অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেনক্ৰিয়াটাইটিচ: এবিধ বিপদজনক ৰোগ

পেনক্ৰিয়াটাইটিচ: এবিধ বিপদজনক ৰোগ

 

প্ৰায় দুবছৰ আগতে সোণাপুৰ অঞ্চলৰ এজন যুৱকে গুৱাহাটীৰ এখন বিখ্যাত ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছিল৷ ৰোগ ধৰা পৰিছিল পেনক্ৰিয়াটাইটিচ বুলি৷ দিনক দিনে শোচনীয় অৱস্থা হোৱাত তেওঁক চিকিৎসকে চেন্নাইলৈ লৈ যাবলৈ পৰামৰ্শ দিলে৷ কিন্তু তেওঁৰ অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সাধ্য কোনোমতে নাছিল৷ যুৱকজনৰ বিবাহৰ দুবছৰো পূৰ্ণ হোৱা নাছিল৷ এটি কন্যা সন্তানৰ পিতৃ যুৱকজনে সৰুসুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল৷ মদ আৰু চিগাৰেট দুয়োটাতে তেওঁৰ পৰম আসক্তি আছিল৷ যুৱকজনৰ শহুৰেক গাড়ীৰ ভাল মেকানিক ৷ মোক আগতে সহায় কৰি থৈছে৷ হঠাৎ মোৰ কথা মনলৈ অহাত যুৱকজনৰ  শহুৰেক-শাহুৱেক দুয়ো মোৰ কাষ চাপিল – মই যেনে তেনে যুৱকজনক ভাল কৰি দিব লাগে৷ মই সম্ভাব্য বিপদজনৰ পৰিস্থিতিৰ কথা অৱগত কৰি চিকিৎসা আৰম্ভ কৰিলোঁ৷ ৰোগীৰ অৱস্থা বেচ গুৰুতৰ আছিল-  এটা এটা দিন বাচি থকাটোৱেই ডাঙৰ কথা হৈ পৰিছিল৷ সি যি নহওঁক অশেষ চেষ্টাৰ মূৰত প্ৰায় তিনি সপ্তাহ চিকিৎসাৰ সুফল হাতত পালোঁ – এই যাত্ৰাত প্ৰাণ ৰক্ষা পৰাত মই ৰোগীৰ পৰা মদ আৰু ধূম্ৰপান এৰাৰ প্ৰতিশ্ৰুতি ললোঁ৷  মাজে মাজে যুৱকজনৰ পৰিয়ালে মোৰ সৈতে ফোনত যোগাযোগ ৰক্ষা কৰি চলি থাকে৷ এইবাৰ ঘৰলৈ যাওতে মোক লগ ধৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰাই গ’লহি৷

পেনক্ৰিয়াটাইটিচত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰতি ৫ জনৰ এজনৰ জীৱনলৈ এনে সংশয় আহে৷

ভাৰতত আৰু অসমত পেনক্ৰিয়াটাইটিচৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে৷ কেইবছৰমানৰ আগতে প্ৰকাশ হোৱা তথ্য মতে ভাৰতত বছৰি প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ২০০জনে  ৰোগক্ৰান্ত হয়৷ ব্ৰিটেইনত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৫ জন ৰোগাক্ৰান্ত হয়৷ আমেৰিকাটো বছৰি দুই লাখ ৰোগী চিকিৎসাধীন হয়৷ অৰ্থাৎ আমেৰিকাত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে বছৰি গড়ে ৬ জনে পেনক্ৰিয়াটাইটিচত ভূগে৷ মদৰ প্ৰচলনত নিষেধাজ্ঞা থকা কাটাৰ আৰু আন আৰবী দেশসমূহত এই ৰোগৰ প্ৰাদূৰ্ভাৱ কম৷  ইয়াৰ বাহিৰে সমগ্ৰ বিশ্বতে পেনক্ৰিয়াটাইটিচ ৰোগী দেখা যায়৷

কম বয়সীয়া  সৰু লৰা-ছোৱালীৰ  এই ৰোগ হোৱা দেখা নাযায়৷ মহিলাৰ তুলনাত পুৰুষৰ ৰোগৰ

হাৰ সমান্য বেচি৷ পেনক্ৰিয়াটাইটিচ  একিউট বা ক্ৰনিক দুই ধৰণৰ হব পাৰে৷ ক্ৰনিক পেনক্ৰিয়াটাইটিচৰ একমাত্ৰ প্ৰমুখ কাৰণ হ’ল মদ্যপাণ৷ আশী শতাংশ একিউট পেনক্ৰিয়াটাইটিচৰ কাৰণ মদ্যপাণ নহলে পিত্তত হোৱা পাথৰ৷

পেনক্ৰিয়াটাইটিচ উৎপন্ন হোৱাৰ অন্যান্য কাৰণ সমূহ চমুকৈ উল্লেখ কৰিম : –

সংক্ৰমণজনিত – ভাইৰাচ  যেনে কস্কেকি-বি, চাইটোমেগাল’ ভাইৰাচ, হেপাটাইটিচ-বি, হাৰপিজ,মাম্পচ

– বেক্টেৰিয়া যেনে লিগনেলা,লেপ্টস্পাইৰা, চালমোনেলা

– এচপাৰযিলাচ ফাংগাই

– পৰাশ্ৰয়ী জীৱ যেনে পেলু, টস্কপ্লাজমা,ক্ৰিপ্তস্পৰিডিয়াম

ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত – কিছুমান দৰবৰ পৰাও পেনক্ৰিয়াটাইটিচ হব পাৰে৷ যেনে ষ্টেৰইড, এইডচৰ দৰব, মৃগীত ব্যৱহৃত চডিয়াম ভেলপ্ৰয়েট, ডায়েবটিচৰ নতুন ফলপ্ৰসু ঔষধ চিটাগ্লিপ্তিন, নন-ষ্টেৰইডেল এনলজেচিক,  টেট্ৰাচাইক্লিন জাতীয় এন্টিবায়টিক, চালফা  ড্ৰাগছ  আদি

তেজত চৰ্বি বেচি হলে (হাইপাৰলিপিডেমিয়া)

পেটত আঘাত পালে, আনকি পেটৰ অপাৰেচনৰ ফলতো আঘাতৰ ফলত পেনক্ৰিয়াটাইটিচ হব পাৰে

অট’ ইমিউন আৰু জেনেটিক কাৰণত

টিউমাৰৰ পৰাও পেনক্ৰিয়াটাইটিচ হব পাৰে

এতিয়া প্ৰশ্ন হ’ল পেনক্ৰিয়াটাইটিচনো কি ?

পেনক্ৰিয়াচক অসমীয়াত অগ্নাশয় বোলে৷ অগ্নাশয় বা পেনক্ৰিয়াচ নামৰ মানুহৰ পেটৰ ভিতৰত থকা অংগৰ ইনফ্লেমেচন হোৱা অৱস্থাক পেনক্ৰিয়াটাইটিচ বোলে৷ ইনফ্লেমেচন মানে ফুলা,ৰঙা পৰা,বিষ হোৱা আৰু উত্তাপ হোৱাক বুজায়৷ পেনক্ৰিয়াচ পেটৰ পাকস্থলীৰ তলত থকা এবিধ অতি লাগতিয়াল অংগ৷ ইয়াৰ ভিতৰত থকা আইলেটচ  অৱ লেংগাৰহন নামৰ কোষসমূহত থকা আলফা কোষে গ্লুকাগন হৰম’ন আৰু বিটা কোষসমূহে ইনচুলিন হৰম’ন উৎপন্ন কৰে – যাৰ দ্বাৰা আমাৰ তেজত শৰ্কৰাৰ(চুগাৰ) পৰিমান নিয়ন্ত্ৰনত থাকে৷ পেনক্ৰিয়াচৰ এচিনাৰ কোষে খাদ্য হজম কৰা এনজাইম উৎপন্ন কৰে ৷ পেনক্ৰিয়াচৰ ডাক্টকোষৰ পৰা বাইকাৰ্বনেট ওলায় যি পাকস্থলীৰ এচিড কমোৱাত সহায়ক হয়৷

পেনক্ৰিয়াটাইটিচ ৰোগত অংগটো ফুলি উঠাৰ লগতে ইয়াৰ ৰসপ্ৰবাহী নলীডাল বন্ধ হৈ পৰে৷ ফলত  পেনক্ৰিয়াটাইটিচ ৰোগাক্ৰান্ত ব্যক্তিৰ পেনক্ৰিয়াচৰ পৰা হজমী ক্ৰিয়া কৰা এনজাইম ক্ষুদ্ৰ আন্ত্ৰলৈ

(Small Intestine ) ওলাই নাহি ই পেনক্ৰিয়াচৰ কোষসমূহক বিনষ্ট কৰিব আৰম্ভ কৰে৷ ৰোগ অতি গুৰতৰ হলে ৰক্তক্ষৰণ, চিষ্ট বা পুজ জমা হোৱা নাইবা কোষৰ স্থায়ী ক্ষতি সাধন হব পাৰে৷

ৰোগৰ লক্ষণসমূহ হ’ল : –

মধ্যমীয়াৰ পৰা অতিপাত তীব্ৰ পেটৰ বিষ, যি ওপৰ পেটৰ পৰা আৰম্ভ হৈ পিঠি আৰু বুকুলৈয়ো ব্যাপ্ত হব পাৰে৷

ওকালি আৰু বমি৷যি কোনো খাদ্য খালেই বমি আৰু পেটৰ বিষ বেচি হোৱা৷

জ্বৰ আৰু ঘমাৰ্ক্ত হোৱা

হৃদগতি আৰু নিশ্বাস ক্ষিপ্ৰতৰ হোৱা

চুলে পেটতো ফুলা আৰু বিষৰ অনুভৱ হোৱা

কেতিয়াবা জণ্ডিচে দেখা দিয়ে

সাধাৰণতে ডিহাইড্ৰেচনৰ ফলত ৰক্তচাপ নিম্নগামী হয়

ক্ৰনিক পেনক্ৰিয়াটাইটিচ হলে  মাজে মাজে পেটৰ বিষ হৈ থাকে,শৰীৰৰ ওজন হ্ৰাস পায় আৰু শৌচ তেলেতীয়া হয়৷

ৰোগৰ চিনাক্তকৰণ : –

টিপিকেল বিষৰ বৰ্ণনা

তেজত এমাইলেজ আৰু লাইপেজ এনজাইমৰ ৪ৰ পৰা ৬ গুণ পৰ্য্যন্ত  বৃদ্ধি হোৱা

পেটৰ আলট্ৰাচাউণ্ডত পেনক্ৰিয়াজৰ ইনফ্লেমেচন ধৰা পৰে৷ তদুপৰি লিভাৰ ডাঙৰ হোৱা আৰু চৰ্বিযুক্ত হোৱা বিসংগতি ; পিত্তত পাথৰ থাকিলে আলট্ৰাচাউণ্ডৰ দ্বাৰা সহজতে ধৰা পৰে৷

চিটিস্কেন আৰু এম আৰ চি পি পৰীক্ষাৰো কেতিয়াবা সহায় লোৱা হয়৷

বুকুৰ এস্কৰেত প্লোৰাত পানী জমা হলে  ( Pleural Effusion ) ধৰা পৰে৷

ৰোগৰ চিকিৎসা : –

ৰোগীক চিকিৎসালয়ত চিকিৎসকৰ তত্বাবধানত ভৰ্তি কৰাতো অনিবাৰ্য্য৷

৫৷৭ দিনলৈ খাদ্য নিসিদ্ধ ৰখা -ইয়াৰ দ্বাৰা পেনক্ৰিয়াচে বিশ্ৰাম পাব৷

পেটত ৰাইলচ টিউব ভৰাই সময়ে সময়ে এচপিৰেচন কৰা

ড্ৰিপ,এন্টিবায়টিক আৰু উপযুক্ত বিষৰ দৰব দিয়া

নিশ্বাসত সহায় হবলৈ অস্কিজেন যোগান ধৰা

পিত্তত পাথৰ থাকিলে উপযুক্ত সময়ত ইয়াক অস্ত্ৰোপচাৰৰ দ্বাৰা আতৰ কৰা

আগতেই কোৱা হৈছে প্ৰতি ৫জন ৰোগীৰ ৪জনৰ ৰোগ সিমান গুৰুতৰ নহয়৷ চিৰিয়াচ ৰোগীও বিশেষ যত্নৰে সময়োপযোগী চিকিৎসা দিলে আৰোগ্য হব পাৰে৷ একিউট পেনক্ৰিয়াটাইটিচৰ ৰোগীৰ কেতিয়াবা কিডনি বিকল হব পাৰে৷ তাৰ বাবে ডায়ালাইচিচৰ প্ৰয়োজন৷

ভিতৰুৱা ৰক্তক্ষৰণ আৰু শ্বকত যোৱা ৰোগী  মৃত্যুযাত্ৰী হব পাৰে৷

ক্ৰনিক পেনক্ৰিয়াটাইটিচ ৰোগীৰ অগ্নাশয়ৰ আইলেটচ  অৱ লেংগাৰহন নামৰ কোষসমূহত থকা ইনচুলিন হৰম’ন উৎপন্ন কৰা বিটা কোষসমূহ বিনষ্ট হোৱাৰ ফলত কিছুমান ৰোগীৰ ডায়েবেটিচ হয়৷ এনে ৰোগীৰ চিকিৎসাত ইনচুলিনৰ ব্যৱহাৰ অপৰিহাৰ্য্য৷

পৰবৰ্তী পৰ্য্যায়ত যেতিয়া ৰাইলচ টিউব আতৰাই মুখেৰে খাবলৈ দিয়া হয় তেতিয়া খাদ্যৰ সৈতে এনজাইম দিয়া ভাল৷খাদ্যত চৰ্বিৰ পৰিমাণ কমাব লাগিব৷ডায়েবেটিচ থাকিলে নিয়ন্ত্ৰিত ৰাখিব লাগিব৷

তেজত ট্ৰাইগ্লিচাৰাইড চৰ্বি বেচি থকা ৰোগীক বিটাব্লকাৰ আৰু থায়াজাইড ডাইয়ুৰেটিক দিয়াতো অপকাৰী৷

ৰোগীসকলে মদ্যপান আৰু ধূম্ৰপান ত্যাগ কৰিব লাগিব৷ কিছুমান ৰোগীক জীৱন ধাৰণৰ পদ্ধতি আৰু খাদ্যৰ তালিকা সাল-সলনি কৰিবলৈ, ষ্ট্ৰেচ কমাবলৈ যোগাসন আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিবলগীয়া হয়৷

কফি বা আন উত্তেজক পানীয় গ্ৰহন নকৰটো মংগলজনক৷ দিনে৬৷৮গিলাচ বিশুদ্ধ পানী দৈনিক খোৱাতো ভাল৷

শাক-পাচলি আৰু ফলমূল প্ৰচুৰ পৰিমানে খোৱাটো স্বাস্হ্যৰ বাবে পৰম উপকাৰী৷

ডাঃ ভূপেন্দ্ৰ শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 5/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate