অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তচাপ সহজে নিয়ন্ত্ৰণ হয়

ৰক্তচাপ সহজে নিয়ন্ত্ৰণ হয়

অসুখৰ সমাধান প্ৰাণায়াম

উচ্চ ৰক্তচাপত নিম্ন ৰক্তচাপৰ সমস্যাত অনেক ভোগে। এবাৰ ৰক্তচাপৰ সমস্যাত ভোগা মানুহজনে চিন্তাত পৰে। অতি মাত্ৰা চিন্তাৰ ফলত ৰোগ বাঢ়েহে, নকমে। আমি লগ পোৱা অনেকৰ ক্ষেত্ৰত কেৱল প্ৰাণায়ামৰ দ্বাৰা এই ৰোগ ভাল হোৱাৰ উদাহৰণ পাইছো। একুপ্ৰেছাৰ, মুদ্ৰা, ধ্যানৰ অপৰিসীম গুৰুত্ব আছে। দৈনিক কাৰ্য্যক্ৰমণিকা, আচাৰ-ব্যৱহাৰ, খাদ্যাভাসৰ ওপৰতো এই ৰোগ নিৰ্মূল বহুলাংশে নিৰ্ভৰ কৰে। পুৱা চৌদিশে পোহৰ হোৱাৰ সময়তে উঠিব। নিত্যকৰ্ম সুকলমে সমাধা হ’বৰ বাবে তলত বহি দুগিলাচ কুহুমীয়া গৰম পানী খাওক। ঠাইতে থিয় হৈ হাত দুখন আগলৈ মেলি দীঘলকৈ উশাহ লৈ বাওঁফালে ঘূৰিব, ভৰি একে ঠাইতে থাকিব। পুনৰ দীঘল উশাহ লৈ সোঁফালে ঘূৰিব। আকৌ মাজলৈ। বিশবাৰ কৰিব এনেদৰে। ঊৰ্দ্ধতাৰাসন, তীৰ্যক তাৰাসন, ভুজুংগাসন, তীৰ্যক ভুজংগাসন কৰিব। শৰীৰত থকা সকলো মল-মূত্ৰ বাহিৰ হ’ব। শৰীৰৰ মল-মূত্ৰ বাহিৰ নহ’লেও ৰক্তচাপৰ হীনদেড়ি হয়।

অলপ খোজকাঢ়িবও পাৰে। দিব্য পেয় খাব। চাহ নাখাব। তাৰ পিছত প্ৰাণায়াম। ভ্ৰষ্টিকা-৫ মিনিট, কপালভাটি-১০-১৫ মিনিট। লাহে লাহে কৰিব। দুই বা তিনি ছেকেণ্ডৰ বিৰতিত নিশাহ এৰিব। বাহ্য-ৰক্তচাপ বেছি হ’লে নকৰিব। প্ৰাণায়াম আৰম্ভ কৰাৰ কিছুদিন পিছত কৰিব পাৰিব। উজ্জায়ি-৩ বাৰ কৰিব। ৰক্তচাপ বেছি হ’লে এমাহ নকৰিব। অনুলোম বিলোম-১৫-২০ মিনিট কৰিব। ৩০ মিনিট পৰ্য্যন্ত কৰিলে বেছি লাভ পাব। ভ্ৰামৰী-১১ বাৰ। উদ্‌গ্ৰীৱ-১১ বাৰ। প্ৰণৱ-৫ মিনিট কৰিব পাৰিলে মানসিক উদ্বিগ্নতাও হ্ৰাস পায়। যোগ শিক্ষকৰ পৰামৰ্শ লৈহে প্ৰাণায়াম কৰিব। বহুতে প্ৰাণায়াম ভুলকৈ কৰে। ভুল হ’লে ৰোগ নিৰ্মূলত অসুবিধা। ঔষধ খাই থকা ৰোগীসকলক অনুৰোধ-প্ৰাণায়াম আৰম্ভ কৰিয়েই ঔষধ এৰি নিদিব। লাহে লাহে এৰিব পৰা হ’লেহে এৰিব। প্ৰাণায়াম আৰম্ভ কৰাৰ তিনি মাহমান পিছত ঔষধ এৰিব পৰা হয়গৈ।

মুদ্ৰা

অনামিকা আঙুলিৰ আগটোত বুঢ়া আঙুলিৰ আগটো লাহেকৈ স্পৰ্শ কৰি বাকী তিনিটা আঙুলি মেলি ওপৰমুৱাকৈ হাতখন আঁঠুৰ ওপৰত থৈ প্ৰাণায়াম কৰক। উচ্চ ৰক্তচাপ কমে, নিম্ন ৰক্তচাপ বাঢ়ে। ওজন বাঢ়ে-শকত মানুহৰ ওজন কমে। এই মুদ্ৰাই ভাৰসাম্য ৰক্ষা কৰে।

খাদ্য

উত্তেজক আহাৰ, আমিষ ভোজন বৰ্জনীয়। প্ৰতিদিনে দাইলত সিজাই জাতিলাউ খাওক। সাৱধান-সাৰ দিয়া লাউ মাৰাত্মক। লাউৰ ৰস এগিলাচ সদায় খাওক। স্ফূৰ্তিপানী লাওপানীৰ সংগত, সাৱধান। আমলখিৰ ৰসো গুণকাৰী। দৈনিক একোটা আপেলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

নিম্ন ৰক্তচাপত ভোগাসকল আচলতে ভাগ্যৱানহে। তেওঁলোকে চাবনপ্ৰাছ, বাদামপাক, শিলাজিত খাওক। ভেদাইলতা, কলডিল, মানিমুনি চজিনা খাওক। বহুতে পাৰ-হাঁহৰ মাংস খাই ৰক্তচাপ বৃদ্ধি কৰে। হাঁহ-পাৰৰ জীৱন ধ্বংস কৰিলে নিজৰো বিপদ। দেহ আৰু মনত যিমান শক্তি, কামৰ বোজাও সিমানখিনিহে ল’ব। অত্যাধিক কাম আৰু চিন্তাৰ বোজাই ৰক্তচাপৰ তাৰতম্য ঘটায়। সঠিক চিন্তা কৰক, ভাল চিন্তা কৰক। আনৰ বেয়া চিন্তা কৰিলেও নিজৰ বাবে বেয়া। আনৰ মংগল কামনা কৰক। বজাৰত কিনিবলৈ নোপোৱা এটা আপুৰুগীয়া বস্তু-শান্তি। অকণমান শান্তিয়ে আনি দিব সম্পূৰ্ণ আৰোগ্য।

লিখক: বিকাশ গোস্বামী।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate