অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টনচিলাইটিচ নিৰাময়ত যোগ চিকিৎসা

টনচিল টনচিল বুলি আমি সকলোৱেই চিঞৰো। কিন্ত আমি বহুতো মানুহে নাজানো যে টনচিল কোনো সমস্যা নহয় বা ৰোগ নহয়। আমাৰ সকলোৰে ডিঙিৰ দুয়োফালে দুটা গ্লান থাকে আৰু তাৰ নাম টনচিল। টনচিলত যেতিয়া কোনো কাৰণত প্ৰদাহ দেখা দিয়ে তেতিয়া তাক কোৱা হয় টনচিলাইটিচ। শীতৰ দিনত এই প্ৰদাহ বেছি হয়। শৰীৰৰ অলপ যত্নল’লে ইয়াৰ পৰা মুক্তি পাব পাৰি।

ঠাণ্ডা পানী বা আইচক্ৰিম বেছিকৈ খালে বা বেছিকৈ ঠাণ্ডা লাগিলে টনচিল সমস্যা হ’ব পাৰে। সেয়েহে শীত কালত ইয়াৰ প্ৰভাৱ বেছি দেখা যায়। কাৰণ শীতৰ দিনত ঠাণ্ডা লগাৰ সমস্যা বেছি হয়। ডিঙিৰ বিষ, খাবলৈ দিলে বিষ অনুভৱ কৰা, জ্বৰ জ্বৰ ভাৱ, চৰ্দি কাহ বেছি হোৱা গা খিৰ খিৰ কৰা, কাণত বিষ হোৱা, একো ভাল নলগা ইত্যাদি কাৰণে দেখা দিলে টনচিলৰ সমস্যা বুলি ধৰিব পাৰি।

কি কৰা উচিত

এই সমস্যা হ’লে চিকিৎসকৰ সহায় লব। ঠাণ্ডা নলগাব। ঠাণ্ডা পানী নাখাব। শীতৰ দিনত প্ৰ্যোজনীয় গৰম কাপোৰ লগাব। পাৰিলে নিমখ গৰম পানীত দি কুল কুলি কৰিব। গৰম আহাৰ গ্ৰহণ কৰিব। লগতে এই আসন ও ক্ৰিয়া সমূহ কৰিব। ফলত সুফল পাব। টনচিলাইটিচৰ হাতৰ পৰা মুক্তি পাবলৈ সৎস্যাসন, বৃষাসন, ভেদাসন, ৰাতি প্ৰাণায়াম নিয়মিত অভ্যাস কৰিব।

উষ্ট্ৰসন

প্ৰথমে আঠু ভাঙি নিব। ককালৰ পৰা শৰীৰৰ উধ্বাংস লাহে লাহে পিছফালে বেকা কৰি দুয়ো হাত নি দুই ভৰিৰ গেৰুহা ধৰি মাথা পিছৰ ফালে উলমা ইদিব লাগে।

মৎস্যাসন

চিৎ হৈ শুই দুই হাত সাহাৰ্য্যত মূৰ তুলি মূৰৰ আগফাল শৰীৰৰ ভিতৰ ফালে লৈ আহক। দুয়ো খন ভৰি যোৰা কৰিব। এনেভাৱে ১৫-২০ চেকেণ্ড মান সময় কৰিব।

বিপৰীত কৰণী মুদ্ৰাসন

চিৎ হৈ শুই ভৰি দুটা ওপৰৰ ফালে তুলিব লাগিব। সৰ্বাঙ্গসনৰ নিচিনা হাত দুয়ো খন দি পিঠি নধৰি মিতম্ব ধৰিব লাগিব আৰু ভৰিৰ বুঢ়া আঙুলি চকুৰ সমান্তৰালকৈ ৰাখিব লাগিব।

বগ্ৰাসন

বজ্ৰাসনে বহক অৰ্থাৎ আঠু ভাজ কৰি বহক। তাৰ পিছত ভৰি পিছফালে প্ৰসাৰিত কৰক। দুই হাত আঠুৰ ওপৰত ৰাখি পিছফালে বেকা কৰক। অনুৰুপ ভাৱে ভৰি বদলি কৰক। এইদৰে দুই- তিনি বাৰ কৰক। সোঁ-বাওঁ মিহলাই এবাৰ কৰক।

ডিপ ব্ৰিদিৎ

পদ্মাসন বা বজ্ৰাসনত বহি প্ৰথমে নাক দি শ্বাস নিব আৰু মুখ দি হা কৰি উশাহ উলিয়াব লাগিব। এনে ধৰণে ১-২ মিনিট অভ্যাস কৰক নিশ্চয় সুফল্ পাব।

লেখিকা: ডাঃ নিৰ্মলা শৰ্মা, স্বাস্থ্য চৰ্চা

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate