অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰতিষেধক প্ৰদান

প্ৰতিষেধক প্ৰদান

ৰাষ্ট্ৰীয় প্ৰতিষেধন সূচী

শিশুকালৰ ৰোগ প্ৰতিৰোধ আৰু অক্ষমতা প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিষেধন অতি গুৰুত্বপূৰ্ণ আৰু মূল্য সাপেক্ষে কৌশল। ই শিশুৰ প্ৰাথমিক প্ৰয়োজনীয়তা। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে তলত দিয়া প্ৰতিষেধন সূচী অনুমোদন কৰিছে আৰু ইয়াক বহুবোৰ শিশু স্বাস্থ্যৰ যত্ন প্ৰদানকাৰীয়ে মানি চলিছে।

 

ইণ্ডিয়ান একাডেমী অফ প্ৰেডিয়েট্ৰিছ অনুমোদন

ইণ্ডিয়ান একাডেমী অফ প্ৰেডিয়েট্ৰিছ হ’ল আমাৰ দেশৰ শিশুৰোগ পেশাদাৰীসকলৰ এক বৃহৎ সংগঠন, যিয়ে ৰোগ প্ৰতিষেধনৰ ৰাষ্ট্ৰীয় সূচী সমৰ্থন কৰিছে। তেওঁলোকে এই সূচীৰ লগতে আৰু দুবিধ চিটাকৰণ সন্নিৱিষ্ট কৰিছে। ইয়াৰে এটা হ’ল হেপাটাইটিছ বি ৰ চিটা, ইয়াক তিনি পালি (জন্মতে; এমাহত আৰু ছমাহ বয়সত) দিব লাগে। আনটো এম এম আৰ (মিজিলছ, মাম্পছ আৰু ৰুবেলা) ১৫ ৰ ১৮ মাহৰ ভিতৰত প্ৰদান কৰিব লাগে। এইটো উল্লেখ কৰিব লাগিব যে যদিও ৰুবেলা বেজী দিলে শিশুক অলপ অসুস্থ হৈ পৰা যেন লাগে তথাপিও ই যিসকল মাতৃক ৰুবেলাৰ প্ৰতিষেধক গৰ্ভৱতী অৱস্থাত প্ৰদান কৰা হোৱা নাছিল আৰু যিসকলৰ গৰ্ভধাৰণৰ আৰম্ভনীতে ইয়াৰ সংক্ৰমণ হৈছিল সেই শিশুসকলক জটিল ৰোগৰ পৰা এই বেজীয়ে ৰক্ষা কৰে।

 

বিশ্ব স্বাস্থ্য সংস্থা- ভাৰতৰ অনুমোদন

বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰীয় প্ৰতিষেধন সূচী অনুমোদন কৰিছে।

 

শিশুৰ প্ৰতিষেধন সম্পৰ্কে সঘনাই শোধা প্ৰশ্নসমূহ

ৰোগ প্ৰতিষেধন কি আৰু ই কেনেদৰে কাম কৰে?

মানৱ দেহক সংক্ৰমিত ৰোগসমূহৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিষেধক টিকা প্ৰদান কৰাটোকে প্ৰতিষেধন বোলা হয়। আমি যদি ভৱিষ্যতে এনে ৰোগৰ সংস্পৰ্শলৈ আহো তেন্তে এইবোৰে আমাৰ শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰি তোলে। কেঁচুৱাই কিছু পৰিমাণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মাকৰ শৰীৰৰ পৰা আৰু স্তনদুগ্ধৰ জৰিয়তে পায়। শিশুটিৰ নিজা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাশ হোৱাৰ লগে লগে ক্ৰমান্বয়ে এইবোৰ নোহোৱা হৈ আহে। শিশুটিক প্ৰতিষেধক চিটা প্ৰদান কৰি বহুবোৰ মাৰাত্মক ৰোগৰ পৰা আপোনাৰ শিশুটিক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিব পাৰে।

 

পলমকৈ প্ৰতিষেধন আৰম্ভ কৰিব পৰা যাবনে?

প্ৰতিষেধন সূচীমতে কেঁচুৱাৰ বয়স ডেৰমাহ হোৱাৰ পৰাই প্ৰতিষেধক প্ৰদানৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। কিন্তু যদিহে শিশুটিক পলমকৈ প্ৰতিষেধন প্ৰদান কৰিবলৈ অনা হয় তেন্তে কি কৰিব লাগিব?

নিশ্চয় পাৰিব। যদিহে শিশুটিক পলমকৈ প্ৰতিষেধনৰ বাবে অনা হয় তেন্তে শিশুটিক প্ৰতিষেধন প্ৰদানৰ সময় পাৰ হৈ যোৱা সকলো প্ৰতিষেধকেই প্ৰদান কৰিব লাগিব। তথাপিও প্ৰতিষেধন ক্ৰমসূচী মানি চলা উচিত। শিশুটিক সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিব লাগে আৰু লক্ষ্য ৰাখিব যাতে এবছৰৰ বয়স হোৱাৰ আগতে শিশুটিক সকলো চিটা প্ৰদান কৰা হয়।

 

শিশুৰ প্ৰতিৰোধক টিকাকৰণ


 

 

ক্ৰমিক নংভেকচিনৰ নামবয়সপৰিমাণপথপ্ৰতিকূলৰ চিহ্নপাৰ্শ্বক্ৰিয়া
১)বিচিজি আৰু পলিঅসদ্যজন্ম০.১ মিলি ২ ফ়োটআন্তচৰ্মনাইনাই
২)DPT+পলিঅ’+হেপাটাইটিছ বি DPT+পলিঅ’+হেপাটাইটিছ বি DPT+পলিঅ’+হেপাটাইটিছ বি

৬ সপ্তাহ

১০ সপ্তাহ

১৪ সপ্তাহ
০.৫ মিলি ২ ফোটউৰুৰ এন্টেৰিঅ’ লেটেৰেল পেশীতঅসুস্থ চিকিৎসালয়ত ভৰ্তি, আগতে পাৰ্শ্বক্ৰিয়া হ’লে DPT দিব নালাগে।

১) জ্বৰ

২)বেজীৰ ঠাইত বিষ

৩)এনকেফেলাইটিছ
৩)মিজিলছ ভিটামিন ‘এ’৯ মাহ০.৫ মিলিডেলটয়েড অংশতে মুখেৰেঅতিশয় ৰুগীয়া শিশু

TSS

(সংক্ৰমিত ভায়েল ব্যৱহাৰত)

৪)

DPT+পলিঅ’+বুষ্টাৰ

ভিটামিন ‘এ’
১৬-২৪ মাহ০.৫ মিলি ২ ফোটউৰুৰ এন্টেৰিঅ’ লেটেৰেল মুখেৰে

১) জ্বৰ

২) বেজীৰ ঠাইত বিষ

৩) এনকেফেলাইটিছ
৫)আগতে DPT দিয়া নাথাকিলে DT DT ২য় পালি৫-৬ বছৰ০.৫ মিলিপেশীতনাইনাই
৬)আগতে কোনো প্ৰতিষেধক নিদিলে TT ২য় পালি১০-১৬ বছৰ০.৫ মিলিমাংসপেশীনাইনাই
উৎস: আইএনডিজি দল।


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate