শলভাসন -

প্ৰণালী:

পেট পেলাই পোন হৈ শুই লওক। হাতৰ তলুৱা উৰুৰ তলত সোমাই মাটিত লাগি থাকিব। থুতৰি মাটিত লাগি থাকিব। এতিয়া ভৰি পোনকৈ ৰাখি শ্বাস লৈ লৈ সোঁ ভৰিখন ওপৰলৈ দাঙি দিয়ক। চাব যাতে আঁঠুত ভাঁজ নালাগে।

কেইছেকেণ্ডমান ওপৰতে ৰাখি ভৰিখন শ্বাস এৰি নমাই দিয়ক। তেনেদৰে বাওঁ ভৰিখনো নিয়ম অনুযায়ী ওপৰলৈ দাঙি দিয়ক।

ভৰি এখন এখনকৈ দাঙি দিয়াৰ পিছত এতিয়া দুয়োখন ভৰি একেলগে ওপৰলৈ দাঙি দিয়ক আৰু লাহে লাহে নমাই দিয়ক। ইয়াক পূৰ্ণ শলভাসন বুলি কোৱা হয়। এনেদৰে ৪-৫ বাৰ এই আসনটো কৰিব পাৰে।

নিষেধ:

যিবিলাক ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে, হৃদযন্ত্ৰ দুৰ্বল, তেখেতসকলে দুয়োখন ভৰি একেলগে দাঙি নিদিব। অৰ্ধ শলভাসন অৰ্থাৎ এখন এখনকৈ ভৰি দাঙি দিয়াটোহে অভ্যাস কৰিব।

উপকাৰিতা:

কঁকালৰ বিষ দূৰ হয়। ছায়াটিকাৰ বিষ নিৰাময়কাৰী। ভৰিৰ স্নায়ু পেশীসমূহ সবল কৰে।

নৌকাসন -

প্ৰণালী:

পেট পেলাই শুই লওক। হত দুখন পিঠিৰ ফালে নি সোঁহাত মুঠি মাৰি লওক। বাওঁহাতেৰে সোঁহাতৰ গাঁঠিত ধৰি লৈ হাত দুখন তলৰ ফালে টানি দিয়ক। শ্বাস গ্ৰহণ কৰি কৰি দুখন সমানে ওপৰলৈ উঠাই দিয়ক। শৰীৰটো নাওৰ দৰে ভাজ লাগিব।

কেৱল তলপেটটো মাটিত লাগি থাকিব। তাৰ পাছত শ্বাস এৰি এৰি তললৈ নামি আহি স্বাভাৱিক অৱস্থালৈ আহক। এনেদৰে আসনটো ২-৩ বাৰ অভ্যাস কৰক।

উপকাৰিতা:

পিঠি, পেট, কঁকাল অংশৰ স্নায়ু পেশীসমূহ সবল, সুদৃঢ় কৰে। প্লীহা, যকৃৎ আদি উদৰৰ গ্ৰন্থিবোৰ সুস্থ-সবল হয়।

নিষেধ:

হৃদযন্ত্ৰৰ অসুখ থকা লোকে এই আসনটো বেছি সময় নকৰিব।

মকৰাসন:

প্ৰণালী:

তলমুৱাকৈ শুই লওক। দুই হাতৰ কিলাকুটিত ভৰ দি নাভিৰ পৰা ওপৰ অংশ দাঙি দি দুই হাতৰ তলুৱাৰে থুতৰিত আলফুলে ধৰক। এতিয়া শৰীৰটো শিথিল ৰাখি সোঁভৰিখন কোঁচাই আঁথু ভাজ কৰি তপিনা চুবলৈ চেষ্ট কৰক।

এবাৰ সোঁভৰি, এবাৰ বাওঁ ভৰিখন কোঁচোৱা আৰু শিথিল কৰাৰ পিছত দুয়োখন ভৰি একেলগে আগৰ দৰে কৰিব। এনেদৰে ২-৩ মিনিট আসনটো অভ্যাস কৰক।

উপকাৰিতা:

এই আসনটো অভ্যাসৰ ফলত কঁকালৰ বিষ ভাল হয়, ভৰিৰ পেশীসমূহৰ সবলতা বাঢ়ে। মন আনন্দেৰে ভৰি পৰে।

মণ্ডুকাসন -

প্ৰণালী:

বজ্ৰাসনত অৰ্থাৎ গোৰোহা দুটাৰ ওপৰত তপিনা পাৰি বহি লৈ নাকেৰে শ্বাস গ্ৰহণ কৰক আৰু মুখেৰে সম্পূৰ্ণ শ্বাস ত্যাগ কৰি সোঁহাতৰ তলুৱাৰ ওপৰত বাওঁহাতৰ তলুৱা তল পেটত ৰাখি আগলৈ হালি আহক আৰু পাৰ্যমানে কপাল মাটিত লগাওক, পিছফালে দাং নোখোৱাকৈ।

এতিয়া শ্বাস গ্ৰহণ কৰি কৰি ওপৰলৈ উঠি আহক। তেনেদৰে ক্ৰিয়াটো ৪-৫ বাৰ অভ্যাস কৰক।

উপকাৰিতা:

অগ্নাশয় গ্ৰন্থিক সক্ৰিয় কৰে। বহুমূত্ৰ ৰোগ প্ৰতিৰোধত এই আসনটো ভাল।

নিষেধ:

আঁথুৰ বিষ থকা আৰু কঁকালৰ বিষ থকাসকলে এই আসনটো অভ্যাস নকৰিব।

বক্ৰাসন -

প্ৰণালী:

ভৰি দুখন সন্মুখৰ ফালে পোনভাৱে মেলি বহি লওক। এই হাত কঁকালৰ দুয়োকাষে স্থাপন কৰক। এতিয়া সোঁভৰিখন ভাজ কৰি আনি ভৰিৰ পতা বাওঁভৰিৰ আঁঠুৰ কাষত স্থাপন কৰক।

এতিয়া বাওঁহাতেৰে সোঁ ভৰিখনৰ গাঁঠিত ধৰি সোঁহাতখন পিছফালে স্থাপন কৰক আৰু লগে লগে শ্বাস ত্যাগ কৰি কৰি কঁকালৰ ওপৰ অংশ ৰাজহাড়, বিড়ি, মূৰ সোঁফালে লাহে লাহে ঘূৰাই দিয়ক। তাৰ পিছত আকৌ পোন হৈ বহি লওক।

ভৰিখনো আগলৈ মেলি দিয়ক। তেনেদৰে এইবাৰ বাওঁভৰিখন কোঁচাই আনি সোঁ ভৰিৰ আঁঠুৰ কাষত স্থাপন কৰক।

সোঁহাতেৰে বাওঁভৰিৰ আঁঠুৰ বাহিৰ ফালৰ পৰা গাঁঠিত ধৰিবলৈ চেষ্টা কৰক আৰু বাওঁ হাতখন বাওঁফালেৰে পিছফালে স্থাপন কৰক।

আৰু শ্বাস ত্যাগ কৰি কৰি বাওঁফালেৰে পিছ ফাললৈ কঁকালৰ ওপৰ অংশ লৈ যাওক। তাৰ পাছত পুনৰ শ্বাস লৈ লৈ আগৰ অৱস্থালৈ আহক। এনেদৰে আগনটো ৪-৬ বাৰ অভ্যাস কৰিব পাৰে।

উপকাৰিতা:

মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। ঘাৰ, পিঠিৰ পেশীসমূহৰ জঠৰতা দূৰ হয়। বহুমূত্ৰ ৰোগ উপশমত অধিক ফলপ্ৰসূ।

লেখক: বসন্ত মজুমদাৰ(নিয়মীয়া বাৰ্তা)