অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ :

সমগ্ৰ দেশৰ মানুহবোৰে প্ৰায়ে উচ্চ ৰক্তচাপত ভোগে৷ উচ্চ ৰক্তচাপৰ এক ভয়াবহ কথা হল তিনিভাগৰ এভাগ মানুহে উচ্চ ৰক্তচাপ থকাৰ কথা উমান নাপায়৷ এয়া গম পোৱা যায় নিয়মিত ৰক্তচাপ পৰীক্ষণ তথা নিৰীক্ষণৰ দ্বাৰা৷

উচ্চ ৰক্তচাপৰ বিভিন্ন ধৰণৰ লক্ষণসমূহ হল –

১) প্ৰচণ্ড মূৰৰ বিষ

২) আচন্দ্ৰাই কৰা

৩) বুকুৰ বিষ

৪) উশাহ নিশাহ লোৱাত অসুবিধা

৫)অনিয়মীয়া হৃদ স্পন্দন

৬)পেচাবত তেজ নিৰ্গত হোৱা

যদি ওপৰোক্ত লক্ষণসমূহ দেখা দিয়ে তেনেহলে ততালিকে চিকিৎসকৰ কাষ চাপক৷ উপযুক্ত চিকিৎসা নকৰিলে হৃদয়ৰ বেমাৰ, ষ্ট্ৰোক, কিডনী ফেইলৰ, চকুৰ অসুখ আদি দেখা দিয়ে৷ বহু ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সঠিক কাৰণ জানিব পৰা নাযায়৷ যদি আপোনাৰ BP ১৪০/৯০ বা তাতকৈ বেছি থাকে তেতিয়াও কোনো লক্ষণে দেখা নিদিব পাৰে৷

যদি ব্লাড প্ৰেচাৰ ১৮০/১১০ বা তাতকৈ বেছি হয় তেতিয়া hypertensive crisis দেখা দিয়ে (ইয়াৰ ফলত Stroke, Heart attack, Kidney Damage আদি হয় )৷ Hypertensive crisiss ৰ লক্ষণসমূহ হব পাৰে–

  • প্ৰচণ্ড মূৰৰ বিষ,
  • উত্তেজনা,
  • উশাহ লোৱাত অসুবিধা,
  • নাকৰ পৰা তেজ ওলোৱা৷

যদি পৰিয়ালৰ মানুহৰ উচ্চ ৰক্তচাপ থাকে বা যদি আপুনি ডাইবেটিছ ৰোগত ভুগি আছে তেনেহলে আপোনাৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি৷ ৬০ শতাংশ মানুহৰ ডাইবেটিছ থাকিলে উচ্চ ৰক্তচাপ হোৱাৰ প্ৰৱণতা বেছি৷ উচ্চ ৰক্তচাপক THE SILENT KILLER বুলি কলেও ভুল কোৱা নহ’ব কাৰণ ইয়াৰ লক্ষণসমূহে দেখা দিয়ে যেতিয়া বেমাৰটোৱে দেহৰ অন্যান্য অংগ সমূহৰ ক্ষতিসাধন কৰে৷

চিকিৎসকে যুৱ সমাজৰ মাজত থকা উচ্চৰক্তচাপৰ লগত যুঁজি থকা ৰোগীসমূহক গুৰুত্ব দিয়া দেখা যায় অৰ্থাৎ Young Hypertension ক গুৰুত্ব দিয়া হয়৷ কাৰণ Young বা যুৱ সমাজৰ মাজত কোনো সাৰ সুৰ নোহোৱাকৈ উচ্চ ৰক্তচাপে বাহ লয়৷ ফলত কোনো লক্ষণ দেখা নিদিয়াকৈ ষ্ট্ৰোক হব পাৰে, বৃক্ক, মগজ আদি ধ্বংস কৰিব পাৰে৷

দেহত ছডিয়ামৰ পৰিমাণ বৃদ্ধি হলে ই ৰক্তচাপত ইন্ধন যোগায়৷ The Amrican Heart Association য়ে ১৫০০ মিলিগ্ৰাম ছডিয়াম প্ৰতিদিনে গ্ৰহণ কৰিবলৈ কৈছে৷ প্ৰতিদিনে চলি অহা মানসিক কষ্টই প্ৰত্যক্ষভাৱে সহায় নকৰে যদিও পৰোক্ষভাৱে ৰক্তচাপ বৃদ্ধিত সহায় কৰে৷

Stress বা কষ্টৰ ফলত খোৱা বোৱা কম হোৱা, মদ্যপান কৰা, চিগাৰেট সেৱন কৰা আদি বদ অভ্যাসে লগ দিয়ে আৰু তাৰ ফলত উচ্চ ৰক্তচাপৰ লক্ষণসমূহে দেখা দিয়ে৷ অত্যধিক পৰিমাণৰ মদ্যপানে ৰক্তচাপ বঢ়াই দিব পাৰে সেয়ে সীমিত পৰিমাণৰ এলকহল গ্ৰহণ কৰিবলৈও এমেৰিকান হাৰ্ট এচোচিয়েচনে উপদেশ আগবঢ়াইছে৷

ওজন বাঢ়িলেও ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ সম্ভাৱনীয়তা থাকে৷ সন্তানসম্ভৱা মহিলাই উচ্চ ৰক্তচাপত ভুগিব পাৰে৷ যদি চিকিৎসা কৰা নহয় ই ভয়ানক হব পাৰে মাক আৰু সন্তানৰ বাবে৷ ইয়াক PRE ECLAMPSIA বুলি কোৱা হয়৷ এনে পৰিস্থিতিত সন্তানে অক্সিজেন আৰু তেজ কমকৈ লাভ কৰে৷ আৰু মাকৰ কিডনীৰ লগতে মস্তিষ্কৰ ক্ষতিসাধন কৰে৷

ঔষধৰ পৰা হব পৰা ৰক্তচাপ -

  • যেতিয়া চিকিৎসকৰ কাষলৈ যাব তেতিয়া তেখেতৰ লগত সেৱন কৰি থকা ঔষধসমূহৰ কথা আলোচনা কৰিবলৈ নাপাহৰিব৷ NSAIDS, BIRTH CONTROL PILLS, STEROID আদি ঔষধে ৰক্তচাপ বৃদ্ধি কৰে৷
  • কিছুমান ৰোগীয়ে WHITE COAT HYPERTENSION ত ভোগে৷ ইয়াৰ অৰ্থ হল যে White coat পৰিধান কৰা Health care professional ৰ কাষ চাপিলে কিছুমান ৰোগীৰ ৰক্তচাপ বাঢ়ি যায়৷ চিকিৎসকে এই ধৰণৰ কথাবোৰো নজৰত ৰাখে৷

কেনেকৈ কমাব?

DASH DIET –Dietary Approach to Stop Hypertension সাধাৰণতে সমাজখনৰ বেছিভাগ মানুহৰ ৰক্তচাপৰ মুখ্য কাৰণ হল LIFESTYLE বা জীৱনশৈলী৷

নব প্ৰজন্মৰ পৰা আদি কৰি সকলো মানুহৰ ফাষ্টফুড, তেল জাতীয় খাদ্যৰ প্ৰতি থকা লোভ এতিয়াৰ এই মাৰাত্মক বেমাৰটোৰ কাৰণ হৈ পৰিছে৷ যিমান পাৰি সিমান এনে খাদ্যৰ পৰা নিজক আঁতৰত ৰাখিব লাগে৷ দৈনিক ব্যায়ামেও সকাহ আগবঢ়াব৷

মুঠতে জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব যদিহে ইয়াৰ পৰা পৰিত্ৰাণ পাব খোজে৷ ফল মূল, শাক পাচলি মাছ, বাদাম আদি খাব পাৰিব৷ কিন্তু ডাঠা শাক নাখাব কাৰণ ইয়াত চডিয়ামৰ পৰিমাণ বেছিকৈ থাকে৷

লোকেল মুৰ্গীৰ মাংস সীমিত পৰিমাণে খাব৷ কিছুমান মানুহে চিকিৎসকক নোকোৱাকৈ কোনো হাৰ্বেল থেৰাপি ব্যৱহাৰ কৰি থাকিব পাৰে ইয়ো হৈ পৰিব পাৰে ব্লাড প্ৰেচাৰৰ উত্থানৰ কাৰণ৷ সেয়ে চিকিৎসকক সকলোধৰণৰ ঔষধ বা অন্য ব্যৱহাৰ কৰি থকা খাদ্য বস্তু সমূহৰ বিষয়ে সদায় জনাব লাগে৷

ব্যৱহাৰ কৰা ঔষধসমূহ -

চিকিৎসকে উচ্চৰক্তচাপ ৰোধৰ বাবে তলত উল্লিখিত ঔষধসমূহ ব্যৱহাৰ কৰে-

১) Diuretic (Chlorothaiazide, Chlorthalidone, Indapamide, Hydrochlorothazide etc)

২) Calcium Channel blocker (Amlodipine, Verapamil etc)

৩)B Blocker (Atenolol, Bisoprolol, , Metroprolol etc)

৪) Angeitensin Receptor Blocker (Telmisartan, olmesartan, losartan, etc)

৫) Angiotensin converting Enzyme inhibitor ramipril, captopril, Lisinopril etc)

লেখক :- বিকাশ দাস(সাহিত্য.অৰ্গ)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate