অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূৰ্য নমস্কাৰ

সূৰ্য নমস্কাৰ কি?

ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে যোগ শাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। ই এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম। ইয়াক বিভিন্ন ভংগীত কৰা হয়। আৰম্ভণিৰপৰা শেষলৈ সৰ্বমুঠ ১২ টা ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয়। ইয়াৰ সহায়ত শৰীৰৰ সকলো পৰ্যায়ৰ ব্যায়াম সমাধান হয়। সূৰ্য নমস্কাৰত একেলগে আসন, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত থকা প্ৰতিটো চক্ৰ সক্ৰিয় হৈ উঠে।

সূৰ্য নমস্কাৰৰ বাবে পালনীয় নিয়মসমূহ

সূৰ্য নমস্কাৰ ৭ বছৰৰ উৰ্দ্ধৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। ইয়াক পুৱা সূৰ্যোদয়ৰ সময়ত কৰিব লাগে(এই সময়খিনি সূৰ্য নমস্কাৰৰ বাবে বেছি লাভদায়ক, অৱশ্যে দিনটোৰ বাকী সময়বোৰতো কৰিব পাৰি)। ইয়াক পুৱাৰ সকলোবোৰ প্ৰাত:কৰ্ম কৰিহে অভ্যাস কৰিব লাগে। সূৰ্য নমস্কাৰ খালী পেটত কৰিব লাগে, কিন্তু ইয়াক অভ্যাস কৰাৰ আধা ঘণ্টা আগেয়ে এগিলাচ কুহুমীয়া পানী খাব লাগে। ইয়াক সদায় প্ৰকৃতিৰ মুকলি পৰিবেশত অভ্যাস কৰিব লাগে আৰু পৰিধান কৰা সাজ ব্যায়ামৰ বাবে উপযোগী হ’ব লাগে। সূৰ্য নমস্কাৰ কৰোতে প্ৰতিটো ভংগীত নিম্নতম ৫-১৫ ছেকেণ্ড সময় থাকিব লাগে। খৰখেদাকৈ কৰিব নালাগে। সূৰ্য নমস্কাৰ কৰাৰ পিছত কোনো জটিল আসন-প্ৰাণায়াম নকৰিলে আধা ঘণ্টা পিছত লঘু আহাৰ, নহ’লে এঘণ্টাৰ পিছত লঘু বা গুৰু আহাৰ গ্ৰহণ কৰিব লাগে। সূৰ্য নমস্কাৰ কৰাৰ আধা ঘণ্টা আগত আৰু আধা ঘণ্টা পিছত স্নান কৰিব পাৰে(যদিহে ইচ্ছা কৰে)। সূৰ্য নমস্কাৰ কৰাৰ সময়ত ইয়াৰ ‘বীজ মন্ত্ৰ’ পাঠ কৰিব পাৰে। ই মন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

সূৰ্য নমস্কাৰে শৰীৰত কিদৰে প্ৰভাৱ পেলায়

সূৰ্য নমস্কাৰ অভ্যাসৰ ফলত আমাৰ শৰীৰত থকা ‘অষ্ট চক্ৰ’ প্ৰভাৱশীল হয়। এই চক্ৰত অৱস্থিত মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ আৰু আজ্ঞা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত আমাৰ শৰীৰত অৱস্থিত অন্ত:স্ৰাৱী গ্ৰন্থিসমূহ, যেনে- অধিবৃক্কীয় গ্ৰন্থি, অগ্ন্যাশয় গ্ৰন্থি, থাইমাছ গ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি, পিনিয়েল গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি আৰু যৌন গ্ৰন্থিসমূহ কাৰ্যক্ষম হয়। গ্ৰন্থি সমূহে শৰীৰত সঠিক মাত্ৰাত হৰম’ন ক্ষৰণ কৰে। যাৰ ফলত হৰম’ন বিসংগতিৰ বাবে হোৱা ৰোগসমূহ নিৰাময় হয়। সূৰ্য নমস্কাৰে শ্বাস-প্ৰশ্বাস আৰু মেৰুদণ্ডৰ সংকোচন-প্ৰসাৰণত বিশেষ প্ৰভাৱ পেলায়। হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সক্ৰিয় আৰু সবল হয় বাবে তেজত বিশুদ্ধ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। ৰক্ত পৰিবহন প্ৰক্ৰিয়াটো সঠিকভাৱে চালিত হয়। চাইটিক নাৰ্ভৰ লগতে কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰসমূহ সক্ৰিয় হয়। তদুপৰি হাড় আৰু মাংসপেশীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। সূৰ্য নমস্কাৰে মগজু, পাকস্থলী, যকৃত, অগ্ন্যাশয়, বৃক্ক আদি আভ্যন্তৰীণ অংগসমূহলৈ ৰক্ত প্ৰৱাহৰ সোঁত বৃদ্ধি কৰে।

সূৰ্য নমস্কাৰ কেতিয়া কৰিব নালাগে?

শাৰীৰিকভাৱে বেছি দুৰ্বল হ’লে, উচ্চ ৰক্তচাপ, হৃদৰোগ, এজমা, হাৰ্নিয়া, কঁকালৰ বিষ, শৰীৰত জটিল অস্ত্ৰোপচাৰ থাকিলে, মহিলাসকলৰ ঋতুকাল চলি থকা সময়ত আৰু গৰ্ভাৱস্থাৰ দ্বাদশ সপ্তাহৰ (তিনি মাহ) পিছত সূৰ্য নমস্কাৰ কৰিব নালাগে।

সূৰ্য নমস্কাৰ কেনেকৈ অভ্যাস কৰিব?

সূৰ্য নমস্কাৰৰ ১২টা ভংগী এনেদৰে সজোৱা হৈছে যে ইয়াক অভ্যাস কৰাৰ সময়ত মেৰুদণ্ডডাল বিশেষ ক্ৰম অনুযায়ী এবাৰ পাছলৈ আৰু এবাৰ আগলৈ ভাঁজ লয়, যাৰ বাবে মেৰুদণ্ডডাল নমনীয় হৈ পৰে। এই ১২ টা ভংগীৰ ক্ৰম অনুযায়ী সূৰ্য নমস্কাৰ দুটা পদ্ধতিত অনুশীলন কৰা হয়। প্ৰথম পদ্ধতিত থকা বাৰটা ভংগী হ’ল-

(১) নমস্কাৰাসন

(২) হস্তোত্তানাসন

(৩) পদহস্তাসন

(৪) অশ্বসঞ্চালনাসন

(৫) পৰ্বতাসন

(৬) অষ্টংগানমনাসন

(৭) ভুজংগাসন

(৮) পৰ্বতাসন (বিপৰীত)

(৯) অশ্বসঞ্চালনাসন (বিপৰীত)

(১০) পদহস্তাসন (বিপৰীত)

(১১) হস্তোত্তানাসন (বিপৰীত)

(১২) নমস্কাৰাসন (বিপৰীত)

দ্বিতীয় পদ্ধতিত থকা ১২ টা ভংগী হ’ল-

(১) হস্তোত্তানাসন

(২) পদহস্তাসন

(৩) অশ্বসঞ্চালনাসন

(৪) তিৰ্যকাসন বা ঢেঁকী ভংগী

(৫) অৰ্দ্ধ কুৰ্মাসন

(৬) অষ্টংগানমনাসন

(৭) ভুজংগাসন

(৮) পৰ্বতাসন

(৯) অৰ্দ্ধ কুৰ্মাসন (বিপৰীত)

(১০) অশ্বসঞ্চালনাসন (বিপৰীত)

(১১) পদহস্তাসন (বিপৰীত)

(১২) হস্তোত্তানাসন (বিপৰীত)।

তলত সূৰ্য নমস্কাৰৰ প্ৰথম পদ্ধতিৰ ১২ টা ভংগী আলোচনা কৰা হ’ল।

(১) নমস্কাৰাসন

প্ৰথমে বুঢ়া আঙুলিৰপৰা গোৰোহালৈ পৰস্পৰ লগ লগাই থিয় হওঁক। আঁঠু, কঁকাল, মেৰুদণ্ড, বুকু আৰু ডিঙি পোন কৰি ৰাখি দুয়োখন হাত নমস্কাৰ মুদ্ৰাত বুকুৰ ওচৰত ৰাখক। চকুৰ দৃষ্টি সন্মুখৰ ফালে। এই অৱস্থানত উশাহ দীঘলীয়াকৈ গ্ৰহণ কৰি নিশাহ দীঘলীয়াকৈ এৰি শৰীৰটো শিথিল কৰি ৰাখিব।

প্ৰভাৱিত চক্ৰ:

অনাহত চক্ৰ। এই অৱস্থানত বক্ষ গহ্বৰত অৱস্থিত হাঁওফাঁও, হৃদযন্ত্ৰ আৰু থাইমাছ ভংগী বিশেষভাৱে প্ৰভাৱশীল হয়।

(২) হস্তোত্তানাসন

দুয়োখন হাত ভংগী ১ৰ পৰা লাহে লাহে উশাহ লৈ মূৰৰ ওপৰলৈ তুলি আনক। এতিয়া দীঘলকৈ উশাহ লৈ কঁকালৰ পৰা ওপৰৰ অংশ যিমান পাৰে ভাঁজ কৰি পাছলৈ হালি যাওক। এই অৱস্থানত ভৰিৰ আঁঠু দুটা পোনকৈ ৰাখিব। চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।

প্ৰভাৱিত চক্ৰ:

বিশুদ্ধি চক্ৰ। এই অৱস্থানত ডিঙিত অৱস্থিত থাইৰয়ড, পেৰাথাইৰয়ড গ্ৰন্থি, ফেৰিংছ আৰু লেৰিংছ বিশেষভাৱে প্ৰভাৱশীল হয়।

(৩) পদহস্তাসন

ভংগী ২ৰ পৰা লাহে লাহে নিশাহ সম্পূৰ্ণকৈ এৰি সন্মুখৰ ফালে হালি আহক। এতিয়া নিশাহ সম্পূৰ্ণকৈ এৰি দি দুয়োখন হাতেৰে ভৰিৰ আঙুলি স্পৰ্শ কৰক। দুয়োটা আঁঠু পোন কৰি ৰাখিব। যদি সম্ভৱ হয় আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰক।

প্ৰভাৱিত চক্ৰ:

স্বাধিষ্ঠান চক্ৰ। এই অৱস্থানত প্ৰষ্টেট আৰু টেষ্টেট যৌন গ্ৰন্থি দুটা প্ৰভাৱশীল।

(৪) অশ্বসঞ্চালনাসন

ভংগী ৩ৰ পৰা হাত দুখন ভালদৰে মাটিত পাৰি লওক। এতিয়া উশাহ লৈ মূৰটো ওপৰলৈ তোলক, লগে লগে বাঁও ভৰিখন পাছলৈ নিয়ক আৰু সোঁ আঁঠু আৰু আঙুলি মাটিত লগাই ৰাখক। চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।

প্ৰভাৱিত চক্ৰ:

বিশুদ্ধি চক্ৰ।

(৫) পৰ্বতাসন

ভংগী ৪ৰ পৰা হাত দুখন লৰচৰ নকৰাকৈ বাঁও ভৰিৰ আঁঠু মাটিৰপৰা ওপৰলৈ উঠাই আনক আৰু সোঁ ভৰিখন পাছলৈ নিয়ক। নিশাহ এৰি মূৰটো তলমুৱা কৰি নিতম্ব আৰু কঁকাল যিমান পাৰে ওপৰলৈ উঠাওক। দুয়ো হাত আৰু ভৰিৰ আঁঠু পোন কৰি ৰাখক। চকুৰ দৃষ্টি নাভিত ৰাখক। এই অৱস্থানত দুয়ো ভৰিৰ গোৰোহা মাটিত লগাই ৰাখিব।

প্ৰভাৱিত চক্ৰ:

বিশুদ্ধি চক্ৰ।

(৬) অষ্টংগানমনাসন

ভংগী ৫ৰ পৰা হাত স্থিৰে ৰাখি দুয়োখন ভৰি একে সমানত পাছলৈ নিয়ক, যাতে ভৰিৰপৰা মূৰলৈ শৰীৰটো একেডাল সৰলৰেখাত থাকে। এই অৱস্থানত দুয়ো হাতৰ ওপৰত শৰীৰৰ সমস্ত ভাৰ পৰিব। শ্বাস এৰি লাহে লাহে কিলাকুটি ভাঁজ কৰি শৰীৰটো তললৈ নমাই আনক। আঁঠু, বুকু আৰু মূৰ মাটিত লগাই ৰাখক। এই অৱস্থানত ভৰিৰ আঙুলি, আঁঠু, বুকু, হাতৰ তলুৱা আৰু মূৰ মাটিত লাগি থাকিব।

প্ৰভাৱিত চক্ৰ:

মণিপুৰ চক্ৰ। এই অৱস্থানত উদৰ গহ্বৰত অৱস্থিত অগ্ন্যাশয় গ্ৰন্থি আৰু পাচন তন্ত্ৰৰ ওপৰত বিশেষ প্ৰভাৱ পৰে।

(৭) ভুজংগাসন

ভংগী ৬ৰ পৰা উশাহ লৈ কিলাকুটি পোন কৰি মূৰ আৰু বুকু অংশ মাটিৰপৰা ওপৰলৈ তোলক। ভৰিৰ আঙুলি, আঁঠু আৰু হাতৰ তলুৱাইমাটি স্পৰ্শ কৰি থাকিব। এতিয়া কঁকাল, পিঠি আৰু ডিঙি যিমান পাৰে সন্মুখলৈ ঠেলক যাতে শৰীৰটো ধেনুভিৰীয়া হয়। এই অৱস্থানত চকুৰ দৃষ্টি আকাশৰ ফালে ৰাখিব।

প্ৰভাৱিত চক্ৰ:

স্বাধিষ্ঠান চক্ৰ।

(৮) পৰ্বতাসন (বিপৰীত)

ভংগী ৭ৰ পৰা নিশাহ এৰি লাহে লাহে নিতম্ব আৰু কঁকাল ওপৰলৈ তোলক। হাত আৰু ভৰিৰ আঁঠু পোন কৰি ৰাখক। এই অৱস্থানত চকুৰ দৃষ্টি নাভিত থাকিব আৰু দুয়ো ভৰিৰ গোৰোহা মাটিত লগাই ৰাখিব।

প্ৰভাৱিত চক্ৰ:

স্বাধিষ্ঠান চক্ৰ।

(৯) অশ্বসঞ্চালনাসন (বিপৰীত)

ভংগী ৮ৰ পৰা লাহে লাহে উশাহ লৈ বাঁও ভৰিখন আঁঠুত ভাঁজ কৰি দুই হাতৰ মাজত সুমুৱাই ৰাখক। সোঁ ভৰিখন পাছফালে পোন কৰি আঙুলি আৰু আঁঠুৱে মাটি স্পৰ্শ কৰাকৈ ৰাখক। এতিয়া মূৰটো ওপৰলৈ তোলক আৰু চকুৰ দৃষ্টি আকাশৰ ফালে ৰাখক।

প্ৰভাৱিত চক্ৰ:

আজ্ঞা চক্ৰ। এই অৱস্থানত অগ্ৰ মস্তিষ্কত অৱস্থিত। পিনিয়েল গ্ৰন্থি বিশেষভাৱে প্ৰভাৱশীল হয়।

(১০) পদসস্তাসন (বিপৰীত)

৯ৰ পৰা নিশাহ লাহে লাহে এৰি সোঁ ভৰিখন দুয়ো হাতৰ মাজলৈ আনক। আঁঠু পোন কৰি দুয়ো হাতেৰে ভৰিৰ আঙুলি নাইবা মাটি স্পৰ্শ কৰক। নিতম্ব আৰু কঁকাল ওপৰলৈ উঠাই আনক। যদি সম্ভৱ হয় আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰক।

প্ৰভাৱিত চক্ৰ:

স্বাধিষ্ঠান চক্ৰ।

(১১) হস্তোত্তানাসন (বিপৰীত)

ভংগী ১০ৰ পৰা উশাহ লৈ লাহে লাহে দুয়ো হাত আৰু মূৰ একেলগে ওপৰলৈ উঠাই আনক। এতিয়া কঁকালৰ পৰা মেৰুদণ্ড ভাঁজ কৰি পাছফালে যিমান পাৰি হালি যাওক। চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।

প্ৰভাৱিত চক্ৰ:

বিশুদ্ধি চক্ৰ।

(১২) নমস্কাৰাসন (বিপৰীত)

ভংগী ১১ৰ পৰা নিশাহ এৰি কঁকাল পোন কৰি ওপৰলৈ উঠি আহক। এতিয়া আঁঠু, কঁকাল, মেৰুদণ্ড, বুকু আৰু ডিঙি পোন কৰি দুয়োখন হাত নমস্কাৰ মুদ্ৰাত বুকুৰ ওচৰত ৰাখক। চকুৰ দৃষ্টি সন্মুখৰ ফালে থাকিব। এই অৱস্থানত উশাহ দীঘলীয়াকৈ গ্ৰহণ কৰি নিশাহ দীঘলীয়াকৈ এৰিব। এয়াই হ’ল সম্পূৰ্ণ সূৰ্য নমস্কাৰ পদ্ধতি।

প্ৰভাৱিত চক্ৰ:

অনাহত চক্ৰ।

সূৰ্য নমস্কাৰৰ উপকাৰ

সূৰ্য নমস্কাৰ ভংগী-১ৰ নমস্কাৰাসন ভংগীত আৰম্ভ হৈ পুনৰ ভংগী-১২ৰ নমস্কাৰাসনত শেষ হয়। ইয়াক সম্পূৰ্ণ এটা আৱৰ্তন বুলি ধৰা হয়। অভ্যাসকাৰীসকলে প্ৰথম অৱস্থাত ৩টাকৈ আৱৰ্তনত শেষ কৰিব। পিছত ইয়াৰ সংখ্যা বৃদ্ধি কৰি ১০ মিনিটৰ ভিতৰত ১৩ টা আৱৰ্তন শেষ কৰিবলৈ চেষ্টা কৰিব। সূৰ্য নমস্কাৰৰ প্ৰতিটো ভংগীত ৫ ছেকেণ্ডৰপৰা ১৫ ছেকেণ্ড সময় থাকিবলৈ চেষ্টা কৰিব লাগে। বেছি খৰকৈ সূৰ্য নমস্কাৰ কৰিলে সুফল পোৱা নাযায়।

উপকাৰসমূহ

সূৰ্য নমস্কাৰ এক পূৰ্ণাংগ ব্যায়াম, গতিকে ই শৰীৰৰ সকলো অংগ-প্ৰত্যংগ বলিষ্ঠ আৰু নিৰোগী কৰি ৰাখে। সূৰ্য নমস্কাৰৰ বাৰটা ভংগীয়ে দেহৰ সকলো অংগলৈ বিশুদ্ধ তেজ খৰতকীয়াকৈ পৰিবহন কৰে। ইয়াৰ ফলত শৰীৰে অধিক জীৱনীশক্তি লাভ কৰে। ডিঙি, কান্ধ, বাহু, ভৰি, উৰু, নিতম্ব, পেট, বুকু আৰু পিঠিৰ মাংসপেশী সুদৃঢ় হয়। লগতে ই চকুৰ মাংসপেশীও শক্তিশালী কৰে। শৰীৰৰ হাড়ৰ জোৰা, গাঁঠি আৰু মণিবন্ধসমূহ সুদৃঢ় আৰু সবল কৰি তাত হোৱা ৰোগসমূহ নিৰাময় কৰে। সূৰ্য নমস্কাৰ দৈনিক অভ্যাস কৰিলে উৰু, পেট, কঁকাল, বাহু আদিৰ মেদবহুলতা(চৰ্বি) নাইকিয়া হয়। লগতে ই তেজত থকা কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰে। সূৰ্য নমস্কাৰে তেজ পৰিশোধন কৰি সমগ্ৰ ৰক্ত পৰিবহন ব্যৱস্থা আৰু স্নায়ুতন্ত্ৰক অধিক কাৰ্যক্ষম কৰি তোলে। যাৰ বাবে শাৰীৰিক আৰু মানসিক সবলতা বৃদ্ধি পায়। আমাৰ শৰীৰত থকা বিভিন্ন অন্ত:স্ৰাৱী গ্ৰন্থিসমূহে নি:সৰণ কৰা হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৰম’নৰ বিসংগতিৰ বাবে হোৱা বিভিন্ন ৰোগ নিৰাময় কৰে। শৰীৰৰ উচ্চতা আৰু ওজন সাপেক্ষে শাৰীৰিক ভাৰসাম্যতা ৰক্ষা কৰে। অৰ্থাৎ Body Mass Inden নিয়ন্ত্ৰণ কৰে। সূৰ্য নমস্কাৰত শ্বাস-প্ৰশ্বাসত অধিক গুৰুত্ব দিয়া হয় বাবে ই হাঁওফাঁও আৰু হৃদযন্ত্ৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে। মেৰুদণ্ড নমনীয় আৰু শক্তিশালী কৰে। মেৰুদণ্ডৰ সন্ধিসমূহত জমা হোৱা অতিৰিক্ত কেলছিয়াম আৰু দূষিত পদাৰ্থবোৰ আঁতৰায়। ইয়াৰ ফলত কঁকাল আৰু পিঠিৰ বিষ নাইকিয়া হয়। পিঠিত কুঁজ থাকিলে মেৰুদণ্ড পোনহৈ কুঁজ নাইকিয়া হয়। উদৰ গহ্বৰত থকা আভ্যন্তৰীণ অংগসমূহৰ সংকোচন প্ৰসাৰণ হয়। তাত থকা দূষিত পদাৰ্থবোৰ নিষ্কাসন হোৱাত সহায় হয়। ফলত পাকস্থলী, লিভাৰ, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আদি সবল আৰু কাৰ্যক্ষম হয়।  সূৰ্য নমস্কাৰে পাকস্থলীৰ কাম-কাজত সহায় কৰে। ইয়াৰ বাবে খাদ্যবস্তু সহজে হজম হয় আৰু হজমী ৰোগ দূৰ হয়। সূৰ্য নমস্কাৰ উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ব্যায়াম। সূৰ্য নমস্কাৰে যক্ষ্মা আৰু কুষ্ঠ ৰোগ নিৰাময় কৰিব পাৰে। ই ছালৰ ৰোগ নিৰাময় কৰে, ছালৰ কাৰ্য দক্ষতা বৃদ্ধি কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ সুঠাম কৰে। সূৰ্য নমস্কাৰৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ’ল মহিলাসকলৰ গৰ্ভ শক্তিশালী কৰে, গৰ্ভ নিৰ্দ্দিষ্ট স্থানত ৰখাত সহায় কৰে, মাহেকীয়া সমস্যা যেনে- তল পেটৰ বিষ, অতি ৰজ:, অল্প ৰজ: আদি ৰোগ নিৰাময় কৰে। গৰ্ভত সন্তান বহন কৰা কাৰ্যৰ বাবে হোৱা বিষ-বেদনাৰ যন্ত্ৰণা কমায় আৰু সন্তান প্ৰসৱত সহজ কৰে। মাতৃৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰে। চুলি আৰু তালুৰ পুষ্টি বৃদ্ধি কৰি কম বয়সতে চুলি সৰা, টপা হোৱা আদি ৰোগ নিৰাময় কৰে। বৃক্ক আৰু মূত্ৰ জনন তন্ত্ৰৰ ৰোগসমূহ নিৰাময় কৰে। থাইৰয়’ড গ্ৰন্থিৰ সোঁফালে ওপৰ অংশত থকা ‘এডামছ এপোল’ গ্ৰন্থিৰ সমস্যা দূৰ কৰে। ঘামৰপৰা হোৱা দুৰ্গন্ধ নাইকিয়া কৰে।

লেখক: ৰংমন ৰংদৈ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate