অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত প্ৰাণায়ামৰ ভূমিকা-

স্বাস্থ্য ৰক্ষাত প্ৰাণায়ামৰ ভূমিকা কি-

স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ। সু-স্বাস্থ্য অবিহনে সংসাৰখন সঁচা অৰ্থত অসাৰ। জীৱনটোক সুন্দৰভাৱে উপভোগ কৰিবলৈ হ’লে আমি সকলোৱে নিজৰ শৰীৰ ভালে ৰাখিবলৈ যত্ন কৰিব লাগিব। বৰ্তমান যুগত স্বাস্থ্য আৰু শৰীৰ সম্পৰ্কীয় শিক্ষাই সমাজত যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। এনেধৰণৰ শিক্ষাই এজন মানুহক শাৰীৰিক, মানসিকভাৱে যথেষ্ট সবল কৰি তোলে। যি লোকৰ মন, মগজু সুস্থ নহয় তেওঁলোকৰ দেহত সজীৱতা নাথাকে। তেজ চলাচল স্থিৰ হয়, স্নায়ু গতি শিথিল হয়। হাত-ভৰিকে আদি কৰি শৰীৰৰ আন অংগবোৰ স্থবিৰ হয়, এলেহুৱা হয়। ৰামায়ণ, মহাভাৰত আদি মহাকাব্যত উল্লেখ থকা মতে স্বাস্থ্য ভালে ৰখাৰ যোগ আৰু প্ৰাণায়ামৰ যথেষ্ট ভূমিকা আছে। পুৰণি কালত ঋষিসকলে প্ৰাণায়ামৰ যোগেদি স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিছিল। গুৰুকুলসমূহতো শিক্ষাৰ্থীসকলক প্ৰাণায়ামৰ ওপৰত শিক্ষা দিয়া হৈছিল অথবা প্ৰাণায়াম কৰোৱা হৈছিল। বৰ্তমান একৈশ শতিকাৰ আধুনিকতাৰ যুগত স্বামী ৰামদেৱেও দেখাই দিছে যে প্ৰাণায়ামৰ যোগেদি মানুহৰ শৰীৰ নিৰোগী কৰি ৰাখিব পাৰি। দৈনিক ২০-২৫ মিনিট প্ৰাণায়াম কৰিলে হাপানী, হৃদৰোগ, দুৰাৰোগ, ডায়বেটিছ, কোষ্ঠকাঠিন্য, ৰক্তচাপ, বাতৰোগ, মানসিক ৰোগ, গেছটিক, মেদবহুলতা, চকুৰ ৰোগ আদি নিৰাময় কৰিব পাৰি। প্ৰাণায়ামৰ যোগেদি মনৰ সকলো দুখ-কষ্ট আঁতৰাই সুস্থ জীৱন লাভ কৰিব পাৰি। দৈনিক প্ৰাণায়াম সকলো বয়সৰ ব্যক্তিয়ে কৰিব পাৰে। তলত কেইটামান প্ৰাণায়ামৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰা হ’ল।

অনুলোম-বিলোম প্ৰাণায়াম :

 

অনুলোম-বিলোম প্ৰাণায়ামত যিকোনো আসনত বহি সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে উশাহ ল’ব লাগে, তাৰ পাছত মধ্যমা আঙুলিৰে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে উশাহ এৰিব লাগে। এনেধৰণৰ প্ৰায় দথ-পোন্ধৰ মিনিট এই প্ৰাণায়াম মাজে মাজে বিৰতি লৈ কৰিব লাগে।

বাহ্য প্ৰাণায়াম :

 

এই প্ৰাণায়াম পদ্মাসনত বহি উশাহ জোৰকৈ এৰি দি পেটটো ভিতৰলৈ সুমুৱাই থুঁতৰি হেঁচি ধৰি আৰু মলদ্বাৰ চেপি ২০ ছেকেণ্ডমান উশাহ বন্ধ কৰি ৰাখি তাৰ পাছত দীঘলীয়াকৈ উশাহ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে।

কপাল ভাতি প্ৰাণায়াম :

 

এই প্ৰাণায়াম ধ্যান কৰিবলৈ বহাৰ লেখীয়াকৈ বহি নাকৰ দুই ফুটাৰে জোৰকৈ উশাহ এৰিব লাগে আৰু কোনো জোৰ নিদিয়াকৈ উশাহ ল’ব লাগে। এই প্ৰাণায়াম দৈনিক দহ মিনিট কৰা উচিত।

ভ্ৰামৰী প্ৰাণায়াম :

 

এই প্ৰাণায়ামত দীঘলীয়াকৈ উশাহ লোৱাৰ পিছত দুইখন হাতৰ বুঢ়া আঙুলিৰে কাণ দুখন বন্ধ কৰিব লাগে। দুই হাতৰ তৰ্জনী আঙুলি চেলাউৰিৰ ওপৰত থৈ বাকী আঙুলীৰে দুই নাকৰ গুৰিত হেচি মুখ বন্ধ কৰি ওম শব্দ উচ্চাৰণ কৰি লাহে লাহে উশাহ বাহিৰলৈ এৰি দিব লাগে। এনে প্ৰাণায়াম দিনে ছয়-সাতবাৰমান কৰিব লাগে।

ওমকাৰ জপ :

 

দীঘলীয়াকৈ উশাহ লৈ ভক্তিভাৱেৰে ওম শব্দ ২০-২৫ ছেকেণ্ডলৈ উচ্চাৰণ কৰিব লাগে। এই প্ৰাণায়াম দিনে পোন্ধৰবাৰমান ওম শব্দটো দীঘলকৈ উচ্চাৰণ কৰি কৰিব লাগে। মুঠৰ ওপৰত এনেধৰণৰ প্ৰাণায়ামৰ যোগেদি স্বাস্থ্য ভালে ৰাখিব পাৰি। প্ৰাণায়ামে শৰীৰক নিৰোগী কৰি ৰাখে। প্ৰাণায়াম অনুশীলন, পদ্মাসন, সুখাসন, বজ্ৰাসনত বহি মেৰুদণ্ড পোন কৰি চকু মুদি কৰিব লাগে।

 

উৎস-ৰাইজৰ বাতৰি,তথ্য আৰু জনস্ংযোগ বিভাগ ,অসম চৰকাৰ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate