হাঁপানি ৰোগত ভুগিলে ৰোগীৰ উশাহ-নিশাহ কষ্ট হয়। ই জীৱনী শক্তি হ্ৰাস কৰে। গুৰুতৰ অৱস্থাত ৰোগীক অক্সিজেন দিব লগা হ্য়। এই ৰোগত ভোগা ৰোগীয়ে উশাহ-নিশাহ ভালদৰে ল’ব নোৱাৰাৰ বাবে অক্সিজেনৰ অভাৱত ভোগে। ফলত শৰীৰৰ অন্যান্য অংগও দুৰ্বল হৈ আহে।এনে ৰোগীৰ হাওঁফাওঁত শ্লেস্মা জমা হৈ থাকে,ফলত হাওঁফাওঁৰ বায়ু মোনা বোৰত আৱশ্যকীয় পৰিমাণত বিশুদ্ধ বায়ু প্ৰৱেশ কৰিব নোৱাৰে। যাৰ ফলত শৰীৰত অক্সিজেনৰ অভাৱ হয় আৰু এই অভাৱ পূৰাৱৰ বাবে ঘন ঘনকৈ উশাহ-নিশাহ ল’ব লগা হয়। উশাহ-নিশাহ ঘন হৈ পৰিলে হৃদপিণ্ডৰ ওপৰতো প্ৰৱল চাপ পৰে আৰু তাৰ ফলত হৃদপিণ্ডও দূৰ্বল হয়। হাওঁফাওঁৰ বায়ু মোনাবিলাক শ্লেস্মাৰ দ্বাৰা বন্ধ হৈ পৰিলে সহজভাৱে স্বাস গ্ৰহণ আৰু ত্যাগ কৰিব নোৱাৰা হয়। শ্বাস ত্যাগ কৰোতে কষ্ট হয়। বুকুত হেঁচা মাৰি ধৰে। এই ৰোগত শ্বাসতন্ত্ৰ স্বাভাৱিকভাৱে প্ৰসাৰিত হ’ব নোৱাৰে আৰু ই স্ংকুচিত অৱস্থাত থাকে। যাৰ ফলত উশাহত বায়ুত যি জলীয় বাস্প হাওঁফাওঁত প্ৰৱেশ কৰে সি উপযুক্তভাৱে নিশ্বাসত বাহিৰ হ’ব নোৱাৰি বায়ু মোনাত জমা হৈ শ্লেস্মাত পৰিণত হয়। এনে হ’লে দেহত সৃষ্টি হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰদূষিত পৰিৱেশৰ বিষাক্ত গেছ, ধোঁৱা আদি অপদ্ৰব্য উশাহৰ যোগে হাওঁফাওঁত প্ৰৱেশ কৰে। সেইবিলাকো উপযুক্তভাৱে বাহিৰ হ’ব নোৱাৰি তেজৰ লগত মিহলি হৈ তেজ বিষাক্ত কৰে, তেতিয়া দেহৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। ফলত দেহ অন্যান্য ৰোগৰ দ্বাৰাও আক্ৰান্ত হ’ব পাৰে। হাঁপানি ৰোগীৰ উশাহ-নিশাহত এটা সুহুৰীৰ দৰে শব্দ শুনা যায়।
এই ৰোগ বিভিন্ন কাৰণত হ’ব পাৰে। যেনে-
১) এলাৰ্জি,
২) আনুবংশিক কাৰণ,
৩) প্ৰদূষণ,
৪) মানসিক উদ্বিগ্নতা।
১) ব্ৰংকাইটিছ: এই ৰোগত অত্যধিক কাহ হয়। কিন্তু কফ নোলায়। অকণমান কফ ওলালেও ৰোগীয়ে কিছু আৰাম পায়।
২) হাওঁফাওঁৰ স্ংকোচন ক্ষমতা কমি যায়। ফলত অকনমান কাম কৰিলে বা খোজ কাঢ়িলেই ফোঁপনি উঠে।
৩) হৃদযন্ত্ৰত চাপ বৃদ্ধি হৈ দূৰ্বল হৈ পৰে।
৪) হাওঁফাওঁ দূৰ্বল হোৱাৰ ফলত হাওঁফাওঁত যক্ষ্মাজাতীয় স্ংক্ৰমণজনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
৫) নিউমোনিয়া হ’ব পাৰে। জটিল অৱস্থাত তেজ মিহলি কফ ওলাব পাৰে আৰু থুইৰ লগত তেজ ওলাব পাৰে।
৬) হাওঁফাওঁৰ দুই আৱৰণৰ মাজত থকা চেৰাচ ফ্লুইডৰ পৰিমাণ বৃদ্ধি হৈ প্লুৰিচী নামৰ ৰোগ হ’ব পাৰে।
এলাৰ্জি বা প্ৰদূষণৰ দ্বাৰা এই ৰোগ হ’লে প্ৰদূষিত পৰিৱেশৰ পৰা যিমান দূৰ পৰা যায় আঁতৰত থাকিব।
যোগ চিকিৎসাই এই ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণত মহৌষধৰ দৰে কাম কৰে।
দীঘল উশাহ-নিশাহৰ সৈতে কৰা যৌগিক ব্যায়াম আৰু প্ৰাণায়ামে হাওঁফাওঁৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে।
হাওঁফাওঁৰ স্ংকোচন-প্ৰসাৰণ কৰাৰ ফলত বায়ু মোনাবিলাকত জমা হৈ থকা শ্লেস্মা নিৰ্গত হয়। ফলত হাওঁফাওঁৰ বায়ু ধাৰণ ক্ষমতা স্বাভাৱিক অৱস্থালৈ আহে। উশাহ-নিশাহৰ দ্বাৰা কৰা এনে ব্যায়ামৰ ফলত হাওঁফাওঁলৈ ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু হাওঁফাওঁত স্পঞ্জি কোষবোৰ শক্তিশালী হৈ পৰে। ফলত বহু বয়সলৈ হাওঁফাওঁৰ বায়ু ধাৰণ ক্ষমতা স্বাভাৱিক অৱস্থাত অটুট থাকে। এই আসন প্ৰাণায়মে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ফলত শৰীৰটো আন বহূতো ৰোগৰ পৰা মুক্ত হৈ থাকে।
যৌগিক চিকিৎসা
অৰ্দ্ধচন্দ্ৰাসন ৪ বাৰ, পাশ্চাত্য প্ৰাণায়াম ১ আৰু ২-১০ বাৰ, পুচ আপ ৪ বাৰ, ধনুৰাসন ৪ বাৰ, সহজ প্ৰাণায়াম ১-১০ বাৰ, বন্ধত্ৰয় ৫ বাৰ, সহজ প্ৰাণায়াম ন্ং ১ -১০ বাৰ, উজ্জায়ী প্ৰাণায়াম ৫ বাৰ, আকৌ পাশ্চাত্য প্ৰাণায়াম ১ আৰু ২-১০ বাৰ, সহজ প্ৰাণায়াম ন্ং ৭-৫ মিনিট। ধ্যানত যোগ ২০ মিনিট।
ইয়াত উল্লেখ কৰা আসন, মুদ্ৰা আৰু প্ৰাণায়াম উল্লেখ কৰা ক্ৰম অনুসাৰে কৰিব।
বিশেষভাৱে মন কৰিবলগীয়া, শীতকালত নিয়ৰ বা কুঁৱলী থাকিলে ভালকৈ সূৰ্য ওলোৱাৰ পিছতহে যৌগিক ব্যায়াম অনুশীলন কৰিব। যোগ ব্যায়ামত উশাহ-নিশাহৰ ছন্দ থকাৰ বাবেই হাঁপানি ৰোগ নিৰ্মূলত বিশেষ সহায়ক হয়। কিন্তু অন্যান্য ব্যায়ামত উশাহ-নিশাহৰ বিশেষ ছন্দ নথকাৰ বাবে জধে-মধে অভ্যাস কৰিলে হাঁপানি ৰোগ বৃদ্ধিহে হয়।
এই ৰোগত আয়ুৰ্বেদিক চিকিৎসা
১) সৰ্বাংগ সুন্দৰ ৰস (স্বৰ্ণ), নিৰ্দিষ্ট পৰিমাণত পিপলিৰ গুড়া, মৌ আৰু বাহক পাতৰ ৰস মিহলি কৰি দিনে এবাৰকৈ কেইদিনমান খাব লাগে।
২) সিজু গছৰ পাতৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। এই ঔষধ দুটিৰ ভিতৰত যিকোনো এটিৰ লগতে ওপৰত উল্লেখ কৰা যৌগিক বিধান কেইটি অভ্যাস কৰিলে হাঁপানি বা এজ্মা নিয়ন্ত্ৰণ আৰু নিবাৰণ কৰাৰ অভ্যাস কৰিব পাৰে।
সঞ্জয় চলিহা, যোগ চিকিৎসক তথা যোগ বিশেষজ্ঞ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।
শেহতীয়া উন্নীতকৰণ: : 6/17/2020
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা