অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদ শাস্ত্ৰত চৰ্বিযুক্ত ৰোগৰ চিকিৎসা

আয়ুৰ্বেদ শাস্ত্ৰত চৰ্বিযুক্ত ৰোগৰ চিকিৎসা

একেৰাহে কফবৰ্দ্ধক আহাৰ, অৰ্থাৎ মিঠা, টেঙা, নিমখীয়া খাদ্য লগতে বিজলুৱা খাদ্য, যেনে-বেঙেনা, ভেন্দি, বিজলুৱা আলু, কচু, পুৰৈ শাক, আদি বেছিকৈ খালে ব্যায়াম আদি কোনো ধৰণৰ পৰিশ্ৰম নকৰিলে দিনত শোৱা, খোৱা খাদ্য সমূহ পৰিপাক নহ’লে, মধুৰ ৰস অপক্ক ৰসত পৰিণত হয়। সেই ৰসৰ তেলভাগ মেদ পদাৰ্থৰ বৃদ্ধি হৈ মেদ ৰোগৰ উৎপন্ন্ হয়।

এই ৰোগত মেদৰ বৃদ্ধিৰ বাবে ৰস, ৰক্ত, মেদ, মাংস, আদিৰ স্ৰোতসমূহ বন্ধ হৈ যায়, অন্যান্য ধাতুৰ্পুষ্টি নহয়। কেৱল মেদ ধাতুৱে ক্ৰমশ: বৰ্ধিত হৈ মানুহক অতি স্থুল (শকত) আৰু সদায় অসমৰ্থ, অকৰ্মণ্য কৰি তোলে। ক্ষুদ্ৰ শ্বাস, পিয়াহ, মুৰ্চ্ছা, অধিক নিদ্ৰা, হঠাৎ লাহ-বিলাহ, উৎসাহ আদিৰ অনিচ্ছা, অতিপাত ভোক, ঘাম ওলোৱা, শৰীৰৰ দুৰ্গন্ধ, বল, মৈথুন শক্তি কমি যায়।

মেদ বৃদ্ধিৰ পৰিণাম

মেদ ধাতু অতিশয় বৃদ্ধিপ্ৰাপ্ত  হ’লে বাত, পিত্ত,কফ আদি দোষসমূষ কুপিত হৈ প্ৰমেহ পীড়কা, জ্বৰ, ভগন্দৰ প্ৰভৃতি পীড়া উৎপাদন কৰিব পাৰে। এই পীড়া বা বেদনা উৎপন্ন হ’লে মেদৰোগীৰ প্ৰাণ নাশৰ সম্ভাৱনা হ’ব পাৰে। বেছি শকত হোৱা বাবে ৰোগী বেছি খোজ কাঢ়িব নোৱাৰা হয়। প্ৰয়োজন অনুপাতে দৌৰিবও নোৱাৰা হয়। কেৱল বিছনাতে বহি খোৱা-লোৱা আদি কৰিব বিচাৰে।

চিকিৎসা

যি চিকিৎসাৰ দ্বাৰা ৰোগী ক্ষীণ হ’ব পাৰে তাকেই কৰিলে মেদ ৰোগৰ আচল চিকিৎসা হ’ব। ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িব লাগে, কমেও ৪০ মিনিটমান বেগাই খোজ কঢ়া ভাল। ৰঙা চাহত নেমু আদি খালে মেদ ৰোগীৰ ভাল ফল হয়। গৰম পানীত মৌ প্ৰত্যেকদিনে ৰাতিপুৱা খাব লাগে। ত্ৰিফলা, ত্ৰিকটুচূৰ্ণ, তেল-নিমখ মিহলাই বহু দিনলৈ খালে শকত হোৱাটো কমি যায়। কিড়স্থ, শুঠ, যক্ষ্মাৰ, কন্তিলৌহ ভস্ম, থক, আমলখি, সমান ভাগত মৌৰ লগত খাব লাগে। শিলাজতু খালেও মেদো ৰোগৰ উপশম হয়। অমৃতাদি শুভলো, নেমুৰ ৰস আদি খালেও মেদো ৰোগত ভাল। মথসুগন্ধি নামক তেল, প্ৰসিদ্ধ সুগন্ধি দ্ৰব্যসমূহ গাত লগালে মেদজন্য দুৰ্গন্ধ নোহোৱা হয়। সেইবোৰ উক্ত তেল আৰু সুগন্ধি দ্ৰব্য গাত লেপন দিলে দুৰ্গন্ধ নোহোৱা হয়।

পথ্যাপথ্য

শালি চাউলৰ ভাত কম পৰিমাণে দিনত, পটল, কেৰেলা, আমলখি, সৰু মাছৰ জোল, কাচকল, কলফুলৰ তৰকাৰী, পুৰণি কোমোৰাৰ তৰকাৰী, কাজিনেমু অথবা পাতিনেমু, ৰাতি শুকান ৰুটি এখন, দাইল উচিত পৰিমাণত, তৰকাৰী, তিঁয়হ, মিঠাৰ ভিতৰত কেৱল মিচিৰি অলপ পৰিমাণে খাব পাৰে। গৰম পানী ঠাণ্ডা কৰি গা ধুব লাগে আৰু খাব লাগে। পৰিশ্ৰম বেছি কৰি বিছনাত কম আৰাম কৰিব লাগে। যাতায়ত কৰা, ৰাতি উজাগৰে থকা, ব্যায়াম, মৈথুন এই সমস্ত কাৰ্য মেদো ৰোগত বিশেষ উপকাৰী। দৈ খালে ভাল।

নিষিদ্ধ কৰ্ম

তেল বা ঘিৰে তৈয়াৰী আহাৰ, ডাঙৰ মাছ, মাংস, নাৰিকল, পকা কল, অন্যান্য পুষ্টিকৰ দ্ৰব্য, মাখন, ক্ৰীম, মিঠাই,সুখকৰ শয্যাত শয়ন, দিবানিদ্ৰা, বহু দেৰিলৈকে শোৱা, এলাহ আৰু চিন্তা নোহোৱা এই ৰোগত অনিষ্টকাৰক।

মেদোৰোগ বা শকত হ’লে শৰীৰৰ গঠন দেখিবলৈ বেয়া হয়, যেনে-থুতৰিৰ তলৰ অংশ, পিঠি, গা, হাত-ভৰি আদি সুন্দৰ শৰীৰটো ক্ৰমান্বয়ে বেলেগ হৈ যায়। চৰক স্ংহিতাত অষ্ট নিন্দনীয় পুৰুষৰ, যেনে-

১)অতি স্থুল(শকত), অতি কৃষ(ক্ষীণ),

২) অতি গৌড়(বগা), অতি কৃষ্ণ(ক’লা),

৩)অতি লোমা-অতি অলোমা,

৪) অতি দীৰ্ঘ(দীঘল) আৰু অতি চুটি—

এইধৰণৰ পুৰুষক নিন্দনীয় পুৰুষ বুলি অভিহিত কৰিছে। তাৰ ভিতৰত অটাইতকৈ নিন্দনীয় স্থুল পুৰুষ, অৰ্থাত অতি শকত লোক বুলি বৰ্ণনা কৰিছে। সেয়ে সময়-সুবিধামতে নিজৰ এলেকাতে পৰিশ্ৰম কৰি, ৰাতিপুৱা খোজ কঢ়াৰ নিচিনা পৰিশ্ৰম অভ্যাস কৰিলে অন্তত: এমাহ-দুমাহতে শৰীৰ ক্ষীণাই যাব। অলপ আহাৰ, এলাহ নকৰি ঘৰৰ যাৱতীয় কাম-কাজ। লগতে খোৱা-বোৱাৰ ওপৰত উল্লেখ কৰা মতে মানি চলিলে শকত দেহাটো ক্ষীণ দেহত পৰিণত কৰি শৰীৰৰ গঠন সুন্দৰ কৰিব পাৰি। কাপোৰ-কানি, অৰ্থাত ক্ষীণ দেহত সাজ-পোছাক পিন্ধিলে সুন্দৰ দেখি। ফোনতো বস্তু আনিব পাৰি। লগতে যোগাসন আদি কৰিও নিজৰ দেহটো সুন্দৰ্ কৰিব পৰি।

ডা: ৰুপালী বৰুৱা পাঠক, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate