বক্ৰ শব্দই পাক খোৱা বুজায়। এই আসনটোৱে ৰাজহাড় পাক খুৱাই ৰাজহাড় নমনীয় আৰু শক্তিশালী কৰি তোলাত সহায় কৰে। বক্ৰাসন কৰিবৰ বাবে প্ৰথমতে বহি কৰা আসনৰ স্থিতি অৱস্থা’ত উপবিষ্ট হ’ব লাগে। বাওঁ ভৰিৰ আঁঠু ওপৰলৈ দাঙি ভৰিটো কেঁচাই আনি পতাটো সোঁ ভৰিৰ আঁঠুৰ ওচৰত স্থাপন কৰিব লাগে। ইয়াৰ পিচত নিশ্বাস ত্যাগ কৰি শৰীৰটো বাওঁফাললৈ ঘূৰাই সোঁহাত বাওঁ ভৰি পাৰ কৰি নিব লাগে আৰু সোঁ হাতৰ কাষলতি বাওঁ আঁঠুৰ তলত স্থাপন কৰিব লাগে। বাওঁ হাতখন পিচলৈ নি কঁকালৰ কাষত ৰাখি মেৰুদণ্ড পোন কৰি ৰাখিব লাগে। হাতৰ আঙুলি বাহিৰ ফাললৈ থাকিব লাগে। ইয়াৰ পিচত মেৰুদণ্ডডাল বাওঁফাললৈ ঘূৰাই পিচফালে ওপৰলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে। মেৰুদণ্ডডাল পকাব লাগে, কিন্তু পোনকৈ ৰাখিব লাগে। এই অৱস্থাত ১০-১৫ ছেকেণ্ড ওলোটা ক্ৰমত আৰম্ভৰ অৱস্থালৈ আহিব লাগে। ইয়াৰ পিচত সোঁ ভৰি কোঁচাই সোঁফাললৈ মেৰুদণ্ডডাল পকাই পূৰ্বৰ দৰে আসনটো পুনৰ কৰিব লাগে। এইদৰে বাওঁফালে এবাৰ আৰু সোঁফালে এবাৰ কৰিলে আসনটো এবাৰ কৰা হয়। প্ৰথমতে চূড়ান্ত অৱস্থাত কম সময় থাকি আসনটো ৩-৪ বাৰ অনুশীলন কৰিব লাগে। পিচত অভ্যস্ত হ’লে একেবাৰতে এক মিনিটলৈকে থাকি এবাৰতেই আসনটো সম্পূৰ্ণ কৰিব পাৰে।
উপকাৰিতা:
বক্ৰাসনত মেৰুদণ্ডডাল আগফালে- পিচফালে হওলাৰ পৰিবৰ্তে দীঘে দীঘে সোঁ-বাওঁ দুয়োফালে পকোৱা হয়, যিটো মেৰুদণ্ডডালৰ নমনীয়তাৰ বাবে হাওলাৰ দৰেই সমানে দৰকাৰী। এই আসনে স্থানচ্যুত কশেৰুকাক যথাস্থানলৈ অহাত সহায় কৰে। অতিপাত কোষ্ঠকাঠিন্য আৰু বদহজম এই আসনৰ নিয়মিত অভ্যাসে দূৰ কৰে। নিয়মিত বক্ৰাসনৰ অভ্যাসে অগ্নাশয় গ্ৰন্থি ক্ৰিয়াশীল কৰি তোলে আৰু মধুমেহ ৰোগত বাধা দিয়ে।
সাৱধানতা:
অতিপাত কঁকালৰ বিষ, ৰাজহাড়ৰ সমস্যা, পেটৰ অস্ত্ৰোপচাৰ আৰু মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত এই আসনটো কৰিব নালাগে।
‘মণ্ডুক ‘ সংস্কৃত শব্দ। ইয়াৰ অৰ্থ হ’ল ‘ভেকুলী’। আসনটোৰ পূৰ্ণাংগ ৰুপত শৰীৰৰ আকৃতি বেং বা ভেকুলীৰ দৰে দেখা যায় বাবে এই আসনটোক মণ্ডুকাসন বুলি কোৱা হয়। এই আসনটো বজ্ৰাসন বা পদ্মাসন বা সিদ্ধাসনত বহি কৰিব পাৰি। মণ্ডুকাসনৰ বাবে প্ৰথমতে বজ্ৰাসনত বহি ল’ব লাগে। তাৰ পিচত হাত দুখনৰ বুঢ়া আঙুলি ভিতৰফাললৈ লৈ মুঠি মাৰি মুঠি দুটা লগ লগাই নাভিৰ ওচৰত বুঢ়া আঙুলি ওপৰফালে লৈ স্থাপন কৰিব লাগে। ইয়াৰ লগে লগে গভীৰ উশাহ লৈ নিশ্বাস সম্পূৰ্ণৰুপে এৰি পেট সংকোচন কৰি পেটৰ নাড়ী- ভুৰু ৰাজহাড়ত লগাকৈ টানি লৈ মেৰুদণ্ড যিমানপাৰে সিমান পোনকৈ ৰাখি দুই হাতৰ মুঠি নাভিৰ ঠিক ওপৰত ভাগত স্থাপন কৰি, আগফাললৈ হাওলি দিব লাগে। আসনটো কৰোতে মন কৰিব লাগে যাতে আগফাললৈ হাওলোতে হাতৰ দুই মুঠি উৰুদ্বয়ত ঠেকা খাই পেটত প্ৰচণ্ড হেঁচা পৰে। বক্ষ, মূৰ অলপ দাং খাই থাকিব লাগে। চকুৰ দৃষ্টি চাৰি ফুটমান দূৰত থাকিব লাগে। আসনটো কৰোতে দেখাত এটা ভেকুলী বহি থকাৰ দৰে হ’ব লাগে। এই অৱস্থাত শ্বাস-প্ৰশ্বাস বন্ধ কৰি ১০/১৫ ছেকেণ্ডমান থাকিব লাগে। আসনটোৰ পৰা প্ৰত্যাৱৰ্তন কৰোতে বুকু আৰু মূৰ উশাহ লৈ লৈ দাঙি আনিব লাগে। এইদৰে ৪/৫ বাৰমান আসনটো কৰি বজ্ৰাসনতে শৰীৰটো শিথিল কৰি দি জিৰণি ল’ব লাগে। নতুবা বহি কৰা আসনৰ জিৰণি অৱস্থাত জিৰণি ল’ব লাগে।
উপকাৰিতা:
নিয়মিত মণ্ডুকাসনৰ অভ্যাসৰ ফলত উদৰ গহ্বৰত থকা অভ্যন্তৰাংগসমূহৰ ওপৰত, বিশেষকৈ অগ্ন্যাশয়, যকৃৎ ক্ষুদ্ৰান্ত, পাকস্থলী, এড্ৰিনেল গ্লেণ্ড আদিত পোনপটীয়া চাপ পৰাত অগ্ন্যাশয় আৰু এড্ৰিনেল গ্ৰন্থি সক্ৰিয় হৈ উঠে আৰু ইয়াৰ ৰস ইনচুলিন আৰু এড্ৰিনেলিন নি:সৰণ নিয়মীয়া হ’বলৈ ধৰে। ইয়াৰ ফলত বহুমূত্ৰ ৰোগ আৰু অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগ নিৰ্মূল হয়। পেটৰ চৰ্বি নাইকিয়া হয়।
সাৱধানতা:
অতিপাত কঁকালৰ বিষ, পেটৰ আঘাত, হাৰ্নিয়া আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে।
লেখক: অঞ্জন কৌশিক শৰ্মা
উৎস: দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 1/19/2024