অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তহীনতা ৰোগৰ যৌগিক চিকিৎসা

ৰক্তহীনতা ৰোগৰ যৌগিক চিকিৎসা

সাম্প্ৰতিক কালত ৰক্তহীনতা ৰোগৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পায় অহা পৰিলক্ষিত হৈছে। আধুনিক চিকিৎসা বিজ্ঞানত এই ৰোগক ‘এনিমিয়া’ বুলি কোৱা হয়। নাৰী-পুৰুষ উভয়ৰে মাজত এই ৰোগৰ প্ৰকাশ ঘটে যদিও পুৰুষৰ তুলনাত নাৰীসকল ৰক্তহীনতা ৰোগত অধিক ভোগা দেখা যায়।

ৰোগৰ লক্ষণ

শাৰীৰিক দুৰ্বলতা, সদায় শীত আৰু ভাগৰ অনুভৱ, মূৰৰ ঘুৰণি আৰু বিষ, বুকু ধৰফৰ কৰা, হাত আৰু ভৰিৰ তলুৱা সদায় শীতল আৰু শ্বেতবৰ্ণৰ, চকুৰ পিৰঠিৰ তলৰ বৰণ সম্পূৰ্ণ ৰক্তহীন, হাত-ভৰিৰ নখৰ বৰণ নীলা, শৰীৰৰ অংগ-প্ৰতংগৰে বেদনা, হাত-ভৰি ঝিণ-ঝিনোৱা, ৰক্তচাপ নিম্ন, অজীৰ্ণ, ভোক নলগা, কোষ্ঠবদ্ধতা আদি উপসৰ্গসমূহ ৰক্তহীনতা ৰোগৰ প্ৰধান লক্ষণ। এই ৰোগ পুৰণি হ’লে ৰোগীৰ মুখমণ্ডল আৰু ভৰিৰ পতা ফুলা দেখা যায়। অনিয়মিত ঋতুস্ৰাৱ, শ্বেতপ্ৰদৰ, শৰীৰ গধুৰ অনুভৱ, কামৰ প্ৰতি উত্সাহ নোহোৱা, ওখ স্থানত উঠিলে নাইবা সাধাৰণ পৰিশ্ৰমতে বুকু ধৰফৰ কৰা, নাড়ীৰ গতি ক্ষীণ আৰু শৰীৰৰ উত্তাপ হ্ৰাস পোৱা প্ৰভৃতি লক্ষণে নাৰীদেহত ৰক্তহীনতা ৰোগৰ আক্ৰমণ ঘটা সূচনা কৰে।

ৰোগৰ কাৰণ

শৰীৰৰ গঠন অনুসৰি আমাৰ দেহত কিমান পৰিমাণৰ তেজ থকা প্ৰয়োজন এই বিষয়ত শৰীৰ বিজ্ঞানীসকলে বিভিন্ন মত পোষণ কৰি আহিছে। কোনো কোনোৰ মতে, ব্যক্তি বিশেষে শৰীৰৰ ওজন যিমান ইয়াৰ ১৩ ভাগৰ এভাগ তেজ আৰু কোনো কোনোৰ মতে শৰীৰৰ ওজন অনুসৰি তেজৰ পৰিমাণ ১০ ভাগৰ এভাগহে থাকে। শৰীৰত যিমান পৰিমাণৰ তেজ নাথাকক কিয় শৰীৰত যেতিয়া প্ৰয়োজনীয় বিশুদ্ধ তেজৰ অভাৱ ঘটে তেতিয়াই ৰক্তহীনতা ৰোগৰ সৃষ্টি হয়। এই ৰোগ সৃষ্টিৰ কাৰণ দুই প্ৰকাৰৰ দেখা যায়। একপ্ৰকাৰ কাৰণ মুখ্য আৰু আন প্ৰকাৰ গৌণ। আমাৰ দেহত তেজ তৈয়াৰ কৰা গ্ৰন্থি যেনে প্লীহা আৰু যকৃত দুৰ্বল হ’লে তেজত থকা উপাদানৰ ক্ষয় আৰু ন্যূনতা ঘটে আৰু ইয়াৰ কাৰণে শৰীৰত ৰক্তহীনতা ৰোগৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এইটোৱেই হৈছে ৰক্তহীনতা ৰোগৰ মুখ্য কাৰণ। কোনো কাৰণ বশতঃ শৰীৰত হোৱা ৰক্তস্ৰাৱ নাইবা আঘাত আদিৰ কাৰণে শৰীৰৰ পৰা মাত্ৰাধিক ৰক্তক্ষৰণ ঘটিলে শৰীৰত প্ৰয়োজনীয় তেজৰ অভাৱ ঘটে যদিও উল্লিখিত সকলো ধৰণৰ লক্ষণৰ প্ৰকাশ নঘটে। আনহাতে, বাহিৰৰ পৰা প্ৰয়োগ হোৱা ৰক্তৰ দ্বাৰা ইয়াৰ অভাৱ সহজতে পূৰণ হয়। গতিকে  ৰক্তহীনতা ৰোগৰ ই মুখ্য কাৰণ নহয়। ইয়াক গৌণ কাৰণহে বোলা হয়। চিকিৎসা বিজ্ঞানত আৱিস্কাৰ হোৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আমাৰ দেহৰ  প্লীহা আৰু যকৃতৰ পৰা তৈয়াৰ হোৱা বিশুদ্ধ তেজৰ মাজত দুই প্ৰকাৰৰ দেহৰক্ষী জীৱাণুৰ সন্ধান পোৱা গৈছে। তেজত থকা এই একপ্ৰকাৰ জীৱাণুৰ বৰণ লাল আৰু অন্য প্ৰকাৰৰ বৰণ বগা। চিকিৎসা শাস্ত্ৰত ইয়াক ক্ৰমে লালৰক্তাণু আৰু শ্বেতৰক্তাণু নামেৰে নামকৰণ কৰা হৈছে। লালৰক্তাণুৰ দ্বাৰা আমাৰ শৰীৰত থকা গ্ৰন্থি, পেশী আদি সকলোবোৰ যন্ত্ৰই পুষ্টিৰ উপাদান সংগ্ৰহ কৰে আৰু ই শৰীৰ পৰিচালনাৰ সহায়ক। শ্বেতৰক্তাণুৰ প্ৰধান দায়িত্ব হৈছে শৰীৰৰ ৰোগ বিষ ধ্বংস কৰা অৰ্থাত্ শৰীৰ ৰোগমুক্ত কৰি ৰখা। সংক্ৰামক বা অসংক্ৰামক যি ৰোগৰ বীজাণুৱেই হওক ই সহজতে আমাৰ শৰীৰ আক্ৰমণ কৰিব নোৱাৰে- যদিহে আমাৰ শৰীৰত তেজত এই শ্বেতৰক্তাণুৰ ক্ষয় বা ন্যূনতা নঘটে। গতিকে ইয়াৰ পৰাই বুজিব পাৰি শৰীৰৰ তেজত থকা লাল আৰু শ্বেতকণিকাৰ প্ৰয়োজন কিমান। যিকোনো প্ৰকাৰে আমি যদি প্লীহা আৰু যকৃত সুস্থ অৰ্থাত্ নিৰোগী কৰি ৰাখিব পাৰোঁ তেতিয়া অকল ৰক্তহীনতা ৰোগেই নহয় ইয়াৰ পৰা সৃষ্টি হ’ব পৰা বিভিন্ন কঠিন ৰোগৰ পৰা আমি মুক্তি পাব পাৰোঁ। কি কি কাৰণৰ পৰা আমাৰ প্লীহা আৰু যকৃত দুৰ্বল নাইবা ৰুগীয়া হয় ইয়াক সংক্ষেপে আলোচনা কৰা হ’ল- সদায় পুষ্টিকৰ খাদ্যৰ অভাৱ, দীৰ্ঘদিন ধৰি অম্ল, অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগত ভোগা, ঘনে ঘনে যক্ষ্মা, চিফিলিচ, মেলেৰিয়া আদি ৰোগ ভোগ কৰা, ফিটা পেলুৰ দ্বাৰা আক্ৰান্ত হোৱা, মাত্ৰাধিক মাংস, কণী, ঘিউ, মাখন, তেল আদি গ্ৰহণ, খাদ্যত অত্যধিক জলকীয়া, মচলা ব্যৱহাৰ, কৃত্ৰিম আৰু ভেজাল খাদ্যাদি গ্ৰহণ, বিভিন্ন ৰাগিয়ল দ্ৰব্য যেনে মদ, ভাং, বিড়ি, চিগাৰেট, ধপাত, চূণ, জৰ্দা, খয়েৰ, গুটখাজাটীয় দ্ৰব্যাদি সেৱন, মাত্ৰাধিক চাহ, কফী আদি পান, প্লীহা আৰু যকৃত দুৰ্বল হোৱা আদি ইয়াৰ ৰোগ সৃষ্টিৰ প্ৰধান কাৰণ। আমাৰ দেহত থকা এই প্লীহা আৰু যকৃত এই দুয়োটা গ্ৰন্থিয়েই পৰস্পৰৰ অনুপূৰক। ইয়াৰ এটা সুস্থ থাকিলে আনটো দুৰ্বল নহয়। কিন্তু এটাক সহায় কৰিবলৈ গৈ আনটো যদি দুৰ্বল হয় তেতিয়া দুয়োটা গ্ৰন্থিৰে ৰোগ প্ৰতিৰোধ কৰা শক্তি হ্ৰাস পায়। গতিকে খাদ্য গ্ৰহণত সতৰ্কতা অৱলম্বন কৰি উল্লিখিত দুয়োটা গ্ৰন্থিৰে সমতা ৰক্ষা কৰিব পাৰে।

ৰোগৰ চিকিৎসা

বিভিন্ন চিকিৎসাত আৰোগ্য নোহোৱা ৰক্তহীনতা ৰোগ নিৰাময়ৰ একমাত্ৰ উপায় যৌগিক চিকিৎসা পদ্ধতি অৱলম্বন কৰা। যৌগিক চিকিৎসা পদ্ধতি বুলিলে এই ৰোগক অকল আসন, মুদ্ৰাদি অনুশীলন কৰাকে নুবুজায়। প্লীহা আৰু যকৃত সবলৰ কাৰণে যোগৰ বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া আসন, মুদ্ৰা, প্ৰাণায়াম আদিৰ লগতে জলধৌতি, বায়ুধৌতি, নলধৌতি বা বাৰিষাৰ ধৌতি, উশাহ পৰিবৰ্তন, খাদ্য নীতি, জলস্নান, ৰৌদ্ৰস্থান আদি অনুশীলন কৰা প্ৰয়োজন। যোগাভ্যাসকাৰী বহুতৰে ধাৰণা কঠিন ৰোগ নিৰাময়ৰ কাৰণে কঠিন যোগক্ৰিয়া অনুশীলনৰ প্ৰয়োজন। ই সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা, কিয়নো ইয়াৰ দ্বাৰা বিপৰীত ফল প্ৰদান কৰাহে দেখা যায়। এই ৰোগত কোনো কিতাপ পঢ়ি নাইবা চিত্ৰ তালিকা নিৰীক্ষণ কৰি ক্ৰিয়াদি অনুশীলন কৰা উচিত নহয়। দুৰ্বল ৰোগীয়ে কিছুদিন যৌগিক চিকিৎসালয়ত থাকি চিকিৎসা কৰিলেহে ইয়াৰ সুফল লাভৰ আশা কৰিব পাৰি। খাদ্য গ্ৰহণতো এই ৰোগত সতৰ্কতা অৱলম্বন কৰা বিশেষ প্ৰয়োজন। বিশেষকৈ আমিষ আৰু চৰ্বিযুক্ত খাদ্যাদি গ্ৰহণত সতৰ্ক হোৱা উচিত। ৰক্তহীনতা ৰোগত ৰোগীৰ দুৰ্বলতা নিবাৰণ আৰু নিম্ন ৰক্তচাপ বৃদ্ধিৰ কাৰণে কিছুমানে মাছ, মাংস, কণী আদি গ্ৰহণ কৰে। ৰোগীৰ জীৰ্ণকাৰী শক্তি দুৰ্বল আৰু ইয়াৰ লগত অম্ল, অজীৰ্ণ, কৌষ্ঠবদ্ধতা ৰোগ সমুক্ত হ’লে ই ৰোগীৰ বাবে হিতকাৰী নহয়। গতিকে এই বিষয়তো সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন।

লেখক: যোগাচাৰ্য ডাঃ দণ্ড প্ৰতাপ শৰ্মা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate