অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগবলেৰে কেইটামান বেমাৰৰ চিকিৎসা

সাম্প্ৰতিক কালত ভেজাল খাদ্যৰ বাবে মানুহৰ নানা ধৰণৰ বেমাৰ হৈছে। বিজ্ঞানে যিমানেই নতুন নতুন সৃষ্টিৰ অনুসন্ধিৎসু মনলৈ অগ্ৰসৰ হৈছে তেনেকৈ নানা ধৰণৰ প্ৰদূষণৰ কাৰণে পৃথিৱীত নতুন নতুন দূৰ্বহ বেমাৰৰ আৱিৰ্ভাৱ হৈছে। কেতিয়াবা কেতিয়াবা বিজ্ঞান জগত কৃতকাৰ্য্যতাৰ উচ্চ অৱৰোহণ কৰিছে আৰু কোনো কোনো ক্ষেত্ৰত ৰোগ নিৰাময়ৰ উপায় বিচাৰি বিমৰ্ষ হৈ পৰিছে।

যিয়েই নহওঁক বেমাৰৰ পিছে পিছে চিকিৎসা জগতো ধাৱমান হৈছে। সাধাৰণতে হ’ব পৰা অৰ্থাৎ শতকৰা ৮০ ভাগ মানুহৰ দেহত দেখা দিয়া কেইটামান বেমাৰৰ চিকিৎসাৰ বিষয়ে অৱগত কৰা হৈছে।

অম্লৰোগ দূৰ কৰক

এই ৰোগৰ লক্ষণসমূহ হ’ল খোৱা বস্তু হজম নোহোৱা, ভাগৰ লগা, তিতা বা টেঙা উগাৰ, বুকু জ্বলা জ্বলা লগা, অৰুচি আদি।

চিকিৎসা

এই ৰোগ হ’লে ৰাতিপুৱা উঠি সহজ বস্তিক্ৰিয়া আৰু ইয়াৰ লগৰ আসন আৰু মুদ্ৰা কৰিব লাগে। তাৰ পাছত উদ্দীমান, ১ নং আৰু ২ নং অগ্নিসাৰ ধৌতি আৰু ১, ২, ৮ নং সহজ প্ৰাণায়াম কৰিব লাগে।

আবেলি ভ্ৰমণ প্ৰাণায়াম

সন্ধিয়া-১, ২ নং অগ্নিসাৰ ধৌতি, শষন, পশ্চিনোত্তান, পৱন মুক্তাসন সৰ্বাঙ্গসন, অৰ্ধকৰ্মাসন আদি কৰিব লাগে। ১, ২, ৩ নং অগ্নি সাৰ ৩০ বাৰ কৰিব লাগিব লাগে।

১) অগ্নিসাৰ কাক বোলে জানি লওঁক

অগ্নিসাৰ ধৌতি পদ্মাসন, সুসাসন, বজ্ৰাসন আৰু চকীত বহীও অগ্নিসাৰ ধৌতি কৰিব পৰা যায়।

২) সহজ অগ্নিসাৰ ধৌতি

এই ধৌতিটো কৰিবলৈ সহজ। প্ৰথম সোঁহাতৰ অঙ্গুঠ কঁকালৰ সোঁকাষে, কঁকালৰ হাড় আৰু বুকুৰ শেষ হাড়ৰ মাজৰ অংশত স্থাপন কৰিব লাগে। বাঁওহাতৰ অঙ্গুঠ একেদৰে বাওঁকাষে স্থাপন কৰিব লাগে। ইয়াৰ পিছত দুয়ো হাতৰ মধ্যমা আঙুলিত নাভিৰ ওপৰত স্থাপন কৰি বাকীবোৰ আঙুলিৰ দ্বাৰা নাভিৰ ওচৰৰ অংশ কুঞ্চন কৰি কামিহাড়ৰ লগত লগাব লাগে। নাভিদেশ কামিহাড়ৰ লগত লাগি গ’লে নাভিৰ ওপৰৰ পৰা আঙুলিবোৰৰ চাপ মুক্ত কৰিব লাগে। পুনৰ আঙুলিৰে নাভিদেশ সংকুচিত কৰি কামিহাড়ৰ লগ লগাব লাগে। ইয়াৰ পিছত আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব লাগে। এই ধৌতি কমেও ২৫ বাৰ কৰিব লাগে।

সুফল

এই ধৌতি কৰিলে আমাশয়, কোষ্ঠতাৰণ্য, হাইজা আদি বেমাৰৰ পৰা মুক্ত হ’ব পাৰি। এই অভ্যাস যি কোনো আসনত বহি কৰিব পাৰি। বহা অৱস্থাতে উশাহ সম্পূৰ্ণকৈ এৰি লগে লগে পেটৰ তলভাগ যিমান সম্ভৱ ভিতৰৰ ফালে টানিব লাগে আৰু তলপেটটো শিথিল কৰিব লাগে, এইদৰে ছয়বাৰ তলপেট টনা আৰু এৰি দিয়াৰ পিছত অলপ জিৰণি ল’ব লাগে। আসন কৰা সময়ত উশাহ বন্ধ থাকিব লাগে। এইদৰে ৬ বাৰ ধৌতি কৰিব লাগে। ক্ৰমে অভ্যাস হ’লে মাত্ৰা বঢ়াব লাগে।

উপকাৰিতা

প্ৰস্ৰাৱ কাঠিন্য দূৰ কৰে। মহিলাৰ অসুখ আতৰাবলৈ এই অগ্নিসাৰ ধৌতি নিয়মীয়াকৈ কৰিলে সুফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate