যোগগুৰু শিৱানন্দ সৰস্বতী মহাৰাজে কামৰূপ কামাখ্যাৰ ‘উমাচল যোগ মহাবিদ্যালয়’ত শিক্ষাদান কৰাৰ সময়ত ছাত্ৰসকলক প্ৰায়ে কৈছিল- ‘প্ৰাণায়াম হৈছে প্ৰাণৰ আয়াৰ অৰ্থাৎ বায়ুৰ বিস্তাৰ বা দীৰ্ঘীকৰণ’। যোগাশাস্ত্ৰকাৰ পতঞ্জলিয়েও কৈছিল- শ্বাস-প্ৰশ্বাসৰ স্বাভাৱিক গতি ভংগ কৰি যোগৰ নিয়মত অনুশীলন কৰা নামেই প্ৰাণায়াম। যোগীবৰ গোৰক্ষনাথে কৈছিল- প্ৰাণায়াম অভ্যাসকাৰী ব্যক্তি প্ৰাণায়ামৰ দ্বাৰা জ্ঞানী বা বিদ্বত হ’ব পাৰে।
১. ৰেচক বা বাহ্যবৃত্তি
২. পূৰক বা অভ্যন্তৰ বৃত্তি আৰু
৩. কুম্ভক বা স্তম্ভবৃত্তি।
১. অধম
২. মধ্যম আৰু
৩. উত্তম
প্ৰাণায়াম অভ্যাসৰ সময়ত যদি শৰীৰৰ পৰা ঘাম নিৰ্গত হয়, তেনেহ’লে সেই প্ৰাণায়াম হ’ল- ‘অধম’। যদি শৰীৰত কম্পন অনুভৱ হয়, সেয়া হ’ব ‘মধ্যম’ আৰু যদি শৰীৰটো লঘু বা পাতল বোধ হয়, তেনেহ’লে সেয়া নহ’ল ‘উত্তম’ প্ৰাণায়াম।
মানুহৰ লগতে পৃথিৱীৰ সকলো জীৱকুলে বায়ু সেৱন কৰি জীয়াই থাকে। সকলো প্ৰাণীকুল যদিও পৃথিৱী আৱৰি থকা বায়ুৰ মাজতে থাকে, তথাপি সকলো মানুহে সমানে বায়ু সেৱন কৰিব নোৱাৰে। কিন্তু প্ৰাণায়াম অনুশীলন কৰিলে মানুহে অধিক মাত্ৰাত বায়ু সেৱন কৰিব পৰা হয়। অধিক মাত্ৰাত বায়ু সেৱন কৰিলে মানুহ দীৰ্ঘায়ু আৰু নিৰোগী হয়। যিসকল লোকে প্ৰাণায়াম অবিহনে কেৱল যৌগিক ক্ৰিয়া অনুশীলন কৰি থাকে, তেওঁলোকে কেৱল আংশিক ফলহে লাভ কৰে। যোগ অভ্যাসকাৰীসকলে এটা কথা মনত ৰখা দৰকাৰ যে, আসনতকৈ মুদ্ৰা বেছি শক্তিশালী। কেৱল মাত্ৰ প্ৰাণায়াম অভ্যাসৰ দ্বাৰা শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰাখিব পৰা যায়। মানুহে অন্ন গ্ৰহণ নকৰাকৈ দুই-এমাহ আৰু পানী সেৱন নকৰাকৈ দুই-এদিন বাচি থাকিব পাৰে। কিন্তু বায়ু সেৱন নকৰাকৈ মানুহ তিনি মিনিটৰ অধিক সময় বাচি থাকিব নোৱাৰে। সেয়ে বৈজ্ঞানিক দৃষ্টিৰেও প্ৰমাণিত হৈছে যে, মানুহৰ বাবে বায়ুয়েই হৈছে প্ৰধান আহাৰ।
এই প্ৰবন্ধটিত উল্লেখ কৰা প্ৰাণায়ামবিলাক ৰোগী-নিৰোগী সকলোৱেই নিৰ্ভয়ে অভ্যাস কৰিব পাৰে। ৰোগীসকলে ফল-মূল, শাক-পাচলি, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী, মাছ আদি আহাৰ খায়ো সহজ প্ৰাণায়ামবিলাক অভ্যাস কৰিব পাৰে। সাত্বিক আহাৰ গ্ৰহণ কৰাৰ আগতে প্ৰাণায়ামবিলাক অভ্যাস কৰিব লাগে।
প্ৰণালী:
আগফালে হাউলাৰ দৰে বহি লওক। তাৰ পিছত নাকেৰে লাহে লাহে উশাহ এৰি পেটটো সম্পূৰ্ণৰূপে বায়ুশূন্য কৰক। পেট বা উদৰ বায়ুশূন্য হ’লে বহিকুম্ভকৰ সহায়ত বহুখিনি উদ্দীয়মানৰ দৰে কৰি পেটটো মেৰুদণ্ডৰ ফালে চপাই আনক আৰু এই অৱস্থাত ৫ৰ পৰা ১০ ছেকেণ্ড সময় কুম্ভক কৰি অৱস্থান কৰক। এই সময়ত লক্ষ্য ৰাখিব, মেৰুদণ্ড যেন আগফালে ধেনু এখনৰ দৰে বেঁকা হৈ থাকে। পাঁচ-দহ ছেকেণ্ড এনেদৰে থকাৰ পিছত লাহে লাহে নাকৰ দুয়োটা ফুটাৰ শ্বাস গ্ৰহণ কৰি কৰি সমগ্ৰ উদৰ প্ৰদেশক(পেট) শিথিল বা প্ৰসাৰিত কৰক।
এই প্ৰাণায়ামটোৰ অভ্যাসৰ ফলত উদৰ প্ৰদেশৰ গ্ৰন্থিবিলাক সুস্থ-সবল হয়। কুম্ভক অৱস্থাত মেৰুদণ্ড ধেনু এখনৰ দৰে বেঁকা কৰা ফলত, মেৰুদণ্ড নমনীয় আৰু সুন্দৰ হয় আৰু হাওঁফাওঁৰ ওপৰত কোনো শ্লৈষ্মিক আৱৰণ পৰিব নোৱাৰে। ফলত হাপানি ৰোগ নিৰাময়ত এই প্ৰাণায়ামে বিশেষ সহায় কৰে। পেটটোক মেৰুদণ্ডৰ ফালে চপাই নিবলৈ চেষ্টা কৰাৰ ফলত বৃহদান্ত্ৰ, ক্ষুদ্ৰান্ত্ৰ আৰু অমাশয় সুস্থ আৰু সবল হয়। তাৰোপৰি বহুমূত্ৰ ৰোগ নিৰাময়ৰ পথ সুগম হয়। এই প্ৰাণায়ামটি প্ৰথম অৱস্থাত ৬-৭ বাৰ অভ্যাস কৰক। বয়ষ্কসকলে এই প্ৰাণায়াম অনুশীলনৰ পিছত কিছুসময় শৱাসনত বিশ্ৰাম ল’ব।
গৰ্ভৱতী মহিলাসকল আৰু হৃদৰোগীসকলে এই প্ৰাণায়ামটিৰ অভ্যাস নকৰিব।
প্ৰণালী:
প্ৰথমজে চিৎ হৈ শুই পৰক। তাৰ পিছত দুই হাত সংপৃক্ত কৰি মূৰৰ তলত স্থাপন কৰক। তাৰ পিছত দুই আঁঠু ভাজ কৰি ভৰিৰ পতা পোন কৰি ৰাখি তপিনাৰ পৰা এক-ডেৰ হাত আঁতৰত সমান্তৰালভাৱে স্থাপন কৰক। তাৰ পিছত লাহে লাহে দুই নাকৰ ছিদ্ৰইদি শ্বাস ত্যাগ কৰি কৰি মূৰটো হাতৰ তলুৱাৰ পৰা ওপৰৰ পিনে উঠাই নাভিত নিক্ষেপ কৰি জলব্ধৰ বন্ধ অভ্যাস কৰক। কুম্ভক কৰি এই অৱস্থাত পাঁচ-দহ ছেকেণ্ড অৱস্থান কৰি লাহে লাহে উশাহ লৈ লৈ মূৰটো পুনৰ পুনৰ দুই হাতৰ সংলগ্ন তলুৱাৰ ওপৰত ৰাখি কিছু সময় বিশ্ৰাম লওক আৰু এই ক্ৰিয়াটি পুনৰ এবাৰ অনুশীলন কৰক। এইদৰে ক্ৰিয়াটো প্ৰথমে ছয়-সাতবাৰ অভ্যাস কৰক। এই অভ্যাসবিলাকৰ পিছত এক মিনিট সময় শৱাসনত বিশ্ৰাম লওক।
এই প্ৰাণায়ামটিৰ অনুশীলনৰ ফলত তলুৱাৰ গাঁঠি, থাইৰয়ড গ্ৰন্থি, হাওঁফাওঁ আৰু হৃদপিণদ সবল হয়। ফলত টনচিলৰ ৰোগ নিৰাময়ত এই প্ৰাণায়ামে বিশেষ সহায় কৰে। ইয়াৰ উপৰি এই প্ৰাণায়াম অভ্যাসৰ সময়ত পেটৰ ওপৰত মৃদু চাপ পৰাৰ ফলত জঠৰাগ্নি বৃদ্ধি পায় আৰু পেটত জমা হোৱা অতিৰিক্ত মেদ বা চৰ্বি কমোৱাত সহায় কৰে।
প্ৰণালী:
পদ্মাসন, সিদ্ধাসন অথবা যিকোনো ধ্যানাসনত বহি লওক। ইয়াৰ পিছত দুই হাতৰ বুঢ়া আঙুলি মূৰৰ পিছফালে মেৰুদণ্ডৰ ওপৰত স্থাপন কৰক। অন্য আঙুলিবিলাকো দুই কাণৰ ওপৰেদি মূৰৰ দুই কাষত সংবদ্ধ অৱস্থাত ঈষৎ দৃঢ়ভাৱে স্থাপন কৰক। এইবাৰ নাকৰ দুই ছিদ্ৰইদি লাহে লাহে উশাহ লৈ লৈ সংবদ্ধ আঙুলিবিলাকেৰে মৃদু হেঁচা দি দি কপালৰ মাজ অংশলৈকে হাত আগুৱাই আনি থাকক, উশাহ লোৱা শেষ হোৱাৰ পিছত মৃদুভাৱে হেঁচা প্ৰয়োগ কৰি কৰি পুনৰ পূৰ্ব অৱস্থালৈ ঘূৰি যাওক, অৰ্থাৎ বুঢ়া আঙুলিটো মেৰুদণ্ডৰ ওপৰফালে ৰাখক।
এই নিয়মেৰে ক্ৰিয়াটো মনোযোগসহ দহবাৰ অভ্যাস কৰক। অভ্যাস শেষ কৰি কিছুসময় আসনযুক্ত অৱস্থাতে বিশ্ৰাম লওক।
এই প্ৰাণায়ামটিৰ অভ্যাসে মস্তিষ্কত থকা সূক্ষ্ম স্নায়ু সিৰা-উপসিৰাত ৰক্ত সঞ্চালন ক্ৰিয়া সুন্দৰভাৱে সম্পন্ন হয় আৰু কপালৰ ভিতৰত থকা শ্লেষ্মা নিৰ্গমনৰ পথ সুগম হয়। এই মূৰ বিষোৱা, নাকেৰে তেজ পৰা প্ৰভৃতি ৰোগ নিৰাময় হয়। ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে এই প্ৰাণায়ামটো অভ্যাস কৰিলে স্মৃতিশক্তি বৃদ্ধি হয়। এই প্ৰাণায়ামটি ৰোগী-নিৰোগী সকলোৱেই অনুশীলন কৰিব পাৰে। তথাপি অনুশীলন কৰাৰ আগতে বিশেষজ্ঞৰ পৰা এবাৰ পৰামৰ্শ লৈ আৰু তেওঁৰে তত্বাৱধানত এবাৰ-দুবাৰ অনুশীলন কৰি ল’লে ভাল হয়।
প্ৰণালী:
যিকোনো এটি ধ্যানাসনত বহি লওক। পদ্মাসন বা সিদ্ধাসনত মেৰুদণ্ড পোন কৰি বহক। স্বাভাৱিকভাৱে উশাহ লৈ লৈ থুতৰি ডিঙিৰ ওপৰ অংশত লগাওক আৰু দৃষ্টি নাভিৰ ওপৰত নিবদ্ধ কৰক। এই অৱস্থাতে পাঁচৰ পৰা দহ ছেকেণ্ড সময় কুম্ভক কৰক। পিছত শ্বাস এৰি এৰি ডিঙি পোন কৰি পূৰ্বৰ অৱস্থালৈ আহি মেৰুদণ্ড পোন কৰি পূৰ্বৰ অৱস্থালৈ আহি মেৰুদণ্ড পোন কৰি বহি লওক। এই ক্ৰিয়াটো ১০-১২ বাৰ অভ্যাস কৰক। অভ্যাসৰ সময়ত এটা কথালৈ লক্ষ্য ৰাখিব, যাতে শ্বাস গ্ৰহণৰ(পূৰক) সময়তকৈ শ্বাস বৰ্জন(ৰেচন) যেন অকণমান হ’লেও বেছি হয়।
যিসকলৰ কাহ-পানীলগাৰ প্ৰৱণতা আছে, তেওঁলোকে এই প্ৰাণায়াম কৰি থাকিলে সুফল পাব। বায়ু ৰোগী, মূৰ্চ্ছা ৰোগীসকলৰ কাৰণে এই প্ৰাণায়াম বিশেষভাৱে উপকাৰী। এই প্ৰাণায়াম অভ্যাস কৰিলে মনৰ চঞ্চলতাও দূৰ হয়।
প্ৰণালী:
দুই হাত কঁকালৰ দুয়োকাষে ৰাখক আৰু পোন হৈ থিয় হওক। পোন হৈ থিয় দিয়াৰ পিছত, গভীৰভাৱে শ্বাস গ্ৰহণ কৰি কৰি সোঁ ভৰিখন আঁঠুত ভাঁজ কৰি যিমান পাৰে সিমান আঁতৰাই পিছলৈ নিয়ম। শ্বাস গ্ৰহণ কৰি উঠি ফুটবলত কিক মৰাৰ দৰে জোৰেৰে সোঁ ভৰিখন মাটিত মাৰি পূৰ্বৰ অৱস্থাত ৰাখক। মাটিত ভৰিখন থোৱাৰ পিছত গভীৰভাৱে শ্বাস ত্যাগ কৰক। এইবাৰ বাওঁ ভৰিখনেৰে সোঁভৰিৰে কৰা কামটো আৰম্ভ কৰক আৰু একেই নিয়মে সম্পূৰ্ণ কৰক। কেইদৰে প্ৰথম অভ্যাস কৰোতেই আঠ-দহবাৰ অভ্যাস কৰক। এই ক্ৰিয়া শেষ হোৱাৰ পিছত থিয় হৈ থাকিয়েই এক মিনিটমান সময় বিশ্ৰাম লওক।
এই প্ৰাণায়ামৰ ক্ৰিয়াৰ অভ্যাসে ভৰিৰ পেশী জড়তাবিহীন কৰে। ভৰিৰ ৰক্তিবাহী নলী(ধমনী আৰু সিৰা) আৰু স্নায়ুমণ্ডলী সবল আৰু সক্ৰিয় হয়। লগতে ভৰিৰ গাঁঠিৰ বিষ থাকিলে নিৰাময় হয়। যিসকল লোকৰ ভৰি ঠাণ্ডাত ফুলি যায়, তেওঁলোকে এই প্ৰাণায়ামৰ অভ্যাস কৰিলে সুফল পাব। তাৰোপৰি পক্ষাঘাত থকা লোকে এই প্ৰাণায়াম অনুশীলন কৰিলে ভৰিৰ জঠৰতা নাইকিয়া হয়।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 1/19/2024