অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এৰ’বিক্সৰ যাদু

এৰ’বিক্সৰ যাদু

 

আজিৰ ব্যায়ামৰ যুগত এৰ'বিক্সক বহুতেই ক’ব খোজে এয়া শৰীৰ সুস্থ ৰখাৰ এটি ফেশ্বনেব’ল উপায়। ফেশ্বনেব’ল বুলি ক’লেও আধুনিক যুগত ই অতি দৰকাৰী হৈ পৰিছে। মার্কিন ফিট্‌নেছ বিশেষজ্ঞ এজনে এৰ’বিক শব্দটি প্রথম প্রয়োগ কৰিছিল বুলি পোৱা যায়। জগিঙৰ দৰে এই ব্যায়াম আজি অতি জনপ্রিয়। এনেকুৱা ধৰণৰ ব্যায়ামৰ বাবে মুক্ত বতাহ অতি প্রয়োজনীয়।

এৰ’বিক্স হ’ল মূলতঃ হাঁওফাঁও আৰু হৃদপিণ্ডৰ ব্যায়াম-

এই ব্যায়ামৰ দ্বাৰা উপকাৰ পোৱা যায়। কাৰণ এই ব্যায়ামৰ দ্বাৰা হাঁওফাঁও আৰু হৃদপিণ্ডৰ গতি বৃদ্ধি পায়। গতিকে ইয়াক বোলে ‘কার্ডিওভাস্কুলাৰ ব্যায়াম”। যিকোনো ব্যায়ামেই এৰ’বিক্স বিনে অসম্পূর্ণ বুলিব পাৰি। হৃদপিণ্ডই ঠিক মতে কাম কৰিলে শৰীৰত ৰক্ত সঞ্চালন ঠিক মতে কাম কৰিলে শৰীৰত শৰীৰত ৰক্ত সঞ্চালন ঠিক মতে হয়। যাৰ বাবে শৰীৰত শক্তি পোৱা যায়, চাপবোধ কম হয়, ভাল টোপনি হয়, মন ভালে থাকে।

এৰ’বিক্সৰ দ্বাৰা মস্তিস্ক আৰু শৰীৰ দুয়োটাৰে উপকাৰ হয়। শক্তিপ্রাপ্তি ঘটাৰ লগে লগে মনৰ অস্থিৰতা কমে। মনৰ চাপ প্ৰতিৰোধী ক্রিয়া দৃঢ় হয়, আত্মশক্তি, স্মৃতিশক্তি, মনোযোগ শক্তি বৃদ্ধি পায়। শৰীৰৰ স্বাভাৱিক কর্মক্ষমতা বাঢ়ে। এৰ'বিক্সৰ প্রশিক্ষকসকলে ক’ব খোজে এৰ’বিক্স কৰা লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, স্বাভাবিক স্বাস্থ্যৰ যথেষ্ট উন্নতি হয়, এই পদ্ধতিৰে ব্যায়াম কৰি যিসকল ফিট্‌ হৈ উঠিছে। তেওঁলোকৰ ব্যক্তিত্ব গঠন আৰু বৌদ্ধিক স্তৰৰো উন্নতি ঘটিছে। সাধাৰণতে হৃদপিণ্ডৰ পৰা শতকৰা বিশ ভাগ ৰক্ত প্রবাহিত হয় মস্তিস্কলৈ। এৰ’বিক্সৰ দ্বাৰা ৰক্ত সঞ্চালন বৃদ্ধি পায়, তাৰ ফলত মস্তিষ্কৰ জৈৱ ৰাসায়নিক ক্ৰিয়াৰ নিশ্চয় পৰিৱর্তন হয়, মস্তিস্কৰ কাৰ্যক্ষমতা বাঢ়ে।

এৰ’বিক্সৰ নিয়ম-

 

এৰ'বিক্সৰ বাবে প্রথমে কোনো এৰ'বিক্স চেণ্টাৰ নির্বাচন কৰি ল’ব পাৰে। ঘৰতে কৰিলে— প্রথমে কিছু ওজন তুলি দহ মিনিট সময় ৱার্ম আপ কৰি লওক। তাৰ পাছত দুভৰিৰ ওপৰত ভৰ দি লগতে হাত দুখন সঞ্চালন কৰি ছন্দায়িত গতিত ব্যায়াম কৰক। নিয়মিত এৰ'বিক্স কৰিলে ষ্টেমিনা, সহ্য শক্তি আৰু দেহৰ নমনীয়তা বৃদ্ধি পাব। যদি আগেয়ে কেতিয়াও ব্যায়াম কৰা নাই বা বহুত দিনৰ মূৰত কৰিছে, তেনেহ’লে সাৱধানে আৰম্ভ কৰিব। এৰ’বিক্স আৰম্ভ কৰাৰ আগে আগে চিকিৎসকৰ সৈতে পৰামর্শ কৰি ল’ব। যিহেতু এই ধৰণৰ ব্যায়ামে হাওঁফাঁও, হৃদপিণ্ড, ৰক্ত সঞ্চালনত প্রভাবিত কৰে গতিকে স্বাস্থ্যৰ ওপৰত ইয়াৰ প্রভাৱ খুবেই প্ৰত্যক্ষ।

দিনৰ যিকোনো সময়ত এৰ'বিক্স কৰিব পাৰি, কিন্তু পুৱাটো হৈছে আদর্শ সময়। যিহেতু এই সময়ত শৰীৰ সতেজ থাকে। কিছুমানে দিনটোৰ ব্যস্ততাৰ শেষত ৰাতিহে কৰে। ইও উপকাৰী। দিনটোৰ ব্যস্ততা আৰু চাপৰ পৰা মুক্তি পোৱা যায়। এৰ’বিক্সৰ বাবে সুন্দৰ স্থান নির্বাচন কৰি লোৱা উচিত। বেছি বস্তু-বাহনি নথকা খালী ৰূম, মুকলি ফিল্ড, ঘৰৰ লন ইত্যাদি। দৰকাৰী কথাটো হৈছে এৰ'বিক্স কৰিবলৈ গৈ আনৰ অনুকৰণ বা প্রতিদ্বন্দ্বী হ’বলৈ যোৱা যোৱা উচিত নহয়। নিজে যিখিনি পাৰে তাকে কৰিয়েই সন্তুষ্ট থকা উচিত। এৰ’বিক্স লগে-ভাগে বা গ্ৰুপত কৰি আনন্দ পোৱা যায়। তাৰ বাবে এৰ’বিক্স চেণ্টাৰ বাছি লোৱাই ভাল।

মাজত দুই-এদিন এৰ'বিক্স নকৰিব। তেতিয়া পেশী আৰু শৰীৰৰ সন্ধিবোৰে আৰাম পাব। এৰ'বিক্সৰ বাবে ভাল জোতাৰ দৰকাৰ। গোৰোহাৰ ফালে তাৰ ফিটিং যাতে ঠিকে থাকে আৰু সন্মুখৰ ফালে কিছু খালী ঠাই থাকে যাতে ভৰিৰ পটাৰ ভাজ দিওঁতে অসুবিধা নহয়। এৰ'বিক্স কেৱল বাহ্যিক উপকাৰেই নহয়। ইয়াৰ আভ্যন্তৰীণ উপকাৰো আছে বহুত। আভ্যন্তৰীণ চাপৰ ‘আউটলেট' হিচাপে এৰ'বিক্স খুবেই উপকাৰী। অফিচত চাকৰি কৰা, দিনটো অবিৰত কামত ব্যস্ত থকাসকলে এৰ'বিক্সৰ প্রশিক্ষণ লৈ এই ব্যায়াম কৰিলে অনুভৱ কৰিব জীৱনটো কিমান সলনি হৈছে। আমি আন বিলাসিতাক গুৰুত্ব দিওঁ, সুন্দৰ খাদ্য পোৱা বজাৰ, ডাইনিং টেবুলখনক গুৰুত্ব দিওঁ। কিন্তু শৰীৰ আৰু মনটোক প্রকৃততে সতেজ-সুস্থ-সবল কৰি ৰখা ব্যায়াম এৰ’বিক্স আদিক কম গুৰুত্ব দিও। কিন্তু আজিৰ চাপৰ যুগত ব্যায়াম বা এৰ’বিক্স খুবেই জৰুৰী।

লেখিকা: অংশুমা শইকীয়া, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate