অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বজ্ৰাসন আৰু ছটা গুৰুত্বপূৰ্ণ আসন

বজ্ৰাসন যিকোনো খাদ্য খোৱাৰ পিছতেই কৰিব পৰা আসন যদিও বজ্ৰাসনত বহি কৰিব পৰা আন আসনবোৰ খাদ্য খোৱাৰ পিছতেই কৰিব নোৱাৰি। এই আসনবোৰ খাদ্য খোৱাৰ ২-৩ ঘন্টাৰ পিছত কৰিব লাগে। নহ’লে শৰীৰত বিসংগতিয়ে দেখা দিব পাৰে। বজ্ৰাসনত বহি কৰিব পৰা ছয়বিধ গুৰুত্বপূৰ্ণ আসনৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

অৰ্দ্ধকুৰ্মাসন

নিষেধ

কঁকালৰ বিষ থকা ব্যক্তিসকলে বিষ নকমা পৰ্যন্ত এই আসনটো নকৰিব।

পদ্ধতি

বজ্ৰাসনত বহি লৈ লাহে লাহে উশাহ টানি নমস্কাৰ ভংগীৰে হাত দুখন মেৰুদণ্ডৰ সৈতে একে ৰেখাত থাকিব। এতিয়া লাহে লাহে নিশাহ এৰি সন্মুখৰ ফালে হালি আহক। থুতঁৰি, নাক, কপাল মজিয়াত লগাই হাত দুখন নমস্কাৰ ভংগীত সন্মুখৰ ফালে ৰাখক। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট সময় থাকক। একে পদ্ধতিৰে আসনটো ৫ বাৰ পুনৰাবৃত্তি কৰক।

উপকাৰ

পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ, বৃহদন্ত্ৰ, যকৃত, প্লীহা, অগ্ন্যাশয় আদি আভ্যন্তৰীণ অংগবোৰলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। ফলত অজীৰ্ণ কোষ্ঠবদ্ধতা, গ্ৰহণী, ডায়েবেটিছ, ভৰিৰ গাঁঠি আৰু আঁঠুৰ বিষ নিৰাময় হয়।

শশকাসন

নিষেধ

কঁকালৰ বিষ থকা ব্যক্তিসকলে বিষ নকমা পৰ্যন্ত এই আসনটো নকৰিব।

পদ্ধতি

বজ্ৰাসনত বহি উশাহ লৈ দুয়োখন হাত ওপৰলৈ উঠাই সামান্য পাছফালে হালি যাওক। এতিয়া নিশাহ এৰি লাহে লাহে সন্মুখৰ ফালে হালি আহি হাতৰ তলুৱা, কপাল, নাক আৰু থুঁতৰি মজিয়াত লগাই দিয়ক। হাত দুখন সন্মুখৰ ফালে মেলি ৰাখিব। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট সময় থাকক। একে পদ্ধতিৰে আসনটো ৫-১০ বাৰ পুনৰাবৃত্তি কৰক।

উপকাৰ

ইয়াৰ উপকাৰ অৰ্দ্ধকুৰ্মাসনৰ দৰে একে। লগতে হাপানী, হৃদৰোগ আদি দূৰ কৰে। এই আসনে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ সুঠাম কৰে।

মণ্ডুকাসন

নিষেধ

কঁকালৰ বিষ, ছয়মাহ নোহোৱা পেটৰ অস্ত্ৰোপচাৰ থাকিলে আসনবিধৰ অভ্যাস কৰিব নালাগে।

পদ্ধতি

বজ্ৰাসনত বহি দুয়োখন হাতৰ মুঠি মাৰি লওক। মুঠি মাৰোতে বুঢ়া আঙুলি ভিতৰ সোমাই বাকী চাৰিটা আঙুলিৰে হেঁচি ধৰিব। এতিয়া দুয়ো মুঠি লগ লগাই নাভিৰ কাষত ৰাখি সম্পূৰ্ণকৈ নিশাহ এৰি দি হাতেৰে পেট ভিতৰলৈ ঠেলক। লাহে লাহে সন্মুখৰ ফালে হালি পেট, বুকু উৰুৰ ওপৰত লগাওক আৰু দৃষ্টিসন্মুখৰ ফালে ৰাখক। এইদৰে ১০-২০ ছেকেণ্ড সময় থাকক। উশাহ লৈ পুনৰ আগৰ অৱস্থালৈ আহক। একে পদ্ধতিৰে আসনটো ৫-১৫ বাৰ পুনৰাবৃত্তি কৰক।

উপকাৰ

এই আসনৰ ফল অৰ্দ্ধকুৰ্মাসন আৰু শশকাসনৰ দৰে একেই। ইয়াৰ বাহিৰেও বিশেষকৈ এই আসনটোৱে ডায়েবেটিছ ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণত সহায় কৰে। ই অগ্ন্যাশয় গ্ৰন্থিক অধিক সক্ৰিয় কৰি তোলে। ফলত অগ্ন্যাশয়ৰ কোষবোৰে তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে।

সুপ্তবজ্ৰাসন

নিষেধ

পিঠিৰ বিষ, হাওঁফাওঁৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা থাকিলে নকৰিব।

পদ্ধতি

বজ্ৰাসনত বহি হাত দুখন পিছলৈ নি মজিয়াত ভেজা দি চিৎ হৈ শোৱক। আঁঠু মজিয়াত লাগি থাকিব। এতিয়া হাত দুখন কিলাকুটিত ভাঁজ কৰি দুয়ো হাতৰ ওপৰত মূৰ থৈ (গাৰুৰ দৰে) চকু মুদি থাকক। উশাহ-নিশাহ স্বাভাৱিক। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট সময় থাকক। ইয়াৰ পিছত ভৰি দুখন মেলি দি পুনৰ আগৰ অৱস্থালৈ উঠি আহক। একে পদ্ধতিৰে আসনটো ৩-৫ বাৰ পুনৰাবৃত্তি কৰক।

উপকাৰ

মেৰুদণ্ড নমনীয় হয়, স্নায়ু আৰু মাংসপেশী সবল হয়, কঁকালৰ বিষ নিৰাময় হয়, পেট আৰু উৰুৰ চৰ্বি কমে। বাকী উপকাৰবোৰ অৰ্দ্ধকুৰ্মাসন, শশকাসন, মণ্ডুকাসনৰ দৰে একে।

সিংহাসন

পদ্ধতি

বজ্ৰাসনত বহি দুয়োটা আঁঠুৰ মাজত প্ৰায় ১.৫-২ ফুটামান ফাক ৰাখি হাত দুখন আঁঠু বা মজিয়াৰ ওপৰত হেঁচি ধৰি ৰাখক। এতিয়া নাকেৰে দীঘলকৈ উশাহ লৈ জিভা উলিয়াই (যিমান পাৰি) পুনৰ নিশাহ এৰি সিংহৰ দৰে ডিঙিৰ পৰা জোৰেৰ গুজৰি উঠক। এই সময়ত চকু দুটা যিমান পাৰে ডাঙৰকৈ মেলি ৰাখিব আৰু দৃষ্টি সন্মুখৰ ফালে থাকিব। একে পদ্ধতিৰে আসনটো ৩-৫ বাৰ পুনৰাবৃত্তি কৰক।

উপকাৰ

ফেৰিনজাইটিছ, টনছিলাইটিছ, থাইৰয়ড গ্ৰন্থিৰ সমস্যা, জিভাৰ জড়তা, কন্ঠস্বৰৰ সমস্যা, হৃদৰোগ, হাওঁফাওঁৰ ৰোগ নিৰাময় হয়। মুখৰ দুৰ্গন্ধ নাইকিয়া হয় আৰু চকুৰ স্নায়ু সবল কৰি দৃষ্টিশক্তি বৃদ্ধি কৰে।

হাস্যসন

পদ্ধতি

প্ৰথমে বজ্ৰাসনত বহি লওঁক। এতিয়া শ্বাস-প্ৰশ্বাস মৃদুভাৱে ৰাখি চকু আৰু ওঁঠৰে হাঁহি প্ৰকাশ কৰক। ইয়াৰ পিছত মিচিকিয়াই হাঁহক। মিচিকিয়া হাঁহিটো পৰিৱৰ্তন কৰি লাহে লাহে মুখ খুলি হাঁহক। এইবাৰ প্ৰাণ খুলি হাঁহক। শেষত বজাৰ দৰে ডাঙৰকৈ শব্দ কৰি হাঁহক। হাস্যসন দৈনিক ১-৩ মিনিট কৰিবলৈ অভ্যাস কৰক।

উপকাৰ

হাস্যাসনে লাফিং থেৰাপী হিচাপে কাম দিয়ে। যাৰ বাবে হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল হয়। শৰীৰত তেজ পৰিবহন ক্ষমতা বৃদ্ধি পায়। আৱেগ, উদ্বেগ, মানসিক অৱসাদ দূৰ হয়। শৰীৰ আৰু মন প্ৰফুল্লিত হয়। হাস্যাসনে মানুহক এক নতুন জীৱন প্ৰদান কৰে। সেয়ে ইয়াক শৰীৰ আৰু মনৰ সঞ্জীৱনী শক্তি বুলিব পাৰি।

লিখক: ৰংমন ৰংদৈ, দুনী আঞ্চলিক পতঞ্জলি যোগ সমিতিৰ যোগ প্ৰশিক্ষক।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate