অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদৰ স্নেহন স্বেদন থেৰাপি

পৰিভাষা

যি ক্ৰিয়াৰ দ্বাৰা শৰীৰৰ পৰা স্বেদ অৰ্থাৎ ঘাম বাহিৰ কৰি দিয়া হয় তাকে স্বেদন বোলে। স্বেদন প্ৰয়োগৰ দ্বাৰা শৰীৰৰ অংগৰ স্তব্ধতা বিষ আৰু শীতলতা দূৰ হয়।

পৰিচয়

স্বেদ হৈছে এবিধ মল অৰ্থাৎ বৰ্জ্য পদাৰ্থ। স্বেদন হৈছে পঞ্চকৰ্মৰ এবিধ পূৰ্বকৰ্ম। পঞ্চকৰ্ম কৰাৰ আগতে শৰীৰৰ শোধন কৰিবলৈ স্বেদন কৰা হয়। কিন্তু যেতিয়া কোনো ৰোগৰ চিকিৎসা হিচাপে স্বেদন কৰা হয় তেতিয়া ইয়াক প্ৰধান কৰ্ম হিচাপে ধৰা হয়। আয়ুৰ্বেদৰ মতে মানুহৰ শৰীৰত তিনিটা প্ৰধান দোষ থাকে – বাত, পিত্ত আৰু কফ। তাৰ ভিতৰত যিবোৰ ৰোগ প্ৰধানকৈ বাত দোষৰ বাবে হয় তেনেকুৱা ৰোগত স্বেদন প্ৰধান চিকিৎসা হিচাপে প্ৰয়োগ কৰা হয়। আচাৰ্য্য চৰকৰ মতে শুকান, কঠিন মাৰি এডালৰ ওপৰত যদি স্বেহন আৰু স্বেদন কৰা হয় তেন্তে সিয়ো হেনো স্থিতিস্থাপকতা লাভ কৰে। সেই একেই নীতি মানুহৰ শৰীৰতো প্ৰয়োগ কৰা হয়। সেইবাবে সেদন কৰ্মই আয়ুৰ্বেদ চিকিৎসাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

স্বেদনৰ প্ৰকাৰ

অগ্নিৰ ওপৰত ভিত্তি কৰি আচাৰ্য্য চৰকে প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে –

  • স্বাগ্নি স্বেদ
  • নিৰগ্নিক স্বেদ

আকৌ পৰ্যায়ৰ ওপৰত ভিত্তি কৰি স্বেদনক তিনিটা ভাগত ভাগ কৰা হৈছে –

  • মৃদু
  • মধ্যম
  • মহান

গুণৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে –

  • স্নিগ্ধ স্বেদ
  • ৰুক্ষ স্বেদ

প্ৰয়োগ হোৱা স্থানৰ ওপৰত ভিত্তি কৰি স্বেদনক দুটা ভাগত ভাগ কৰিব পাৰি –

  • একাংগ স্বেদ
  • সৰ্বাংগ স্বেদ

আচাৰ্য্য সুশ্ৰুত, ভাগভট্ট আৰু শাৰংগধৰে স্বেদনক প্ৰধানকৈ চাৰিটা ভাগত ভগাইছে –

  • তাপ
  • উষ্ম স্বেদ
  • উপনাহ স্বেদ
  • দ্ৰৱ স্বেদ

স্বেদ ঔষধিৰ গুণ

স্বেদ ঔষধিবোৰৰ কিছুমান গুণ থকা আৱশ্যক। যেনে: উষ্ণতা, তীক্ষ্ণতা, সৰতা, স্নিগ্ধতা, ৰুক্ষতা, দ্ৰৱতা, স্থিৰতা আৰু গুৰুতা

স্বেদন থেৰাপি কিহত প্ৰয়োগ কৰা হয়?

সাধাৰণতে নিম্নলিখিত ৰোগসমূহত স্বেদন থেৰাপি প্ৰয়োগ কৰা হয় –

  • প্ৰতিশ্যায়
  • কাহ
  • হিক্কা
  • শ্বাস
  • কৰ্মশূল
  • শিৰৰোগ আৰু ডিঙিৰ ৰোগ
  • স্বৰভেদ
  • গলগ্ৰহ
  • অৰ্দিত
  • পক্ষাঘাত
  • অনাহ
  • বিবন্ধ
  • গৃধ্ৰসি
  • আমবাত
  • সন্ধিবাত
  • খল্লি
  • শূল
  • স্তম্ভন
  • গৌৰৱ
  • বাতৰক্ত
  • সুপ্তি ইত্যাদি।

স্বেদন প্ৰয়োগৰ সাধাৰণ বিধি

প্ৰথমতে স্বেদন দিবলগা ৰোগীৰ দোষ, দুষ্য, প্ৰকৃতি, কাল, ৰোগৰ প্ৰকাৰ আদিৰ ওপৰত ভিত্তি কৰি কি প্ৰকাৰৰ স্বেদন দিব লাগিব তাক ঠিৰাং কৰা হয়। তাৰ পিছত দিব লগা স্বেদনৰ বাবে লাগতিয়াল সামগ্ৰী, ঔষধ, গছ আদি ঠিক কৰি লোৱা হয়। স্বেদন থেৰাপি প্ৰয়োগ কৰাৰ আগতে ৰোগীৰ নাড়ী (Pulse), ৰক্তচাপ (Blood Pressure), শ্বাস ক্ৰিয়াৰ হাৰ (Respiratory Rate), শৰীৰৰ উষ্ণতা (Body Temparature) আদি ভালদৰে পৰীক্ষা অভ্যংগ (Oil massage) প্ৰয়োগ কৰা হয়। যদিহে ৰোগীৰ আমদোষ নাথাকে। তাৰ পিছত স্বেদনৰ সম্যক লক্ষণ দেখা নিদিয়ালৈকে ৰোগীক ৰোগ সাপেক্ষে স্বেদন থেৰাপি প্ৰয়োগ কৰা হয়।

স্বেদনৰ সম্যক লক্ষণ

  • বিষ নোহোৱা হোৱা
  • স্তব্ধতা নোহোৱা হোৱা
  • গুৰুতা নোহোৱা হোৱা
  • কোমলতা
  • স্বেদৰ প্ৰাদুৰ্ভাৱ হোৱা
  • ৰোগৰ লক্ষণ সমূহ দূৰ হোৱা
  • শীতল বস্তুৰ প্ৰতি ইচ্ছা হোৱা

স্বেদন প্ৰয়োগৰ পিছত ল’ব লগা যত্ন

স্বেদন প্ৰয়োগৰ পিছত ৰোগীৰ শৰীৰত উৎপন্ন হোৱা ঘামবোৰ এখন কোমল আৰু পৰিষ্কাৰ কাপোৰেৰে মচি দিব লাগে। তাৰ পিছত ৰোগীক আধাঘণ্টামান এনেকুৱা এটা কোঠাত জিৰণি ল’ব দিব লাগে য’ত বতাহৰ চলাচল কম হয়। ১-২ ঘণ্টা পিছত ৰোগীক গৰম পানীৰে স্নান কৰাব লাগে। তাৰ পিছত ৰোগীক অলপ লঘু আহাৰ খাব দিব লাগেচ। যদি পঞ্চকৰ্ম (বমন, বিৰেচন আদি)ৰ পূৰ্বকৰ্ম হিচাপে স্বেদন কৰ্ম হয় তেতিয়া ৰোগীক সেইমতে তৈয়াৰ কৰা হয়।

স্বেদন থেৰাপিৰ ক্ৰিয়া আৰু উপকাৰিতা

স্বেদনৰ চাৰিটা মুখ্য ক্ৰিয়া হৈছে –

  • দেহৰ স্তব্ধতা নোহোৱা কৰা
  • দেহৰ গুৰুত্ব নোহোৱা কৰা
  • শীতলতা নোহোৱা কৰা
  • শৰীৰত স্বেদ উৎপন্ন কৰা

তাৰোপৰি স্বেদনৰ ফলত ধূষিত দোষবোৰ বিগলিত হয়, বাদ দোষৰ ওপৰত নিয়ন্ত্ৰণ হয়, অগ্নি প্ৰদীপ্ত হয় অৰ্থাৎ হজম শক্তি বাঢ়ে, ছালৰ উজ্জ্বলতা আৰু কোমলতা বৃদ্ধি পায়। স্ৰোত শুদ্ধি হয় (Clearity of channels), অতি নিদ্ৰা নাশ ইত্যাদি হয়

স্নেহধাৰা স্বেদন

এইটো এটা বিশেষ ধৰণৰ চিকিৎসা। এই চিকিৎসাৰ জৰিয়তে সৰ্ব শৰীৰত স্নেহন আৰু স্বেদন দুয়োটা প্ৰক্ৰিয়াই কৰা হয়। এই পদ্ধতিত সাধাৰণতে গৰম ঔষধি যুক্ত তেল বা ঔষধি যুক্ত ক্কাথ গাত কিছুসময় ঢালি ঘঁহা হয়। এঘণ্টাৰ পৰা ১ ১/২ ঘণ্টা সময়লৈ এই পদ্ধতি কৰা হয়। স্নেহধাৰা স্বেদন বাতৰোগৰ কাৰণে উত্তম চিকিৎসা। সাধাৰণতে আমবাত পক্ষাঘাত সৰ্বাংগবাত (Neuromuseulo keletal diskette MCTD) আদি ৰোগত কৰা হয়।

স্নেহধাৰা স্বেদন কৰিব– ৰোগীক ভালকৈ পৰীক্ষা কৰি লোৱা হয়। ৰোগীক বিচনাত বহুৱাইলৈ আৰু গৰম ঔষধ তেল ঢালি দিয়া হয়। সাধাৰণতে এই তেল দ্ৰোনী পৰা কাপোৰ ভিজাই শৰীৰত আটি দিয়া হয় আৰু মালিচ কৰা হয়। ঢলাৰ আগত মূৰত আমলখিৰ কল্প দিয়া হয়। কিন্তু একেলগে শিৰোধাৰা কৰিলে কল্প দিয়া নহয়। শৰীৰৰ ওপৰ ভাগত দুজন মানুহ আৰু তলৰ ভাগত দুজন মানুহক দুইকো একে কমনত তেল ঢালি মালিচ কৰা হয়। সাধাৰণতে বাতজ ৰোগত দুইঘণ্টা আৰু কলজ ৰোগত এঘণ্টা স্নেহধাৰা স্বেদন কৰা হয়। এই স্বেদন সাধাৰণতে ১৪ দিন কৰা হয় আৰু কিছুমান ক্ষেত্ৰত ২১ দিনকৈ কৰা হয়।

স্নেহ ধাৰা স্বেদন কৰাৰ পিছত সৰ্বশৰীৰ ভাল চাফা কাপোৰেৰে মচি দিয়া হয়। এঘণ্টা বা দুঘণ্টা পিছত ৰোষ্যক ঔষধি যুক্ত গৰম পানীৰে গা ধুব দিয়া হয়। চিকিৎসা কৰি থকা দিন কেইটাত ৰোগীক লঘু আহাৰ খাবলৈ দিয়া হয় আৰু মহাৰস্নাদি ক্কাল 15 ml to 30 ml দিনত দুবাৰ খাব দিয়া হয়। চিকিৎসা চলি থকা দিনত আৰু তাৰ পিছতো ১৪ দিন ৰোগীক ঠাণ্ডা লগাব নালাগে, খুব বেছি পৰিমাণে ব্যায়াম কৰিব নালাগে, অধাৰগীক বেগ ধাৰন কৰিব নালাগে আৰু মৌত্ৰ সংযোগ দিন শোৱা, ৰাতি টোপনি খতি কৰা, বেছি সময় পঢ়া-শুনা কৰা আদি কৰিব নালগে। স্নেহধাৰা স্বেদন চিকিৎসা কৰাৰ পিছত প্ৰয়োজন অনুযায়ী ৰোগীক ঔষধ দিয়া হয়।

উপনাহ স্বেদ

যেতিয়া ঔষধি যুক্ত গৰম পট্টেনী শৰীৰত লগোৱা হয় তাকে উপনাহ স্বেদ বোলে। সুশ্ৰুত সংহিতাৰ মতে তিনি প্ৰকাৰ উপনাহ স্বেদন আছে- প্ৰদেহ, শংকৰ (পিণ্ড) আৰু বন্ধন ।

প্ৰদেহ উপনাহ স্বেদনৰ বাতহৰ ঔষধি দ্ৰব্য, সৈন্ধৱ লৱণ, অলপ ঘি মিহলাই জল্ক বনাই বেদনা হোৱা স্থানত লগোৱা হয়।

শংকৰ বা পিণ্ড উপনাহ স্বেদনত ঔষধি যুক্ত দ্ৰব্য, পায়স আদি গৰম কৰি পৰিষ্কাৰ কাপোৰত টোপোলা কৰি শৰীৰৰ বেদনা হোৱা স্থানত লগোৱা পদ্ধতিক শংকৰ বা পিণ্ড স্বেদন বোলে।

বন্ধন হ’ল ওপৰত উল্লেখ কৰা গৰম দ্ৰব্যখিনি বেদনা হোৱা স্থানত লগাই কাপোৰেৰে বান্ধি ৰখা হয়। কিমান সময় ৰখা হ’ব সেইটো নিৰ্ভৰ কৰে অফুলৰ ওপৰত।

অৱগাহ স্বেদন

অৱগাহ স্বেদন বাতজদৰ পৰা হোৱা ৰোগ আৰু গাঁঠি ফুলা ৰোগৰ কাৰণে উপকাৰী। সন্ধিবাত (Osteo Arthritis)ৰ এইটো এটা সৰ্ব শৰীৰৰ তাপ লগোৱা পদ্ধতি। এই পদ্ধতিত এটা Tubত গৰম ঔষধি যুক্ত ক্কাথ ভৰাই ৰখা হয়। এই পানীৰ উষ্ণতা শৰীৰে সহ্য কৰিব পৰাকৈ দিয়া হয়। এই Tub Bath লোৱা ৰোগীক প্ৰথমে সৰ্ব শৰীৰত তৈল মৰ্দন (ৰোগ অনুযায়ী) কৰা হয়। তাৰ পিছত Tub Bath ত সোমাই গৰম তাপ আধা ঘণ্টাৰ পৰা এঘণ্টা দিয়া হয়। পানীত উষ্ণতা কমি গ’লে আকৌ নতুন গৰম ঔষধি দিয়া হয়। এনেকৈ ২-৩ বাৰ সলাই ৰোগীক ৰোগ অনুযায়ী কৰা হয়। ৰোগীৰ যেতিয়া গাৰ বিষ কমি যায়, শৰীৰৰ গাঁঠিত স্তব্ধতা কমে, ঘাম ওলায় তেতিয়া ৰোগীক Tub Bath ৰ পৰা উলিয়াই আনি শুকান কাপোৰেৰে গোটেই গা মচি দিয়া হয়। এই স্বেদন সাধাৰণতে সৃদ্ধসি(Sciatica), কতিশূন্য(Lumbago), পক্ষাঘাত(Paralysis) আদি ৰোগৰ কাৰণে উপকাৰী।

লিখক: ডা° বিষ্ণুপ্ৰসাদ শৰ্মা, বনদৰব আৰু আৰোগ্য।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate