অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনিদ্ৰতা আৰু আয়ুৰ্বেদ :

অনিদ্ৰতা আৰু আয়ুৰ্বেদ :

নিদ্ৰা অৰ্থাৎ সাধাৰন ভাষাত টোপনি এজন মানুহৰ সুস্বাস্হ্যৰ গোপন ছাবি কাঠী । আহাৰ, নিদ্ৰা আৰু ব্ৰহ্মচৰ্য্য স্বাস্থ্য ৰক্ষাৰ তিনিটি স্তম্ভ। মানৱ জীৱনৰ শাৰীৰিক স্বাস্হ্য আৰু মানসিক স্বাস্থ্য ওভয়েই ব্যক্তি জনৰ সঠিক টোপনিৰ ওপৰত বিশেষভাৱে নিৰ্ভয়শীল ।

অনিদ্ৰতা তথাকথিত সভ্য সমাজৰ মহামাৰী । অনিদ্ৰতাই অতি গোপনে মানুহ এজনৰ স্বাস্হ্যত বিৰূপ প্ৰভাৱ পেলায়, তেওঁক‌‌‌ লাহে লাহে শাৰীৰিক, মানসিক আৰু সামাজিক ভাৱে কোঙা কৰি পেলায়। ভূক্তভূগী জনেহে এই মৰ্মবেদনা ভালদৰে ওপলদ্ধি কৰিব পাৰে ।

অনিদ্ৰতা প্ৰধানতঃ দুই প্ৰকাৰৰ

ক) স্বাভাৱিক# বয়স বঢ়াৰ লগে লগে মানুহৰ টোপনিৰ পৰিমান এটা হাৰত কমি গৈ থাকে । ই স্বাভাবিক প্ৰক্ৰিয়া। তাৰোপৰি, বিশেষ ঋতু(গ্ৰীষ্ম কাল) বা ঋতু পৰিবৰ্তনৰ সময়ত , বিশেষ মানসিক অৱস্থা যেনে অতিসুখ বা অতিদুখৰ সময়তো টোপনিৰ তাৰতম্য হয়। সাধাৰন Sleep Hygiene ৰ নিয়ম সমূহ মানি চলিলেই এই ক্ষেত্ৰত সুফল পোৱা যায় ।

খ) ৰোগ সম্বন্ধীয়  ইন্ফ্লুয়েঞ্জা বিষ আদি সৰু সুৰা শাৰীৰিক অসুবিধাৰ পৰা আৰম্ভ কৰি জটিল শাৰীৰিক আৰু মানসিক ৰোগ সমূহত টোপনিৰ তাৰতম্য হয়। সময়মতে চিকিৎসকৰ পৰামৰ্শ ল'লে এই ক্ষেত্ৰত সুফল পোৱা যায় ।

অৱশ্যে টোপনিৰ তাৰতম্য মানেই যে অনিদ্ৰতা ৰোগ তেনে নহয় । টোপনিৰ তাৰতম্যত ভুগি থকা এজন লোকে তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা পালে চিকিৎকৰ উপদেশ লোৱা উচিত ।

ক) অতিকমেও এমাহ ধৰি একেৰাহে নিদ্ৰাৰ বিসংগতি ।

খ) অনিদ্ৰাৰ ফলত শাৰীৰিক, মানসিক স্বাস্হ্য আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ ।

গ) বিশেষ কোনো ৰোগ নথকা মানুহজনৰ হঠাতে অনিদ্ৰতাত ভোগা

ঘ) দিনৰ সময়ত তন্দ্ৰাৰ ভাৱ, ভাগৰুৱা ভাৱ আৰু ৱ্যৱহাৰত পৰিবৰ্তন(Behavioural Changes) অহা ।

অনিদ্ৰতাৰ পৰা হাতসাৰি থাকিবলৈ তলত দিয়া Sleep Hygiene ৰ সাধাৰন নিয়ম সমূহ মানি চলা প্ৰয়োজন,

1) আহাৰ গ্ৰহণ কৰাৰ এক ঘন্টাৰ ভিতৰত শুবলৈ যোৱা চেষ্টা কৰক । ৰাতি এঘাৰ বজাৰ আগতেই শুৱাটো সৰ্বোত্তম ।

2) শুৱাৰ আগতে চাহ, কফি আৰু মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক ।

3) টেলিভিশ্বন বা মোবাইলৰ ব্যবহাৰ শুবলৈ যোৱাৰ আগত নকৰিব । এখন ভাল কিতাপ এইকন সময়ত আপোনাৰ লগৰী হব পাৰে ।

4) ৰাতিৰ সাজ লঘু আহাৰ হব লাগে। জ্বলা, মছলা আৰু সামিষ আহাৰ ৰাতি পৰিহাৰ কৰা উচিত ।

5) শোৱা কোঠাটো বা বিচনাখন পৰিস্কাৰ আৰু আৰামদায়ক হোৱাটো বাঞ্চনীয় ।

সঠিক সয়মত ৰোগীয়ে চিকিৎকৰ পৰামৰ্শ ল'লে অনিদ্ৰাৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্ভৱ । অৱশ্যে প্ৰাৰম্ভিক পৰ্য্যায়তে ৰোগৰ চিনাক্তকৰণ কৰি প্ৰতিৰোধ কৰাতো বেছি ফলপ্ৰসূ । আয়ুৰ্বেদ চিকিৎসাত এই ক্ষেত্ৰত বহুকেইটা single herb আৰু compound drug প্ৰয়োগ কৰি যথেষ্ট সুফল পোৱা যায়। আন বহুতো ঔষধি উদ্ভিদৰ ওপৰত গৱেষণা চলি আছে । তাৰোপৰি,পঞ্চকৰ্মা পদ্ধতি ব্যৱহাৰ কৰিও অনিদ্ৰা ৰোগত ভালেখিনি সুফল পাব পাৰি । অনিদ্ৰাৰ ৰোগী এজনৰ আয়ুৰ্বেদিক চিকিৎসা কৰাৰ সময়ত চিকিৎসকে ৰোগীজনৰ প্ৰকৃতি নিৰূপন কৰি, দশবিধ পৰীক্ষা কৰি ৰোগীৰ ৰোগ নিৰ্ধাৰণ কৰে, লগতে আহাৰ, বিহাৰ(diet and life style) আৰু ঔষধ নিৰূপন কৰে । গতিকে , অনিদ্ৰাৰ ৰোগী এজনে ওচৰৰ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'লে এই ক্ষেত্ৰত উপকৃত হ'ব পাৰিব ।

লেখক- ডাঃ মানব জ্যোতি শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate