অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এনিমিয়া আৰু প্ৰতিকাৰ

এনিমিয়া আৰু প্ৰতিকাৰ

এনিমিয়া বুলি কেনেকৈ গম পাব?

১) প্ৰায়ে মুৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ হয়।

২)টোপনিৰ ভাৱ আহিবলৈ ধৰে।

৩)কেতিয়াবা মুৰৰ ঘুৰণি আৰু চকুৰ আগত আন্ধাৰ দেখা

৪) হৃদয়ৰ গতি অসামান্য হোৱা

৫) কেতিয়াবা মুৰ্চ্ছা যোৱা

৬) খাদ্যৰ প্ৰতি অনীহা

৭)নখৰ ৰং বগা ধৰণৰ হোৱা

৮) চকুৰ তলৰ অংশ ক’লা পৰা ইত্যাদি। যদি এনে ধৰণৰ কোনো লক্ষণ আপোনাৰ ক্ষেত্ৰত দেখা দিয়ে তেনেহ’লে শীঘ্ৰেই ডাক্তৰৰ পৰামৰ্শ লওক।

এই ৰোগৰ কি হ’ব পাৰে:

শৰীৰত হিমগ্ল’বিনৰ কম মাত্ৰাৰ বাবে এই ৰোগে দেখা দিয়ে। এই ৰোগ হোৱাৰ মুখ্য কাৰণ বুলিলে-

১) দৈনিক খোৱা খাদ্যত প্ৰ’টিনযুক্ত আহাৰৰ অভাৱ। স্ত্ৰীসকলৰ দেহত বিশেষকৈ পোষক তত্ত্ব যেনে, ফলিক এচিড আদিৰ অভাৱৰ ফলত এই ৰোগে দেখা দিয়ে।

২) বিশেষকৈ গৰ্ভাৱস্থাত আয়ৰণ আৰু ফলিক এচিড পৰ্যাপ্ত পৰিমাণে গ্ৰহণ নকৰাৰ ফলত গৰ্ভৱতী স্ত্ৰীৰ এনিমিয়া হয়।

প্ৰতিকাৰ:

১) নিয়মিত সন্তুলিত আৰু পুষ্টিকৰ আহাৰ খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক। যেনে সেউজীয়া শাক-পাচলি, ফল, গাজৰ, আপেল, খেজুৰ, বাদাম, গুড় আৰু শুকান ফল (ড্ৰাই ফ্ৰুটচ) ইত্যাদি খোৱাৰ উপৰিও নেমু, কমলা, আঙুৰ আদি ভিটামিন ‘চি’ যুক্ত ফলমুল ভোজনত অন্তৰ্ভুক্ত কৰিব লাগে। এই খাদ্যসমুহৰ গ্ৰহণে শৰীৰত আয়ৰণ গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব।

২) ইয়াৰোপৰি শৰীৰত আয়ৰণৰ মাত্ৰা বঢ়াবলৈ ডাক্তৰৰ পৰামৰ্শ অনুযায়ী আয়ৰণ আয়ৰণ আৰু ফলিক এচিডৰ কেপচুল খাব পাৰে।

উৎস: নন্দিনী

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate