আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পাছলৈহে ভাঁজ লাগে। ইয়াত কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই। গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি৷ আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছকেইটাই দুডাল সবল হাড়ৰ মাজত কুচনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে।
আঁঠুৰ বিষ সাধাৰণতে হোৱা বিষবোৰৰ ভিতৰত অন্যতম। বয়সিয়াল মানুহৰ ক্ষেত্ৰত আঁঠুৰ বিষ বেছিকৈ হোৱা দেখা যায় যদিও কম বয়সীয়া মানুহৰো আঁঠুৰ বিষ নোহোৱা নহয়। বেছিভাগ লোকৰো এনে বিষ জোৰাত বা গাঁঠিত হোৱা নানাধৰণৰ ৰোগৰ বাবে হয়। পিছে আঁঠুৰ চাৰিওফালে মাংসপেশী কম থকা বাবে বহু সময়ত এই জোৰাটোত মোচোকা খোৱা, গাঁঠিৰ পৰা হাড় ওলাই যোৱা বা হাড় ভঙা আদি নানা ধৰণৰ আঘাত পোৱাও দেখা যায়। সেয়েহে আঘাতজনিত কাৰণতো বহুতে আঁঠুৰ বিষত ভোগে। কিছুমানে আকৌ আঁঠুত দুখ পোৱাৰ পাছত বহুদিনলৈ কম। অথচ অনৱৰতে লাগি থকা বিষত ভোগে। এনে লোকৰ পাছত পৰীক্ষা-নিৰীক্ষাৰ অন্তত আঁঠুৰ ভিতৰৰ লিগামেণ্ট ছিঙা বা কাৰ্টিলেজ ফাটি থকাৰ প্ৰমাণ পোৱা হয়। যি কাৰণতে নহওক কিয়, আঁঠুৰ বিষে ভুক্তভোগীক যথেষ্ট কষ্ট দিয়ে। আঁঠুৰ বিষৰ বিষয়ে বিশদভাৱে জানিবলৈ হ’লে আঁঠুৰ গঠন আৰু ক্রিয়াৰ কথা কিছু পৰিমাণে জনা আৱশ্যক।
আঁঠু নামৰ এই গাঁঠি, জোৰা বা সন্ধিটো আমাৰ উৰুত আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি। ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ (Femur) আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া (Tibia) আহি লগ লাগিছে। তদুপৰি আঁঠুৰ ঘিলা (Patella) নামৰ এটা সৰু আৰু প্রায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখভাগত থাকে। এই তিনিওটা হাড় লগ লাগি আঁঠুটো গঠিত। হাড়কেইডালক সোঁৱে-বাৱেঁ, আগে-পিছে কেইবাটাও শক্তিশালী লিগামেণ্টে (Ligament) ইটোৰ লগত সিটোক বান্ধি ৰাখে। তদুপৰি দুডাল অতি শক্তিশালী লিগামেন্ট গাঁঠিৰ ভিতৰত থাকিও হাড় দুডালক সংযোগ কৰি ৰাখে। এই দুডালক ক্ৰুচিয়েট লিগামেণ্ট বোলা হয়। ইয়াৰ উপৰি টান কলা কোষেৰে গঠিত এখন আৱৰণে (Capsule) গাঁঠিৰ ভিতৰখন আৱৰি ৰাখে৷ ফিমাৰ আৰু টিবিয়া নামৰ হাড় দুডালৰ গাঁঠিত লগ লগা মূৰ দুটা মিহি আৰু কিছু টান কার্টিলেজেৰে (Cartillage) আৱৰি থাকে। এই কাৰ্টিলেজক মিনিস্কাছ (Meniscus) বোলা হয়। আনহাতে গাঁঠিৰ ভিতৰখন মিহি কৰি ৰাখিবলৈ কেপচুল নামৰ আৱৰণৰ ভিতৰফালে আন এখন মিহি কলাৰে গঠিত Synovial Membrane নামৰ পাতল আৱৰণ থাকে। ইয়াৰ ভিতৰত থকা কিছু পিছলীয়া তৰল পদার্থই গাঁঠিৰ ভিতৰখনত হাড়ৰ মূৰকেইটা সূচলভাৱে লৰচৰ কৰাত সহায় কৰে৷ আঁঠুৰ হাড় বোৰৰ দুয়োকাষে ডাঙৰ মাংসপেশী নাই যদিও উৰু আৰু আঁঠুৰ তলফালে থকা মাংসপেশীবোৰে আঁঠুটোক স্থিৰেৰে ৰখা আৰু লৰচৰ কৰাত সহায় কৰে।
আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পাছলৈহে ভাঁজ লাগে। ইয়াৰ কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই। গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি। আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছকেইটাই দুডাল সবল হাড়ৰ মাজত কুচনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে।
গাঁঠিৰ ভিতৰত যেতিয়া সংক্রমণ হয়, তাকেই আৰ্থ্রাইটিছ বোলা হয়। অস্থিঅ’-আৰথ্রাইটিছত পিছে কোনো ধৰণৰ সংক্রমণ নহয়। ই এক অৱক্ষয়ী (Degenerative Disease) ৰোগ। সাধাৰণতে বয়সৰ লগে লগে গাঁঠিৰ ওপৰত হোৱা নানাধৰণৰ চাপৰ ফলিত হাড়ৰ মূৰৰ ফালে থকা কাৰ্টিলেজ লাহে লাহে ক্ষয় যায়। গাঁঠিৰ ভিতৰত থকা তৰল পদার্থখিনি লাহে লাহে হ্রাস পাই শেষত নোহোৱা হয়। ইয়াৰ ফলত হাড়ৰ মূৰকেইটা ওচৰ চাপি আহে আৰু ঘাঁহনি খাবলৈ ধৰে। পাছত হাড়ৰ মূৰকেইটাও কিছু ক্ষয় যায়। লাহে লাহে হাড়ৰ কাষৰ পৰা কিছুমান ফেৰেঙনিৰ দৰে ওলাই আহে। বেছিদিন এনেকৈ থাকিলে আৰু খোজ কঢ়াত সময়ত পৰা হেঁচাৰ ফলত হাড়বোৰে বিকৃত ধৰে। এই সময়ত আঁঠুটো বহল আৰু বেঁকা হ’ব পাৰে।
প্রায়েই আঘাতপ্রাপ্ত হোৱা আঁঠুত অস্থিঅ'-আৰ্থ্রাইটিছ ৰোগ বেছিকৈ হয়। সেয়েহে ফুটবল খেলুৱৈসকলে কম বয়সতে এই ৰোগত আক্রান্ত হোৱা দেখা যায়। আঘাতপ্রাপ্ত আঁঠুৰ কাৰ্টিলেজত তেজৰ চলাচল কম হোৱা বাবে সাধাৰণতে শৰীৰে এইবোৰ ভালদৰে মেৰামতি কৰিব নোৱাৰে। ফলত অতি সোনকালে এই কাৰ্টিলেজবোৰ ক্ষয়প্রাপ্ত হয় আৰু মূৰবোৰ ইটোৱে সিটোৰ লগত ঘঁহনি খাবলৈ ধৰে। পাছত ইয়ে পূৰ্ণাংগ অস্থিবাতৰ ৰূপ লয়।
ই এক লাহে লাহে হোৱা গাঁঠিৰ ৰোগ। এই ৰোগে প্রথমে হাতৰ সৰু সৰু গাঁঠিবোৰ আক্রান্ত কৰে। হাতৰ আঙুলিৰ গাঁঠিবোৰ ফুলি গৈ হাতখন দেখিবলৈ বিকৃত ৰূপ ধৰে। পাছত এই ৰোগে আঁঠু, কান্ধ, খাৰগাঁঠি আদি ডাঙৰ ডাঙৰ গাঁঠিবোৰ আক্রান্ত কৰে। প্রথমে এই ৰোগে আঁঠুৰ কেপচুলৰ ভিতৰ ফালে থকা চাইনোভিয়েল মেমব্রেন নামৰ ঢাকনিখন আক্ৰান্ত কৰে আৰু লাহে লাহে হাড়ত ধৰেগৈ। এই ৰোগত হাড়বোৰ ক্ষয় যায় আৰু হাড়ৰ মাজৰ পৰা কেলচিয়াম আদি ওলাই গৈ হাড়বোৰ লেহুকা হৈ পৰে। আঁঠুৰ ভিতৰত পানী জমা হৈ আঁঠুটো ফুলি উঠে।
কেতিয়াবা বীজাণুৰে সংক্ৰমিত হৈ আঁঠু ফুলি উঠে। বীজাণুৰ সংক্রমণ বাহিৰৰ ঘা আদিৰ পৰা বা কেতিয়াবা ভিতৰৰ কোনো অংগৰ পৰাও হ’ব পাৰে। এনেধৰণে সংক্ৰমিত হ’লে আঁঠুৰ ভিতৰত প্রথমে পানী জমা হৈ ফুলি উঠে আৰু পাছত পূঁজ জমা হয়। সোনকালে চিকিৎসা কৰি পূঁজ উলিয়াই দিলে হাড়ৰ কোনো পৰিৱর্তন নহয়; কিন্তু তেনে নকৰিলে পাছত হাড়তো সংক্রমণ হৈ হাড় নষ্ট কৰি পেলাব পাৰে।
অস্থিবাত সাধাৰণতে বয়সীয়া লোকৰহে হয় যদিও আঘাতজনিত কাৰণত কম বয়সীয়া লোকেও এই ৰোগত ভুগিব পাৰে। কম বয়সীয়া লোকৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে, বয়সীয়া লোকৰ মাজত মহিলাৰ সংখ্যা বেছি হয়। প্রথম অৱস্থাত খোজ কঢ়াৰ সময়ত আঁঠুত বিষ অনুভৱ কৰে আৰু লাহে লাহে এই বিষ অনৱৰতে হ’বলৈ ধৰে। লগতে আঁঠুটো লৰচৰ কৰাত অসুবিধা পাবলৈ ধৰে। পাছলৈ আঁঠুটো একেবাৰে জঠৰ হৈ যোৱাও দেখা যায়। আঁঠু লৰচৰ কৰোঁতে বহুতৰ কেৰকেৰ শব্দ হোৱাও শুনা যায়।
গ্ৰন্থিবাত যিকোনো বয়সতে আৰম্ভ হয় যদিও বয়স বাঢ়ি যোৱাৰ লগে লগে আঁঠুৰ বিষ বেছিকৈ হোৱা দেখা যায়। এনে ৰোগীৰ হাতৰ আঙুলিৰ গাঁঠিবোৰ সাধাৰণতে উখহি বিকৃত ৰূপ ধাৰণ কৰা দেখা যায়। বীজাণুজাত আৰ্থ্ৰাইটিছ ৰোগ হঠাতে আৰম্ভ হয়। আঁঠুটো উখহি উঠে, ৰঙা পৰে আৰু ইয়াৰ লগতে অসহ্য বিষ হয়। অতিমাত্ৰা জ্বৰ উঠাতো এনে ৰোগৰ লক্ষণ।
আঁঠুত আঘাত পোৱাৰ পাছত যদি হাড়ত কোনো ধৰণৰ আঘাতৰ চিন নাথাকে, অথচ আঁঠুৰ বিষ লাহে লাহে হৈ থাকে, তেতিয়াহ’লে ই আঁঠুৰ ভিতৰত লিগামেণ্ট বা মিনিস্কাছ ছিঙি থকা বাবে হ’ব পাৰে।
আঁঠুৰ বিষ আৰু আঁঠু ফুলি থকা দেখিলে চিকিৎসকে তলত উল্লেখ কৰা ৰোগ নির্ণয়ৰ উপায়সমূহ প্রয়োগ কৰে।
চিকিৎসা পদ্ধতি
বিষৰ ধৰণ আৰু ৰোগৰ অৱস্থা অনুযায়ী চিকিৎসকে চিকিৎসা পদ্ধতি প্রয়োগ কৰে।
এই সময়ত নানাধৰণৰ বিষ উপশমকাৰী মলমো আঁঠুত মালিচ কৰিব পাৰি।
লেখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/23/2023