শীতৰ দিনকেইটা শিশুৰ পৰা বয়সস্থলৈকে সঘনাই দেখা পোৱা অস্বস্তিকৰ ৰোগবিধেই হৈছে পানী লগা বা চৰ্দি। নিউমোকক্কাচ, ষ্টেফাইলোকক্কাচ ইত্যাদি জীৱাণণ্বোৰে উশাহ বা খাদ্যৰ সৈতে শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। বৰষুণত তিতিলে, ঠাণ্ডাপানীৰে গা ধুলে, ঠানডা দ্ৰব্য খালে, সেমেকা বা ঠাণ্ডা পৰিৱেশত থাকিলে ৰোগৰ বীজাণুৱে সহজে আক্ৰমণ কৰে। অন্যান্য সময়তো প্ৰকোপ বেছি হয়।
এইৰোগৰ আৰম্ভণিতে শৰীৰটো কুটকুটায়, বিষায়, নাক, কাণ, কপাল, মূৰ আৰু ডিঙিও বিষায়। চকু ৰঙা পৰি চলচলীয়া হয়। শৰীৰ ঠাণ্ডা হৈ পৰে। নাড়ীৰ গতি বাঢ়ে। সামান্য জ্বৰ উঠে। বাৰে বাৰে হাঁচি মাৰিবলগীয়া হয়। নাকেৰে পানী ওলায়। ডিঙি শুকাই আৰু ডিঙিত সুৰসুৰণি অনুভৱ হয়। মূৰটো গধুৰ হৈ পৰে। নাকৰ ভিতৰৰ টাৰ্বনেট নামৰ অংগবোৰ ফুলি শ্লেমাজাতীয় পদাৰ্থ ভৰি উশাহৰ নলী বন্ধ কৰি পেলায় কাৰণে নাক বন্ধ হৈ থাকে। লাহে লাহে কাহ আৰু স্বৰভঙ্গ হয়। ৰোগীৰ বমি হ্য় আৰু বমী ভাবো আহে। পায়খানা কঠিন হয়।
চৰ্দি শুকাই পানীবোৰ বুকুত গ’লে মূৰৰ বিষ, কপলৰ বিষ আৰু শুকান কাহ আদি আৰম্ভ হয়। নাক বন্ধ হৈ থাকিলে ৰোগীয়ে মুখেৰে উশাহ লবলগীয়া হয়, ফলত উশাহ লোৱা বায়ু বিশুদ্ধ নোহোৱাৰ কাৰণে সঘনাই ডিঙিৰ অসুখ, টনচিলাইঅটিছ, মাত ভঙা বা লেৰিনজাইটিছ আৰু হাওঁফাওঁৰ অসুখ, নিউমোনিয়া, হাঁপানি, প্লুৰিচি, যক্ষ্মা প্ৰভৃতি ৰোগ হ’ব পাৰে।
চৰ্দি জ্বৰ হ’লে সুচিকিতসাৰ লগতে কিছু ঘৰুৱা দিহা মানি চলিলে ৰোগ্বিধৰ পৰা পৰিত্ৰাণ পাব পাৰি। শৰীৰত যাতে ঠাণ্ডা নালাগে তাৰ বাবে গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে। গাধোৱা পানী কুহুমীয়া গৰম কৰি ল’ব লাগে। ৰাত্ৰি শোৱাৰ আগতে ভৰি দুখন কুহুমীয়া গৰম পানীত কেইমিনিটমান জুবুৰিয়াই ৰাখি পিছত তলুৱা দুখন গৰম সৰিয়হৰ তেলেৰে মালিচ কৰি দিব লাগে। গৰম পানী, গৰম আহাৰ খাব লাগে। বিজলুৱা আৰু ঠাণ্ডা আহাৰ খাব নালাগে। দৈ খালে নাকত সোপা মাৰি ধৰা শ্লেস্মা বাহিৰ হয়। জালুক, কেঁচা পিয়াজ, নহৰু, তুলসীপাতৰ ৰস, নেমু আৰু কমলাটেঙাৰ ৰস উপকাৰী। চৰ্দী লগাৰ সময়ত খুব বেছি দৈহিক পৰিশ্ৰম বা ব্যায়াম কৰিব নালাগে। যওগ-প্ৰাণায়াম উপকাৰী। প্ৰাণায়াম অভ্যাসত পানীলগা জ্বৰ প্ৰতিৰোধ আৰু নিৰময় কৰিব পাৰি।
কেইটামান প্ৰাণায়ামৰ প্ৰণালী তলত উল্লেখ কৰা হ’ল-
(১) যিকোনো এটি ধ্যানাসনত বা চকী এখনত মেৰুদণ্ড পোন কৰি বহক। বাওঁহাত বাওঁআঠুৰ ওপৰত ৰাখক। এতিয়া দুয়ো নাকেৰে গভীৰভাৱে উশাহ লৈ হাওঁফাওঁ পূৰ্ণ কৰি শেষ হ’লে লাহে লাহে নিশাহ এৰি দিয়ক। এইদৰে ৫/১০ মিনিট ক্ৰিয়াটোৰ অনুশীলন কৰক।
(২) মেৰুদণ্ড সৰল আৰু পোনকৈ ৰাখি যিকোনো এটা ধ্যানাসনত বহি লৈ উভয়ু নাকেদি জোৰেৰে আৰু সশব্দে পূৰাদমে বায়ু আকৰ্ষণ কৰক। বায়ু আকৰ্ষণ সমাপ্ত হ’লে দুয়োনাকেৰে লাহে লাহে অথচ সশব্দে বায়ু ৰেচন কৰক। এটা কথা মনত ৰাখিব যাতে বায়ু আকৰ্ষণৰ সময়ত থুতুৰি নত হৈ কন্ঠকূপত স্ংলগ্ন হ’ব। ৫ মিনিট ক্ৰিয়াটোৰ অনুষ্ঠান কৰক।
(৩) মেৰুদণ্ড পোন কৰি থিয় হৈ লওক। হাত দুখন নমস্কাৰৰ ভঙ্গীত কান্ধৰ সমান্তৰালকৈ সন্মুখৰ পিনে ৰাখক। এতিয়া উশাহ লৈ লৈ হাতদুখন খুলি সোঁহাত সোঁফালে আৰু বাওঁঅহাত বাওঁফালে কান্ধৰ সমান্তৰালকৈ ৰাখি নিশাহত পুনৰ সন্মুখলৈ আনক। দুই-তিনিমিনিট উক্ত ক্ৰিয়াটো কৰক।
(৪) এইবাৰো মেৰুদণ্ড পোন কৰি থিয় হৈ লওক। বাওঁ হাত বাওঁ স্তনৰ ওপৰত আৰু সোঁহাত সোঁস্তনৰ ওপৰত স্থাপন কৰক। এতিয়া দুয়ো নাকেৰে লাহে লাহে পূৰাদমে বায়ু আকৰ্ষণ কৰক।সেই সময়ত কিলাকুটি দুটা যথাসাধ্যে পিঠিৰ ফালে নিব লাগে। লাক্ষ্য ৰাখিব যেতিয়ালৈকে বায়ুহ আকৰ্ষণ হৈ থাকিব তেতিয়ালৈকে বক্ষপ্ৰদেশ আৰু হাতৰ মাংসপেশী, স্নায়ু প্ৰভৃতি যেন কঠিন হৈ থাকে। বায়ু আকৰ্ষণ শেষ হ’লে লাহে লাহে বায়ু ৰেচন কৰক। ৰেচকৰ সময়ত বুকু আৰু হাত অলপ ঢিলাই দিব লাগে। এইদৰে ১০ বাৰমান ক্ৰিয়াটো অভ্যাস কৰক।
উপৰোক্ত প্ৰাণায়াম কেইটি অভ্যাস কৰিলে বক্ষপিঞ্জৰৰ স্থিতিস্থাপকতা বৃদ্ধি পায়, হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল হয় আৰু সেই অংগবিলাকৰ স্বাভাৱিক ক্ৰিয়া অক্ষুণ্ণ ৰখাত সহায় কৰে। হাওঁফাওঁৰ বায়ু ধাৰণশক্তি বৃদ্ধি কৰাৰ বাবে শ্লেস্মা দোষ দূৰ হয়। চৰ্দি-কাহ ৰোগ আৰোগ্য কৰাৰ উপৰিও ইনফ্লুয়েঞ্জা, টাইফয়েড, নিউমোনিয়া, যক্ষ্মা, হাঁপানি প্ৰভৃতি ৰোগৰ আক্ৰমণো প্ৰতিৰোধ কৰে। তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাই নাড়ীবিলাক শোধন কৰি দেহক প্ৰাণশক্তি সম্পন্ন কৰি তোলে।
শ্ৰী দীপিকা নাথ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
পিয়াঁজৰ ৰোগ নিৰাময় গুণৰ বিষয়ে লিখা হৈছে ।
পানী লগা, চৰ্দি-জ্বৰ আদিৰ নিৰাময়ৰ বিধান