অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগ চিকিৎসাৰে প্ৰাক্‌-ঋতুকালীন যন্ত্ৰণা নিৰাময় হয়

প্ৰাক-ঋতুকালীন বিস্ংগতি বোলতে ঋতুস্ৰাৱৰ আৰম্ভণিৰ কিছুদিন আগতে মহিলাই ভোগা কিছুমান শাৰীৰিক আৰু মানসিক যন্ত্ৰণাক বুজোৱা হয়। কিছুমান মহিলাইহে এই অসুবিধাত ভোগে। এই ৰোগত বহুবোৰ লক্ষণ দেখা যায়, সেই কাৰণে ইয়াক চিন্দ্ৰম্‌ অৰ্থাৎ ভালেমান যন্ত্ৰণাদায়ক লক্ষণৰ সমাহাৰ বুলি কোৱা হৈছে। কেৱল ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগে আগেহে এই লক্ষণবোৰ দেখা দিয়ে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ লগে লগে এই যন্ত্ৰণাবোৰ নোহোৱা হয়। এই ৰোগত ভুগিলে শৰীৰত সৃষ্টি হোৱা যন্ত্ৰণাই দেহৰ সকলো অঙ্গকে আক্ৰান্ত কৰে। ঋতুস্ৰাৱ আৰম্ভণিৰ কিছুদিন আগৰে পৰা এই লক্ষণবোৰে দেখা দিয়ে আৰু ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ লগে লগে নোহোৱা হয়। লক্ষণবোৰ যিদৰে হঠাতে আৰম্ভ হয়, তেনেদৰে ঋতু আৰম্ভণিৰ লগে লগে নাইকিয়াও হয়। এই যন্ত্ৰণাত ভোগা মহিলাৰ প্ৰতিগৰাকীৰ ক্ষেত্ৰত লক্ষণবোৰ একে নহৈ বেলেগ বেলেগ হব পাৰে।

শাৰীৰিক লক্ষণ

মূৰৰ বিষ, ককাঁলৰ বিষ, তলপেট আৰু হাড়ৰ গাঁঠিৰ বিষ আদি প্ৰায় সাধাৰণ লক্ষণ। স্তন ফুলি উঠা বা অধিক কোমল হৈ পৰা আদি কিছুমান অস্বস্তিকৰ অনুভূতি হোৱা, পেট ওফন্দা, কেতিয়াবা আঙুলি ফুলা, ভৰি ফুলা, ভৰিৰ পানীগাঁঠি ফুলা, গা গধুৰ অনুভৱ হোৱা, ছালত সৰু-সুৰা ফোঁহা উঠা, মুখত ব্ৰণ ওলোৱা, গাত চকলা বন্ধা আদি লক্ষণে দেখা দিব পাৰে।

দেহত পানীৰ সমতা ৰক্ষাত অসুবিধা হব পাৰে। ফলত বৃক্কই উপযুক্তভাবে দেহৰ পৰা বৰ্জ্য পানীভাগ বাহিৰ কৰাত অসুবিধা হয়। তেতিয়া দেহৰ ওজন কিছু বৃদ্ধি পায় আৰু কোনো কোনো অংশ ফুলি উঠিব পাৰে।চকু কিঞ্চিত স্ফীত হব পাৰে। যিসকল মহিলাই চকুত কণ্টেক্ট লেন্স ব্যৱহাৰ কৰে বা যিসকলে গ্লুক’মাৰ দৰে চকুৰ ৰোগত ভুগি থাকে, তেনে মহিলাই এই দিনকেইটাত যথেষ্ট অসুবিধা ভোগ কৰিব পাৰে।

এইবিলাকৰ বাহিৰেও যিবিলাক মহিলাই মাইগ্ৰেণ, মৃগী, হাঁপানি আদি ৰোগত আগৰে পৰাই ভুগি থাকে, তেনে মহিলাই এনে পি এম এছত ভোগাৰ দিনকেইটাত জটিলতাৰ সন্মুখীন হব পাৰে।

মানসিক লক্ষণ

PMS ৰ মানসিক লক্ষণ শাৰীৰিক লক্ষণতকৈ জটিল। মানসিক উদ্বেগ, উত্তেজনা, বিষাদগ্ৰস্ততা, মনৰ একাগ্ৰতা কমি যোৱা, মন খেলি-মেলি লগা, জধলাকৈ থাকিবলৈ মন যোৱা, তন্দ্ৰাভাৱ আদি লক্ষণে দেখা দিব পাৰে।

ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে মগজুৰ হাইপ’থেলামাছ অংশই আৰু এই হাইপ’থেলামাছ অংশৰ নিচেই ওচৰতে থকা মাহৰ গুটিটোৰ আকাৰৰ পিটুইটাৰি গ্ৰন্থিৰ অৰা নি:সৃত দুই বিশেষ গ্ৰন্থিৰস বা হৰমোনে। হাইপ’থেলামাছৰ সহায়ত পিটুইটাৰি গ্ৰন্থিৰ দুই গ্ৰন্থিৰসে ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে। মগজুৰ হাইপ’থেলামাছ অংশই আৱেগ, স্ংবেদনশীলতা আদি নিয়ন্ত্ৰণ কৰে। PMS চলি থকা অৱস্থাত হাইপ’থেলামাছ অংশও প্ৰভাৱিত হয় আৰু তাৰ ফলত বিষাদগ্ৰস্থতা আৰু হতাশাগ্ৰস্ততাই দেখা দিব পাৰে। যিবিলাক গ্ৰন্থিয়ে গ্ৰন্থিৰস উৎপন্ন কৰে সেই গ্ৰন্থিবোৰক এণ্ডোক্ৰাইন গ্ৰন্থি বোলে। এই গ্ৰন্থিবিলাক হল-বৃক্কৰ লগত স্ংলগ্ন এড্ৰিনেল গ্ৰন্থি ডিঙিত থকা থাইৰয়ড গ্ৰন্থি, থাইৰয়ড গ্ৰন্থীৰ দুয়োকাষে থকা পেৰা থাইৰয়দ গ্ৰন্থি, মহিলাৰ ডিম্বকোষ আৰু পুৰুষৰ অণ্ডকোষদ্বয় এনেধৰণৰ অন্ত:স্ৰাৱী গ্ৰন্থি। অতি গুৰুত্বপূৰ্ণ গ্ৰন্থি হৈছে পিটুইটাৰী গ্ৰন্থি। কাৰণ এই গ্ৰন্থিত উত্পন্ন গ্ৰন্থিৰসে দেহৰ উপৰোক্ত গ্ৰন্থিবোৰৰ গ্ৰন্থিৰস উত্পন্ন কাৰ্য নিয়ন্ত্ৰণ কৰে। অৰ্থাত গ্ৰন্থিবোৰক নিজৰ নিজৰ গ্ৰন্থিৰস উৎপন্ন কৰিবলৈ পিটুইটেৰী গ্ৰন্থিয়ে উত্তেজিত কৰে। এই কাৰণেই পিটুইটাৰি গ্ৰন্থিক এণ্ডোক্ৰাইন পদ্ধতিৰ মূৰব্বী বুলি কোৱা হয়। হৰমোন বিলাক হ’ল এক বিশেষধৰণৰ ৰসায়নিক যিয়ে দেহৰ বৰ্দ্ধন পানীৰ সমতা ৰক্ষা আৰু যৌন প্ৰণালীৰ সক্ষমতা আদি নিয়ন্ত্ৰণ কৰে। মগজুত হাইপ’থেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিয়ে একেলগে এই গ্ৰন্থিবোৰৰ গ্ৰন্থিৰস উৎপন্ন কাৰ্য নিয়ন্ত্ৰণ কৰে। এটাই যদি গ্ৰন্থিৰস উত্পন্নত সমতা ৰক্ষা কৰিব নোৱাৰে তেন্তে আন গ্ৰন্থিবোৰৰ কাৰ্যও বিসংগতিপূৰ্ণ হৈ পৰে। কাৰণ এণ্ডোক্ৰাইন পদ্ধতিত প্ৰতিটো গ্ৰন্থিৰ কাৰ্যকলাপৰ ইটোৰ লগত সিটোৰ নিচেই ওচৰ সম্বন্ধ আছে। এই এণ্ডোক্ৰাইন পদ্ধতিৰ কোনো এঠাইত বিসঙ্গতিয়ে দেখা দিলে দেহত নানান সমস্যাৰ সৃষ্টি হয়।

ঋতুস্ৰাৱ নিয়ন্ত্ৰক চাৰিবিধ হৰমোনৰ, দুবিধ হৰমোন উত্পন্ন হয় পিটুইটাৰী গ্ৰন্থিত আৰু আন দুবিধ উত্পন্ন হয় ডিম্বাশয়ত। পিটুইটাৰী গ্ৰন্থিৰ এই বিশেষ হৰমোন দুবিধ হ’ল-ফলিকুল ষ্টিমুলেটিং হৰমোন আৰু লিউটিনাইজিং হৰমোন। ডিম্বাশয়ত উত্পন্ন হোৱা হৰমোন দুবিধ হ’ল- ‘এষ্ট্ৰোজেন’ আৰু ‘প্ৰোজেষ্টেৰণ’। এই চাৰিবিধ গ্ৰন্থিৰসৰ সাম্য অৱস্থাই ঋতুস্ৰাৱৰ ক্ৰমবিৱৰ্তনৰ স্তৰ কেইটি সুচাৰুৰুপে নিয়ন্ত্ৰণ কৰে। দুয়োবিধ পিটুইটাৰি হৰমোনে ডিম্বাশয়ক তাৰ হৰমোন দুবিধ সময়মতে উত্পন্ন কৰিবলৈ উত্তেজিত কৰে।

প্ৰাক-ঋতুস্ৰাৱকালীন বিস্ংগতিৰ কাৰণ

ইয়াৰ মুখ্য কাৰণ নিৰুপণ কৰা কঠিন যদিও হাইপ’থেলামাছ আৰু এণ্ডোক্ৰাইন পদ্ধতিৰ ভিতৰত যি কাৰ্য সম্পাদন হয় তাৰ কোনো এঠাইত বিজুতি হোৱাটোৱেই ইয়াৰ মুখ্য কাৰণ। বিশেষকৈ মগজুত হাইপ’থেলামাছ, পিটুইটাৰী আৰু ডিম্বকোষ এই তিনিওটাৰ ভিতৰত যিকোনো এটাৰ বিস্ংগতি হ’লেই ঋতুস্ৰাৱৰ আগতে যন্ত্ৰণাদায়ক লক্ষণবোৰে দেখা দিয়ে। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে তেজত প্ৰোজেষ্টৰণ হৰমোনৰ অভাৱৰ ফলতেই পি এম এছে দেখা দিয়ে। গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে এণ্ডোক্ৰাইন গ্ৰন্থিবোৰে উৎপন্ন কৰা হৰমোনবোৰৰ কোনো এবিধৰ অসাম্য অৱস্থায়ো এই যন্ত্ৰণাবোৰ সৃষ্টি কৰিব পাৰে। এই হৰমোন বোৰ স্বাভাৱিক মাত্ৰাত উত্পন্ন নহ’লে দেহত পানীভাগ আৰু দেহস্থ খনিজ পদাৰ্থ সাম্য অৱস্থালৈ নিয়াত অসুবিধাৰ সৃষ্টি হয়। ফলত দেহৰ অংগ-প্ৰত্যংগ আদি কিছু পৰিমাণে ফুলা যেন অনুভৱ হয়। শাৰীৰিক আৰু মানসিক এই দুয়োবিধ যন্ত্ৰণাই দেখা দিয়ে। শৰীৰ আৰু মন দুয়োৰে নিবিড় সম্বন্ধ। গতিকে মানসিক বিস্ংগতিয়ে শাৰীৰিক বিসংগতিৰো সৃষ্টি কৰে। যেনে- মানসিক উতকণ্ঠাই সৃষ্টি কৰে পাকস্থলীত ক্ষত, অন্ত্ৰ ক্ষত ৰোগ। তেনেদৰে শাৰীৰিক বিসংগতিয়ে সৃষ্টি কৰে মানসিক বিসঙ্গতি।

অন্যান্য কাৰণ

অন্যহাতেদি মগজুৰ ৰসায়নৰ অসামঞ্জস্যতাৰ ফলতো এই বিস্ংগতিয়ে দেখা দিব পাৰে।

  • কিছুমান ঔষধে মগজুৰ ৰসায়ন উত্পন্নত বিসংগতিৰ সৃষ্টি কৰে। যেনে- Sedatives, tranquillizer, anti-depressants আৰু মানসিক ৰোগৰ কিছুমান ঔষধে।
  • দেহত ভিটামিন বি-৬ অভাৱেও এষ্ট্ৰোজেন আৰু প্ৰোজেষ্টৰণ হৰমোন সমতা ৰক্ষাত বাধাৰ সৃষ্টি কৰে। তেতিয়াও পি এম এছে দেখা দিব পাৰে। পি এম এছ হোৱাৰ কাৰণ অনেক হব পাৰে। প্ৰকৃত কাৰণ কি সেইবিষয়ে এতিয়াও সঠিকভাৱে জানিব পৰা নাই। এই যন্ত্ৰণা নিৰাময়ৰ বাবে ব্যৱহৃত সকলোবিলাক ৰাসায়নিক ঔষধৰে পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে। তাৰে কিছুমান ঔষধ বিৰক্তিদায়ক আৰু বিপজ্জনকো। গতিকে প্ৰকৃত কাৰণ নজনাকৈ আৰু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ গ্ৰহণ কৰা অনুচিত।

যোগ অভ্যাস আৰু ধ্যানৰ দ্বাৰা পি এম এছৰ নিৰাময়

প্ৰাকৃতিক উপায়েৰে কেৱল যোগ আৰু ধ্যানৰ দ্বাৰা এই বিসংগতি নিৰ্মূল কৰিব পাৰি। বিশেষ কিছুমন যোগ অনূশীলনেৰে মগজুৰ হাইপ’থেলামাছ, পিটুইটাৰি গ্ৰন্থি, ডিম্বকোষ আৰু অন্যান্য এণ্ডোক্ৰাইন গ্ৰন্থিবোৰলৈ ৰক্তসঞ্চালনৰ বেগ বৃদ্ধি কৰি গ্ৰন্থিবোৰক সক্ৰিয় কৰি তুলিব পাৰি। তাৰ ফলত এইবিলাকৰ পৰা নি:সৃত হৰমোনৰ পৰিমাণ স্বাভাৱিক হয় আৰু লগে লগে ঋতুস্ৰাৱৰ আগৰ সকলো যন্ত্ৰণা নিৰাময় হয়। যোগ আৰু ধ্যানৰ দ্বাৰা দেহস্থ সকলো প্ৰণালীৰ লগতে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি তোলা হয়। ফলত যি কৰণতে প্ৰাক-ঋতুকালীন যন্ত্ৰণা নহওঁক কিয় তাক নিৰ্মূল কৰা অতি সহজ হৈ পৰে। এই ৰোগত সাধাৰণভাৱে পথ্য-অপথ্যৰ ওপৰত কিছু দৃষ্টি ৰাখি তলত উল্লেখ কৰা যৌগিক বিধান কেইটি অভ্যাস কৰিব লাগে।

যোগ চিকিৎসা ৰাতিপুৱা

সহজ বস্তিক্ৰিয়া আৰু আনুষংগিক আসন মুদ্ৰাদি, প্ৰাত:কৃত্যাদিৰ পাছত টাব-বাথ-৫ মিনিট। টাবত বহি মূলবন্ধ মুদ্ৰা ২০ বাৰ, মহা মুদ্ৰা ২০ বাৰ, সহজ প্ৰাণায়াম দুই মিনিতকৈ।

গধুলি

সৰ্ব্বাঙ্গাসন-৫ মিনিট,। মতস্যাসন-২ মিনিট, পশ্চিমোত্তাসন-২ বাৰ, উষ্ট্ৰাসন-২ মিনিট, সহজ প্ৰাণায়াম  নং ৫ আৰু ৭, ৫ মিনিটকৈ।

এদিন বাদে এদিন গধুলি আসন-মুদ্ৰা অভ্যাসৰ বাদে কেৱল সহজ প্ৰাণায়াম ন্ং- ৭, ৫ মিনিট অভ্যাসৰ পাচত ভাৱাতীত ধ্যান ২০ মিনিট কৰিব।

নিষেধ

যিমান দিন ঋতুস্ৰাৱ থাকিব, সিমান দিনলৈ সহজ প্ৰাণায়াম আৰু ধ্যানৰ বাহিৰে আন কোনো যৌগিক ক্ৰিয়া অনুষ্ঠান অভ্যাস নকৰিব।

নিয়ম আৰু পথ্য

নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰিব, মুক্ত বতাহৰ পৰা বঞ্চিত নহব, চিত্তৰ অতৃপ্তি, অশান্তি দূৰ কৰিব। আহাৰ-বিহাৰৰ ত্ৰুটি দূৰ কৰিব, কোষ্ঠবদ্ধতা নোহোৱাকৈ থাকিব। মহিলাৰ এই হৰমোনবিলাকৰ অভাৱতে মাতৃগ্ৰন্থি-জৰায়ু আদি জননতন্ত্ৰৰ কামত বিশৃঙ্খলাৰ সৃষ্টি হয়। কোষ্ঠ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে সদায় সহজ পাচ্য আহাৰ গ্ৰহণৰ ওপৰত গুৰুত্ব দিব, নিয়মীয়াকৈ ফলৰ ৰস বা ফল খাব।

সঞ্জয় চলিহা, যোগ চিকিৎসক আৰু যোগ বিশেষজ্ঞ, নাহৰকটীয়া, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate