অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আৰথ্ৰাইটিছ :

আৰথ্ৰাইটিছ :

 

শৰীৰৰ যিকোনো গাঁঠিত বা সন্ধিত প্ৰদাহ হ’লে তাক গাঁঠিৰ বাত বা আৰথ্ৰাইটিছ বুলি কোৱা হয়। আক্ৰান্ত সন্ধিবোৰ ক্ৰমান্বয়ে ফুলে ৰঙা পৰে, অসহ্য বিষ হয়, সন্ধিৰ বিসংগতি আৰু শেষত সন্ধিবোৰ লৰচৰ কৰিব নোৱৰা হয়। আৰথ্ৰাইটিছ মানৱ জীৱনৰ এক অভিশাপস্বৰুপ। মানৱ দেহক ভিতৰি ৰুগীয়া কৰি তোলা বিভিন্ন ৰোগসমূহৰ তুলনাত ই অত্যধিক গম্ভীৰ, যাৰ বাবে ৰোগীয়ে আজীৱন বিষ-বেদনাত কেঁকাই থাকিব লগা হয়। কেন্সাৰ আৰু হৃদৰোগ প্ৰাণঘাতক হৈ উঠে যদিও আৰথ্ৰাইটিছে মানুহক পংগু কৰি তুলিব পাৰে। আৰথ্ৰাইটিছ বিভিন্ন প্ৰকাৰৰ আছে। শিশুৰ পৰা বৃদ্ধলৈকে এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ভিন ভিন ৰোগীৰ ক্ষেত্ৰত আৰথ্ৰাইটিছৰ কাৰণ বেলেগ বেলেগ হোৱা দেখা যায়। যদি এই ৰোগক সঠিক সময়ত চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰা নহয়, তেনেহ’লে ই তিল তিলকৈ ৰোগীক মৃত্যুৰ মুখলৈ হৈ যায়। আয়ুৰ্বেদত আৰথ্ৰাইটিছক বাত ব্যাধি বুলি কোৱা হয়। ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। ৰুমেটাইড আৰথ্ৰাইটিছ বা আমবাত, অষ্টিঅ’আৰথ্ৰাইটিছ বা সন্ধিবাত আৰু গাউটি আৰথ্ৰাইটিছ বা বাতৰুক্ত।

ৰুমেটাইড আৰথ্ৰাইটিছ আটাইতকৈ ভয়ানক। এই ৰোগৰ উৎপত্তিৰ কাৰণ আজিও জানিব পৰা হোৱা নাই আৰু এলোপেথিক চিকিৎসা বিজ্ঞানতো এইবিধ ৰোগৰ কোনো বিশেষ ফলদায়ক চিকিৎসা নাই। কিন্তু এই কালান্তক ৰোগবিধৰ পৰা আয়ুৰ্বেদিক চিকিৎসাৰ সহায়েৰে আৰোগ্য লাভ কৰিব পাৰি। ই এবিধ অটোইমুনো ব্যাধি। এইবিধ আৰথ্ৰাইটিছে দেহৰ ৰোগ প্ৰতিৰোধক প্ৰক্ৰিয়াটোক আক্ৰমণ কৰি অকামিলা কৰি শৰীৰৰ বিৰুদ্ধে এণ্টিব’ডি উৎপন্ন কৰে, যাৰ বাবে ৰোগীয়ে পংগুত্বক সাবটি ল’ব লগা হয়। ই এবিধ চিৰকাল ভুগিবলগীয়া ব্যাধি। শৰীৰৰ সৰু সৰু গাঁঠিবোৰৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে বৃহৎ গাঁঠিবোৰো আক্ৰান্ত হয়। আমাৰ দেশৰ জনসংখ্যাৰ প্ৰায় ১-২ শতাংশই ৰুমেটাইড আৰথ্ৰাইটিছৰ চিকাৰ হয়।

লক্ষণ -

এই ৰোগত পুৰুষসকলতকৈ মহিলাসকল বেছি পৰিমাণে আক্ৰান্ত হয়। এইবিধ ৰোগৰ পূৰ্বৰুপ হিচাপে প্ৰথমে গা বেয়া লগা, জ্বৰ ভাব হোৱা, হজমশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা, সন্ধি প্ৰদাহ আৰু গাঁঠিৰ জঠৰতা দেখা যায়। এইবিধ ৰোগত পোন প্ৰথমে দুয়ো হাতৰ সৰু গাঁঠিবোৰ আক্ৰান্ত হয় আৰু ক্ৰমান্বয়ে শৰীৰৰ প্ৰায়বোৰ গাঁঠিয়ে আক্ৰান্ত হয়। আক্ৰান্ত গাঁঠিবোৰ ফুলি উঠে। অসহ্য বিষ, স্থানীয় উত্তাপ বৃদ্ধি হয়। এইবিধ আৰথ্ৰাইটিছ গাঁঠিৰ উপৰি শৰীৰৰ অন্যান্য অংগ, যেনে- হৃদযন্ত্ৰকো বিকৃত কৰে। উঠা-বহা আৰু লৰচৰ কৰিবলৈ অত্যধিক কষ্ট হয়। এই ৰোগবিধে বংশানুক্ৰমে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়।

চিকিৎসা -

ৰুমেটাইড আৰথ্ৰাইটিছ চিকিৎসা আয়ুৰ্বেদিক শাস্ত্ৰমতে দুই ধৰণে কৰা হয়- শোধন চিকিৎসা আৰু শমন চিকিৎসা বা ঔষধি চিকিৎসা।

শোধন চিকিৎসা:

ইয়াত আয়ুৰ্বেদিক পঞ্চকৰ্ম থেৰাপিৰ দ্বাৰা শৰীৰ শুদ্ধ কৰি লৈ ঔষধি চিকিৎসা আৰম্ভ কৰা হয়। ৰোগৰ লক্ষণ অনুসৰি ঔষধিযুক্ত বাতনাশক তেলেৰে শৰীৰৰ আক্ৰান্ত গাঁঠিত মালিচ কৰাৰ পিচত ৰোগৰ লক্ষণৰ প্ৰাবল্য অনুপাতে ৰুক্ষ সেক (বালুকা স্বেদ) বা বাষ্প সেকৰ দ্বাৰা চিকিৎসা কৰা হয়। বৈতৰণ বস্তি এইবিধ ৰোগত বহুত ফলদায়ক।

ঔষধি চিকিৎসা -

১) সিংহনাদ গুগুলু:

দুটাকৈ বড়ি দিনত দুবাৰ আহাৰ খোৱাৰ পিছত কুহুমীয়া গৰম পানীৰ লগত।

২) অগ্নিতুণ্ডী বটি:

দুটাকৈ বড়ি দিনত দুবাৰ আহাৰ খোৱাৰ পিচত।

৩) আমবাতাৰি ৰস:

দুটাকৈ বড়ি দিনত দুবাৰ আহাৰ খোৱাৰ পিচত।

৪) ত্ৰয়লোক্যচিন্তামণি ৰস:

এটাকৈ বড়ি পুৱা এবাৰ খালী পেটত মধুৰ লগত মিহলাই খাব লাগে।

৫) দশমূলাৰিষ্ট:

২০ মি:লি: দিনত দুবাৰ আহাৰ খোৱাৰ পিচত সম পৰিমাণৰ পানীৰ লগত মিহলাই  খাব লাগে।

৬) মহাবাত বিধংস ৰস:

দুটাকৈ বড়ি দিনত দুবাৰ।প্ৰয়োজন অনুসৰি বৃহৎ সৈন্ধৱাদি তৈল্য বা মহানাৰায়ণ তেলেৰে সামান্য মালিচ কৰি নাড়ী স্বেদ বা বাষ্প স্বেদ প্ৰয়োগ কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি। (উপৰোক্ত ঔষধিসমূহ ব্যৱহাৰ কৰাৰ আগতে উপযুক্ত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ)।

ব্যায়াম আৰু যোগ চিকিৎসা -

বাত ৰোগত ব্যায়াম, যোগাসন আৰু প্ৰাণায়াম অত্যন্ত দৰকাৰী। ইয়াৰ দ্বাৰা প্ৰকূপিত দোষক ৰোগ উৎপন্ন কৰা স্থানৰ পৰা স্থানচ্যুত কৰিব পৰা যায়। কিয়নো আসন কৰিলে মানুহৰ শৰীৰৰ তেজ আদি ধাতুসমূহৰ চলাচল বৃদ্ধি পায় আৰু ৰোগাক্ৰান্ত কোষসমূহ সতেজ হৈ উঠে। যোগাসন আৰু প্ৰাণায়ামে সকলো ধৰণৰ বাত বিষ নিৰাময় কৰিব পাৰে। আজিকালি ফিজিঅ’থেৰাপি বা আয়ুৰ্বেদিয় পঞ্চকৰ্ম থেৰাপি আৰথ্ৰাইটিছ চিকিৎসাৰ কাৰণে অত্যন্ত লাভদায়ক।

পথ্যাপথ্য -

বাত ব্যাধিৰ পৰা আৰোগ্য লাভ কৰিবলৈ খোৱা আহাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। কিয়নো খাদ্যই ৰোগ প্ৰতিৰোধ আৰু উপশমত সহায় কৰে। আমাৰ দৈনন্দিন আহাৰত ভিটামিনযুক্ত আহাৰ, যেনে-ফলমূল, সেউজীয়া শাক-পাচলি, আমলখি, আদা, নহৰু, হালধি, চজিনা, পচতীয়া, অশ্বগন্ধা, গুভুচি ( সিদ্ধিলতা), এৰা, গুগুলু আদি বাত ৰোগনাশক উল্লেখযোগ্য বনৌষধ। সকলোধৰণৰ আৰথ্ৰাইটিছত দৈ, ৰঙালাউ, মৰিচা শাক, বিলাহী, মাংস আদি ত্যাগ কৰিব লাগে।

সাৱধানতা -

শীতাতপ নিয়ন্ত্ৰণ কক্ষত বেছি সময় থকা, ঠাণ্ডা আহাৰ গ্ৰহণ, অত্যধিক ঠাণ্ডা লগোৱা, মাদক দ্ৰব্য সেৱন আদিয়ে বাত ৰোগ বৃদ্ধি কৰে, সেয়েহে পৰাপক্ষত এৰাই চলিব লাগে। গৰমপানীৰে গা ধোৱা আৰু খোৱা ৰোগীৰ কাৰণে উপকাৰী। যিহেতু শৰীৰৰ ওজন বৃদ্ধিত বাত ৰোগৰ কাৰণ। সেয়েহে ওজন বাঢ়িবলৈ আৰম্ভ কৰিলে সাৱধান হ’ব লাগে। পিতৃ-মাতৃ বা পৰিয়ালৰ কাৰোবাৰ আৰথ্ৰাইটিছ থাকিলে সৰুৰে পৰা সাৱধান হ’ব লাগে।

লেখক: ডা: বিষ্ণু চৌধুৰী (দেওবৰীয়া সম্ভাৰ)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate