অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰোগ আৰু হোমিঅ’পেথিক

শিশু পালন

জন্মৰ পৰা দাঁত গজা সময়লৈ হ’ল শৈশৱ কাল। এই সময়ছোৱাত শিশুটিক কিছুমান বিশেষ যত্নৰ প্ৰয়োজন হয়। ভূমিষ্ঠ হোৱাৰ পৰা তিনি সপ্তাহলৈকে শিশুক পেট পেলাই শুৱাই ৰাখিব নালাগে। শিশুৰ নিদ্ৰাৰ প্ৰতি চকু দিব, শিশুৱে যেতিয়ালৈকে মাকৰ গাখীৰ খাই থাকে তেতিয়ালৈকে মাকে নিজৰ আহাৰ, টোপনি আদি বিষয়ত সাৱধানতা অৱলম্বন কৰা উচিত। মাকৰ অসাৱধনতাৰ বাবে স্তনৰ গাখীৰ দূষিত হয়। ফলত এই গাখীৰ খোৱাৰ বাবে শিশু ৰোগাগ্ৰস্ত হয়।

ছিটা

সময়মতে শিশুক ছিটা দিব লাগে। ছিটা দিয়াৰ বাবে কিবা বিসংগতিয়ে দেখা দিলে থুজা-৬ খুৱাব। বসন্তৰ পাদুৰ্ভাৱৰ সময়ত Variolinum 6,200 প্ৰতি সপ্তাহত এপালিকৈ খুৱাব।

দীৰ্ঘকাল প্ৰসৱ বেদনাৰ পাছত কেতিয়াবা শিশু ভূমিষ্ঠ হৈ নাকান্দে বা শ্বাস-প্ৰশ্বাস সঠিকভাবে লব নোৱাৰে। এনে অৱস্থাত্ শিশুৰ মুখ আৰু ডিঙিৰ শ্লেস্মা সোনকালে পৰিস্কাৰ কৰি দিব লাগে আৰু নাভি যদি ডিঙিত পাক খাই থাকে তত্ক্ষণাত খুলি দিব লাগে। তাৰ পাছত শিশুৰ নাকত টিপা মাৰি ধৰি ফুৱাই দিব লাগে যাতে বুকুৰ মাজত বায়ু জমা হয়। পাছত এনেভাৱে চাপ দিব লাগে যাতে বায়ু পুনৰ বাহীৰ হৈ যায়। মিনিটত ১০\১৫ বাৰ এনেদৰে বায়ু প্ৰৱেশ আৰু বাহিৰ কৰিলে স্বাভাৱিক শ্বাস-প্ৰশ্বাস আৰম্ভ হোৱাৰ সম্ভাৱনা থাকে। ১০\১৫ মিনিট এনেকৈ কৰাৰ পাছতো উপকাৰ নাপালে শিশুৰ মুখ আৰু বুকুত এবাৰ গৰম এবাৰ ঠাণ্ডা পানীৰ পটি দি শুকান হাতেৰে হাত-ভৰি, পিঠি মালিচ কৰিলে উপকাৰ পোৱা যায়।

নাভিৰ ৰোগ

নাভি কটাৰ ৪-৫ দিন পাছতো নুশুকালে আৰু তেজ-পূঁজ ওলাই থাকিলে  Calendula Oil নাভিত সানিব আৰু Silica-3 খুৱাব লাগে। নাভি ৰঙা হ’লে Belladonna-6 ব্যৱহাৰ কৰা হয়। দুৰ্গন্ধযুক্ত হ’লে  Arcenic-6 ব্যৱহাৰ কৰিব লাগে।

শিশুৰ জণ্ডিচ

শিশু ভূমিষ্ঠ হোৱাৰ দুই-তিনি দিন পাছত শৰীৰ হালধীয়া হ’লে Chamomilla খুৱাব। উপকাৰ নহ’লে Mercurius Solubilis-6 বা China-3 খুৱাব লাগে। উদৰাময় থাকিলে Podophyllum-3 আৰু ৰোগ জটিল হ’লে সাধাৰণতে Phosaphorus-6 ব্যৱহাৰ কৰা হয়।

চৰ্দি কাহ

ঠাণ্ডা লাগি চৰ্দি-কাহ আৰু জ্বৰ হ’লে প্ৰথম অৱস্থাত Aconite nap-3 খুৱাব। বৰ্ষাকালীন চৰ্দি, জ্বৰ, কাহত Rhustox-6 বা Dulcamara 3x ব্যৱহাৰ্ কৰা হয়। শুকান কাহ, কোষ্ঠকাঠিন্য লক্ষণত Bryonia alba-3, ডিঙি ঘৰ ঘৰ কৰিলে Antim tert ব্যৱহাৰ কৰা হ্য়।

শিশুৰ ব্ৰংকাইটিচ

জ্বৰ, কাহ, বুকুত বেদনা আদি লক্ষণ ব্ৰ্ংকাইটিচ প্ৰকাশ পায়। নতুন অৱস্থাত Aco 3x, Phosphorus-6, Ferrum Phos 6x ব্যৱহাৰ কৰা হয়।

শিশুৰ অনিদ্ৰা

শিশুৰ অনিদ্ৰাত Cofia-6 ভাল ঔষধ। মূৰৰ ফালে অৰ্থাৎ চকু, মুখ আদি ৰঙা হ’লে Bellladona, কৃমিজাত অনিদ্ৰাত Nux Vom-6, দাঁত গজাৰ সময়ত হোৱা অনিদ্ৰাত Camomilla-6, আহাৰৰ দোষত হোৱা অনিদ্ৰাত Pulsatilla-6 আদি ঔষধ লক্ষণ অনুসাৰে ব্যৱহাৰ হয়।

শিশুৰ কান্দোন

শিশুৱে বিভিন্ন কাৰণত কান্দিব পাৰে। যেনে- কাণৰ বিষ, দাঁত গজিব ধৰা, পেটৰ বিষ, কৃমি আদি। ভালদৰে কান্দোনৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি ঔষধ খুৱালে শিশুৰ ৰোগ আৰোগ্য হয়। কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য বা আফিং জাতীয় ঔষধ প্ৰয়োগ কৰি শিশুক টোপনি নিয়াবলৈ কেতিয়াও চেষ্টা নকৰিব।

বমি

অতিৰিক্ত গাখীৰ খোৱাৰ বাবে কেতিয়াবা শিশুৱে গাখীৰ খোৱাৰ অলপ পাছতে বমি কৰে। লক্ষণমতে চিকিৎসা কৰিলে বমি বন্ধ হয়। যেনে-অজীৰ্ণতাৰ বাবে বমি কৰিলে Nux Vom-6, মাতৃৰ্ আহাৰৰ দোষত দূষিত হোৱা গাখীৰ খোৱাৰ বাবে বমি কৰিলে Puls-6 খুৱাব লাগে। গাখীৰ খুওৱাৰ পাছত দৈৰ দৰে বমি কৰি শিশু অৱশ হৈ পৰিলে Acthura-6 ব্যৱহাৰ কৰা হয়। Calc Carb-30, Arcenic-6, Kresote-6 আদি লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিবলগীয়া হব পাৰে।

ডা: হিতেশ্বৰ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate