শৰীৰৰ যিকোনো গাঠিত বা সন্ধিত প্ৰদাহ হ’লে তাক গাঁঠিৰ বাত বা আৰ্থ্ৰাইটিছ বুলি কোৱা হয়। আক্ৰান্ত সন্ধিবোৰ ক্ৰমান্বয়ে ফুলে, ৰঙা পৰে, অসহ্য বিষ হয়, সন্ধিৰ বিসংগতি আৰু শেষত সন্ধিবোৰ লৰচৰ কৰিব নোৱাৰা হয়। আৰ্থ্ৰাইটিছ মানৱ জীৱনৰ এক অভিশাপ স্বৰুপ। মানৱ দেহক ভিতৰি ৰুগীয়া কৰি তোলা বিভিন্ন ৰোগসমূহৰ তুলনাত ই অত্যধিক গম্ভীৰ, যাৰ বাবে ৰোগীয়ে আজীৱন বিষ-বেদনাত কেঁকাই থাকিব লগা হয়। কেন্সাৰ আৰু হৃদৰোগ প্ৰাণঘাটক হৈ উঠে যদিও আৰ্থ্ৰাইটিছ মানুহক পংগু কৰি তুলিব পাৰে। আৰ্থ্ৰাইটিছ বিভিন্ন প্ৰকাৰৰ আছে। শিশুৰ পৰা বৃদ্ধলৈকে এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ভিন ভিন ৰোগীৰ ক্ষেত্ৰত আৰ্থ্ৰাইটিছৰ কাৰণ বেলেগ বেলেগ হোৱা দেখা যায়। যদি এই ৰোগক সঠিক সময়ত চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰা নহয়, তেনেহ’লে ই তিলতিলকৈ ৰোগীক মৃত্যুৰ মুখলৈ লৈ যায়। আয়ৰ্বেদত আৰ্থ্ৰাইটিছক বাত ব্যাধি বুলি কোৱা হয়। ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে ৰুমেটাইড আৰ্থ্ৰাইটিছ বা আমবাত, অষ্টিঅ’ আৰ্থ্ৰাইটিছ বা সন্ধি বাত আৰু গাউটি আৰ্থ্ৰাইটিছ বা বাতৰক্ত।
ৰুমেটাইড আৰ্থ্ৰাইটিছ বা আমবাত এইবিধ আৰ্থ্ৰাইটিছ আটাইতকৈ ভয়ানক। এই ৰোগৰ উৎপত্তিৰ কাৰণ আজিও জানিব পৰা হোৱা নাই অৰু এলোপেথিক চিকিৎসা বিজ্ঞানতো এইবিধ ৰোগৰ কোনো বিশেষ ফলদায়ক চিকিৎসা নাই। কিন্তু এই কালান্তক ৰোগবিধৰ পৰা আয়ুৰ্বেদিক চিকিৎসাৰ সহায়েৰে আৰোগ্য লাভ কৰিব পাৰি। ই এবিধ অটোইমুনো ব্যাধি। এইবিধ আৰথ্ৰাইটিছে দেহৰ ৰোগ প্ৰতিৰোধক প্ৰক্ৰিয়াটোক আক্ৰমণ কৰি অকামিলা কৰি শৰীৰৰ বিৰুদ্ধে এণ্টিব’ডি উৎপন্ন কৰে, যাৰ বাবে ৰোগীয়ে প্ংগুত্বক সাবটি ল’ব লগা হয়। ই এবিধ চিৰকাল ভুগিবলগীয়া ব্যাধি। শৰীৰৰ সৰু সৰু গাঁঠিবোৰৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে বৃহত গাঁঠিবোৰো আক্ৰান্ত হয়। আমাৰ দেশৰ জনস্ংখ্যাৰ প্ৰায় ১-২ শতাংশই ৰুমেটাইড আৰ্থ্ৰাইটিছৰ চিকাৰ হয়। এই ৰোগবিধে বংশানুক্ৰমে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। এই ৰোগত পুৰুষ সকলতকৈ মহিলাসকল বেছি পৰিমাণে আক্ৰান্ত হয়।এইবিধ ৰোগৰ পূৰ্বৰুপ হিচাপে প্ৰথমে গা বেয়া লগা, জ্বৰ ভাব হোৱা, হজম শক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা, সন্ধি প্ৰদাহ আৰু গাঁঠিৰ জঠৰতা দেখা যায়।
বাতৰোগত ব্যায়াম, যোগাসন বা প্ৰাণায়াম অত্যন্ত দৰকাৰী। ইয়াৰদ্বাৰা প্ৰকোপিত দোষক ৰোগ উৎপন্ন কৰা স্থানৰ পৰা স্থানচ্যুত কৰিব পৰা যায়। কিয়নো আসন কৰিলে মানুহৰ শৰীৰৰ তেজ আদি ধাতুসমূহৰ চলাচল বৃদ্ধি পায় আৰু ৰোগাক্ৰান্ত কোষসমূহ সতেজ হৈ উঠে। যোগাসন আৰু প্ৰাণায়ামে সকলো ধৰণৰ বাত বিষ নিৰাময় কৰিব পাৰে। আজিকালি ফিজিঅ’থেৰাপি বা আয়ুৰ্বেদীয় পঞ্চকৰ্ম থেৰাপি আৰ্থ্ৰাইটিছ চিকিৎসাৰ কাৰণে অত্যন্ত লাভদায়ক।
শীততাপ নিয়ন্ত্ৰণ কক্ষত বেছি সময় থকা, ঠাণ্ডা আহাৰ গ্ৰহণ, অত্যধিক ঠাণ্ডা লগোৱা, মাদক দ্ৰব্য সেৱন আদিয়ে বাত ৰোগ বৃদ্ধি কৰে। সেয়েহে পৰাপক্ষত এৰাই চলিব লাগে। গৰম পানীৰে গা ধোৱা আৰু খোৱা ৰোগীৰ কাৰণে উপকাৰী। যিহেতু শৰীৰৰ ওজন বৃদ্ধিও বাত ৰোগৰ কাৰণ, সেয়েহে ওজন বাঢ়িবলৈ আৰম্ভ কৰিলে সাৱধান হ’বলাগে। পিতৃ-মাতৃ বা পৰিয়ালৰ কাৰোবাৰ আৰ্থ্ৰাইটিছ থাকিলে সৰুৰে পৰা সাৱধান হ’ব লাগে।
এইবিধ ৰোগত পোনপ্ৰথমে দুয়ো হাতৰ সৰু গাঁঠিবোৰ আক্ৰান্ত হয় আৰু ক্ৰমান্বয়ে শৰীৰৰ প্ৰায়বোৰ গাঁঠিয়ে আক্ৰান্ত হয়। আক্ৰান্ত গাঁঠিবোৰ ফুলি উঠে, অসহ্য বিষ, স্থানীয় উত্তাপ বৃদ্ধি হয়। এইবিধ আৰ্থ্ৰাইটিছে গাঁঠিৰ উপৰি শৰীৰৰ অন্যান্য অংগ, যেনে- হৃদযন্ত্ৰকো বিকৃত কৰে। উঠা-বহা আৰু লৰচৰ কৰিবলৈ অত্যাধিক কষ্ট হয়।
ৰুমেটাইড আৰ্থ্ৰাইটিছৰ চিকিৎসা আয়ুৰ্বেদিক শাস্ত্ৰমতে দুই ধৰণে কৰা হয়।
ইয়াত আয়ুৰ্বেদিক পঞ্চকৰ্ম থেৰাপিৰ দ্বাৰা শৰীৰ শুদ্ধ কৰি লৈ ঔষধি চিকিৎসা আৰম্ভ কৰা হয়। ৰোগৰ লক্ষণ অনুসৰি ঔষধিযুক্ত বাতনাশক তেলেৰে শৰীৰৰ আক্ৰান্ত গাঁঠিত মালিচ কৰাৰ পিচত ৰোগৰ লক্ষণৰ প্ৰাবল্য অনুপাতে ৰুক্ষ সেক(বালুকা শ্বেড) বা বাস্প সেকৰ দ্বাৰা চিকিৎসা কৰা হয়। বৈতৰণ বস্তি এইবিধ ৰোগত বহুত ফলদায়ক।
লিখক: ডা0 বিষ্ণু চৌধুৰী, উত্তৰ-পূৱ আয়ুৰ্বেদ আৰু হোমিঅ’পেথিক সংস্থান, শ্বিলং
শেহতীয়া উন্নীতকৰণ: : 3/17/2020