অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰ তথা মনৰ সক্ৰিয়তাৰ বাবে ধ্যান :

শৰীৰ তথা মনৰ সক্ৰিয়তাৰ বাবে ধ্যান :

 

যোগ সাধনাৰ প্ৰথম আৰু প্ৰধান ভাগটোৱেই হ’ল ধ্যান। ধ্যান অভ্যাসৰ জৰিয়তে শৰীৰ আৰু মনৰ সক্ৰিয়তা বৃদ্ধি কৰিব পাৰি। শৰীৰ আৰু মনৰ সক্ৰিয়তা বৃদ্ধিয়ে জীৱনলৈ আনে প্ৰশান্তি। মানুহৰ মনটো সচেতন আৰু সক্ৰিয় হৈ নথকা অৱস্থাটোৱেই হৈছে অচেতন অৱস্থা। অচেতন মনক আন্ধাৰৰ সৈতে তুলনা কৰিব পাৰি। এই আন্ধাৰ আঁতৰাবলৈ আমাক পোহৰৰুপী সক্ৰিয়তা বা সচেতনাৰ আৱশ্যক। ভাৰতীয় ঋষি-মুনিসকলৰ অভুতপুৰ্ব উদ্ভাৱন এই ধ্যানৰ প্ৰক্ৰিয়াটো মানুহৰ মন সক্ৰিয় বা সজাগ কৰি ৰখাৰ এক ফলপ্ৰসু উপায় হিচাপে বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱাৰ লগতে সমগ্ৰ বিশ্বতে স্বীকৃত হৈছে। মনৰ একাগ্ৰতা বৃদ্ধি, মানসিক উদ্বেগ, অশান্তি দুৰ কৰাৰ ক্ষেত্ৰত ধ্যানৰ সমকক্ষ আন একোৱেই নাই। ধ্যানে আমাৰ জ্ঞান আৰু চেতনাৰ বিকাশত সহায় কৰে। একান্ত মনে ধ্যান অনুশীলন কৰিলে সঠিক দিশত জীৱনৰ দিশ নিৰ্ণয় কৰিব পাৰি।

বৰ্তমানৰ ব্যস্ততাপুৰ্ণ জীৱনযাত্ৰাত ধ্যান অভ্যাসৰ নিতান্তই প্ৰয়োজনীয়তা আছে। কিয়নো, এতিয়া সৰ্বত্ৰ প্ৰদুষিত পৰিৱেশৰ বিস্তৃতি ঘটাৰ লগতে মানুহৰ মানসিক চাপ, মানসিক উদ্বিগ্নতা আদি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মানুহৰ মগজুৰ পৰা প্ৰতি মুহুৰ্ততে কিছুমান তৰ্ংগৰ নিৰ্গমন হয়। মনোবিজ্ঞানী তথা চিকিৎসা বিজ্ঞানীসকলে এই তৰংগবোৰক চাৰিভাগত ভাগ কৰিছে যেনে- আলফা, বিটা, থিটা আৰু ডেল্টা। যেতিয়া মানুহৰ মনৰ চিন্তা চঞ্চল, অস্থিৰ আৰু বিমৰ্ষ হয়, তেতিয়া মগজুৰ পৰা বিটা তৰংগ নিৰ্গমন হয়। ব্যক্তিৰ এই অৱস্থাটো দীঘলীয়া হ’লে তেওঁ মানসিক ৰোগৰ বলিও হয়। বিটা তৰংগ হ’ল অস্থিৰতাৰ প্ৰতীক। আমাৰ সমাজত মানসিকভাৱে অস্থিৰ লোকৰ সংখ্যাই বেছি। আনহাতে মনৰ শীতল অৱস্থা, শীতল চিন্তা, অথবা নিৰুদ্বেগ অৱস্থাটোত মানুহৰ মগজুৰ পৰা আলফা তৰংগ বাহিৰ হয়। এই অৱস্থাটো সুস্থ মানসিকতা বা সুস্থ চেতনাৰ প্ৰতীক। মানুহৰ জীৱনৰ সফল সৃষ্টিশীল কৰ্মসমুহ মনৰ এই অৱস্থাটোৰ পৰাই সৃষ্টি হয়। চিকিৎসা বিজ্ঞানীসকলে বিটা তৰংগৰ জীৱন ধ্বংসী অৱস্থাটো ‘মনো শাৰীৰিক ৰোগ’ বুলি কৈছে। এনে ৰোগীৰ মগজুৰ পৰা অহৰহ বিটা তৰংগ নিৰ্গত হৈ থাকে বাবে অস্থিৰতা, মানসিক উৎকণ্ঠাত এওঁলোক ভুগি থাকে। আনহাতে আলফা তৰংগ নিৰ্গমন হৈ থাকিলে মন শান্ত অৱস্থাত থাকে। কিন্তু যদিহে আমি নিয়মিতভাৱে ধ্যান অভ্যাস কৰো, তেতিয়া আমাৰ মগজুৰ পৰা নিৰ্গমন ঘটা তৰংগৰ পৰিৱৰ্তন হয়। লাহে লাহে বিটা তৰংগ আলফা তৰংগলৈ সলনি হ’বলৈ ধৰে। অৰ্থাৎ মানুহৰ অস্থিৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ লাহে লাহে সুস্থিৰ অৱস্থালৈ আহে আৰু  অস্থিৰতা, উদ্বিগ্নতা, উৎকণ্ঠা, ভয় আদি নোহোৱা হৈ মন একে প্ৰশান্তিৰে ভৰি পৰে। এই প্ৰশান্তিৰ অৱস্থাটোতে থিটা আৰু ডেল্টা তৰংগৰ নিৰ্গমন ঘটি মন শান্ত- সমাহিত হ’বলৈ ধৰে আৰু মনলৈ শিথিলতা আহে। লগতে শৰীৰ- মনৰ সংযোগ ঘটে আৰু দুয়োটাই শান্ত-সমাহিত হৈ এক অভিনৱ অনুভুতিৰ সৃষ্টি  কৰে। এই অৱস্থাটোৱেই হ’ল- আত্ম উপলব্ধি। যোগশাস্ত্ৰত ওমকাৰ ধ্যান, ভাবাতীত ধ্যান, বিপাসনা ধ্যান আদি নানা প্ৰকাৰৰ ধ্যানৰ বিষয়ে জানিব পাৰি। ইয়াৰে যাৰ যিবিধত আগ্ৰহ বেছি তেওঁ সেইবিধ ধ্যান নিয়মীয়াকৈ কৰিব পাৰে। আচলতে সহজতে কৰিব পৰা ধ্যান এবিধ নিয়মীয়াকৈ কৰাৰ বাবে বাছি ল’ব লাগে। সহজতে কৰিব পৰা এটা ধ্যান পদ্ধতি হৈছে- বিপাসনা ধ্যান। বিপাসনা ধ্যান কিদৰে কৰা হয় তাকে উল্লেখ কৰা হ’ল। সুখাসন বা যিকোনো ধ্যানাসনত বহি লওক। ৰাজহাড় পোন কৰি দুই হাত দুই আঁঠুৰ ওপৰত থৈ হাতৰ আঙুলি ধ্যান মুদ্ৰাত ৰাখক। চকু বন্ধ ৰাখিব লাগে। এতিয়া উশাহ-নিশাহৰ জৰিয়তে বায়ু নাকেৰে ভিতৰলৈ সোমোৱা আৰু নাকৰ পৰা বায়ু বাহিৰলৈ ওলাই যোৱা প্ৰক্ৰিয়াটোক সাক্ষীভাৱেৰে চাই থাকক। নাকৰ পাহি স্পৰ্শ হৈ মাথোঁ উশাহ-নিশাহহে গতি কৰি আছে। এই উশাহ-নিশাহক মাথোঁ লক্ষ্য কৰি থাকক। মনলৈ অহা বিভিন্ন চিন্তা- ভাৱনাবোৰক চাই থাকক। দৃষ্টি সলনি নকৰাকৈ মাথোঁ উশাহ-নিশাহৰ গতি লক্ষ্য কৰি থাকক। এনেদৰে চাই থাকোতে আপুনি গম পাব যে উশাহ-নিশাহ শান্ত হৈছে, লগে লগে শৰীৰ মনো শান্ত হৈ গৈছে। মনলৈ অহা বিভিন্ন চিন্তাবোৰক কোনো বাধা নিদিয়াকৈ আপুনি মাথোঁ লক্ষ্য কৰি থাকক। এনেদৰে চাই থাকোতে শান্তি আহে। চকুৰ আগত যিবোৰ ঘটি আছে, সেইবোৰ লগত যেনিবা আপোনৰ একোৱেই সম্বন্ধ নাই। গতিকে উদ্বিগ্ন হোৱাৰো কাৰণ নাই। মনত যিবোৰ ভাৱনা, বিচাৰ আহি আছে, তাক নিৰপেক্ষভাৱে লক্ষ্য কৰিলে গম পাব যে আপোনাৰ উশাহ-নিশাহৰ গতি লাহে লাহে শান্ত হৈ আহিছে, শৰীৰৰ সকলো বিকাৰ নোহোৱা হৈছে। শৰীৰ আৰু মন শান্ত হৈ এক প্ৰশান্তিৰ অনুভৱ হৈছে আৰু আনন্দৰ এক  মধুৰ মুহুৰ্ত আহি উপস্থিত হৈছে। এনেদৰে নিজে ১৫/২০ মিনিটকৈ মৌন হৈ বহি ধ্যান অভ্যাস কৰিলে মানসিক অস্থিৰতা সহজে দুৰ কৰিব পাৰি। ধ্যানৰ শেষত ভৰি আগলৈ মেলি হাত খুলি চকু মেলি শিথিল কৰি দি মনৰ প্ৰশান্তি অনুভৱ কৰিব লাগে। খুব কম সময়ৰ ভিতৰতে এই ধ্যানটো অভাস কৰিব পাৰি।

লেখক: গোপেশ মজুমদাৰ (ৰাইজৰ বাতৰি )



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate