অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূৰ্য নমস্কাৰৰ বৈজ্ঞানিক ব্যাখ্যা আৰু উপকাৰঃ

সূৰ্য নমস্কাৰৰ বৈজ্ঞানিক ব্যাখ্যা আৰু উপকাৰঃ

সূৰ্য নমস্কাৰ ভংগী-১ৰ নমস্কাৰাসন ভংগীত আৰম্ভ হৈ পুনৰ ভংগী-১২ৰ নমস্কাৰাসনত শেষ হয়। ইয়াক সম্পূৰ্ণ এটা আৱৰ্তন বুলি ধৰা হয়। অভ্যাসকাৰীসকলে প্ৰথম অৱস্থাত ৩টাকৈ আৱৰ্তনত শেষ কৰিব। পিছত ইয়াৰ সংখ্যা বৃদ্ধি কৰি ১০ মিনিটৰ ভিতৰত ১৩টা আৱৰ্তন শেষ কৰিবলৈ চেষ্টা কৰিব। সূৰ্য নমস্কাৰৰ প্ৰতিটো ভংগীত ৫ ছেকেণ্ডৰ পৰা ১৫ ছেকেণ্ড সময় থাকিবলৈ চেষ্টা কৰিব। বেছি খৰকৈ সূৰ্য নমস্কাৰ কৰিলে সুফল পোৱা নাযায়।

সূৰ্য নমস্কাৰে শৰীৰত কিদৰে প্ৰভাৱ পেলায় ?

সূৰ্য নমস্কাৰ অভ্যাসৰ ফলত আমাৰ শৰীৰত থকা অষ্টচক্ৰ প্ৰভাৱশীল হয়। এই চক্ৰত অৱস্থিত মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ আৰু আজ্ঞা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত আমাৰ শৰীৰত অৱস্থিত অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ যেনে- অধিবৃক্কীয় গ্ৰন্থি, অগ্ন্যাশয় গ্ৰন্থি, থাইমাছ গ্ৰন্থি, পিণ্টুইটাৰী গ্ৰন্থি, পিনিয়েল গ্ৰন্থি, থাইৰ’য়ড গ্ৰন্থি আৰু যৌন গ্ৰন্থিসমূহ কাৰ্যক্ষম হয়। গ্ৰন্থিসমূহে শৰীৰত সঠিক মাত্ৰাত হৰম’ন ক্ষৰণ কৰে। যাৰ ফলত হৰম’ন বিসংগতিৰ বাবে হোৱা ৰোগসমূহ নিৰাময় হয়। সূৰ্য নমস্কাৰে শ্বাস-প্ৰশ্বাস আৰু মেৰুদণ্ডৰ সংকোচন, প্ৰসাৰণত বিশেষ প্ৰভাৱ পেলায়। হাঁওফাঁও আৰু হৃদযন্ত্ৰ সক্ৰিয় আৰু সবল হয় বাবে তেজত বিশুদ্ধ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। ৰক্ত পৰিবহণ প্ৰক্ৰিয়াটো সঠিকভাৱে চালিত হয়। ছাইটিক নাৰ্ভৰ লগতে কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰসমূহ সক্ৰিয় হয়। তদুপৰি হাড় আৰু মাংসপেশীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। সূৰ্য নমস্কাৰে মগজু, পাকস্থলী, যকৃত, অগ্ন্যাশয়, বৃক্ক আদি আভ্যন্তৰীণ অংগসমূহলৈ ৰক্ত প্ৰৱাহৰ সোঁত বৃদ্ধি কৰে।

উপকাৰসমূহঃ

  • সূৰ্য নমস্কাৰ এক পূৰ্ণাংগ ব্যায়াম। গতিকে ই শৰীৰৰ সকলো অংগ-প্ৰত্যংগ বলিষ্ঠ আৰু নিৰোগী কৰি ৰাখে।
  • সূৰ্য নমস্কাৰৰ ১২টা ভংগীয়ে দেহৰ সকলো অংগলৈ বিশুদ্ধ তেজ খৰতকীয়াকৈ পৰিবহণ কৰে। ইয়াৰ ফলত শৰীৰে অধিক জীৱনীশক্তি লাভ কৰে।
  • ডিঙি, কান্ধ, বাহু, ভৰি, উৰু, নিতম্ব, পেট, বুকু আৰু পিঠিৰ মাংসপেশী সুদৃঢ় হয়। লগতে ই চকুৰ মাংসপেশীও শক্তিশালী কৰে।
  • শৰীৰৰ হাড়ৰ জোৰা, গাঁঠি আৰু মনিবন্ধসমূহ সুদৃঢ় আৰু সবল কৰি তাত হোৱা ৰোগসমূহ নিৰাময় কৰে।
  • সূৰ্য নমস্কাৰ দৈনিক অভ্যাস কৰিলে উৰু, পেট, কঁকাল, বাহু আদিৰ মেদবহুলতা (চৰ্বি) নাইকিয়া হয়, লগতে ই তেজত থকা কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰে।
  • সূৰ্য নমস্কাৰে তেজ পৰিশোধন কৰি সমগ্ৰ ৰক্ত পৰিবহণ ব্যৱস্থা আৰু স্নায়ুতন্ত্ৰক অধিক কাৰ্যক্ষম কৰি তোলে। যাৰ বাবে শাৰীৰিক আৰু মানসিক সবলতা বৃদ্ধি পায়।
  • আমাৰ শৰীৰত থকা বিভিন্ন অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে নিঃসৰণ কৰা হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৰম’নৰ বিসংগতিৰ বাবে হোৱা বিভিন্ন ৰোগ নিৰাময় কৰে।
  • শৰীৰৰ উচ্চতা আৰু ওজন সাপেক্ষে শাৰীৰিক ভাৰসাম্য ৰক্ষা কৰে। অৰ্থৎ ‘বডী মাচ্ ইণ্ডেক্স’ নিয়ন্ত্ৰণ কৰে।
  • সূৰ্য নমস্কাৰত শ্বাস-প্ৰশ্বাসত অধিক গুৰুত্ব দিয়া হয় বাবে ই হাঁওফাঁও আৰু হৃদযন্ত্ৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে।
  • মেৰুদণ্ড নমনীয় আৰু শক্তিশালী কৰে। মেৰুদণ্ডৰ সন্ধিসমূহত জমা হোৱা অতিৰিক্ত কেলছিয়াম আৰু দূষিত পদাৰ্থবোৰ আঁতৰায়। ইয়াৰ ফলত কঁকাল আৰু পিঠিৰ বিষ নাইকিয়া হয়। পিঠিত কুঁজ থাকিলে মেৰুদণ্ড পোন হৈ কুঁজ নাইকিয়া হয়।
  • উদৰ গহ্বৰত থকা আভ্যন্তৰীণ অংগসমূহৰ সংকোচন, প্ৰসাৰণ হয়। তাত থকা দূষিত পদাৰ্থবোৰ নিষ্কাশন হোৱাত সহায় হয়। ফলত পাকস্থলী, লিভাৰ, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ আদি সবল আৰু কাৰ্যক্ষম হয়।
  • সূৰ্য নমস্কাৰে পাকস্থলীৰ কাম-কাজত সহায় কৰে। ইয়াৰ বাবে খাদ্যবস্তু সহজে হজম হয়। আৰু হজমী ৰোগ দূৰ হয়।
  • সূৰ্য নমস্কাৰ উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ব্যায়াম।
  • সূৰ্য নমস্কাৰে যক্ষ্মা আৰু কুষ্ঠ ৰোগ নিৰাময় কৰিব পাৰে। ই ছালৰ ৰোগ নিৰাময় কৰে। ছালৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ সুঠাম কৰে।
  • সূৰ্য নমস্কাৰৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ’ল মহিলাসকলৰ গৰ্ভ শক্তিশালী কৰে, গৰ্ভ নিৰ্দিষ্ট স্থানত ৰখাত সহায় কৰে। মাহেকীয়া সমস্যা যেনে- তল পেটৰ বিষ, অতি ৰজঃ, অল্প ৰজঃ আদি ৰোগ নিৰাময় কৰে।
  • গৰ্ভত সন্তান বহন কৰা কাৰ্যৰ বাবে হোৱা বিষ বেদনাৰ যন্ত্ৰণা কমায় আৰু সন্তান প্ৰসৱত সহজ কৰে।
  • মাতৃৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰে।
  • চুলি আৰু তালুৰ পুষ্টি বৃদ্ধি কৰি কম বয়সতে চুলি সৰা, তপা হোৱা আদি ৰোগ নিৰাময় কৰে।
  • বৃক্ক আৰু মূত্ৰ জনন তন্ত্ৰৰ ৰোগসমূহ নিৰাময় কৰে।
  • থাইৰ’য়ড গ্ৰন্থিৰ সোঁফালে ওপৰ অংশত থকা এডামছ এপোল গ্ৰন্থিৰ সমস্যা দূৰ কৰে।
  • ঘামৰ পৰা হোৱা দুৰ্গন্ধ নাইকিয়া কৰে।

লেখক: ৰংমন ৰংদৈ

উৎসঃ নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate