অসমত আয়ুৰ্বেদ চৰ্চাৰ শুভাৰম্ভ কেতিয়াৰেপৰা হৈছিল, সেই বিষয়ে ইতিহাস নীৰৱ। অৱশ্যে কুমাৰ ভাস্কৰবৰ্মাৰ ডুবি শাসনত বজ্ৰদত্তই আন শিক্ষাৰ লগতে হাতী আৰু ঘোঁৰা পালনৰ শিক্ষা লোৱা বুলি উল্লিখিত হৈছে। ‘যোগশতক’ৰ ৰচয়িতা নাগাৰ্জুনক ৰত্নপালৰ সমসাময়িক বজ্ৰযানী বৌদ্ধ ৰূপে পণ্ডিতসকলে অভিমত দিয়াটো উল্লেখযোগ্য। ‘হস্তায়ুৰ্বেদ’ৰ ৰচয়িতা পালকাপ্য মুনিক বহুতে অসমৰ লোক বুলি ক’ব বিচাৰে। অসমীয়া ঔষধৰ পুথিবোৰ ‘নিদান’ ৰূপে খ্যাত। এনে নিদানৰ পুথি অজস্ৰ। গদ্য আৰু পদ্য উভয়তে এনে পুথি লিখা হৈছিল। কোচ ৰজা বিশ্বসিংহ নিজে চিকিৎসা শাস্ত্ৰত পাৰদৰ্শী আছিল। কোচ নৃপতিসকলে পশু চিকিৎসাতো মনোযোগ দিয়াৰ সাক্ষ্য হ’ল – পৰিব্ৰাজক ৰালফ্ ফিটচ্ৰ টোকা। আহোম স্বৰ্গদেৱসকলো এই ক্ষেত্ৰত পিছপৰা নাছিল। স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত কনৌজৰ শ্যামদাস বঙালক মাতি আনি ৰচনা কৰা বৃহৎ ‘আয়ুৰ্বেদ নিদান’ এখনি পূৰ্বভাৰতীত আছে। চৌৰাশীটা অধ্যায়ত সমাপ্ত হোৱা অনুৰূপ নিদানএখনি দক্ষিণকুলতো উদ্ধাৰ হৈছে। এই পুথিত মানুহৰ উপৰি গৰু-ম’হ আৰু চৰাই-চিৰিকটিৰো বেমাৰৰ বিধান দিয়াটো উল্লেখযোগ্য। স্বৰ্গদেৱ লক্ষ্মীসিংহৰ ৰাজত্বকালত ৰচা অনংগ কবিৰাজৰ ‘বৈদ্যকল্পতৰু’ত নাড়ীজ্ঞানৰ সবিশেষ পোৱা যায়। ব্ৰজনাথ শৰ্মা প্ৰণীত ‘বৈদ্ধ সাৰোদ্ধাৰ’ সংস্কৃতত লিখিলেও মাজে মাজে অসমীয়াও আছে। সাৰংগধৰৰ ‘চিকিৎসা সংগ্ৰহ’ শীৰ্ষক সাঁচিপতীয়া পুথিৰ মূল ব্যক্তব্য নাড়ীজ্ঞান। একে বিষয়ৰ আন এখনি ভাল সাঁচিপতীয়া গ্ৰন্থ হ’ল – চিকিৎসা সংহিতা। বৈদ বাচস্পতিৰ সাঁচিপতীয়া ‘আতংক দৰ্পণ’ হ’ল সংস্কৃত ‘নিদান লিংগ’ৰ টীকা। নাৰায়ণ দাস কবিৰাজ সংকলিত ‘ব্যাধি সংস্কাৰ’ত বেমাৰৰ পথ্যাপথ্য আৰু অজ্ঞাত লিখকে ৰাজবল্লভৰ পৰা চয়ন কৰা ‘দ্ৰব্যগুণ’ত বিভিন্ন বনৌষধিৰ গুণাগুণ বৰ্ণিত হৈছে। ১৬৫৫ শকত লিখা শালিনাথৰ ৰসমঞ্জৰী, কেয়দেৱৰ পথ্যাপথ্য বিবোধ, ৰামচন্দ্ৰ ভট্টৰ ৰসেন্দ্ৰ কল্পদ্ৰুম আয়ুৰ্বেদৰ আন আন উল্লেখনীয় গ্ৰন্থ। ব্যাধি গুচাবৰ কথা, চিকিৎসা গ্ৰন্থ, চিকিৎসা তন্ত্ৰ-মন্ত্ৰাদিৰ গ্ৰন্থাকাৰৰ নাম জনা নাযায়। অষ্টাদশ শতাব্দীৰ প্ৰথম তৰংগত সুকুমাৰ বৰ কাথে পশু-চিকিৎসা গ্ৰন্থ ‘হস্তীবিদ্যাৰ্ণৱ’ ৰচনা কৰে। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। দৰঙী ৰাজত্ব কালত সাগৰখৰি দৈৱজ্ঞই ‘ঘোঁৰা নিদান’ আৰু সূৰ্যখৰি দৈৱজ্ঞই ৰচনা কৰে অশ্বনিদান। আধুনিক কালতো আয়ুৰ্বেদ চৰ্চাৰ ধাৰাটি অসমত ব্যাহত হোৱা নাই। আনন্দ চন্দ্ৰ আগৰৱালাই অৰুন্ধতীৰ উপাখ্যানৰ ত্ৰয়োদশ-চতুৰ্দশ অধ্যায়ত বনৌষধিৰ গুণাগুণ বৰ্ণাইছে। গংগাৰাম দাস তহচিলদাৰৰ ‘বৈদ্য অমৰ’ত হাতী আৰু পশুৰ বহু বেমাৰৰ ঔষধৰ বিধান পোৱা যায়। কবি লোলিম্বৰাজৰ বৈদ্য জীৱনৰ অসমীয়া ভাঙনি আগবঢ়াইছে – থানেশ্বৰ শৰ্মাই। তীৰ্থনাথ গোস্বামীয়ে প্ৰকাশ কৰা অসমীয়া ঘৰুৱা দৰৱত ভালেখিনি বনৌষধিৰ কথা আছে। শান্তনু তামুলীৰ অসমীয়া বনৌষধি, ৰবিচন্দ্ৰ শৰ্মাৰ বনৌষধি দ্ৰব্যৰ গুণ আৰু তাৰ ব্যৱহাৰ, যোগেশ্বৰ শৰ্মাৰ দ্ৰব্যগুণ তৰংগিনী, যাদৱ শৰ্মাৰ দ্ৰব্যগুণ, গুণাৰাম খনিকৰৰ সহজলভ্য বন দৰৱৰ গুণ আৰু অন্যান্য গ্ৰন্থ আয়ুৰ্বেদ চৰ্চাৰ সুন্দৰ নিদৰ্শন। বৰ্তমানে আৰু ভালেকেইজন ভিষগবিদে বনৌষধিৰ ওপৰত গ্ৰন্থ ৰচনা কৰি অসমীয়া চিকিৎসা বিজ্ঞানৰ সাহিত্য চহকী কৰিছে।
লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 4/3/2020
কাৰবি আংলং জিলাৰ ইতিহাস
চাণক্যৰ বিষয়ে জানো আহক
অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা
অ-সম অসম