অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইমুউনিটী আৰু সংক্ৰামক ৰোগৰ ধাৰণাঃ এক বিশ্লেষণ

ইমুউনিটী আৰু সংক্ৰামক ৰোগৰ ধাৰণাঃ এক বিশ্লেষণ


ইমিউনিটী বা প্ৰতিৰোধক্ষমতা হৈছে জীৱদেহৰ এনে এটা প্ৰক্ৰিয়া যিয়ে দেহত প্ৰৱেশ কৰা বিভিন্ন অনিষ্টকাৰী বীজাণু বা বিষাক্ত পদাৰ্থ (toxin) ক বাধা প্ৰদান কৰে৷ সাধাৰনতে আমি খোৱা দুষিত খাদ্য ,উশাহ নিশাহ ,কাহ,হাঁচি,বিভিন্ন প্ৰকাৰৰ স্পৰ্শ, চুম্বন, যৌনসম্পৰ্ক আদিৰ যোগেদি বীজাণুসমূহ যেনে ভাইৰাছ,বেক্টেৰীয়া আদি মানৱদেহৰ সংস্পৰ্শলৈ আহে ৷ কিন্তু দেহত জন্মগত ভাৱে কিছুমান প্ৰতিৰোধ ব্যৱস্থা থাকে ৷ উদাহৰণস্বৰূপে চাল,শ্বাস প্ৰশ্বাস নলীকা বা খাদ্যনলীত আদিত থকা শ্লেচমা আৱৰণ ( mucous membrane), লালতি গ্ৰন্থি বা চকুপানীত থকা লাইছ’জম ,পাকস্থলীৰ পিত্ত ৰস (Gastric juice) ,মহিলাৰ যৌনগ্ৰন্থিৰ পৰা নিঃসৰিত ৰস (vaginal secretion) ,তেজত থকা শ্বেত ৰক্ত কণিকা(WBC) কে ধৰি অন্য কিছুমান কোষ ( যেনে Macrophage, NK cell ,Complement System ) ইত্যাদি ৷ এইবোৰে দেহত কোনো বীজাণু প্ৰৱেশ কৰাৰ লগে লগে বাধা প্ৰদান কৰে ৷ জীৱদেহৰ এই প্ৰথম পৰ্যায়ৰ প্ৰতিৰোধক্ষমতা ক Innate Immunity বা Natural Immunity বোলা হয় ৷ আনহাতে জন্মৰ পিছতে দেহত এক অন্য ধৰণৰ প্ৰতিৰোধক্ষমতা গঢ়ি উঠে যাক অৰ্জিত বা adaptive বা acquired immunity বোলা হয় ৷ দেহত কোনো বীজাণু সংক্ৰমণৰ ফলত সৃষ্টি হোৱা এন্টিবডী বা তেজত থকা লিম্ফচাইট নামৰ কণিকাই ইয়াত অংশগ্ৰহণ কৰে ৷ এই ধৰণৰ প্ৰতিৰোধক্ষমতাই কেৱল কোনো অনিষ্টকাৰী বীজাণুক বাধা প্ৰদানে নকৰে,ই ভৱিষ্যতে সেই বীজাণু ক চিনাক্তকৰণ কৰি প্ৰতিৰোধো কৰে ৷

আৰ্জিত বা Aquired ইমুউনিটী দুই ধৰণৰ -

১) এক্টিভ ইমুউনিটী (Active Immunity):- এই ধৰনৰ প্ৰতিৰোধক্ষমতা গঢ়ি উঠোতে কিছু সময় লাগে যদিওঁ গোটেই জীৱনৰ বাবে গঠন হয় ৷ ই প্ৰাকৃতিক ভাৱে কোনো বীজাণুৰ সংক্ৰমণৰ ফলত এন্টিবডী সৃষ্টি হৈ সেই বীজাণুৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷ যেনে ধৰক Hepatitis A নামৰ ভাইৰাছজনিত ৰোগ কোনো এজন ব্যক্তিৰ দেহত হ’লে তাৰ ফলত যি এন্টিবডী বা প্ৰতিৰোধক্ষমতা সৃষ্টি হয় সি প্ৰায় গোটেই জীৱনজুৰি সেইজন ব্যক্তিক বাধা দিয়ে ৷
আনহাতে বিভিন্ন ভেকচিনৰ বেজী বা মৌখিকভাৱে (Orally) প্ৰয়োগ কৰি বিভিন্ন ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা গঢ়ি তুলিব পাৰি ৷ যেনেঃ oral polio vaccine,BCG,Pentavalent,MR vaccine ইত্যাদি৷

২) পেচিভ ইমিউনিটী (passive Immunity)ঃ এই ধৰণৰ প্ৰতিৰোধক্ষমতা সাময়িকভাবে গঢ়ি উঠা ইমুউনিটী ৷ যেনে মাতৃদুগ্ধৰ যোগেদি শিশুৱে পোৱা IgA নামৰ এন্টিবডীয়ে জন্মৰ পৰা প্ৰায় তিনি চাৰি মাহলৈ সুৰক্ষা প্ৰদান কৰে ৷ আন কিছুমান কৃত্ৰিম উপায়ে দেহত এন্টিবডী প্ৰয়োগ কৰি বিভিন্ন বীজাণুৰ সংক্ৰমনক বাধা দিব পাৰি ৷ উদাহৰণস্বৰূপে ঘোঁৰাৰ দেহত প্ৰস্তুত কৰা Anti Tetanus Serum বা বেজী মানুহৰ দেহত প্ৰয়োগ কৰা হয় ৷

আচৰিত যেন লাগিলেও এইটো সত্য যে "বীজানু সংক্ৰমণ আৰু ইমুউনিটী" ৰ ধাৰণা ভাৰতবৰ্ষত বহু হাজাৰ বছৰ আগতেই আৰম্ভ হৈছিল ৷ তাৰ স্পষ্ট প্ৰমাণ আয়ুৰ্বেদত পোৱা যায় ৷ আয়ুৰ্বেদ ৰ শল্য চিকিৎসাৰ মূল গ্ৰন্থ "সুশ্ৰুত সংহিতা" ত সংক্ৰামক ৰোগৰ বিয়পাৰ সাম্ভাৱ্য কাৰণসমূহ বৰ্ণনা কৰিছে এনেদৰে-

প্ৰসংগাত গাত্ৰসংস্পৰ্শাত্‌ নিশ্বাসাত্‌ সহভোজনাত্‌
সহশয্যাসনাচ্চাপিবস্ত্ৰমাল্যানুলেপনাত ৷
কুষ্ঠজ্বৰশ্বশোষশ্বনেত্ৰাভিষ্য়দএবচ্‌
অৌপসৰ্গিকৰোগাশ্বসংক্ৰমন্তি নৰান্নৰম ৷ (সুশ্ৰুত সংহিতা)

উপৰোক্ত শ্লোকটোৰ অৰ্থ হৈছেঃ বিভিন্ন ধৰণৰ স্পৰ্শ,উশাহ-নিশাহ, একেলগে খোৱা আৰু শোৱা( Sexual contact), সংক্ৰমিত ব্যক্তিৰ কাপোৰ,গহনা আৰু অনুলেপন (বিভিন্ন ধৰণৰ লেপন বা পেষ্ট ,মলম বা ক্ৰীম ) ভাগ বতৰা কৰিলে কুষ্ঠ (বিভিন্ন চৰ্মৰোগ ),জ্বৰ,শোষৰোগ ( koch's disease or Tuberculosis ) আৰু নেত্ৰঅভিচন্দ ( conjunctivitis ) আদি ৰোগ বিয়পে ৷ আনহাতে আচাৰ্য্য চৰকৰ মতে বায়ু,পানী,দেশ(soil) আৰু কাল(time) দুষিত হ’লে জনপদোধ্বংস(epedemic) উৎপত্তি হয় ৷ এই জনপদোধ্বংস হৈছে কোনো এখন ঠাইৰ এক বৃহৎ জনসংখ্যা একে সময়তে কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা ৷ মানুহৰ প্ৰকৃতি আহাৰ,দেহ ,বল,সাত্ম্য,মন ,বয়স ভিন ভিন হ’ব পাৰে কিন্তু মাটি,পানী,বায়ু,কাল সকলোৰে একে হয় ৷ ফলস্ৰুতিত এই চাৰিটা কাৰক দুষিত হ’লে মানৱ সমাজত বিভিন্ন ৰোগে দেখা দিয়ে আৰু মৃত্যু পৰ্যন্ত ঘটে ৷ চৰক সংহিতাৰ শ্লোকটো এনেধৰণৰঃ

তে খল্ৱিমে
ভাৱাঃ সামান্য জনপদেষু ভৱন্তি; তদ্দথা বায়ুঃ,ওদক,দেশঃ কাল ইতি ( চৰক সংহিতা)

আচাৰ্য চৰকে আৰু উল্লেখ কৰিছে যে ’অধৰ্ম’ হৈছে এই জনপদোধ্বংসৰ অন্য এক কাৰণ ৷ দেশ,কাল,বায়ু আৰু পানী আদিৰ বিপৰীতে কাম কৰিলে,ঋতুচৰ্যা,দিনচৰ্যা,সদবৃত্ত (good conduct) আদি নিয়মিত পালন নকৰিলে আৰু অহিত আহাৰ বিহাৰ ; হা্ঁচি,হিক্‌টি মল মূত্ৰ ত্যাগৰ স্বাভাৱিক বেগসমূহ অৱৰোধ (suppression of natural urges) কৰিলে ;কাম,ক্ৰোধ,লোভ,মোহ আদি ধাৰণীয় বেগ সময়ত ৰোধ নকৰিলে মানুহৰ দেহৰ প্ৰতিৰোধক্ষমতা হ্ৰাস পায় ৷ অৱশেষত জনপদোধ্বংসৰ সৃষ্টি হয় আৰু মানৱ সমাজে অকাল মৃত্যুক সাৱতি লয় ৷ ইয়াৰ উপৰিও প্ৰতিৰোধক্ষমতা বা ইমুউনিটীৰ বিজ্ঞানসন্মত ব্যাখা আয়ুৰ্বেদত পোৱা যায় ৷ আয়ুৰ্বেদৰ বিভিন্ন গ্ৰন্হত ভিন ভিন নামেৰে ইয়াক পোৱা যায় ৷ ’চৰক সংহিতা’ ত ’বল’ ,’সুশ্ৰুত সংহিতা’ আৰু ’অষ্টাংগ সংগ্ৰহ’ ত ’ওজা’ আৰু ’আয়ুৰ্বেদ দীপিকা’ গ্ৰন্হত "ব্যাধিক্ষমত্ব" নামেৰে উল্লেখ আছে ৷ চক্ৰপানিদত্ত নামৰ "চৰকসংহিতা" গ্ৰন্হৰ টীকাকাৰে দিয়া ইমুউনিটীৰ সংজ্ঞা আধুনিক বিজ্ঞানৰ সংজ্ঞাৰ লগত মিল পোৱা যায় ৷

চক্ৰপাণিদত্ত ই "আয়ুৰ্বেদ দীপিকা" টীকা (Commentry) ত দিয়া সংজ্ঞা এনধৰণৰঃ

ব্যাধিক্ষমত্বম ব্যাধিবলবিৰোধিত্ব ব্যাধ্য়ুত্পাদ্‌
প্ৰতিবন্ধকত্বমিতি যাৱত"

অৰ্থাৎ
ব্যাধিক্ষমত্ব বা প্ৰতিৰোধক্ষমতা হ’ল দেহত সৃষ্টি হোৱা কোনো ৰোগৰ বল বা শক্তিক হ্ৰাস কৰা আৰু কোনো ৰোগৰ উৎপত্তিত বাধা প্ৰদান কৰা ৷ আচাৰ্য চৰকে তেওঁৰ গ্ৰন্থ ’চৰক সংহিতা’ ত ৰোগৰ প্ৰতিৰোধক্ষমতাক ’বল’ (Strength) নামৰে উল্লেখ কৰিছে ৷ এই বল বা শক্তি তিনি প্ৰকাৰৰঃ
১) সহজ বল ( Natural immunity)ঃ এইধৰণৰ বল জন্মৰে পৰা মানুহৰ দেহ আৰু মনত উৎপত্তি হয় ৷

২) কালজ বল ( Temporal /Seasonal Immunity)ঃ এই ধৰণৰ বল মানুহৰ বয়স আৰু ঋতু অনুযায়ী দেহত সৃষ্টি হয় ৷ উদাহৰণস্বৰূপে মানুহৰ শৈশৱ আৰু বৃদ্ধ বয়সত বল কম হয় আৰু যৌৱন অৱস্হাত বেছি হয় ৷ঠিক তেনেদৰে আদান কাল (গ্ৰীষ্ম,শীত ,বসন্ত) ত বল কম হয় আৰু বিসৰ্গ কাল( বৰ্ষা,শৰৎ,হেমন্ত ) ত বল বেছি হয় ৷

৩) যুক্তিকৃত বল (Acquired Immunity)ঃ এই ধৰণৰ বল পুষ্টিকৰ আহাৰ আৰু ব্যয়াম ৰ জৰিয়তে বৃদ্ধি কৰিব পাৰি ৷ আয়ুৰ্বেদত উল্লেখিত বিভিন্ন ৰসায়ন ঔষধি বা গছ লতা আৰু ’ লেহন’ কৰ্ম প্ৰয়োগ কৰিও ইয়াক গঢ়ি তুলিব পাৰি ৷

’সুশ্ৰুত সংহিতাত’ উল্লেখ থকা অনুসৰি বল বা ’ওজ’ হৈছে সপ্তধাতুৰ সাৰ (essence) পদাৰ্থ ৷ ইয়াৰ ওপৰতে মানুহৰ দেহৰ প্ৰতিৰোধক্ষমতা নিৰ্ভৰ কৰে ৷

চৰক সংহিতাত উল্লেখ থকা অনুসৰি এই বল বা ইমুউনিটী জানিবলৈ দহবিধ পৰীক্ষাৰ বিস্তৃত বিৱৰণ আছে ৷ এই দহবিধ পৰীক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ ৷সেইবোৰ হ’লঃ

১)প্ৰকৃতি(দেহৰ গঠন/Constitution) ২) বিকৃতি(pathological investigation) ৩)সাৰ ( Investigation for the strength of systems)
৪) সংহনন ( compactnes of systems) ৫) প্ৰমাণ (measurement of body organs)
৬)সাত্ম্য (investigation for the homologation) ৭)সত্ব (mental state) ৮)আহাৰশক্তি(digestive capacity )৯)ব্যয়মশক্তি (body power) ১০)
বয়( age)

সাৰাংশঃ দেখা যায় যে চিকিৎসা বিজ্ঞান ৰ ইতিহাসত ওঠৰ শতিকাৰ (১৮০০) শেষৰ ফালে আৰু উনৈছ (১৯০০) শতিকাৰ প্ৰথম ভাগত Microbiology (জীৱাণু বিজ্ঞান) ৰ বিভিন্ন ন ন তত্ত্ব উদ্ভাৱন হয় ৷ বিশেষকৈ লুই পাষ্টুৰৰ "Germ theory of diseases",ৰবাৰ্ট ক’ক ৰ সংক্ৰামক ৰোগ যেনে Tuberculosis, কলেৰা, এনথ্ৰাক্স বীজাণুৰ আবিষ্কাৰ এডৱাৰ্দ জেনাৰৰ প্ৰথম Smallpox ভেকচিনৰ উদ্ভাৱন, আলেকজেন্ডাৰ ফ্লেমিংৰ এন্টিবায়’টিক পেনিচিলিনৰ আৱিষ্কাৰ,Ernest Ruska ৰ ইলেক্ট্ৰন মাইক্ৰস্কোপ ৰ আৱিস্কাৰ আদি ৷ সেয়েহে উক্ত সময়খিনিক চিকিৎসা বিজ্ঞানৰ বিশেষকৈ জীৱাণু বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয় ৷ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে যি সময়ত বৰ্তমান সময়ৰ দৰে কোনো ধৰণৰ আধুনিক যন্ত্ৰ পাতিৰ পয়োভৰ নাছিল সেই সময়তে ভাৰতবৰ্ষত এচাম চিকিৎসাবিদে "জীৱাণু বিজ্ঞান" ৰ চৰ্চা আৰম্ভ কৰিছিল ৷ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদত উল্লেখ থকা সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধক্ষমতাৰ তথ্য সমূহে তাৰেই স্বীকৃতি বহন কৰে ৷

লেখক :- ডা° ইন্দুভূষণ শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate