বজ্ৰৰ অৰ্থ হৈছে- কঠোৰ আৰু শক্তিশালী। কিন্তু যোগ সাধনাত এই আসনক বজ্ৰাসন বুলি এই কাৰণেই কোৱা হয় যে এই আসনে ‘বজ্ৰনাড়ী’ৰ ওপৰত প্ৰভাৱ পেলায়। বজ্ৰনাড়ী কিডনি আৰু অণ্ডকোষৰ মধ্য অংশত থাকে।
দুয়োখন ভৰি পিছৰ ফালে ঘূৰাই আঁঠুৰ ওপৰত ভৰ দি বহি লওক। ভৰিৰ তলুৱাদুখন ওপৰমুৱাকৈ ৰাখক আৰু ভৰি দুখন শুই থকা মুদ্ৰাত ৰাখিব। দুয়োটা নিতম্ব ভৰিৰ গোৰোহা আৰু ভৰিৰ ওপৰত ভৰ দি ৰাখক। দুয়োখন ভৰিৰ আঙুলি লগা-লগিকৈ ৰাখিব। দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখক আৰু বাউসী দুটা ঢিলা কৰি ৰাখক। হাতৰ আঙুলিবিলাক লগ লগাই ৰাখিব পাৰে। এই আসন কালত পূৰক আৰু ৰেচক দুয়ো ধৰণৰ শ্বাস প্ৰক্ৰিয়া চলি থাকিব।
এই আসনত চাটক বিন্দুৰ অভ্যাস কৰা হয়।
উপকাৰিতা:
বদহজম, কোষ্ঠকাঠিন্য, অলপতে ভাগৰ লগা আদি বিকাৰ নিৰাময় কৰাত এই আসন উপযোগী। ধ্যানৰ বিভিন্ন স্তৰ অনুসৰি এই আসনত ধ্যান কৰাৰ উপকাৰ পোৱা যায়। এই আসন নিয়মীয়াকৈ অনুশীলন কৰিলে, বাত, চায়েটিকা, ভৰিৰ স্নায়বিক বিকাৰ আদি নিৰাময় হয়। এইবিধ আসন অন্য আসন তুলনাত যথেষ্ট সৰল।
*উত্তৰ ফালে মুখ এই আসন নকৰিব।
*নিতম্বৰ তলত ভৰি থৈ নবহিব। ভৰিকেইটা শুই থকা মুদ্ৰাত ৰাখক।
*মলপথ দুয়োটা ভৰিৰ মাজত থাকিব লাগে।
*এই আসন কৰাৰ আৰম্ভণিতে দুয়োখন ভৰিতে কিছু পৰিমাণে বিষ অনুভৱ হ’ব পাৰে। সেয়ে আসনটি অনুশীলন কৰি থাকক। পিছলৈ এই বিষ নাইকিয়া হ’ব। বেছিদিনলৈ বিষ থাকিলে সৰিয়হৰ তেলেৰে মালিচ কৰিব পাৰে।
যোগ সাধনাত যোগমুদ্ৰাৰ যথেষ্ট গুৰুত্ব আছে। এই আসনৰ অনুশীলনত ভালেমান ৰোগ নিৰাময় হয়। লগতে শৰীৰটোক নমনীয় আৰু সুদৌল কৰি তোলে। এই আসনৰ অভ্যাস কৰি থাকিলে বিভিন্ন আসন কৰিবলৈ সুবিধা হয়। এই আসন কৰিলে সম্পূৰ্ণ শৰীৰৰ ব্যায়াম হয়।
প্ৰায়োগিক বিধি:
যোগমুদ্ৰা আসন কৰিবৰ কাৰণে প্ৰথমে পদ্মাসন মুদ্ৰাত বহি লওক। দুয়োখন হাত ঘূৰাই পিঠিফালে নি এখন হাতেৰে আনখন হাতৰ সৰু গাঁঠিত ধৰি লওক।
আপোনাৰ কঁকাল, মেৰুদণ্ড, পিঠি আৰু গলধনো পোন হৈ থাকিব লাগিব। দীঘল দীঘলকৈ উশাহ লওক। চকু মুদি লাহে লাহে ‘ৰেচক’ কৰক(নিশ্বাস বাহিৰলৈ উলিয়াই দিয়ক)। পেটটোৰ আকাৰ সৰু কৰি সমুখৰ ফালে হাউলি যাওক। ইমানেই হাউলক যাতে আপোনাৰ মূৰটো মজিয়াত গৈ লাগে। এতিয়া উশাহ বন্ধ কৰি এই মুদ্ৰাতে ৰৈ থাকক।
(দীৰ্ঘ সময় ধৰি যোগমুদ্ৰা আসন কৰিলে উশাহ বন্ধ কৰাৰ দৰকাৰ নাথাকে, কিন্তু উশাহৰ গতি ধীৰ হ’ব লাগে।)
যোগমুদ্ৰা আসনটি এটি সম্পূৰ্ণ শাৰীৰিক ব্যায়াম। প্ৰত্যেক পেশী আৰু অংগই এই আসন অনুশীলনৰ ফলত সুস্থ সবল হৈ উঠে। কিন্তু ধ্যানৰ অভ্যাস কৰিবলৈ এই আসন প্ৰয়োগ কৰিলে মস্তিষ্কৰ চেতন তৰংগ শক্তিশালী হৈ উঠে। মূৰৰ ধমনী আৰু সিৰাত তেজৰ সঞ্চালন নিয়ন্ত্ৰিত হয়।
মূৰটো মজিয়াত লাগি থাকিলে কপালৰ উপৰি ভাগ মজিয়াৰ ওচৰ চাপি যায়। ইয়াৰ ফলত ত্ৰাটক বিন্দুৰ ওপৰত চাপ পৰে। এই অৱস্থাত একাগ্ৰতা লাভ কৰাটো সহজ হৈ পৰে।
যোগমুদ্ৰা আসনত ধ্যান মন্দাগ্নি সমাপ্ত হয়। বদহজম নিৰাময় হয়। কোষ্ঠবদ্ধতা দূৰ হয়। শৰীৰৰ পেশী, সিৰা-উপসিৰা, স্নায়ু আদি মজবুত হয়। শৰীৰটো নমনীয় হয় আৰু সকলো অংগৰ আকাৰ সুন্দৰ হৈ পৰে। এই আসনৰ অভ্যাস কৰিলে মধুমেহ আৰু মেদবহুলতাও নিৰাময় হয়।
এই আসনত বহি ধ্যান কৰিলে শৰীৰৰ প্ৰত্যেক অংগৰ কান্তি, ছালৰ উজ্বলতা, দৃষ্টি শক্তিৰ প্ৰখৰতা বাঢ়ে, চুলিৰ ৰোগ দূৰ হয়। অপাৰ মানসিক আৰু বৌদ্ধিক লাভ বৃদ্ধি। এই উপকাৰিতাবিলাক ধ্যানৰ স্তৰ অনুসৰি কম-বেছি হ’ব পাৰে।
সাৱধানতা:
*এই আসন উত্তৰমুৱা হৈ বহি নকৰিব।
*এই এক কথা কঠিন আসন। সেয়ে এই আসন কৰাৰ আগত প্ৰথমে পদ্মাসনৰ অভ্যাস কৰক। মূৰটো মজিয়াত লগোৱা চেষ্টা কৰোতে প্ৰথমে কিছু অসুবিধা পাব পাৰে। কিন্তু খৰধৰ নকৰিব। লাহে লাহে অভ্যাস কৰোতে কৰোতে পিছলৈ এই আসনৰ প্ৰতিটো মুদ্ৰাই সহজ হৈ পৰিব।
*প্ৰথমে ৩ৰ পৰা ৫ চেকেণ্ড সময় আৰম্ভ কৰি ১৫ মিনিট পৰ্যন্ত এই আসন অনুশীলন কৰিব পাৰিব। কিন্তু সাধাৰণতে এই আসন ৫ মিনিটৰ অভ্যাসেই যথেষ্ট।
গোমুখাসন:
এইবিধ আসনক গোৰখাসন বুলিও কোৱা হয়। মহাগুৰু গোৰখনাখে এই আসনত বহি সাধনা কৰিছিল।
প্ৰয়োগিক বিধি:
মজিয়াত এখন ডাঠ কম্বল পাৰি বহক। দুয়োখন ভৰি আঁঠুত ভাজ কৰি ভৰিৰ তলুৱা দুয়োখন গোৰোহাৰ পৰা ভৰিৰ আঙুলিবিলাক চপাই লওক। দুয়োটা গোৰোহা লাহে লাহে মূলধাৰাৰ পৰা আঁতৰাই লওক। দুয়োখন হাতৰ আঙুলিবিলাকৰ ফাকত সুমুৱাই ভৰিৰ আঙুলিবিলাক ধৰি থাকক। এই প্ৰক্ৰিয়াত দুয়োখন হাতৰ বুঢ়া আঙুলি দুয়োখন ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত থাকিব লাগে। উশাহ তানি লওক আৰু কঁকালটো পোনকৈ ৰাখি আঁঠু দুটা মজিয়াত হেঁচি ৰাখক।
উশাহ-নিশাহ যিমান দেৰি পাৰে ৰখাই থওক। পুনৰ নিশ্বাস এৰি লাহে লাহে আসন খুলি পেলাওক।
আৰম্ভণিতে আঁঠু দুটা মজিয়াত লগাই থবৰ কাৰণে দুয়োটা আঁঠুকে হাতেৰে হেঁচি ধৰি ৰাখিব লগা হয় আৰু ভৰিৰ আঙুলিবোৰ ধৰাৰ মুদ্ৰা পিছত কৰা হয়। পিছলৈ অভ্যাস হ’লে আঁঠু সহজে মজিয়াত লাগি যাব।
এই আসনটি শক্তি সিদ্ধিৰ আসন। এই আসনত বহি ধ্যানৰ অভ্যাস কৰিলে সন্মোহন ক্ষমতা, কাম ক্ষমতা আৰু শৰীৰৰ গুপ্ত অলৌকিক শক্তিবিলাকৰ বিকাশ হয়।
উপকাৰিতা:
গোমুখাসন অভ্যাসৰ যোগেদি শুক্ৰ গ্ৰন্থিৰ ব্যায়াম হয়। ইয়াৰ দ্বাৰা পুৰুষৰ শুক্ৰাণু শক্তিশক্তি হয়। বীৰ্যৰ পৰিমাণ আৰু বীৰ্যৰ গাঢ়তা বৃদ্ধি পায়। এই আসন অভ্যাসৰ ফলত স্বপ্নদোষ আৰু শীঘ্ৰপতন দোষৰ পৰা মুক্ত হ’ব পাৰি। মূত্ৰ সম্বন্ধীগ্য দোষ আৰু অন্ত্ৰৰ তথা পেটৰ ৰোগ(বদহজম, কোষ্ঠবদ্ধতা আৰু গেচ আদি) নিৰাময় হয়। আসন কৰোতাৰ কান্ধ পুষ্ট হৈ পৰে। বাহুৰ পেশীবিলাক শক্তিশালী হয়। ভৰিৰ ধমনী, সিৰা আৰু পেশী মজবুত আৰু নমনীয় হৈ পৰে।
মহিলাসকলে এই আসন অনুশীলন কৰিলে শৰীৰৰ বহু উপকাৰ হয়। মাহেকীয়া, ৰক্ত আৰু গৰ্ভাশয়ৰ দোষ আঁতৰ হয়। উৰু আৰু বক্ষস্থলৰ লগতে কঁকালৰ বিষ আৰু নিউকেৰিয়া থাকিলে এই আসনৰ অনুশীলনে আৰোগ্য কৰে।
সাৱধানতা:
*উত্তৰ দিশলৈ মুখ কৰি এই আসন নকৰিব।
*আঠুদুটা মজিয়াত লগাই ৰখাৰ বাবে জোৰ নকৰিব। লাহে লাহে অভ্যাস কৰক।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন