অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইউৰিনেৰি ট্ৰেক ইন্‌ফেক্‌চন

ইউৰিনেৰি ট্ৰেক ইন্‌ফেক্‌চন

 

বিভিন্ন কাৰণত আজিকালো মানুহে ইউৰিনেৰি ট্ৰেক ইনফেক্‌চন বা প্ৰস্ৰাৱৰ সমস্যাত ভোগা দেখা যায়। কিড্‌নি ষ্ট’ন বা অন্যান্য কাৰণতো প্ৰস্ৰাৱৰ সমস্যা হ’ব পাৰে। বিশেষকৈ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক হাৰত হোৱা দেখা যায়। চিকিৎসকৰ মতে, ‘ই-কোলাই' নামৰ এটি বেক্টেৰিয়া এই ৰোগৰ উৎস। এবাৰ এই ৰোগত আক্রান্ত ৰোগীয়ে বাৰে বাৰে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও চিকিৎসকে ৰোগীক সতর্ক কৰি দিয়ে। চিকিৎসাৰ লগতে কিছুমান ঘৰুৱা উপায়েৰেও আপুনি এই ৰোগৰ পৰা প্রাথমিকভাবে মুক্তি পাব পাৰে। এনে কিছু ঘৰুৱা উপায় আজি আমাৰ আলোচনাৰ বিষয়।

ভিটামিন চি জাতীয় খাদ্য খালে সহজে প্ৰস্ৰাৱৰ সমস্যাৰে মোকাবিলা কৰিব পৰা যায়। বিলাহী, কমলা, বন্ধা কবি, ব্ৰক’লি জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ। এনে খাদ্য খালে প্ৰস্ৰাৱৰ সমস্যাৰ পৰা সহজে আঁতৰত থাকিব পৰা যায়।

ক্ৰেনবেৰী (চেৰীৰ দৰে এবিধ ৰঙা ফল) সহজে বজাৰত উপলব্ধ নহয়। ক্ৰেনবেৰী জুচ কৰি খালে কিড্‌নি সমস্যাৰ পৰা সহজে আতঁৰত থাকিব পাৰি। আজিকালি অনলাইনযোগে ক্ৰেনবেৰী ক্ৰয় কৰিব পৰা যায়।

সাধাৰণতে বেকিংচ’ডা কেক বা অন্যান্য খাদ্য প্রস্তুত কৰিবৰ বাবে ব্যৱহাৰ হয়। কিন্তু ইউৰিনেৰি ট্ৰেক ইন্‌ফেক্‌চনৰ ক্ষেত্ৰত এগিলাচ পানীত দুচামুচ বেকিং চ’ডা মিহলাই খালে সহজে উপকাৰ পোৱা যায়।

চিকিৎসকে প্ৰতিদিন খাদ্য তালিকাত আদা আৰু নহৰু ৰখাটো জৰুৰী বুলি কৈছে। কিয়নো আদা আৰু নহৰুক এণ্টি বেক্টেৰিয়েল হিচাপে গণ্য কৰা হয়।

আনাৰসৰ ৰস প্রস্ৰাৱৰ সমস্যাত খুবেই বেছি কাৰ্যকৰী। গ্ৰীষ্ম আৰু বাৰিষাৰ বজাৰত যথেষ্ট পৰিমাণৰ আনাৰস পোৱা যায়।

পানীক প্রাণীৰ প্ৰাণ বুলি কোৱা হয়। সেয়ে প্ৰচুৰ পৰিমাণৰ পানী পান কৰি প্ৰস্ৰাৱ স্বাভাৱিক কৰি তুলিবলৈ যত্ন কৰিব লাগে।

উৎস: সাদিন।

 

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate