বৰ্তমান সময়ত ৪০ বছৰ উৰ্ধ্বৰ প্ৰায় সকলো লোকেই উচ্চ ৰক্তচাপ বা হাই ব্লাড্ প্ৰেছাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগবিধক সাধাৰণতে আধুনিক জীৱন শৈলীত অভ্যস্ত মানুহৰ ৰোগ বুলি ধৰা হয়। যদিওবা এই ৰোগবিধ ৪০ বছৰ বয়সৰ পিছত হয় তথাপিও কেতিয়াবা কিন্তু কম বয়সতে অৰ্থাত্ ১৮ বছৰমান বয়সৰ পৰাও এই ৰোগবিধ আৰম্ভ হোৱা দেখিবলৈ পোৱা যায়। মহিলাৰ তুলনাত পুৰুষসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। যোগ চিকিৎসা শাস্ত্ৰত এই ৰোগবিধক শৰীৰৰ আন ৰোগসমূহৰ সমষ্টিগত লক্ষণ বুলিহে কোৱা হৈছে, পৃথক ৰোগ বুলি ধৰা হোৱা নাই।
মানুহৰ দেহৰ ৰক্ত সঞ্চালনৰ মূল অংগ হ’ল হাৰ্ট বা হৃদযন্ত্ৰ। সৰ্বশৰীৰত ৰক্ত সঞ্চালনৰ বাবে মানুহৰ হৃদযন্ত্ৰটো প্ৰতি মুহূৰ্তত সংকোচন আৰু প্ৰসাৰণ ঘটি থাকে। হৃদযন্ত্ৰৰ সংকোচনৰ ফলত ধমনীৰ মাজেদি ৰক্তভাগ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগলৈ প্ৰৱাহিত হয় আৰু প্ৰসাৰণৰ ফলত সেই ৰক্তভাগ পুনৰ হৃদযন্ত্ৰলৈ ঘূৰি আহে। হৃদযন্ত্ৰৰ সংকোচনৰ ফলত তেজে ধমনী বেৰত যি চাপৰ সৃষ্টি কৰে, সেই চাপক কোৱা হয় সংকোচন চাপ বা চিষ্ট’লিক প্ৰেছাৰ। আনহাতে, প্ৰসাৰণৰ ফলত যি চাপৰ সৃষ্টি হয় তাক বিস্তাৰণ চাপ বা ডায়েষ্ট’লিক প্ৰেছাৰ বোলে। মানুহৰ দেহত হৃদযন্ত্ৰৰ সংকোচন চাপৰ স্বাভাৱিক মান হ’ল ১০০-১২০ মিলিমিটাৰ মাৰ্কাৰী আৰু বিস্তাৰণ চাপৰ মান হ’ল ৮০-৯০ মিলিমিটাৰ মাৰ্কাৰী। চাপৰ এই মান অনুযায়ী হৃদযন্ত্ৰটোৱে প্ৰতিমিনিটত প্ৰায় ৫ লিঃকৈ তেজ পাম্প কৰি থাকে। এয়াই মানুহৰ দেহৰ ৰক্তচাপ।
হৃদযন্ত্ৰৰ সংকোচন আৰু বিস্তাৰণ চাপৰ মান যেতিয়া ১২০-৯০ তকৈ বেছি হয়, তেতিয়া তাক উচ্চ ৰক্তচাপ বোলে। কিন্তু ৪০ বছৰ বয়সৰ পিছত লোকভেদে এই চাপৰ মান পৰিৱৰ্ত্তন ঘটিব পাৰে। এই চাপ বাঢ়ি কেতিয়াবা ১৪০-৯০ মিঃমিঃ মাৰ্কাৰীও হ’ব পাৰে। ৪০ বছৰ বয়সৰ পিছত শৰীৰত ঘটা নানা ধৰণৰ আভ্যন্তৰীণ পৰিঘটনাৰ প্ৰভাৱৰ বাবে এই চাপ বৃদ্ধি হ’ব পাৰে। যাক স্বাভাৱিক বুলিয়েই ধৰা হয়। গতিকে তেজৰ চাপ ১৪০ মিঃমিঃ মাৰ্কাৰী হ’লেই তাক উচ্চ ৰক্তচাপ বুলিব নোৱাৰি। মানুহজনৰ বয়স, শাৰীৰিক অৱয়ব, আন ৰোগৰ প্ৰকোপ আদি কাৰকসমূহ সম্পূৰ্ণকৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতহে ক’ব পাৰি যে তেওঁৰ কাৰণে তেজৰ কিমান পৰিমাণৰ চাপ উচ্চ বা স্বাভাৱিক। তথাপিও কিন্তু প্ৰতিগৰাকী লোকে তেজৰ উত্কৃষ্ট চাপ ১২০-৮০ মিঃমিঃ-তে সীমাবদ্ধ ৰাখিব লাগে।
মূৰৰ ঘূৰণি আৰু গধুৰ গধুৰ ভাব, ডিঙিৰ পিছফাল, মূৰ আৰু কান্ধ বিষায়, অত্যধিক ভাগৰ লাগে, ৰাতি টোপনি নাহে, উশাহ-নিশাহ লওঁতে কষ্ট হয়, বুকুৰ ঢপঢপনি আৰু বিষ বাঢ়ি আহে, কাণত গুণগুণনি শব্দৰ সৃষ্টি হয়, কাণ-মুখ ৰঙা পৰে, মানসিক উত্তেজনা বাঢ়ে, মন অস্থিৰ হয়, নাড়ীৰ গতি বাঢ়ে, সঘনাই প্ৰস্ৰাৱ হয়, শাৰীৰিক দুৰ্বলতা আৰু অস্বস্তিবোধ আদি লক্ষণে দেখা দিয়ে। এই ৰোগৰ প্ৰকোপ বৃদ্ধি পালে নাকেৰে তেজ ওলোৱা, মস্তিষ্ক ৰক্তক্ষৰণ, মূৰ্চ্ছা, পক্ষাঘাত, ষ্ট্ৰোক আদি লক্ষণসমূহে দেখা দিব পাৰে।
বংশানুক্ৰমিক প্ৰভাৱক ইয়াৰ মূল কাৰণ বুলি ধৰা হয়। মাক-দেউতাক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে তেওঁলোকৰ সতি-সন্ততিও পিছলৈ আক্ৰান্ত হোৱাৰ আশংকা থাকে। যিসকল লোকে ঘিউ, মাখন, ডালডা, মাত্ৰাধিক তেল, মাংস, কণী, অধিক প্ৰ’টিনযুক্ত আহাৰ আদি অধিক মাত্ৰাত গ্ৰহণ কৰে, তেওঁলোকৰ তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হৈ এই ৰোগবিধ হোৱাৰ আশংকা বহু বেছি হয়। বৃক্কৰ পাথৰ, টিউমাৰ, যক্ষ্মা, বহুমূত্ৰ, প্ৰষ্টেটাইটিছ, অষ্ট্ৰিঅ’, আৰ্থাৰাইটিছ, মানসিক ৰোগ আদিৰ পাৰ্শ্বক্ৰিয়া হিচাপেও এই ৰোগ হোৱা দেখা যায়। মাত্ৰাধিক নিমখ গ্ৰহণৰ অভ্যাসৰ বাবেও ৰক্তচাপ বৃদ্ধি হয়। নিচা বা মাদক দ্ৰব্য খালে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ১০০ শতাংশই বাঢ়ি যায়। তদুপৰি মানসিক চিন্তা, দুখ-বেদনা, গৰ্ভাৱস্থা, ঔষধৰ পাৰ্শ্বক্ৰিয়া, শাৰীৰিক পৰিশ্ৰম কমকে কৰা, ব্যায়াম নকৰা আদি কাৰকসমূহৰ প্ৰভাৱৰ বাবেও উচ্চ ৰক্তচাপ হোৱা দেখা যায়। পুৰণি কোষ্ঠকাঠিন্য ৰোগ, অজীৰ্ণ, অম্লৰোগ আদিৰ বাবেও, পেটত মাত্ৰাধিক গেছ জমা হৈও তেজৰ চাপ বৃদ্ধি হ’ব পাৰে। মস্তিষ্কৰ আঘাতজনিত সমস্যাৰ বাবেও হ’ব পাৰে। গ্ৰীষ্ম কালত ৰ’দৰ প্ৰখৰতাৰ বাবেও কিছুমান মানুহৰ তেজৰ চাপ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।
যোগ চিকিৎসাৰ দ্বাৰা উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পাৰি। নিজে খাদ্য সম্পৰ্কে কিছু সচেতন হৈ যদি নিতৌ পুৱা-গধূলি যোগৰ বিভিন্ন ক্ৰিয়াসমূহ নিয়মিতভাৱে ধৈৰ্য্যসহকাৰে অনুশীলন কৰা হয়, তেতিয়া উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহি সম্পূৰ্ণৰূপে নিৰ্মূল হৈ যায়।
তেজৰ চাপ বাঢ়ি থাকিলে অৰ্থাৎ ১২০-৮০ মিঃমিঃ মাৰ্কাৰীতকৈ বেছি থাকিলে প্ৰথমতে শিথিলকৰণ আসনসমূহৰ বাহিৰে আন আসন অনুশীলন কৰিব নালাগে। শৱাসন নিয়মিতৰূপে অনুশীলন কৰিব পাৰি। শৱাসন অনুশীলনৰ দ্বাৰা শৰীৰৰ প্ৰত্যেকটো অংগ-প্ৰত্যংগৰ বিশেষকৈ মগজুৰ স্নায়ুসমূহৰ উত্তেজনা কমাব পাৰি। স্নায়ুজনিত উত্তেজনা বাঢ়ি থাকিলে তেজৰ চাপ বৃদ্ধি হয়। সেইবাবে দুখ-শোক, খং-ভয়, আবেগ আদিৰ সময়ত দেহৰ স্নায়ুসমূহ উত্তেজিত হৈ তেজৰ চাপ বৃদ্ধি হয়। যদি নিয়মিতভাৱে শৱাসন অভ্যাস কৰা হয়, তেতিয়া দেহৰ স্নায়ুসমূহ শিথিল হৈ তাৰ উত্তেজনা বহু পৰিমাণে কমি যায়। ফলত তেজৰ চাপ লাহে লাহে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে।
নিয়মিত প্ৰণায়াম অনুশীলনৰ দ্বাৰা তেজৰ চাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। প্ৰাণায়াম এটাত সাধাৰণতে তিনিটা প্ৰক্ৰিয়া থাকে। পূৰক (উশাহ লোৱা), কুম্ভক (উশাহ বন্ধ কৰা) আৰু ৰেচক (উশাহ এৰি দিয়া)। কিন্তু উচ্চ ৰক্তচাপজনিত সমস্যা থাকিলে প্ৰাণায়াম কৰোঁতে কুম্ভক কৰিব নালাগে।। অৰ্থাৎ পূৰক আৰু ৰেচক কৰিয়েই প্ৰাণায়ামসমূহ অভ্যাস কৰিব লাগে। হঠযোগ শাস্ত্ৰত উল্লেখ থকা সহজ প্ৰাণায়ামসমূহ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি উপযোগী। ১-১০ নম্বৰলৈ থকা মুঠ ১০ টা সহজ প্ৰাণায়াম পুৱা, গধূলি নিয়মিতভাৱে অনুশীলন কৰিলে তেজৰ চাপ নিয়ন্ত্ৰণলৈ আহে লগতে উচ্চ ৰক্তচাপৰ বাবে মগজু আৰু হৃদযন্ত্ৰৰ হ’ব পৰা ক্ষয়-ক্ষতি বহু পৰিমাণে কমি যায়।
নিয়মিতভাৱে ভ্ৰমণ প্ৰাণায়াম অনুশীলন কৰি উচ্চ ৰক্তচাপ আশ্চৰ্যকৰভাৱে নিয়ন্ত্ৰণলৈ আনিব পাৰি। প্ৰাতঃভ্ৰমণৰ সময়ত তাৰ লগে লগে এই প্ৰাণায়াম কৰিলে দুগুণ লাভ পোৱা যায়। এই প্ৰাণায়ামবিধত উশাহ-নিশাহৰ লগত খোজৰ তাল মিলাব লাগে। অৰ্থাৎ উশাহ লৈ ৪ খোজ গৈ উশাহ এৰি দি পুনৰ ৪ খোজ যাব লাগে। এইদৰে ১০-২০ মিনিট নিয়মিতভাৱে পুৱা আৰু আবেলি অভ্যাস কৰিলে ১০-১২ দিনৰ ভিতৰত ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে।
উচ্চ ৰক্তচাপ থাকিলে সদায় পেট পৰিষ্কাৰ কৰি ৰাখিব লাগে। হজম শক্তি দুৰ্বল, অজীৰ্ণ, অম্লতা, কোষ্ঠকাঠিন্য আদি সমস্যাসমূহৰ বাবে পেটত বায়ু জমা হৈ সেই বায়ুৰ উৰ্ধ্বমুখী চাপৰ বাবে কেতিয়াবা তেজৰ চাপ বৃদ্ধি হোৱা দেখা যায়। সেইবাবে উদৰজনিত বিকাৰসমূহৰ পৰা দূৰত থাকিবৰ বাবে পুৱা খালী পেটত পবনমুক্তাসন, অগ্নিসাৰ, সহজ প্ৰাণায়াম আদি ক্ৰিয়াসমূহ নিয়মিতভাৱে অনুশীলন কৰি মাজে মাজে সপ্তাহত এদিনকৈ বমনধৌতি, বস্তি আদি অনুশীলন কৰিব লাগে। ইয়াৰ ফলত পাকস্থলী আৰু অন্ত্ৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ বায়ুৰ চাপ কমি তেজৰ চাপ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে।
ওপৰত উল্লেখ কৰা ক্ৰিয়াসমূহ ১৫-২০ দিন নিয়মিতভাৱে পুৱা-গধূলি অনুশীলন কৰিলে এজন লোকৰ উচ্চ ৰক্তচাপ লাহে লাহে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিব। তাৰ পিছত তেওঁ আৰু কিছুমান উজু আসন অনুশীলন কৰিব পাৰে। যেনে- পুৱা পবনমুক্তাসন, ভুজংগাসন, অৰ্ধশলভাসন, সহজ প্ৰাণায়াম নং ১, অৰ্ধকুৰ্মাসন, সহজ অগ্নিসাৰ ধৌতি, অগ্নিসাৰ নং ১, সহজ প্ৰাণায়াম নং ২,৫,৭,৯, শৱাসন আদি।
সন্ধিয়া শিথিলকৰণ ব্যায়াম, সহজ অগ্নিসাৰ, অগ্নিসাৰ নং ১, সহজ প্ৰাণায়াম নং ১,২,৫, চন্দ্ৰভোদী প্ৰাণায়াম, শীতলী প্ৰাণায়াম (ঠাণ্ডাৰ দিনত কৰিব নালাগে), অনুলোম-বিলোম প্ৰাণায়াম, শৱাসন আদি।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত প্ৰাকৃতিক চিকিৎসাৰ এক বিশেষ মহত্ত্ব আছে। যোগৰ বিভিন্ন আসনসমূহৰ লগত যদি এই চিকিৎসাৰ পদ্ধতিসমূহ সংমিশ্ৰণ কৰা হয়, তেতিয়া সোনকালে এই ৰোগ আৰোগ্য হয়।
টাব বাথ্
এই পদ্ধতিৰ বাবে এটা ডাঙৰ পাত্ৰৰ প্ৰয়োজন। পাত্ৰটোত পানী ভৰাই মানুহজনক তাৰ ভিতৰত ভৰি কোঁচাই বহিবলৈ দিয়া হয়। পাত্ৰৰ পানীত মানুহজনৰ নাভিটো বুৰ গৈ থাকিব লাগে। মূৰত এখন ঠাণ্ডা পানীত তিওৱা কপাহী কাপোৰ ৰাখিব লাগে আৰু মাজে মাজে সোঁহাতৰ তলুৱা নাভিৰ ওপৰত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰাব লাগে। এইদৰে ১০-১৫ মিনিট বহি পাত্ৰৰ পৰা ওলাই এখন তিতা টাৱেলেৰে গোটেই গাটো মচি পেলাব লাগে।
ঠাণ্ডা পানীৰ ৰাজহাড় স্নান
এই পদ্ধতিৰ বাবে এক বিশেষ ধৰণৰ পাত্ৰ পোৱা যায়। সেই পাত্ৰত পিঠি পেলাই ৰাজহাড় পানীত বুৰাই ৰোগী এজনক ১০-১৫ মিনিটৰ বাবে শুৱাই ৰখা হয়। সেই অৱস্থাত মূৰত এখন ঠাণ্ডা পানীত তিওৱা কপাহী কাপোৰ ৰাখিব লাগে।
হস্তপাদ স্নান
এই চিকিৎসাৰ বাবে এটা ‘আৰ্ম এণ্ড ফুট্ বাথ্ টেব্’-ৰ প্ৰয়োজন। ৰোগীজনক প্ৰথমতে এগিলাচ কুহুমীয়া গৰম পানী খুৱাই পাত্ৰৰ ঠাণ্ডা পানীত ভৰি আৰু হাত বুৰাই ৰখা হয়। মূৰত এখন ভিজা টাৱেল ৰাখিব লাগে। এইদৰে ১০-১৫ মিনিট বহুৱাই ভিজা টাৱেল এখনেৰে গোটেই গাটো ভালদৰে মচি পেলাব লাগে।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ওপৰত উল্লেখ কৰা পদ্ধতিসমূহ প্ৰয়োগ কৰাৰ উপৰি খাদ্য তালিকা সম্বন্ধে সচেতন হোৱাটো কিন্তু অতি জৰুৰী। এনে ধৰণৰ ৰোগীয়ে গাখীৰ, ঘিউ, মাখন, ভজা খাদ্য, দাইল, মাছ, মাংস, কণী, ময়দা, তেল, জলকীয়া, মছলা, নতুন চাউলৰ ভাত, চেনি, চাহ, কফি, বিড়ি, চিগাৰেট, মদ, তামোল আদি খাব নালাগে।
অমিতা, আমলখি, কমলা, মৌচুমী, আপেল, তৰমুজ, নেমুটেঙা, দৈ, ঘোল, পালেং শাক, পিঁয়াজ, নহৰু, তিয়ঁহ, পানীলাউ, বিলাহী, কোমোৰা, গাজৰ আদি খাদ্যসমূহ নিয়মিতৰূপে গ্ৰহণ কৰিব পাৰে। ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটি খাব পাৰিলে ভাল। দৈনিক দুপৰীয়া ভাতৰ লগত তেঁতেলী টেঙা খাব লাগে। গৰম ভাতৰ লগত নহৰু খালে ভাল। একাপ পানীত ৪-৫ টা নহৰু সৰু সৰুকৈ কাটি পুৱা খালী পেটত পি খাব লাগে। ১ চামুচ পিঁয়াজৰ ৰস আৰু ১ চামুচ মৌ মিহলাই দিনত এবাৰকৈ খালে ৰক্তচাপ কমে। দৈনিক ভাত খোৱাৰ পিছত ২-৩ টাকৈ আমলখি খাব পাৰিলে ভাল। ৰাতি খাব নালাগে। প্ৰতিদিনে ২-৩ লিটাৰ বিশুদ্ধ পানী খাব লাগে। খাদ্য সহজ পাচ্য আৰু আঁহজাতীয় হ’ব লাগে যাতে তাৰ পৰা কোষ্ঠকাঠিন্য সৃষ্টি হ’ব নোৱাৰে। বতৰৰ ফলমূল যথেষ্ট পৰিমাণে খাব লাগে। নিমখৰ ব্যৱহাৰ সীমিত কৰিব লাগে। হঠাত্ বাঢ়ি অহা ৰক্তচাপ সোনকালে কমাবৰ বাবে ২০ মিনিট যোগনিদ্ৰাৰ অভ্যাস কৰিব লাগে। নিয়মিত যোগনিদ্ৰা আৰু ধ্যানৰ অভ্যাস উচ্চ ৰক্তচাপৰ লক্ষণসমূহ সৃষ্টি হোৱাৰ আশংকা কমাই দিয়ে। খং, আবেগ আদি যথাসম্ভৱ পৰিহাৰ কৰিব লাগে। মনটো স্ফূৰ্ত্তিত ৰাখিব লাগে। নিজে সহ্য কৰিব নোৱৰা পৰিৱেশৰ পৰা আঁতৰি থকাটো ভাল। নিয়মিত ২-৩ কিল’মিটাৰ খোজ কাঢ়িব লাগে। দিনটোত এঘণ্টা হ’লেও শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। নিয়মিত পুৱা-গধূলি প্ৰাৰ্থনা কৰিব পাৰিলে ভাল। দুপৰীয়াৰ আহাৰ ১২-১ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৮-৯ বজাৰ ভিতৰত খাব পাৰিলে ভাল। জীৱন ধাৰণৰ প্ৰণালী যিমান পাৰি প্ৰাকৃতিক হ’লে ভাল। ৰাতি কেতিয়াও ইচ্ছা কৰি উজাগৰে থাকিব নালাগে, দিনত শোৱা নিষিদ্ধ।
ওপৰত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যদি উচ্চ ৰক্তচাপৰ সমস্যাত আক্ৰান্ত লোকসকলে কোনো এটা উপযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰলৈ গৈ সঠিকভাৱে চিকিৎসা গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে খুব কম দিনৰ ভিতৰতে সুফল লাভ কৰিব বুলি ন দি ক’ব পাৰি।
লেখকঃ হিমালয় শৰ্মা, আমাৰ অসম।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়
উচ্চ ৰক্তচাপ ৰোগ নিৰাময়ত যোগ চিকিৎসা
উচ্চ ৰক্তচাপ আৰু ইয়াৰ নিয়ন্ত্ৰণ
তৃতীয় প্ৰজন্মৰ নেটৱৰ্ক