অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘প্ৰোষ্টেটাইটিচ্‌’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।

‘প্ৰোষ্টেটাইটিচ্‌’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।

সমগ্ৰ বিশ্বৰ পঞ্চাশ বছৰৰ উৰ্দ্ধৰ অধিকাংশ পুৰুষৰে প্ৰোষ্টেটৰ সমস্যাই দেখা দিয়ে। প্ৰোষ্টেট গ্ৰন্থিত উদ্ভৱ হোৱা বিকাৰৰ ফলতেই প্ৰোষ্টেটাইটিচ্‌ হয় যদিও যথোচিত চিকিৎসাত এই ৰোগ ভাল হৈ যায়। অসাৱধানতা, এলহৰ ফলত এই সমস্যাই কেঞ্চাৰৰ ৰুপ ধাৰণ কৰিব পাৰে।

প্ৰোষ্টেট গ্ৰন্থি হৈছে পুৰুষৰ মূত্ৰাশয়ৰ ওপৰ অংশ আৰু তাৰ চাৰিওফালে আৱৰি থকা এটা ত্ৰিকোণ আকৃতিৰ গ্ৰন্থি, য’ৰ পৰা তৰল স্ৰাৱ নিৰ্গত হয় আৰু বীৰ্যৰো এটা অংশ ইয়াত তৈয়াৰ হয়। যৌন সম্ভোগৰ সময়ত শুক্ৰাণু এই তৰল পদাৰ্থৰ সৈতেই নিৰ্গত হয়। শিশুৰ জন্মৰ সময়ত এই গ্ৰন্থি বুইট এটাৰ সমান দানাৰ দৰেই থাকে। বয়স বৃদ্ধিৰ লগে লগে ই আকাৰত বাঢ়ি গৈ থাকে। স্বাস্থ্যবান এজন পুৰুষৰ এই গ্ৰন্থীৰ ওজন ২০ গ্ৰামলৈকে হয়। পঞ্চাশ বছৰৰ পিছত এই গ্ৰন্থিৰ আকাৰ আৰু বেছিকৈ বৃদ্ধি পায় আৰু এই সময়তেই প্ৰোষ্টেটৰ সমস্যাই দেখা দিয়ে। ৩০ বছৰৰ তলৰ পুৰুষৰ এনে সমস্যাই খুউব কমেই হোৱা দেখা যায়।

প্ৰোষ্টেট গ্ৰন্থিত উৎপন্ন হোৱা ৰোগকেই প্ৰোষ্টেটাইটিচ্‌ বুলি কোৱা হয়। মূত্ৰাশয়ৰ পথেৰে বেক্টেৰিয়া পেটৰ নাড়ী হৈ প্ৰোষ্টেট গ্ৰন্থি আক্ৰমণ কৰি তাত ঘাৰ সৃষ্টি কৰে।

এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ- সঘনাই প্ৰস্ৰাৱ ভাব হয়, মূত্ৰ ত্যাগ কৰোঁতে জ্ব্লন হ’ব পাৰে। পুৰুষৰ জনন গ্ৰন্থিত ঘা হয়, পিঠিৰ নিম্নাংশ আৰু মলদ্বাৰত বিষ অনুভৱ হয়, লিঙ্গৰে পানী যেন স্ৰাৱ নিৰ্গত হয় আৰু পূৰ্বেই বীৰ্যস্খলন হৈও যায়। চিকিতসকে কেইটিমান পৰীক্ষাৰ যোগেদি গ্ৰন্থিটোৰ আকাৰ বাঢ়িছে নেকি বা গ্ৰন্থিত ঘা আদি হৈছে নেকি সেই বিষয়ে নিশ্চিত হয়। মূত্ৰ পৰীক্ষা আৰু মূত্ৰ মাৰ্গেৰে নিৰ্গত স্ৰাৱ পৰীক্ষা কৰি স্ংক্ৰমণৰ প্ৰকৃত কাৰণ ধৰা পেলায়। প্ৰোষ্টেটাইটিচ্‌ৰ চিকিৎসা এণ্টিবায়োটিকেৰেই কৰা হয়। এই ৰোগ এবাৰ ভাল হৈ যোৱাৰ পিছত পুনৰ হোৱাৰো সম্ভাৱনা থাকে। যথেষ্ট পৰিমাণে পানী সেৱন কৰি প্ৰোষ্টেট স্ংক্ৰমণৰ পৰা হাত সাৰি থাকিব পৰা যায় যদিও ই যথোচিত চিকিৎসা নহয়। প্ৰোষ্টেট গ্ৰন্থিৰ স্ংক্ৰমণৰ মুল কাৰণ হৈছে মূত্ৰাশয়ত বেছি সময়লৈ জমা থকা প্ৰস্ৰাৱ। অধিক তৰল দ্ৰৱ্য সেৱন কৰিলে মূত্ৰাশয় সঘনাই ভৰ্ত্তি হৈ থাকে। ফলত মূত্ৰাশয়ত অধিক প্ৰেচাৰ পৰে আৰু মূত্ৰ ত্যাগৰ অন্তত মূত্ৰাশয়ত মূত্ৰ থকাৰ আশ্ংকা নাথাকে। মূত্ৰাশয়ত জমা হৈ থকা মূত্ৰই ইনফেকচনৰ কাৰণ।

‘বেজাইন প্ৰোষ্টেটিক হাইপাৰপ্লাচিয়া’ অথবা ‘হাইপাৰটাফিয়া’ বৃদ্ধি পায় প্ৰোষ্টেট গ্ৰন্থিত। যিহেতু প্ৰোষ্টেট গ্ৰন্থিয়ে মূত্ৰাশয় আৱৰি থাকে, সেয়ে ই বৃদ্ধি পালে পালে মূত্ৰাশয়ৰ ওপৰত হেঁচা পৰে। যাৰ ফলত সঘনাই মূত্ৰত্যাগৰ প্ৰবণতা হয়। কিন্তু বৰ্দ্ধিত গ্ৰন্থিৰ হেঁচা পৰাৰ ফলত মূত্ৰ ত্যাগত অসমৰ্থতা উৎপন্ন হয়।

পঞ্চাশ বছৰৰ ওপৰৰ প্ৰতি তিনিজন পুৰুষৰ ভিতৰত এজনৰ এই ৰোগ হোৱা দেখা যায়। এনে ৰোগ হোৱা দহজন পুৰুষৰ ছয়জনহে চিকিৎসকৰ ওচৰলৈ যোৱা পৰোলক্ষিত হয়। আল্ট্ৰাচাউণ্ড পৰীক্ষাৰ দ্বাৰা এই ৰোগ ধৰা পেলাব পাৰি। বৃদ্ধি পোৱা প্ৰোষ্টেটৰ চিকিৎসা অস্ত্ৰোপচাৰ আৰু ঔষধৰেই কৰা হয়।

প্ৰোষ্টেট কেঞ্চাৰত প্ৰতি বছৰে বিশ্বত ১,৪৯,০০০ পুৰুষৰ মৃত্যু হয়। বিশেষকৈ ৫৫ বছৰ উৰ্ধৰ বয়সৰ লোকেই এই ৰোগৰ চিকাৰ হয়। কম বয়সৰ লোকৰো এই ৰোগ হ’ব পাৰে। ৫০ৰ পৰা ৬০ বছৰ বয়সৰ ১০ ৰ পৰা ৩০ শতাংশ পুৰুষৰ প্ৰোষ্টেট কেঞ্চাৰ হোৱা দেখা যায়। এই ৰোগ হ’লে প্ৰথম অৱস্থাত বহুতে ক’বই নোৱাৰে যে তেওঁৰ এই ঘাতক ৰোগ হৈছে। কাৰণ এই ৰোগত ভোগা লোকৰ হাৰ্ট এটেক আৰু পেৰালাইচিচো হ’ব পাৰে।

যদিহে মূত্ৰত্যাগ কৰোঁতে আপোনাৰ পেচাব ৰৈ ৰৈ আহে মূত্ৰনলীত যন্ত্ৰণা অনুভৱ হয় আৰু ঘনাই ঘনাই প্ৰস্ৰাৱ কৰিব লাগে, তেন্তে পলম নকৰি চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাই চাওক। তেজ পৰীক্ষাৰ দ্বাৰাও এই ৰোগ ধৰা পেলাব পাৰি।

এম এ ছাত্তাৰ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate