অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তানটিক ভালমানুহ কৰি গঢ়িবলৈ শিশুকালতে লবলগীয়া যতন 2 য় অধ্যায় :

সন্তানটিক ভালমানুহ কৰি গঢ়িবলৈ শিশুকালতে লবলগীয়া যতন 2 য় অধ্যায় :

 

এটি নৱজাত সন্তানক গঢ় দিবলৈ পিতৃ মাতৃ বা পালন কৰ্তা জনেই হ'ল আদিগুৰু । তাৰ পিচতে নিৰ্ভৰ কৰে পৰিয়ালৰ সদস্য, বিদ্যালয়ৰ শিক্ষাগুৰু , বন্ধু বান্ধৱ তথা সমাজৰ বিভিন্ন স্তৰৰ জেষ্ঠ্য কণিষ্ঠ সকলৰ পৰা পোৱা ভাল বেয়া, নৈতিক অনৈতিক ,ধৰ্ম অধৰ্মৰ জ্ঞান, বুদ্ধি, বিবেচনা সমুহ ।
আজিৰ শিক্ষিত সভ্য সমাজত নিজৰ সন্তানক লালন পালনৰ জ্ঞান কম বেচি পৰিমানে সকলোৰে আছে । তথাপি বাস্তৱ ক্ষেত্ৰত অতি যতনেৰে খুৱাই-পিন্ধাই,,পঢ়ুৱাই-শুনুৱাই , অধিক কষ্টেৰে ডাঙৰ দীঘল কৰা তেনে বহু সন্তানেই পৰিয়াল বা সমাজত আশা নকৰাকৈ একো একোটি ভিন্ন প্ৰতিচ্ছবিৰুপে দেখা দিয়ে ।
অভিভাৱকৰ সঠিক যতনেৰে লালন পালন কৰা একোজন সুসন্তানে পৰিয়াল তথা সমাজলৈ সুনাম পঢ়িয়াই অনাৰ বিপৰীতে হিয়াৰ আমঠু সদৃশ নিজৰ সন্তানক অধিক মৰম যতনেৰে পালন কৰা আজিৰ সমাজত দেখি অহা বহুতো সন্তানে পিতৃমাতৃ বা সমাজৰ বাবে কুলাঙ্গাৰ/ব্যভিচাৰ ৰুপত দেখা দিয়ে ।
সন্তানৰ পৰা পোৱা সুখ দুখ পুৰ্বজনমৰ কৰ্মফল বা ভাগ্যফলত হোৱা বুলি কলে ভাবিবলগীয়া একো নাই । তথাপি সন্তানৰ সুস্বাস্থ্য, সুশিক্ষা,, সুধৰ্ম কৰ্ম নীতি আদৰ্শ জ্ঞান প্ৰদানৰ প্ৰতি জন্মদাতা বা অভিভাৱকৰেই প্ৰথম আৰু প্ৰধান নৈতিক দায়িত্ব ।
সন্তানৰ ০-৫ম বছৰ বয়সকালেই হৈছে প্ৰকৃতিজগত খনক দেখা ,চিনিপোৱা আৰু অপৈনত দেহৰ অংগপ্ৰত্যঙ্গ গঠনৰ সময় ।
এই ক্ষেত্ৰত প্ৰথম ছমাহ বয়স পৰ্যন্ত যথোচিত নিয়ম আৰু প্ৰয়োজন মতে মাতৃদুগ্ধ পান কৰোৱাটো নিতান্তই কৰ্তব্য । তাৰ বাবে মাতৃ গৰাকীৰ সুষম খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াতো অতিকে প্ৰয়োজনীয় ।
সন্তানক ভাল মানুহ কৰি গঢ়ি তুলিবলৈ শিশুটিৰ স্বাস্থ্য আৰু মস্তিষ্ক গঠনৰ এই কালচোৱাত খাদ্য নীতি ও শিশুপালন বিধিৰ সম্যক জ্ঞান অনুসৰি যতন লোৱাটো বাঞ্চনীয় । বয়স বাঢ়ি অহাৰ লগেলগে বেচিভাগ ক্ষেত্ৰতে সন্তানৰ প্ৰতি অধিক স্নেহৰ বাবে বিজ্ঞাপন সমুহত দেখা অধিক ভিটামিন /প্ৰটিন /চৰ্বি/কেলৰী আৰু কেমিকেল যুক্ত বজাৰৰ লোভনীয় শিশুখাদ্য ,অধিক মিঠাই, মাছ,মাংস,কণী, মচলা যুক্ত গুৰুপাক আহাৰে শিশুটিক ৰুগীয়া তথা সৰ্বাংগীন বিকাশত বাধাস্বৰূপ হোৱা দেখা যায় ।

জানি থোৱা ভাল যে মানুহৰ স্বভাৱ চৰিত্ৰৰ ওপৰত খাদ্যৰ প্ৰভাৱ বাৰুকৈয়ে পৰে। আনহাতে শিশুৰ পাকস্থলি যথেস্থ কোমল । সেয়ে শিশুক অসময়ত ইটো সিটো খুউৱাৰ অভ্যাস নকৰাই সহজে হজম হব পৰা প্ৰাকৃতিক সুষম খাদ্য (পৰা পক্ষত নিৰামিষ আহাৰ) খুউৱাটো সুন্দৰ স্বাস্থ্য আৰু সুস্থ্য মস্তিষ্ক গঠনৰ বাবে খুবেই উত্তম ।
শিশুৰ স্বাভাবিকতে হোৱা সৰুসুৰা সকলো ৰোগতে সঘনাই ঔষধ নুখুৱাই বিজ্ঞ ব্যক্তিৰ ঘৰুৱা শুস্ৰুষা বা শিশুপালন বিধি-ৰ পুস্তিকাৰ দিহা মানিব পাৰে ।( অধিক ঔষধ সেৱনে পাৰ্শ্বক্ৰিয়া ঘটাই হানি কৰাব পাৰে।)

মনত ৰখা ভাল:-- খাদ্য শুদ্ধ আৰু সুষম হলে দেহ শুদ্ধ হয় , দেহ শুদ্ধ হলে মন, মন শুদ্ধ হলে চিন্তা শুদ্ধ হয় , চিন্তা শুদ্ধ হলে কৰ্ম শুদ্ধ হয় , কৰ্মৰ শুদ্ধতাই জীৱন ধন্য কৰে ।

দ্বিতীয়তে শিশুটি বয়সৰ লগে লগে নজনাক জনাৰ ,নেদেখাক দেখাৰ বা নিচিনাক চিনাৰ হেপাহৰ লগতে মানসিক দিশত বহুতো জ্ঞান আহৰন আৰু কল্পনাপ্ৰৱন হৈ পৰে । সমবয়সৰ সংগলাভ প্ৰিয় হৈ পৰে । এনে সময়ত পিতৃ মাতৃ বা জড়িত ব্যক্তিৰ ভুমিকা অধিক মহত্বপুৰ্ন ।
শিশুৱে কৰা উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰ যথোচিত ভাৱে দিব। পৰাপক্ষত কাজিয়া,খং , বা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা আতৰত ৰখা ভাল । মিছা কথা কোৱা , চুৰকৰা ,হিংসা কৰা আদিবোৰ যে বেয়া কাম আৰু কোনবোৰ ভাল কাম বুজাই দিব। সন্তানৰ স্বভাৱগত কিছু বেয়া লক্ষন দেখিলে সেইবোৰ আতৰাবলৈ চেষ্টা কৰিব । ভাল মানুহ কাক বোলে বেয়া কাক বোলে সুন্দৰকৈ বুজাব।
ভাল কামৰ প্ৰতিফল আৰু বেয়া কামৰ প্ৰতিফল কি হয় সৰুসুৰা সাধুকথা ,ধৰ্মীয় আখ্যান আদি শুনাই ভালদৰে বুজাই দিব।
বহুতো শিশুৱে খাওতে আমনি কৰা ইবিধ সিবিধ খাব নোখোজা স্বভাৱ গুচাবলৈ অসময়ত বাহিৰা যেই সেই বস্তু নুখুৱাব । ফল, পাচলি আদি কোনটো খালে ভাল বা বেয়া বুজাই কব ।
পুৱা গধুলি ভগৱানক সেৱা প্ৰাৰ্থনা কৰা , ডাঙৰক সেৱা কৰা, কিবা ভুল কৰিলে ক্ষমা বিচৰা , আদি অভ্যাস সৰুৰে পৰা শিকালে শিশুৰ মানসিক ,আধ্যাত্মিক উন্নতি সাধন হয় ।
শিশুৱে শিশুৰ সংগ বিচাৰে । সেয়ে মাজে মাজে অইন শিশুৰ সংগসুখ দিয়া ,খেলাধুলা কৰা, নচা , গান গোৱা, ছনি অকা, মুকলিঠাইত ফুৰাচকা ,চৰাই চিৰিকতি জীৱজন্তু আদি চাব পালে মানসিক ভাৱে খুবেই আনন্দিত হয়।
এজন ভাল মানুহ হওঁক :-
সেয়ে নিজে অত্যধিক কল্পনা প্ৰৱন হোৱাৰ আগতে আপোনাৰ শিশুটিৰ স্বাস্থ্য ,নৈতিক শিক্ষা দীক্ষা দানৰ প্ৰতি সচেতন হওঁক । পিতৃ, মাতৃ ,পৰিয়ালৰ মৰম যতন তথা সুসংগ ,সুকৰ্ম, চাৰিত্ৰিক ,আৰু নৈতিক শিক্ষা লাভৰ প্ৰতি গুৰুত্ব দিয়ক ।
শিশুৰ স্মৃতি শক্তি অতিকে প্ৰৱল । সেয়ে সৰুকালিতে আদিগুৰুৰ পৰা শিকা নৈতিক ,বৌদ্ধিক, আধ্যাত্মিক ,সামাজিক আদি সকলো কথা শিশুৰ অৱচেতন মনত চিৰদিনলৈ জমা হৈ ৰয় আৰু ডাঙৰ হৈ পৰৱৰ্তী জীৱনকালত তেনেবোৰ শিক্ষাই ভালপথ বেয়াপথ বাচনিত সহায়ক হব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate