আয়ুৰ্বেদ হৈছে জীৱন যাপনৰ পূৰ্ণাংগ বিধি। ই হৈছে জীৱনৰ বিজ্ঞান। মহৰ্ষি চৰকে চৰক সংহিতাত কৈছে যিখন শাস্ত্ৰত হিত আয়ু, অহিত আয়ু, সুখ আয়ু, দুখ আয়ু- এই চাৰি প্ৰকাৰৰ আয়ুৰ বাবে হিত আয়ু (পথ্য), অহিত আয়ু (অপথ্য), আয়ুৰ মান, আয়ুৰ স্বৰূপ বৰ্ণিত হৈছে সেইখন শাস্ত্ৰই হৈছে আয়ুৰ্বেদ। মানৱ জীৱনক শাৰীৰিক-মানসিক আৰু আধ্যাত্মিক দিশত সমৃদ্ধ কৰাত আয়ুৰ্বেদৰ ভূমিকা অপৰিসীম। আয়ুৰ্বেদৰ বিধি-বিধান যথাবিহিত ৰূপত পালন কৰিলে ব্যক্তি স্বাস্থ্যৱান আৰু প্ৰজ্ঞাৱান হৈ উঠে।
সমস্ত প্ৰাণীৰ কল্যাণৰ হকে অৱতাৰণ হোৱা শাশ্বত বিজ্ঞান আয়ুৰ্বেদৰ প্ৰয়োজনীয়তা সম্পৰ্কত মহান গ্ৰন্থ অষ্টাংগ হৃদয়মৰ প্ৰথম অধ্যায়ত কোৱা হৈছে যে আয়ুৰ্বেদৰ উপদেশ (বিধি আৰু নিষেধ) পালন কৰিলে আয়ু লাভ হয় আৰু ইয়াৰ ফলত ধৰ্ম, অৰ্থ, কাম আদি পুৰুষাৰ্থপ্ৰাপ্তি হয়। সু-স্বাস্থ্য অবিহনে আমি কেতিয়াও জীৱনৰ সিদ্ধি লাভ কৰিব নোৱাৰো। সেয়েহে আয়ুৰ্বেদৰ প্ৰয়োজনীয়তা প্ৰশ্নাতীত। আয়ুৰ্বেদ শাস্ত্ৰৰে এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে ওজঃ। সু-স্বাস্থ্যৰ সৈতে ওজঃৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে।
শৰীৰ ধাৰণ কৰিবলৈ ধাতুৰ প্ৰয়োজন। সপ্ত ধাতুৰে শৰীৰ নিৰ্মিত। এই সপ্ত ধাতু হৈছে- ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ।
ৰসৰ পৰা আৰম্ভ কৰি শুক্ৰ পৰ্যন্ত এই সপ্ত ধাতুৰ উৎকৃষ্ট সাৰ অংশই হৈছে ওজঃ। ওজঃক বল বুলিও কোৱা হয়। ই শৰীৰৰ সৰ্বত্ৰ বিয়পি থাকে যদিও মুখ্য স্থান হ’ল হৃদয়। ওজঃ হৈছে স্নিগ্ধ, ঈষৎ ৰঙা, ঈষৎ হালধীয়া আৰু ঈষৎ বগা।
ওজঃ ভেদ- পৰ আৰু অপৰ এই দুই প্ৰকাৰৰ ওজঃ আমাৰ শৰীৰত বিদ্যমান। পৰ ওজঃ হৈছে প্ৰধান ওজঃ। হৃদয়ত অৱস্থিত এই ওজঃ হৈছে জীৱনৰ আধাৰ। ই সম্পূৰ্ণ ক্ষয় হ’লে জীৱনৰ মৃত্যু হয়। আনহাতে অপৰ ওজঃ সৰ্বশৰীৰতে বিয়পি থাকে। ইয়াৰ ক্ষয় হ’লে ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় তথা বলহীন হয় আৰু উৎসাহৰ অভাৱ পৰিলক্ষিত হয়।
ওজঃৰ কাৰ্য- যেনেকৈ গাখীৰত ঘিউ সমাহিত হৈ থাকে, ঠিক তেনেকৈ সপ্তধাতুৰ সাৰস্বৰূপ ওজঃ ধাতুসমূহত সমাহিত হৈ থাকে। ই দেহৰ আভা আৰু শক্তি উৎপন্ন কৰে।
আমাৰ সামৰ্থ্যৰ মূল উৎস ওজঃ বিভিন্ন কাৰণত ক্ষয় হয়। ওজঃ ক্ষয়ৰ ফলত আমাৰ জীৱন ধাৰণৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে।
ওজঃ ক্ষয়ৰ কাৰণঃ সুস্বাস্থ্যৰ অধিকাৰী হ’ব খোজাসকলে ওজঃ ক্ষয়ৰ কাৰণ, লক্ষণ আৰু প্ৰতিকাৰ সন্দৰ্ভত শুদ্ধ জ্ঞান অৰ্জন কৰিব লাগে।
দৈহিক আৰু মানসিক দুয়োটা কাৰণতে ওজঃ ক্ষয় হ’ব পাৰে। দৈহিক কাৰণৰ ভিতৰত হৈছে অধিক পৰিশ্ৰম, অনিদ্ৰা, কমভোজন, অধিক ৰক্তক্ষৰণ, অধিক শুক্ৰপাত আদি। আনহাতে ওজঃ ক্ষয়ৰ মানসিক কাৰণ হৈছে ভয়, শোক, অপমান, দুশ্চিন্তা, ভ্ৰম আদি।
ওজঃ ক্ষয়ৰ লক্ষণঃ আয়ুৰ্বেদৰ প্ৰামাণিক গ্ৰন্থ অষ্টাংগ হৃদয়মৰ একাদশ অধ্যায়ত ওজঃ ক্ষয়ৰ লক্ষণ সন্দৰ্ভত সুন্দৰ বৰ্ণনা দিয়া হৈছে। উক্ত গ্ৰন্থখনৰ মতে ওজঃ ক্ষয়ৰ লক্ষণসমূহ হৈছে- অকাৰণতে ভয় লগা, দুৰ্বল অনুভৱ হোৱা, অত্যন্ত চিন্তিত হোৱা, শৰীৰ নিস্তেজ হৈ যোৱা, উৎসাহ-উদ্দীপনাৰ অভাৱ হোৱা, ইন্দ্ৰিয়সমূহ ক্লান্ত হোৱা ইত্যাদি।
ওজঃ ক্ষয়ৰ উপাচাৰঃ ওজঃ ক্ষয় হ’লে বৰ্ধক আহাৰ-বিহাৰ মানি চলা উচিত। ওজঃ বৰ্ধক আহাৰ গ্ৰহণ দেহে সঠিক পুষ্টি লাভ কৰাৰ লগতে মন-প্ৰাণো প্ৰফুল্লিত হৈ পৰে। উল্লেখ্য যে ওজঃ ক্ষয় হ’লে যেনেকৈ নানা দৈহিক তথা মানসিক বিকাৰৰ উৎপত্তি হয়, কিন্তু ওজঃ দেহত অধিক মাত্ৰাত থাকিলেও আমাৰ দেহ আৰু মনত কোনো ধৰণৰ বিকাৰৰ উৎপত্তি নহয়। ওজঃ বৃদ্ধিৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত অনুকূল জীৱনশৈলীৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, ইন্দ্ৰিয় সংযম বজাই ৰখা, ভগবৎ চিন্তন কৰা, জ্যেষ্ঠজনক সন্মান কৰা এনেধৰণৰ আদৰ্শ, আচাৰ, ৰসায়ন বজাই ৰাখি ওজঃ ক্ষয় প্ৰতিহত কৰিব পাৰো। এইখিনিতে স্পষ্ট কৰি দিব বিচাৰিছো যে ওজঃ ক্ষয়ৰ বাবে হোৱা যিকোনো ধৰণৰ মানসিক বা দৈহিক বিকাৰৰ উপাচাৰৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে যেন।
ওজঃ বৰ্ধক খাদ্যঃ ঘিউ, খেজুৰ, বাদাম, মিঠাআলু, কাজুবাদাম।
আনহাতে কেইবিধমান ওজঃ বৰ্ধক বনৌষধি হৈছে- অশ্বগন্ধা, শতাৱৰী, শিলাজীত, ব্ৰাহ্মী, শংখ পুষ্পি আদি।
(উৎসঃ অসমীয়া খবৰ, ভাৰ্গৱ কলিতা)।
শেহতীয়া উন্নীতকৰণ: : 3/19/2020