ বেছি উত্তেজিত হৈ পৰে। ফলাফল যদি তেওঁলোকে আশা কৰা মতে নহয়গৈ, তেতিয়া সন্তানটিক বহু ককর্থনা কৰিব ধৰে। এইবুলিও কোৱা শুনা যায় যে “দেখিছ, শর্মাৰ ল’ৰাটো শ্রেণীটোৰ ভিতৰতে প্ৰথম হ’ল আৰু তই....। আমিনো তোক কি দিয়া নাছিলো যে তই দ্বিতীয় স্থানহে পালি।” তুলনা নকৰিব; বৰঞ্চ তাক পৰৱৰ্তী প্রতিযোগিতাত ভাল ফল দেখুৱাবলৈ উৎসাহ প্রদান কৰক।
  • পিতৃ-মাতৃয়ে সন্তানৰ ৰুচি-অভিৰুচিৰ প্ৰতি ধ্যান দিব লাগে। যদি আপোনাৰ সন্তানে ছবি আঁকে তাক বাধা নিদিব। সি অঁকা ছবিখন চাই প্ৰশংসাহে কৰিব। এইটো জৰুৰী নহয় যে আপুনি ছবি আঁকি ভাল নাপায় কাৰণে সন্তানটিয়ে অঁকাটোও পছন্দ নকৰিব।
  • শিশুৱে ভুল কৰিলেও বৰকৈ ধমকি দি নাথাকিব। মাৰ-পিট নকৰিব; বৰং মৰমেৰে বুজাওক যাতে সি আপোনাৰ কথা বুজিব পাৰে।
  • এষাৰ কথা মনত ৰাখিব— শিশুটিয়ে তেনে ব্যৱহাৰেই কৰিব যিটো আপুনি তাক শিকাব। গতিকে আপুনি শিশুটিৰ আদর্শ অভিভাৱক হওক আৰু তাক আপোনাৰ ইচ্ছাৰ মাজত বন্দী কৰি নাৰাখি উন্মুক্ত জীৱন জীয়াবলৈ দিয়ক।
  • সংস্কাৰ কেৱল সংস্কাৰেই নহয়। ই আমাৰ পৰম্পৰাকো অভিব্যক্তি কৰে- সেয়ে বয়োজেষ্ঠজনক সন্মান প্রদর্শন কৰা আৰু কনিষ্ঠজনক মৰম-স্নেহ কৰাৰ শিক্ষা দিয়ক। কোনো ধর্মই হিংসা-দ্বেষ নিশিকায়। এই কাৰণতে আপুনি যদি সন্মান পাব বিচাৰে, আনকো সন্মান কৰিবলৈ শিকক।

লেখিকা: ৰীণা দেৱী, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate