অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এজমা চিকিৎসা অসম্ভৱ নহয়

এজমা চিকিৎসা অসম্ভৱ নহয়

 

সুস্থ জীৱন যাপনৰ বাবে নিৰোগী হোৱাটো অতি আৱশ্যক।কিন্তু আজিকালি পৰিৱৰ্তনীয় বাতাৱৰণৰ হেতু বাঢ়ি  অহা প্ৰ্দুষণ আৰু ভেজাল খাদ্য তথা বিশুদ্ধতাৰ অভাৱত এজমাত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি আহিছে।এই ৰোগ জ্যেষ্ঠসকলৰ লগতে সৰু ল’ৰা-ছোৱালীৰ মাজতো বিয়পি পৰিছে।এজমা ৰোগ কি আৰু ইয়াৰ নিৰ্মুলৰ উপায় কি-এই বিষয়ক কিছু কথা জানো আহক।

এজমাৰ লক্ষণ:

এজমাৰ লক্ষণ সকলোৰে ক্ষেত্ৰত একে নহয় আৰু বহু লক্ষণ এনেধৰণৰ ,যিবোৰ অন্য শ্বাস সম্বন্ধীয় ৰোগৰো লক্ষণ যেন লাগে।সেই লক্ষণসমুহক এজমাৰ লক্ষণৰ ৰুপত চিনাক্ত কৰাটো জৰুৰী।সাধাৰণতে এজমাত আক্ৰান্ত ৰোগীৰ বুকুত বিষ অনুভৱ কৰা,উশাহ এৰাৰ সময়ত একধৰণৰ ঘেৰঘেৰণিৰ শব্দ হোৱা,ৰাতি আৰু পুৱাৰ ভাগত কফৰ মাত্ৰা বাঢ়ি যোৱা আৰু শ্বাসনলীয়েদি ঠিকমতে বায়ু চলাচল নোহোৱা ইত্যাদি প্ৰাৰম্ভিক লক্ষণে দেখা দিয়ে।

দায়ী কোন?

এজমা ৰোগৰ কাৰণে বায়ু প্ৰদুষণ আৰু বংশগত কাৰণ মুখ্যত:দায়ী।এই কাৰণতে যিসকল পিতৃ-মাতৃ এই ৰোগত পীড়িত,তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰতো ইয়াৰ আশংকা বাঢ়ি আহে।

পৰিৱেশৰ প্ৰভাৱ:

বাৰিষা আৰু শীত ঋতুত সাধাৰণ ব্যক্তিৰ শ্বাসনলীও সামান্যভাৱে হ’লেও সংকুচিত হয়।এই কাৰণতে এনে বতৰত এজমা ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা বাঢ়ি যায়।এই দুয়োটা ঋতুতে সেইসকল ব্যক্তি বিশেষভাৱে সাৱধান থকা উচিত-যিসকলৰ ধোঁৱা,ধুলি,পোহনীয়া জন্তু আৰু কোনো দৰবৰ পৰা এলাৰ্জী হয়।ঠাণ্ডাৰ দিনত ঠাণ্ডা বতাহ বৈ থকাৰ ফলত জ্বল,পানীলগা হোৱাৰ ভয় বেছি হয় আৰু ইয়াৰ চিকিৎসাৰ সময় থাকোতেই নকৰালে এজমাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি আহে।

এনে বতৰত এজমাত আক্ৰান্ত ৰোগীয়ে নিজৰ শৰীৰটো সম্পুৰ্ণৰুপে কাপোৰেৰে ঢাকি ৰাখিব লাগে আৰু পিন্ধা কাপোৰসাজ যাতে তিতা অৱস্থাত নাথাকে তালৈও লক্ষ্য ৰখা উচিত,কিয়নো ইয়াৰ পৰা ‘ফাংগেল ইনফেকচন’হ’বগৈ পাৰে।

এজমা ৰোগ হোৱাৰ কাৰণ:

পৰোক্ষভাৱে মানসিক উদ্বিগ্নতাও ইয়াৰ এক কাৰণ হ’ব পাৰে,কিয়নো অনবৰতে হতাশাগ্ৰস্ত হৈ থকাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে।ইয়াৰোপৰি জ্বৰ-পানীলগা,ধুলি-মাকতি,বীজাণু,পোহনীয়া জীৱ-জন্তুৰ চুলি তথা বায়ু প্ৰদুষণ,লগতে আৱেগ প্ৰৱণতা,অস্থিৰতা আদিও এজমাৰ চিকাৰ হোৱাৰ কাৰণ।

যেতিয়া এজন ব্যক্তিৰ দেহত ইয়াৰ সংক্ৰমণ হয়,তেতিয়া হাওঁফাওঁলৈ নিজৰ কাৰ্য সুচাৰুৰপে সম্পন্ন কৰিব নোৱাৰা হয়,যাৰ ফলত ব্যক্তিয়ে স্বাভাৱিকভাৱে উশাহ লোৱাত কষ্ট পাব পাৰে।

শিশুৰ দেহত এজমাৰ প্ৰকোপ:

মহানগৰসমুহত পৰিৱৰ্তনীয় জীৱনযাত্ৰাৰ হেতু শিশুসকলৰ দেহত এজমা ৰোগ দ্ৰুতগতিত বিয়পি পৰে। ইয়াৰ মুখ্য কাৰণ হৈছে-শিশুক স্তনপান নকৰাই বটলেৰে গাখীৰ খুওৱা আৰু দুষিত জলবায়ু।

অন্য এটা বিশেষ কাৰণ হৈছে এণ্টিবায়’টিক দৰবৰ দ্ৰুত প্ৰচলন।ইয়াৰ ফলত ল’ৰা-ছোৱালীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে।যি কাৰণত সিহঁতে এজমাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হয়।

শিশুৰ প্ৰতি বিশেষ ধ্যান দিয়ক:

বৰষুণৰ বতৰত আৰু ঠাণ্ডাৰ দিনত শিশুটিক খুব সাৱধানেৰে ৰখা উচিত।সিহঁতক বাহিৰৰ জলবায়ুৰ পৰা বচাই ৰাখিব,বিশেষকৈ ভিৰ লগা ঠাইৰ পৰা।কোনো কাৰণত কিবা অসুবিধা বা সমস্যা আহি পৰিলেই অভিজ্ঞ চিকিৎসকক দেখুৱাই ঔষধ খুবাব।শিশুক সতেজ আৰু গৰম আহাৰ দিব।

যিকোনো বয়সত এজমাত আক্ৰান্ত হ’ব পাৰে:

এজমা ৰোগৰ লগত বয়সৰ কোনো কথা নাই।ই যিকোনো বয়সতে হ’ব পাৰে।ব্যক্তিৰ বয়স ত্ৰিশতকৈ বেছি হওক অথবা কম,তেনে ব্যক্তিৰ বতাহত উৰি ফুৰা বীজাণু তথা এলাৰ্জীৰ ফলত হ’ব পাৰে।অন্যহাতে বয়স্কসকলৰ চিগাৰেটৰ অত্যধিক সেৱন বা চিগাৰেটৰ ধোঁৱাৰ পৰোক্ষ প্ৰভাৱ,ঠাণ্ডা বতাহ আৰু হতাশাগ্ৰস্ততাৰ হেতু এজমা হ’ব পাৰে।

এজমাৰ চিকিৎসা:

এতিয়া সকলোতে এজমাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সুৰক্ষিত পদ্ধতি হিচাপে ইনহেলেচন থেৰাপীক উত্তম বুলি মানি লোৱা হৈছে,কিয়নো ই পোনে পোনে ৰোগীৰ হাওঁফাওঁত প্ৰৱেশ কৰি নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে।টেবলেট আৰু ছিৰাপ পেটলৈ যোৱাৰ পিছত ৰক্তৰ মাধ্যমেৰে হাওঁফাওঁত প্ৰৱেশ কৰে।ইয়াৰ পৰা বিভিন্ন ধৰণৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াও হ’ব পাৰে।

প্ৰাণনাশক এজমাৰ নিয়ন্ত্ৰণ:

এজমা ৰোগে ব্যক্তিগৰাকীৰ প্ৰাণনাশো কৰিব পাৰে।কিন্তু এইটোও ঠিক যে এজমাৰ চিকিৎসা অসম্ভৱ নহয়।নিজৰ অমুল্য জীৱনটোক বচাব বিচাৰে যদি চিকিৎসকৰ পৰামৰ্শ অনুসাৰে সময়মতে ঔষধ-পাতি খাব।সেইধৰণৰ বস্তুসমুহ এৰাই চলিব-যিবোৰে এজমাৰ প্ৰকোপ বঢ়ায়।আহাৰ খোৱাৰ আধাঘণ্টা পিছত পানী খাব।চাহ,কফি,আচাৰ,জলা,গৰম মচলাৰ প্ৰয়োগ সীমিত মাত্ৰাত কৰিব বা পৰাপক্ষত নকৰাই ভাল।

এজমাত আক্ৰান্তসকলৰ আহাৰ:

*যিসকলে এজমাৰ নিচিনা ৰোগৰ সৈতে যুঁজ দি আছে,তেওঁলোকে ভিটামিন-চি আৰু ই জাতীয় খাদ্য অধিক পৰিমাণে খোৱা দৰকাৰ।এনে খাদ্যই পোনে পোনে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগত সুপ্ৰভাৱ পেলায়।

*তদুপৰি এনে খাদ্যবস্তু খাওক,য’ত ভিটামিনৰ মাত্ৰা বহুত বেছি।যেনে-দাইল আৰু সেউজীয়া শাক-পাচলি।এইজাতীয় খাদ্যই এজমেটিক এটেকৰ পৰা বচায়।

*এজমা ৰোগীয়ে ঠাণ্ডা খাদ্য আৰু পানীয় পান কৰিব নালাগে।

*চৰ্বিযুক্ত খাদ্য যেনে-গাখীৰ,মাখন ইত্যাদি সেৱনৰ দ্বাৰাও এজমাৰ তীব্ৰতা কমাব পৰা যায়।যিসকল শিশুৱে বেছিকৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰে তেওঁলোক এনে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম হয়।

আনুষংগিক টিপছ:

*মাটিমাহৰ দাইলেৰে ৰন্ধা খাদ্য নাখাব।

*দৈ ভুলতো নাখাব।

*এজমাৰ সমস্যাটো সাধাৰণতে এলাৰ্জীৰ পৰা হয়।সেয়ে এলাৰ্জী নিৰ্মুলৰ কাৰণে গাখীৰত হালধি মিহলাই খাব।

*গাঢ় ৰঙৰ ফল-মুল তথা পাচলি নিৰ্বাচন কৰিব,কিয়নো ইয়াত এজমাৰ কাৰণে লাভদায়ক কেৰ’টিনৰ মাত্ৰা অধিক।যেনে-গাজৰ,পালেং আদি।

*এজমা ৰোগীয়ে কফি খোৱা ভাল।দিনটোত অন্তত: দুবাৰ কফি খালে উশাহ লোৱাত কষ্ট কম হয়।

কি নকৰিব :

*ঘৰত যদি পোহনীয়া জন্তু আছে তেন্তে তাক বিছনালৈ অথবা শোৱনি কোঠালৈ আহিবলৈ নিদিব।

*নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব।

*ঘৰত এজমাত আক্ৰান্ত ব্যক্তিৰ ওচৰে-পাঁজৰে ধুমপান নকৰিব,কিয়নো ধোঁৱাৰ প্ৰভাৱত কষ্ট পাব পাৰে।

ধ্যান ৰাখিব:

*বিছনা চাদৰ আৰু ল’ৰা-ছোৱালীৰ খেলনা বস্তুবোৰ প্ৰতি সপ্তাহে ভাল চাবোনেৰে ধুব।

*ধুলি-মাকতিৰ পৰা সুৰক্ষা দিব।

*পোহনীয়া জন্তুটোক প্ৰতি সপ্তাহত গা ধুৱাব।

*শিশুৰ এলাৰ্জী হ’লে ভালদৰে পৰীক্ষা কৰাব।

লেখিকা: ডা: ৰীণা দেৱী (জি এনআৰচি স্বাস্থ্য)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate