অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তন্যপানৰ উপকাৰিতা

স্তন্যপানৰ উপকাৰিতা

মাতৃদুগ্ধ শিশুৰ বাবে অতি উত্তম আৰু একমাত্ৰ খাদ্য। মাতৃদুগ্ধ পানে মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্যৰ সুৰক্ষা প্ৰদান কৰি ইয়াৰ উন্নতি সাধন কৰিব পাৰে।

মাতৃসকলৰ ক্ষেত্ৰত স্তনপানে প্ৰসৱোত্তৰ ৰক্তক্ষৰণ হ্ৰাস কৰে, ৰক্তহীনতা ৰোধ কৰে, স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা কমায়। শিশুটিৰ ক্ষেত্ৰত মাতৃদুগ্ধই ডায়েৰীয়া আৰু আন আন সাধাৰণতে হৈ থকা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। ইয়াৰ বাহিৰেও নিউমোনিয়া, এলাৰ্জী, কাণৰ ৰোগ, মূত্ৰ ৰোগ আদিৰ ক্ষেত্ৰতো মাতৃদুগ্ধ বিশেষ প্ৰতিষেধক ৰূপে চিহ্নিত হৈ আহিছে। জন্মৰ ৩ বা ৪ দিন পাছলৈ শিশুক মাকৰ স্তনৰ পৰা ওলোৱা ডাঠ হালধীয়া গাখীৰ(ক’ল’ষ্ট্ৰাম)ৰ বাহিৰে আন একো খাবলৈ দিয়াৰ আৱশ্যকতা নাই। ইয়াত ভিটামিন ‘এ’, প্ৰ’টিন, চৰ্বী আদি অধিক পৰিমাণে থকাৰ উপৰিও ইয়াত শিশুৰ নানা সংক্ৰামক ৰোগ প্ৰতিৰোধৰ ক্ষমতা থাকে। ক’ল’ষ্ট্ৰাম অতি কম পৰিমাণে ওলায় যদিও ই নৱজাতকৰ সকলো প্ৰকাৰৰ আৱশ্যকতা পূৰণ কৰিব পাৰে।

মাতৃদুগ্ধ পানে শিশু আৰু মাতৃ উভয়ৰে মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। মাতৄদুগ্ধত থকা প্ৰ’টিন আৰু চৰ্বীত এনে কিছুমান গুণ আছে যিবোৰে শিশুৰ মগজুৰ বিকাশত বিশেষ সহায় কৰে। বিভিন্ন তথ্যৰ পৰা দেখা গৈছে যে, মাতৃদুগ্ধ পান কৰা শিশু অধিক বুদ্ধিমান হয়।

এইখিনিতে এটা অতি উল্লেখযোগ্য কথা হ’ল মাকৰ গাখীৰৰ আগতে শিশুক অন্য কোনো আহাৰ যেনে-পানী, চেনীপানী, মৌজোল, গৰুৰ বা টিনৰ গাখীৰ আদি খুৱাব নালাগে। ই মাতৃ আৰু শিশু উভয়ৰে বাবে বিপদজনক। এনে আহাৰেৰে পেট ভৰিলে শিশুৱে মাকৰ স্তন নুচুপে। ফলত ক’ল’ষ্ট্ৰাম পোৱাৰ পৰা বঞ্চিত হয়। এনে বাহিৰা আহাৰৰ লগত ৰোগৰ বীজাণু মিহলি হয়; ফলত শিশু নানা সংক্ৰামক ৰোগত ভুগিব পাৰে।

মাতৃগৰাকীয়ে যাতে সহজতে শিশুক দুগ্ধপান কৰাই থাকিব পাৰে তাৰ বাবে আমি সকলোৱে তেওঁৰ সুবিধা আৰু সময়োপযোগী দিহা পৰামৰ্শ দিয়া উচিত।মাতৃগৰাকী স্বাস্থ্যৱতী হ’লেহে মাতৃদুগ্ধপানে ভাল ফলাফল দেখুৱাব পাৰিব। মাতৃগৰাকীয়ে নিজৰ আৰু শিশুটিৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ লগতে, শিশুটিক জন্মৰ প্ৰথম ছমাহলৈ একমাত্ৰ মাকৰ গাখীৰ আৰু তাৰ পিছত দুবছৰ বয়সলৈ মাতৃদুগ্ধৰ লগতে আন আন পৰিপূৰক আহাৰ খুওঁৱা উচিত। মাতৃদুগ্ধ পান প্ৰতিটো শিশুৱে জন্মস্বত্ব আৰু মাতৃদুগ্ধ পান কৰোৱাতো প্ৰতিগৰাকী মাতৃৰেই কৰ্তৄব্য। আমাৰ দেশ তথা আমাৰ ৰাজ্যতো মাতৃদুগ্ধ পান কৰোৱাতো সমাজৰ ৰীতি, আৰু এই ৰীতি অনুযায়ী মাতৃয়ে সন্তানক স্তনপানে কৰোৱায় কিন্তু দুৰ্ভাগ্যবশতঃ আধুনিক কালৰ আমাৰ ৰাজ্যতো বিশেষকৈ চহৰ-নগৰ অঞ্চলত, মাতৄসকলে দুগ্ধপানৰ পৰম্পৰা এৰি বজাৰৰ টিনৰ গাখীৰ বটলেৰে শিশুক খুৱাই, ফলত শিশুৰ ডায়েৰীয়া, নিউমোনিয়া আদি নানা সংক্ৰামক ৰোগ হৈ অনেক শিশু মৃত্যুমুখত পৰাও দেখা যায়। মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্য ৰক্ষা কৰি তেওঁলোকৰ উন্নতি সাধন কৰাটোৱেই  মাতৃদুগ্ধ পানৰ মূল উদ্দেশ্য। সেয়েহে আমাৰ ভৱিষ্যত প্ৰজন্মক সুস্থ সৱল কৰিবলৈ মাতৃদুগ্ধ পান কৰোৱাটো প্ৰতিগৰাকী মাতৃৰেই কৰ্তব্য।

লেখিকাৰ পৰিচয়

মৰমী কাশ্যপ

বাতৰি পৰিৱেশক, আকাশবাণী গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate