অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৌগিক চিকিৎসা সিদ্ধা :

আয়ুৰ্বেদিক, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধা আৰু হোমিঅ’পেথীৰ আদ্যাক্ষকেইটা লগ লগাই ‘আয়ুস’ নামটো লোৱা হৈছে । বৰ্তমান ‘Ministry of Ayush’ ভাৰত চৰকাৰৰ এটি স্বতন্ত্ৰ বিভাগ ।

আমাৰ আজি আলোচ্য বিষয় ‘সিদ্ধ’ । সিদ্ধা চিকিৎসা পদ্ধতি ভাৰতৰ দক্ষিণ প্ৰান্তত বেছিকৈ প্ৰচলিত । কেৱল শৰীৰেই নহয় মন আৰু আত্মাৰো চিকিৎসা কৰা এই পদ্ধতিটো বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা পদ্ধতিৰ অন্যতম । সিদ্ধা শব্দটো তামিল ভাষাৰ সিদ্ধি শব্দৰ পৰা লোৱা, ইয়াৰ অৰ্থ হৈছে কিবা এটা বস্তু লাভ কৰা, শুদ্ধ কৰা বা স্বৰ্গীয় আশীৰ্বাদ লাভ কৰা । কেইবাটাও দৰ্শনৰ জন্মস্থান ভাৰতত এই সিদ্ধা দৰ্শনৰো জন্ম হৈছিল । ই প্ৰাচীন তামিল সভ্যতাৰ সৈতে জড়িত ।

প্ৰায় দহ হেজাৰ বছৰ পূৰ্বে প্ৰচলন হোৱা সিদ্ধা চিকিৎসা পদ্ধতি বিশ্বৰ এটি অতি প্ৰাচীন চিকিৎসা পদ্ধতি ।

সিদ্ধা এনে এবিধ বিজ্ঞান, যাৰ জৰিয়তে শৰীৰ আৰু প্ৰকৃতিৰ মাজত সু-সম্পৰ্ক স্থাপন হয় । তালপাতত লিখিত তথ্য অনুসৰি এসময়ত ভগৱান শিৱই পাৰ্বতীক এই সিদ্ধাৰ বিষয়ে কৈছিল । পৰবৰ্তী সময়ত পাৰ্বতীয়ে তেওঁৰ অভিজ্ঞতাখিনি তেওঁৰ পুত্ৰ মুৰুগাক বৰ্ণাই কৈছিল । মুৰুগাই আকৌ তেওঁৰ শিষ্য আগস্ত্যই সোতৰজন শিষ্যক এই বিদ্যা শিকাইছিল আৰু তেওঁলোকে বিশ্বক এই জ্ঞান প্ৰদান কৰিছিল ।

সিদ্ধা শব্দটো তামিল ভাষাৰ সিদ্ধি শব্দৰ পৰা লোৱা । যাৰ অৰ্থ হৈছে এটা বস্তু লাভ কৰা, শুদ্ধ কৰা বা স্বৰ্গীয় আশীৰ্বাদ লাভ কৰা । যি ব্যক্তিয়ে ইয়াৰ জ্ঞান লাভ কৰে তেওঁক সিদ্ধাৰ্চ বোলা হৈছিল ।তেওঁলোকে তামিল সাহিত্যত এই বিষয়্যে লিখিছিল আৰু এই পদ্ধতি দক্ষিণ ভাৰতত বেছিকৈ প্ৰচলিত ।

দ্ৰাবিড় সংস্কৃতিৰ অৱদান সিদ্ধা চিকিৎসা অতি পুৰণি চিকিৎসা পদ্ধতি ।

দ্ৰাবিড়সকল ভাৰতৰ প্ৰথম বাসিন্দা আৰু তামিলসকলৰ সৈতে তেওঁলোকৰ বেছি মিল আছে ।

সিদ্ধাৰ মূলমন্ত্ৰ -

সিদ্ধাৰ মূলমন্ত্ৰ হৈছে মাটি, পানী, বায়ু, অগ্নি আৰু ইদাৰৰ বিষয়ে ভালদৰে বুজি লোৱা, যি মানৱ শৰীৰৰ পাঁচ ইন্দ্ৰিয়ক বুজায় আৰু এয়া সকলো প্ৰাণীৰ ক্ষেত্ৰত প্ৰযোজ্য। পৃথিৱীত থকা জন্তু, গছ-গছনি বা খনিজ সকলো প্ৰাণীয়েই এই শ্ৰেণীৰ অন্তৰ্ভুক্ত । মানুহৰ শাৰীৰিক গটঃন, ৰোগৰ কাৰণ, ইয়াৰ চিকিৎসা ইত্যাদিবোৰো ইয়াৰেই অন্তৰ্গত । ই তিনি দশা বা ঘণ্টাৰ কথা কয় ।

সিদ্ধা চিকিৎসা পদ্ধতি অনুসৰি মানৱ শৰীৰত সাত প্ৰকাৰৰ উপাদান আছে –

  • চাৰম (প্লাজমা)
  • চেনিৰ (তেজ)
  • অউন (পেশী)
  • কোৰুপ্প’ (চৰ্বি)
  • এলুম্ব (হাড়)
  • মূলাই (সিৰা)
  • ইনথিৰিয়াম (চিমেন)
  • এইবোৰে মানৱ শৰীৰৰ সঞ্চালনত সহায় কৰে ।
  • এই সাত উপাদান তিনি ধৰণৰ

বিশেষ দশাৰ দ্বাৰা সক্ষম কৰি ৰখা সৈতে হয় ।

  • ৱাতা (বায়ু)
  • পিতা (গৰম বা অগ্নি)
  • কফ (পানী)

এই তিনিওবিধ নিৰ্দিষ্ট পৰিমাণে মানৱ শৰীৰত থাকে বুলি ধৰা হয় । যেতিয়াই এই উপাদানকেইবিধৰ তাৰতম্য ঘটে তেতিয়াই শৰীৰত বিসংগতিৰ সৃষ্টি হয় । খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়াকলাপ, পৰিৱেশ আৰু মানসিক চাপৰ ওপৰত এই তিনি উপাদানৰ তাৰতম্য ঘটে ।

সিদ্ধাৰ চিকিৎসা আৰু ঔষধ -

সিদ্ধাত ৪,৪৪৮ বিধ ৰোগৰ কথা উল্লেখ আছে । এই আটাইবোৰেই ৬৪ বিধ চিকিৎসাৰ ঔষধ সকলোতে প্ৰযোজ্য বা সাধাৰণতে প্ৰতিটো ৰোগতে দিয়া হয় । সিদ্ধা চিকিৎসাত ৩,৫০,০০০ টা সূত্ৰ প্ৰচলিত । ইয়াৰ বাবে ৪,০০০ বিধ গছ ব্যৱহাৰ কৰা হয়, আল ২,০০০ বিধ গছ বা লতা বিশেষ পৰিস্থিতিত ব্যৱহাৰ কৰা হয় ।

এই চিকিৎসাত ৰোগীৰ পালছ পৰীক্ষা কৰি, চুই চাই, মাত, শৰীৰৰ ৰং, চকু, জিভা, শৌচ, প্ৰস্ৰাৱ আদি পৰীক্ষা কৰা হয় । সিদ্ধাত ঔষধ তৈয়াৰ কৰোঁতে ১১ বিধ ধাতু আৰু ৬৪ বিধ পচানম (পাৰাসহ বা পাৰাবিহীন), ১২০ বিধ উপ্ৰাচস (নিগম আৰু খনিজ) আৰু জন্তুৰ পৰা লাভ কৰা দ্ৰব্য ব্যৱহাৰ কৰা হয় । ইয়াৰে ৩২ বিধ শৰীৰৰ ভিতৰলৈ যাব পৰা আৰু ৩২ বিধ শৰীৰৰ বহি: অংশত লগোৱা ঔষধ ।

লেখক :- পাৰ্থপ্ৰতিম দাস

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate