অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদঃ অতীত আৰু বৰ্তমান :

আয়ুৰ্বেদঃ অতীত আৰু বৰ্তমান :

পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টিৰ আৰম্ভণিৰ পৰাই মানৱদেহত বিভিন্ন ৰোগে দেখা দিবলৈ আৰম্ভ কৰে আৰু এই ৰোগৰ পৰা পৰিত্ৰাণৰ অৰ্থে মানৱ জাতিৰ সংগ্ৰাম অব্যাহত থাকে৷ ভাৰতবৰ্ষতো এচাম চিকিৎসাবিদে ৰোগ নিৰাময়ৰ বিভিন্ন চিকিৎসা আৰু চিকিৎসাৰ ন ন কৌশল আবিষ্কাৰ কৰে৷ এইসকল চিকিৎসাবিদৰ বহু বছৰৰ নিৰলস আৰু আশাশুধীয়া প্ৰচেষ্টাত ঠন ধৰি উঠে ভাৰতৰ গৌৰৱময় ইতিহাস বহনকাৰী "আয়ুৰ্বেদ চিকিৎসা পদ্ধতি"য়ে৷

আয়ুৰ্বেদ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি এক সম্পূৰ্ণ ভাৰতীয় চিকিৎসা পদ্ধতি৷ সম্পূৰ্ণ বুলি এইবাবে কোৱা হৈছে যে চিকিৎসা বিজ্ঞানৰ যিবোৰ বিভাগ উপলব্ধ হ’ব লাগে সেই আটাইবোৰ বিভাগে কম বেছি পৰিমানে আয়ুৰ্বেদত পোৱা যায়৷

আয়ুৰ্বেদৰ আক্ষৰিক অৰ্থ "আয়ু" মানে জীৱন আৰু "বেদ" মানে জ্ঞান৷ এই আয়ু হৈছে শৰীৰ, ইন্দ্ৰিয় (চকু, কাণ, নাক, জিভা, চাল), সত্ব বা মন আৰু আত্মাৰ সংযোগ অৱস্থা “শৰীৰেন্দ্ৰিয়সত্বাত্মসংযোগে ধাৰি জীৱিতম”(চৰক)৷ বহল অৰ্থত চাবলৈ গ’লে জী ৱনৰ জ্ঞান সমৃদ্ধ আয়ুৰ্বেদে মানুহৰ স্বাস্থ্যৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক আটাইকেইটা দিশকে সামৰি লয়৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থা(WHO) ই আগবঢ়োৱা স্বাস্থ্য বিষয়ক সংজ্ঞা (Health is a state of complete physical, mental, social wellbeing not merely an absence of disease or infirmity) ৰ লগত আয়ুৰ্বেদৰ স্বাস্থ্যৰ মিল পোৱা যায়৷

আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ মূল উদ্দেশ্য হৈছে "স্বাস্থ্যস্ব স্বাস্থ্য ৰক্ষনং মাতুৰস্ব বিকাৰ প্ৰশমনংশ্ব"(চৰক) অৰ্থাৎ স্বাস্থ্যৱান ব্যাক্তিৰ স্বাস্থ্য অটুত ৰখা আৰু ৰোগগ্ৰস্ত ব্যাক্তিৰ ৰোগ নিৰাময় কৰা ৷ বৰ্তমান সমগ্ৰ বিশ্বত ৰোগৰ চিকিৎসাতকৈ প্ৰতিৰোধৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে আৰু উক্ত ব্যৱস্থা যে বহু বছৰ আগতেই ভাৰতবৰ্ষত আৰম্ভ হৈছিল তাৰ সঠিক উমান উপৰোক্ত আয়ুৰ্বেদৰ শ্লোকটিত পোৱা যায়৷

আয়ুৰ্বেদৰ উৎপত্তি বিচাৰ কৰি চালে পোৱা যায় যে আয়ুৰ্বেদৰ কোনো আৰম্ভণি নাই বা শেষ নাই৷ বিজ্ঞান সদায় গতিশীল সেয়েহে আয়ুৰ্বেদো স্থায়ী নহয়৷ এক দিঘলীয়া পৰিক্ৰমাৰ মাজেদি বহু উৎ্থান পতনৰ মাজেদি আহি আজি আয়ুৰ্বেদ এই অৱস্থা পাইছেহি৷ আয়ুৰ্বেদৰ গ্ৰন্হত উল্লেখ অনুসৰি আয়ুৰ্বেদৰ জ্ঞান পোনপ্ৰথমে সৃষ্টিকৰ্তা ব্ৰ্হ্মাৰ পৰা ঋষি মুনি সকলে লাভ কৰিছিল ৷ সৰ্বপ্ৰথম দক্ষপ্ৰজাপতি নামৰ মনিষীয়ে আয়ুৰ্বেদৰ জ্ঞান ব্ৰহ্মাৰ পৰা লাভ কৰি অশ্বিনী কুমাৰক প্ৰদান কৰে৷ অশ্বিনীকুমাৰ ৰ পৰা এই জ্ঞান ক্ৰমে ইন্দ্ৰ, ভৰদ্বাজ আৰু আত্ৰেয় পুনৰবসু ৱে লাভ কৰে৷ পিছত আত্ৰেয় পুনৰ্বসুৰ পৰা তেখেতৰ ছয় শিষ্য অগ্নিবেশ, ভেল, জতুকৰ্ণ, পৰাশৰ, হাৰিত, ক্ষাৰপানি য়ে লাভ কৰে৷ এই ছয় শিষ্যই আয়ুৰ্বেদ ৰ জ্ঞান গ্ৰন্থ ৰূপত লিপিবদ্ধ কৰ৷

অগ্নিবেশৰ দ্বাৰা লিখা অগ্নিবেশ তন্ত্ৰ অধিক জনপ্ৰিয় আছিল৷ পিছত মহৰ্ষি চৰকে ইয়াক "চৰক সংহিতা" ৰূপ দিয়ে৷ আয়ুৰ্বেদ ৰ শল্য চিকিৎসাৰ মূল গ্ৰন্হ "সুশ্ৰুত সংহিতা" মতে ধনন্তৰি নামৰ মহৰ্ষিয়ে আয়ুৰ্বেদৰ জ্ঞান মৰ্ত্যলৈ আনিছিল বুলি জনা যায়৷ ধনন্তৰিক আয়ুৰ্বেদৰ পূজ্য দেৱতা জ্ঞান কৰা হয়৷
আয়ুৰ্বেদৰ বিকাশ আৰম্ভ হয় বৈদিক যুগত৷ ভাৰতৰ বেদ চাৰিখন-

  • ঋক,
  • সম,
  • যজুৰ আৰু
  • অথৰ্ব বেদ ৷

আয়ুৰ্বেদ অথৰ্ব বেদৰ উপবেদ বুলি কোৱা হয়৷ অথৰ্ব বেদত প্ৰধানতঃ মানৱ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন উপদে, চিকিৎসা, ঔষধি গছ লতা আৰু চিকিৎসাৰ বৰ্ণনা আছে৷ বৈদিক যুগৰ ঠিক পিছতে চৰক, সুশ্ৰুত, বাগভত্ত প্ৰভৃতি কেইজনমান চিকিৎসকবিদে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ পূৰ্ণতা প্ৰদান কৰে৷ এই গ্ৰন্থ সমূহৰ ভিতৰত চৰকৰ দ্বাৰা ৰছিত 'চৰক সংহিতা’, সুশ্ৰুতৰ দ্বাৰা ৰছিত "সুশ্ৰুত সংহিতা" আৰু বাগভত্তৰ দ্বাৰা ৰছিত "অষ্টাংগ সংগ্ৰহ", "অষ্টাংগ হ্ৰদয়" প্ৰধান৷ ইয়াৰ উপৰিও পিছৰ সময়ছোৱাত কেইখনমান উৎকৃষ্ট গ্ৰন্থ যেনে "মাধৱ নিদান", "সাৰংগধৰ সংহিতা" "ভাৱপ্ৰকাশ" ইত্যাদি উল্লেখযোগ্য৷ এই তিনিখন গ্ৰন্থক একেলগে "লঘু ট্ৰয়ী" বুলি কোৱা হয়৷

এইসমূহৰ ভিতৰত আচাৰ্য্য চৰকৰ দ্বাৰা ৰছিত ’চৰক সংহিতা’ সম্পূৰ্ণ কায় চিকিৎসা বা মেডিচিন বিষয়ক গ্ৰন্হ আৰু সু্শ্ৰুত দ্বাৰা ৰছিত ’সুশ্ৰুত সংহিতা’ শল্য চিকিৎসা বিষয়ক গ্ৰন্থ৷ সেয়েহে চৰক ক father of Indian medicine আৰু সুশ্ৰুতক father of surgery বুলি গণ্য কৰা হয়৷

আয়ুৰ্বেদৰ সংহিতা বা গ্ৰন্থ সমূহত আধুনিক চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিভাগ পৰিলক্ষিত হয়৷ তাৰ ভিতৰত আচাৰ্য্য বাগভত্তে আয়ু্ৰ্বেদক আঠটা বিভাগত স্পষ্টকৈ ভাগ কৰিছে৷

সেয়েহে আয়ুৰ্বেদক ’অষ্টাংগ আয়ুৰ্বেদ" বুলি কোৱা হয়ত৷এই বিভাগসমূহ হ’ল:

১)কায় চিকিৎসা (General Medicine)

২)শল্য তন্ত্ৰ (surgery)

৩)শালক্য তন্ত্ৰ (ENT & Ophthalmology)

৪)কৌমাৰ ভৃত্য (Pediatrics)

৫)অগদ্ তন্ত্ৰ (Toxicology)

৬)ভূতবিদ্যা (psychiatry)

৭)ৰসায়ন (Rejuvenation therapy)

৮)বাজীকৰণ (Science of Aphrodisiacs)

আয়ুৰ্বেদৰ গ্ৰন্হ সমূহ ভালদৰে অধ্যায়ন কৰিলে দেখা যায় যে এই
আঠটা বিভাগতে আয়ুৰ্বেদ সীমাবদ্ধ হৈ থকা নাই৷ স্বতন্ত্ৰ ভাৱে বিভিন্ন বিভাগ পোৱা নাযায় যদিও-

  • স্ত্ৰী ৰোগ আৰু প্ৰসুতি তন্ত্ৰ (Gyne & Obstretics),
  • ৰোগ নিদান আৰু বিকৃতি বিজ্ঞান(pathology),
  • দন্ত চিকিৎসা(Dentistry),
  • দ্ৰব্যগুন আৰু ৰসশাস্ত্ৰ (pharmacology),
  • সংজ্ঞাহৰণ (Anesthesia),
  • শৰীৰ ৰছনা (Anatomy),
  • শৰীৰ ক্ৰিয়া (Physiology),
  • স্বাস্থ্যবৃত্ত(Social &preventive medicine) আদি বিভাগ সমূহ বৰ্তমান আধুনিক চিকিৎসাৰ বিজ্ঞানৰ সমান্তৰালকৈ চলি আহিছ৷

আনহাতে আধুনিক চিকিৎসাৰ আন বিভাগৰ বিভিন্ন উপাদানসমূহ আয়ুৰ্বেদৰ বিভিন্ন গ্ৰন্থত সিচঁৰিত হৈ আছে৷ মাত্ৰ এইবোৰক শৃংখলাবদ্ধভাৱে অধ্যায়ন আৰু গৱেষণাৰ সময় আহি পৰিছে।

লেখক: ডাঃ ইন্দুভূষণ শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate