বজ্ৰাসন হ’ল একপ্ৰকাৰৰ বিশ্ৰাম আসন, যদিও ইয়াক যিকোনো খাদ্য খোৱাৰ পিছতেই কৰিব পাৰি। কিন্তু বজ্ৰাসনত বহি কৰা বাকীবোৰ আসন খাদ্য খোৱাৰ ২-৩ ঘণ্টা পিছতহে কৰিব পাৰি। নহ’লে শৰীৰৰ ক্ষতি হ’ব পাৰে। বজ্ৰাসনত বহি কৰিব পৰা পাঁচবিধ গুৰুত্বপূৰ্ণ আসনৰ বিষয়ে তলত আলোচনা কৰা হ’ল।
নিষেধ
কঁকালৰ বিষ থাকিলে কৰিব নালাগে।
পদ্ধতি
বজ্ৰাসনত বহি উশাহ লৈ দুয়োখন হাত ওপৰলৈ উঠাই সামান্য পিছফালে হাউলি যাওক। আকৌ নিশাহ এৰি আহি লাহে লাহে লন্মুখৰ ফালে হালি আহি হাতৰ তলুৱা, কপাল, নাক আৰু থুঁতৰি মজিয়াত লগাই দিয়ক। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট থাকক। একে পদ্ধতিৰে এই আসনটো ৫-১০ বাৰ কৰক।
উপকাৰ
শৰীৰৰ আভ্যন্তৰীণ অংগবোৰ শক্তিশালী কৰে। লগতে হাপানী, হৃদৰোগ আদি দূৰ কৰে। এই আসনে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ সুঠাম কৰে।
নিষেধ
কঁকালৰ বিষ থকা ব্যক্তিসকলে বিষ নকমা পৰ্যন্ত এই আসনটো নকৰিব।
পদ্ধতি
বজ্ৰাসনত বহি লৈ লাহে লাহে উশাহ টানি নমস্কাৰ ভংগীৰে হাত দুখন মূৰৰ ওপৰলৈ উঠাওক। হাত দুখন মেৰুদণ্ডৰ সৈতে একে ৰেখাত ৰাখিব। এতিয়া লাহে লাহে নিশাহ এৰি থুঁতৰি, নাক, কপাল মজিয়াত লগাই হাত দুখন নমস্কাৰ ভংগীৰে সন্মুখৰ ফালে ৰাখক। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট সময় থাকক। একে পদ্ধতিৰে এই আসনটো ৫ বাৰ কৰক।
উপকাৰ
পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত্ৰ, যকৃত্, লীহা, অগ্ন্যাশয় আদি আভ্যন্তৰীণ অংগবোৰলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। অজীৰ্ণ, কোষ্ঠবদ্ধতা, গ্ৰহণী, ডায়েবেটিছ, ভৰিৰ গাঁঠি আৰু আঁঠুৰ বিষ নিৰাময় হয়।
নিষেধ
কঁকালৰ বিষ আৰু ছমাহ নোহোৱা পেটৰ অস্ত্ৰোপচাৰ থাকিলে এই আসনটো কৰিব নালাগে।
পদ্ধতি
বজ্ৰাসনত বহি দুয়োখন হাতৰ মুঠি মাৰি লওক। মুঠি মাৰোঁতে বুঢ়া আঙুলি ভিতৰ সোমাই বাকী চাৰিটা আঙুলিৰে হেঁচি ধৰিব। এতিয়া দুয়োটা মুঠি লগ লগাই মুঠি দুটা নাভিৰ কাষত ৰাখি সম্পূৰ্ণ উশাহ এৰি দি পেটৰ ভিতৰলৈ ঠেলক। লাহে লাহে সন্মুখৰ ফালে হালি পেট, বুকু, উৰুৰ ওপৰত লগাওক আৰু দৃষ্টি সন্মুখৰ ফালে ৰাখক। এইদৰে ১০-১২ ছেকেণ্ড সময় থাকক। উশাহ লৈ পুনৰ আগৰ অৱস্থালৈ আহক। একে পদ্ধতিৰে এই আসনটো ৫-১৫ বাৰ কৰক।
উপকাৰ
এই আসনৰ ফল অৰ্ধ কুৰ্মাসন আৰু শশকাসনৰ দৰে একেই। ইয়াৰ বাহিৰে বিশেষকৈ এই আসনটোৱে ডায়েবেটিছ ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণত সহায় কৰে। ই অগ্ন্যাশয় গ্ৰন্থিক অধিক সক্ৰিয় কৰি তোলে। ফলত অগ্ন্যাশয়ৰ কোষবোৰে তেজত ইনছুলিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে।
পদ্ধতি
বজ্ৰাসনত বহি আঁঠু দুটা ১.৫-২ ফুট ফাঁক কৰি হাত দুখন আঁঠু বা মজিয়াৰ ওপৰত হেঁচি ধৰি ৰাখক। এতিয়া নাকেৰে দীঘলকৈ উশাহ লৈ জিভা উলিয়াই সিংহৰ দৰে ডিঙিৰ পৰা জোৰেৰে গুজৰি উঠক। এই সময়ত দৃষ্টি সন্মুখৰ ফালে, চকু দুটা যিমান পাৰে মেলিবলৈ চেষ্টা কৰিব। এনে পদ্ধতিৰে আসনটো ৩-৫ বাৰ কৰক।
উপকাৰ
ফেৰেঞ্জাইটিছ, টনচিলাইটিছ, থাইৰয়ড গ্ৰন্থিৰ সমস্যা, জিভাৰ জড়তা, কণ্ঠস্বৰৰ সমস্যা, হৃদৰোগ, হাঁওফাঁওৰ ৰোগ নিৰাময় হয়। মুখৰ দুৰ্গন্ধ নাইকিয়া হয় আৰু চকুৰ স্নায়ু সবল কৰি দৃষ্টিশক্তি বৃদ্ধি কৰে।
নিষেধ
পিঠিৰ বিষ, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা থাকিলে নকৰিব।
পদ্ধতি
বজ্ৰাসনত বহি হাত দুখন পিছলৈ নি মজিয়াত ভেঁজা দি চিত্ হৈ শোৱক। আঁঠু মজিয়াত লাগি থাকিব। এতিয়া হাত দুখন কিলাকুটিত ভাঁজ দি মূৰৰ ওপৰত গাৰুৰ দৰে ৰাখি চকু মুদি থাকক। উশাহ-নিশাহ স্বাভাৱিক। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিট সময় থাকক। ভৰি দুখন মেলি পুনৰ আগৰ স্থিতিলৈ উঠি আহক। একে পদ্ধতিৰে এই আসনটো ৩-৫ বাৰ কৰক।
উপকাৰ
মেৰুদণ্ড নমনীয় হ’ব, স্নায়ু আৰু মাংসপেশী সবল হয়, কঁকালৰ বিষ নিৰাময় হয়, পেটৰ চৰ্বী কমে। বাকী উপকাৰকে অৰ্ধকুৰ্মাসন, শশকাসন, মণ্ডুকাসনৰ দৰে একেই।
লেখক: ৰংমন ৰংদৈ।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
খাদ্যৰ বিষয়ে জানি থওঁক
দৈনিক অভ্যাস কৰিবলগীয়া আসন
বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য
বজ্ৰাসন আৰু ছটা গুৰুত্বপূৰ্ণ আসন