অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এক’ণ্ড্ৰ’প্লেজিয়া

এক’ণ্ড্ৰ’প্লেজিয়া

 

আমি দৈনন্দিন জীৱনত বহুতো চুটি-চাপৰ মানুহ লগ পাওঁ। ইয়াৰে কিছুমানৰ দৈহিক গঠন চুটি যদিও কোনো ধৰণৰ শাৰিৰীক বিসংগতি নাথাকে। কিছুমানৰ শাৰিৰীক বিসংগতি খুব সোনকালেই আমাৰ চকুত পৰে। চুটি-চাপৰ মানুহৰ শাৰিৰীক বিসংগতি হোৱা এবিধ ৰোগ হ’ল-এক’ণ্ড্ৰ’প্লেজিয়া। সাধাৰণ লোকে প্ৰায়ে বাওনা বুলি কোৱা লোকসকলৰ বহুতেই আক্ৰান্ত হোৱা এই ৰোগবিধৰ বিষয়ে চুটি আলোচনা আগবঢ়ালোঁ।

ৰোগৰ কাৰণ

 

চিকিৎসা বিজ্ঞানে এই ৰোগত আক্ৰান্ত হোৱাৰ বিভিন্ন কাৰণ আগবঢ়াইছে। শিশু এটি জন্মতে এই ৰোগত আক্ৰান্ত হৈ আহিব পাৰে। ডি এন এ আৰু ক্ৰম’জমৰ বিশেষ বিসংগতিৰ ফলতে এনে বাওনা শিশুৰ জন্ম হয়। অৱশ্যে এনে ৰোগত আক্ৰান্ত পিতৃ বা মাতৃৰ সন্তান তেনে হ’ব পাৰে বুলি কোনো কথা নাই। আকৌ আক্ৰান্ত লোকৰ পৰিয়ালৰ আন সদস্যৰ এনে বিসংগতি নাথাকিবও পাৰে। গ্ৰোথ হৰম’নৰ বিসংগতিৰ বাবেও এনে হয়। এইসকল লোকৰ শৰীৰত কোমলাস্থিৰ (কাৰ্টিলেজ) বিকাশ স্বাভাৱিক নহয়।

ৰোগৰ লক্ষণ

 

  • এইসকল লোকৰ প্ৰথমেই চকুত পৰা লক্ষণটো হৈছে চুটি হাত-ভৰি। তেওঁলোকৰ হাত-ভৰিৰ দৈৰ্ঘ্য কম হয় আৰু শৰীৰ আকাৰত চুটি হয়।
  • কঁকালৰ ওপৰৰ গা অংশৰ আকাৰ কিছু চুটি হ’লেও বহু পৰিমাণে সঠিক অৱস্থাত থাকে। মাথোঁ দেহৰ ওপৰভাগ অলপ অস্বাভাৱিক আকৃতিৰ হয়।
  • হাত-ভৰিৰ আঙুলিবোৰ চুটি হয় আৰু হাতৰ মাজৰ তিনিটা আঙুলিৰ জোখ প্ৰায় সমান হয়।
  • এক’ণ্ড্ৰ’প্লেজিয়াত আক্ৰান্ত শিশু বা লোকৰ মূৰৰ গঠনটোও অলপ বিসংগতিপূৰ্ণ হয়।
  • মূৰৰ আকাৰ ডাঙৰ আৰু কপালখন সন্মুখৰফালে বেছিকৈ ওলাই আহে।
  • কপালৰ ওচৰৰ নাকৰ আৰম্ভণি ভাগ সম্পূৰ্ণ চেপেটা হয়। প্ৰায়ভাগৰে পিঠিভাগত আংশিক বিসংগতি থাকে।
  • তেওঁলোকৰ বহুতৰে দাঁতবিলাকৰ গঠন অসমান আৰু অগাপিচা হয়।
  • পূৰ্ণাংগ অৱস্থাত এই ৰোগত আক্রান্ত লোকৰ উচ্চতা চাৰি ফুট তিনি ইঞ্চি মানহে হয়গৈ। বহুতৰ উচ্চতা ইয়াতকৈও কম হয়।
  • মগজুৰ বিকাশ আৰু জীৱনকাল সেই বয়সত আন লোকৰ দৰেই স্বাভাৱিক হয়।

 

    চিকিৎসা

     

    আধুনিক চিকিৎসা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত পদ্ধতিৰ জৰিয়তে হাত-ভৰি দীঘল কৰাৰ চিকিৎসা আগবঢ়োৱা হয়। হৰম’ন থেৰাপিৰ সহায়ো লোৱা হয়। কিন্তু ইয়াৰ পৰাউপশম লাভ কৰা লোকৰ সংখ্যা কম। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ শিশুকালত হাড় আৰু পেশীৰ বিভিন্ন আনুষংগিক সমস্যাই দেখা দিয়ে। বয়স বঢ়াৰ লগে লগে এই সমস্যাসমূহ কম হৈ আহে। এই সমূহ সমস্যাৰ নিৰাময়ত ফিজিঅ’থেৰাপি চিকিৎসাই সহায় কৰে। শিশু অৱস্থাত এইসকল লোকৰ হাড় আৰু সন্ধিৰ গঠন সম্পূর্ণ নহয় বাবে চলা-ফুৰা কৰাত অসুবিধা হয়। পেশীসমূহত জঠৰতাই দেখা দিয়ে। বহুতৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ সামর্থ্যও নাথাকে। ফিজিঅ’থেৰাপীত শৰীৰৰ বিভিন্ন অংশৰ প্রয়োজনীয় বিভিন্ন ব্যায়াম আৰু অন্য পদ্ধতিৰ জৰিয়তে এই সমস্যাসমূহ আতঁৰাই শিশুটিক আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা যায়। কিন্তু শিশুটিৰ শ্ৰীবৃদ্ধি সম্পূৰ্ণ স্বাভাৱিক কৰি তোলাটো ফিজিঅ’থেৰাপিৰ দ্বাৰা সম্ভৱপৰ নহয়।

     

    লিখক: ডা: প্ৰণৱ চক্ৰৱৰ্তী, দৈনিক জনমভূমি।

     



    © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate