অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকাল আগমনৰ লগে লগে হোৱা শিশুৰ ৰোগ

এটা বছৰক দুভাগত বিভক্ত কৰা হৈছে, উত্তৰায়ন বা আদানকাল আৰু দক্ষিণায়ন বা বিসৰ্গ কাল । দক্ষিণায়নৰ শেষৰ সময় আৰু উত্তৰায়নৰ আৰম্ভণি সময়ত আমাৰ দেশত ঠাণ্ডা পৰে। হেমন্ত ঋতুত ঠাণ্ডা আৰম্ভ হয় আৰু শীত ঋতুত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে। অসমৰ জলবায়ু নাতিশীতোষ্ণ যদিও শীতকালত শিশু সকলৰ শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ বেছিকৈ হোৱা দেখা যায়। আয়ুৰ্বেদিক সূত্ৰানুযায়ী শিশু কালত কফ দোষৰ প্ৰাধান্য থাকে। তাৰোপৰি ঠাণ্ডাদিনত কফ প্ৰকোপিত হয় বাবে শিশু সকল কফজ ৰোগত বেছিকৈ আক্ৰান্ত হয়। চৰক সংহিতা নামৰ প্ৰাচীন গ্ৰন্থখনত উল্লেখ আছে যে:-
"প্ৰাণং প্ৰাণহৰা ৰোগা বহবো ন তু তে তথা ।
যথা শ্বাসশ্চ হিক্কা চ প্ৰাণানাশু নিকৃন্তত ।।"
আচাৰ্য্য চৰকৰ মতে শীতকালত শিশু সকলৰ চৰ্দি , জ্বৰ,কাহ,পিনচ বা নাকৰ পৰা পানী ওলোৱা, প্ৰতিশ্যয় বা চকু ৰঙা পৰা আদি ৰোগ বেছিকৈ হয়।সচৰাচৰ শিশু সকলে শাক-পাচলি, ফল-মূল আদি কমকৈ খায় আৰু এই সময়খিনিত শাৰীৰিক বিকাশ হৈ থাকে। এই দুটা কাৰণত কেলছিয়াম, ভিটামিন ডি , ভিটামিন চি ইত্যাদি শৰীৰত অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত শিশুৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে। সেয়েহে শীতকালত শিশুৰ শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ বেছিকৈ হয়।

ৰোগৰ কাৰণ সমূহ -


(১)বিভিন্ন প্ৰকাৰ ভাইৰাছ সংক্ৰমণ ।
(২) ফুলৰ ৰেণুৰ পৰা হোৱা এলাৰ্জী।
(৩) নিউমোকক্কাছ , ষ্ট্ৰেপ্টোকক্কাছ , ষ্টেফাইলোকক্কাছ ইত্যাদি বেক্টেৰিয়াৰ সংক্ৰমন।
সাধাৰণতে এই বীজাণু সমূহৰ উপ্তিকাল প্ৰায় চাৰিদিন।

ৰোগৰ লক্ষণ সমূহ -

(১) প্ৰতিশ্যয়-

নাকৰ পৰা পানী ওলোৱাক আয়ুৰ্বেদিক গ্ৰন্থত প্ৰতিশ্যয় বোলা হয়। সংক্ৰমণৰ কাৰণে নাকৰ ভিতৰত থকা শ্লেষ্মিক কলা ফুলি বিষাবলৈ ধৰে, নাক চমচমাই ,সোপামাৰি ধৰে, উশাহ লোৱাত কষ্ট পাই, নাকৰ পৰা পানী ওলাবলৈ ধৰে আৰু ক্ৰমে সেঙুন ওলায়। কেতিয়াবা নাকৰ পৰা তেজ ওলাই কাৰণে ৰণচুৱা বৰণৰ সেঙুন ওলাবলৈ ধৰে। বহি বা ঠিয়হৈ থকা সময়ত নাকৰ পানী পাকস্থলীলৈ সহজে বৈ যায় বাবে নাক কমকৈ সোপামাৰি ধৰে । ৰাতি সমান্তৰালকৈ শুই থকা সময়ত নাকৰ পানী পাকস্থলীলৈ বৈ যাব নোৱাৰে কাৰণে নাকটো বেছিকৈ সোপামাৰি ধৰে। সেয়েহে শুই থকা সময়ত ৰোগটো বেছি হোৱাযেন লাগে। এই লক্ষণ দেখা পালে শিশু শোৱা বিচনাখন শিতানৰ দিশত ছয় ইঞ্চিমান ওখ কৰি পতানৰ দিশত হেলনীয়া কৰি দিব যাতে শ্বাস-প্ৰশ্বাস লওঁতে কষ্ট নাপায়।
(২) হাচি:-

চৰ্দি লগা কাৰণে নাক আৰু কণ্ঠত সুৰসুৰণি উঠাৰ লগতে প্ৰায়েই হাচি আহে‌ । সাধাৰণতে এলাৰ্জী সংক্ৰমণ হলে হাচি বেচিকৈ হয়।
(৩) কন্ঠনলীৰ শ্লেষ্মিক কলা ফূলাৰ উপৰিও প্ৰায়েই আলজিভা বাঢ়ি দীঘল হয়। দীঘলীয়া আলজিভাৰ কাৰণে সুৰসুৰণি উঠে আৰু প্ৰায়েই শুকান কাহ আহে । ৰাতি শুকান কাহ বেছি হয়। শুকানকাহ সঘনাই মাৰোতে বুকু আৰু পিঠি বিষাবলৈ ধৰে। কাহোতে অকনমান ডাঠ কফ বাহিৰ হয়
(৪) শ্বাসনলী আৰু হাওঁফাওঁৰ সংক্ৰমণৰ কাৰণে শোথ হয়। শ্বাস-প্ৰশ্বাস ললে বুকুত বাঁহী মাতৰ দৰে শব্দ শুনা যায় আৰু ইয়াক হুইজিঙ চাউন্দ বোলে। কাহ মাৰোতে কফ বাহিৰ হয়। স্বাভাৱিকতে শিশুৰ হাড় আৰু মাংসপেশী কোমল। বিচনাত শোৱাৰ লগে লগেই বুকু আৰু পিঠিত চাপ পৰে কাৰণে বুকুখন সামান্য বহল আৰু চেপেটা হয় । ইয়াৰ ফলত হাওঁফাওঁৰ ওপৰতো চাপ পৰে , সেয়েহে শিশু শোৱাৰ কিছু সময়ৰ পিছত হুইজিঙ চাউন্দ বেছিকৈ হয় কাৰণে হঠাতে বেমাৰটো বঢ়া যেন লাগে। কিন্তু এই সময়ত শিশুক বহুৱাই দিলে শব্দটো কমি যায়।
(৫) শ্বাসকষ্ট:-

নাক সোপামৰা , শ্বাসনলীৰ শোথ‌ আৰু হাওঁফাওঁত কফৰ আধিক্যৰ কাৰণে শিশুৱে কেতিয়াবা শ্বাসকষ্ট পায়।
(৬ ) চৰ্দি লগা কাৰণে শিশুৰ জ্বৰ উঠে। ১০২ ডিগ্ৰী ফাৰেণহাইট জ্বৰ প্ৰায়েই থাকে , কেতিয়াবা কম-বেছি জ্বৰ উঠে।
(৭) চকু ৰঙাপৰা:-

ঠাণ্ডা দিনত চৰ্দি হলে চকু ৰঙা পৰে। চকুমণিৰ স্বেতমণ্ডলত ৰক্তাধিক্য হোৱাৰ কাৰণে ৰঙা পৰে। চকু ৰঙা পৰিলে ভয় খাব নালাগে। দুদিনমান ৰঙা হৈ থকাৰ পিছত নিজে নিজেই কমিবলৈ ধৰে। কিন্তু চকুত ঠাণ্ডা পানী মাৰিলে বেছিকৈ ৰঙা পৰিব, সেয়েহে ঠাণ্ডা পানী নামাৰিব আৰু ঠাণ্ডাও নলগাব।
(৮) কেতিয়াবা টনচিল গ্ৰন্থি দুটা ফুলি বিষাবলৈ ধৰে আৰু ইয়াকে টনচিলাইটিত বোলা হয়।
(৯) শীতকালত শিশুৰ চৰ্দি জ্বৰ হোৱাৰ কাৰণে হজম শক্তি কমি যায়। সেয়েহে বদহজৰ কাৰণ শিশুৱে পাতল শৌচ আৰু বমি কৰে। শীতকালীন ৰোগত আক্ৰান্ত শিশুক পাতলীয়া আৰু সহজে হজম হোৱা আহাৰ খুৱাব লাগে

শীতকালত শিশুৰ যতন -


শীতকালত আমি শিশুৰ প্ৰতি কিছুমান যতন ললে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি
(১) শিশুৰ দৈহিক বিকাশ হৈথকা সময়ত বিশেষকৈ কেলছিয়াম অভাৱত সঘনাই চৰ্দি-জ্বৰত আক্ৰান্ত হয়। সেয়েহে শিশুক কেলছিয়াম বিশিষ্ট খাদ্য গাখীৰ,মাছ,ফল, শাক-পাচলিৰ ৰস খুৱাব। তাৰোপৰি প্ৰয়োজন অনুযায়ী কেলছিয়াম ঔষধ মাজে সময়ে খুৱাব লাগে। কেলছিয়ামে শিশুৰ হাড়ৰ গঠন সুদৃঢ় কৰাৰ উপৰিও শৰীৰটো গৰম কৰি ৰাখি শীতকালীন ৰোগৰ পৰা ৰক্ষা কৰে।
(২) শিশুৰ কাৰণে ভিটামিন-ডি প্ৰয়োজন আৰু শীতকালীন ৰোগৰ পৰা শিশুক ৰক্ষা কৰে। প্ৰাকৃতিক অৱস্থাত সূৰ্য্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা এই ভিটামিন পোৱা যায়। সেয়েহে শিশুক জলফাই তেলৰে ভালদৰে মালিছ কৰি এদিনত কমপক্ষেও দহ মিনিট সময় ৰ'দ লগাব লাগে।
(৩) ভিটামিন-চি থকা ফলমূল বা ফলৰ ৰস শিশুক খুৱালে শীতকালীন ৰোগৰ পৰা ৰক্ষা পৰে। কমলা, মৌছম্বী, আমলখি, মধুৰিয়াম, নেমুটেঙা আদিত ভিটামিন-চি বা এচকৰ্বিক এচিড প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন-চিয়ে এন্টিঅক্সিডেন্ট হিচাবে কাম কৰি শিশুক চৰ্দি,জ্বৰ,শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগৰ পৰা ৰক্ষা কৰাৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। উল্লেখযোগ্য যে প্ৰায় দহ হেজাৰ বছৰৰ আগতে প্ৰখ্যাত চ্যৱন মুণিয়ে আবিস্কাৰ কৰা আয়ুৰ্বেদিক ঔষধ চ্যৱনপ্ৰাছ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰসায়ন। চ্যৱনপ্ৰাছত আমলখি আছে আৰু ই এবিধ সৰ্বশ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট আৰু ৰসায়ন। সেয়েহে শিশুক চ্যৱনপ্ৰাছ খুৱালে শীতকালীন ৰোগৰ পৰা সুৰক্ষা পায়। শিশুৰ কাহ হৈ থকা সময়ত কমলা বা মৌছম্বীৰ ৰস, নেমূ চৰ্বত খুৱালে কফবোৰ সোনকালে বাহিৰ হয় আৰু নাকৰ পৰা হাওঁফাওঁলৈ পৰিস্কাৰ কৰে। কফবোৰ বাহিৰ হোৱাৰ সময়ত কাহ আৰু কফ বাঢ়িবলৈ ধৰে যদিও প্ৰকৃত পক্ষে ৰোগ নাবাঢ়ে‌।
(৪) শিশুক সদায় ভালদৰে তেল মালিছ কৰাৰ পিছত কুহুমীয়া গৰম পানীৰে গাধূৱাব যাতে শৰীৰত ঠাণ্ডা নালাগে।
(৫) শৰীৰত ঠাণ্ডা নলগাবৰ কাৰণে সদায় গৰম কাপোৰ আৰু মোজা পিন্ধাই ৰাখিব‌‌। বজাৰৰ পৰা নতুন গৰম কাপোৰ কিনি আনিলে এবাৰ ভালকৈএ ধুই লব। গৰম কাপোৰৰ ৰং আৰু কাপোৰৰ লগতে অহা বীজাণু সংক্ৰমণৰ কাৰণে শিশুৰ চৰ্মৰোগ হোৱাৰ সম্ভাৱনা থাকে।
(৬) ঠাণ্ডা আৰু বিজলূৱা খাদ্য শিশুক খাবলৈ নিদিব। কিচমিচ আৰু খেজুৰ উপকাৰী, খালে শৰীৰলৈ গৰম ভাৱ আহে‌ বাবে শীতকালীন ৰোগৰ পৰা সুৰক্ষা পোৱা যায়।

চিকিৎসা -


শীতকালত শিশুৰ ৰোগ অধিকাংশই ভাইৰাছ ‌সংক্ৰমণ তথা পূৰ্বসঞ্চিত কাৰণত হয় আৰু ইয়াত এন্টিবায়টীক ঔষধ প্ৰয়োজন নহয়। কেৱল বেক্টেৰিয়া সংক্ৰমণৰ কাৰণে হোৱা শিশু ৰোগৰ ক্ষেত্ৰত এন্টিবায়টীক প্ৰয়োগ কৰিব লাগে। কিন্তু অধিক এন্টিবায়টীক ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ অশেষ ক্ষতি হোৱাৰ উপৰিও বেক্টেৰিয়া অধিক পৰিমাণে শক্তিশালী হৈ উঠে আৰু পিছলৈ ঔষধৰ দ্বাৰা সাধাৰণ বেমাৰো ভাল নহবগৈ। কিন্তু শীতকালীন শিশু ৰোগৰ বাবে আয়ুৰ্বেদিক ঔষধ ফলপ্ৰসূ আৰু ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নায়।
আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ খদিৰাদি বটী, লৱঙ্গাদি বটী , চন্দ্ৰামৃত ৰস, লক্ষ্মীবিলাস ৰস , তালিশ্যাদি চূৰ্ণ , দ্ৰাক্ষাৰিষ্ট আদি বহুতো আছে‌। ইয়াৰোপৰি আয়ুৰ্বেদিক পেটেণ্ট ঔষধ Zecuf , Honours , Tulsi , Septilin syrup চিকিৎসকৰ পৰামৰ্শ মতে বয়স অনুযায়ী খুৱালে সোনকালে আৰোগ্য হয়। উল্লেখযোগ্য যে এন্টিবায়টীকৰ দৰে আয়ুৰ্বেদিক ঔষধৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। আয়ুৰ্বেদিক ঔষধে তাৎক্ষণিক ভাৱে ৰোগৰ বিপৰীতে শিশুক অধিক শক্তিশালী কৰি তোলাৰ পৰিপ্ৰেক্ষিতত সোনকালে আৰোগ্য হৈ উঠে।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 7/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate