অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এম আৰ আই (MRI)


এম আৰ আই Magnetic Resonance Imaging ।ই এবিধ অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা। ইয়াত এখন চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় আৰু এই ক্ষেত্ৰখনৰ মাজেৰে বৈদুতিক তৰংগ পাৰ কৰি মগজুৰ ছবি লোৱা হয়। এই এম আৰ আই স্কেনিঙৰ দ্বাৰা এক্স ৰে, আলট্ৰাচাউণ্ড বা কমপিউটেড টমোগ্ৰাফি (চি-টি) স্কেনিঙৰ দ্বাৰা লব নোৱাৰা শৰীৰৰ বিশেষ চিত্ৰ লৈ চিকিৎসা বিজ্ঞানৰ অতুলনীয় নিৰ্ণায়কৰ ভুমিকা পালন কৰি আহিছে।


MRI ৰ বাবে কেনেদৰে সাজু হ'ব -


সাধাৰণতে খাই থকা খাদ্য আৰু সদায় ব্যৱহাৰ কৰি থকা দৰৱ লৈ থাকিয়েই এই পৰীক্ষাৰ বাবে সাজু হ'ব পাৰি। এম আৰ আই কৰাৰ আগতে এখন ফৰ্মত চহী কৰিব দিয়া হয়। যদি হৃদৰোগী হয় আৰু পেচমেকাৰ লগোৱা থাকে, তেন্তে এম আৰ আই নকৰাই ভাল। কিয়নো MRI ৰ শক্তিশালী চুম্বকীয় ক্ষেত্ৰই এই ডিভাইচ বোৰৰ কাৰ্য্যপ্ৰণালীত ব্যাঘাত জন্মাই।
গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এম আৰ আই নকৰাই ভাল। শক্তিশালী চুম্বকীয় ক্ষেত্ৰখনে ভ্ৰুণৰ অনিষ্ট কৰাৰ সম্ভাৱনা থাকে।
এম আৰ আই কৰা সময়ত ৰোগীক গাউন জাতীয় পোছাক পিন্ধাই লোৱা হয়। ধাতুৰ আ অলংকাৰ, চুলিৰ পিন আদি খুলি থবলৈ দিয়া হয়। ৰোগীৰ নকল চুলি, দাত, কাণৰ যন্ত্ৰ, মোবাইল ফোন আদি ধাতুৰ বা ইলেক্ট্ৰনিক সা সঁজুলিৰ এম আৰ আই ৰ চুম্বকীয় ক্ষেত্ৰৰ ওপৰত প্ৰভাৱ পৰে। হৃদয়ৰ কৃত্ৰিম ভালভ, শৰীৰৰ হাত ভৰি দাত আদিৰ ধাতৱ পাত বা খলপ আদি শৰীৰত থাকিলে MRI কৰাৰ আগতে চিকিৎসকক জনোৱা অতি প্ৰয়োজনীয় কথা। শৰীৰৰ ভিতৰত ধাতুৰ উপস্থিতিৰ ফলত MRI স্কেনে এক নতুন ৰোগৰ সৃষ্টি কৰাৰহে সম্ভাৱনা থাকে।

কেনেদৰে কৰা হয় এম আৰ আই -


অধিকসংখ্যক MRI মেচিনতেই এটা ডাঙৰ চুঙা থাকে। ৰোগীক এখন চলমান টেবুলত শুৱাই দিয়া হয় আৰু টেবুলখন চুম্বকীয় ক্ষেত্ৰখনৰ উক্ত ডাঙৰ আকাৰৰ চুঙাটোৰ ভিতৰলৈ সোমাই যাব দিয়া হয়। চুম্বকীয় ক্ষেত্ৰখনে আভ্যন্তৰীণভাৱে ৰোগীৰ মগজুৰ কোষৰ লগত ইয়াৰ এক, Alignment সজাই তোলে ।ইয়াৰ পিছত আনুপাতিক তৰংগৰ দ্বাৰা কিছুমান সংকেত দিয়ে, আৰু এই সংকেতবোৰৰ দ্বাৰা কোষবিলাকৰ বিশেষত্ব তথা অস্তিত্ব সম্পৰ্কে প্ৰয়োজনীয় তথ্য আহৰণ কৰা হয়। আহৰণ কৰা সংকেতবোৰ সংযোগী কম্পিউটাৰে মিশ্ৰণ কৰি চিকিৎসকৰ বোধগম্য ৰিপৰ্ট প্ৰস্তুত কৰি উলিয়াই দিয়ে।

MRI কৰা সময়ত ৰোগীয়ে কি অনুভৱ কৰে-


এই পৰীক্ষাৰ সময়ত ৰোগীয়ে শৰীৰত কোনো বিষ দুখ বা চুম্বকীয় ক্ষেত্ৰৰ আনুপাতিক তৰংগসমুহ অনুভৱ নকৰে। শৰীৰৰ অংগ অনুযায়ী যি পৰীক্ষাৰ প্ৰয়োজন সেয়া এক সূক্ষ্ম ডিভাইচে অংগত স্থাপন কৰে আৰু আনুপাতিক চুম্বকীয় তৰংগৰ দ্বাৰা আহৰণ কৰি সংযোগী কম্পিউটাৰলৈ প্ৰেৰণ কৰে। কিছুমান MRI স্কেনিঙৰ বাবে শৰীৰৰ শিৰাৰ দ্বাৰা (intravenous) এবিধ ডাঠৰঙৰ জুলীয়া পদাৰ্থ ব্যৱহাৰ কৰি লব লগা হয়।
MRI স্কেনিঙৰ সময়ত চুম্বকৰ ভিতৰৰ অংশৰ পৰা কিছুমান শব্দ ওলাই থাকে। গতিকে ৰোগীৰ অসুবিধা নহবৰ বাবে কাণত হেডফোন লগাই ৰোগীৰ ভাল লগা গান শুনিবলৈ দিয়া হয়। এজন বিশেষজ্ঞ আন এটা কোঠাত বহি ৰোগীৰ ওপৰত মনিটৰৰ দ্বাৰা চকু ৰাখে আৰু হেডফোনৰ সহায়ত প্ৰয়োজন অনুসৰি কথা পাতি থাকিব পাৰে। কিছুমান ৰোগীৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱকো এই কোঠালৈ মাতি নিয়া হয়।
MRI কৰোতে বিভিন্ন দিশৰ পৰা বেলেগ বেলেগ ছবি লব লগা হয়, আৰু প্ৰতিটো ছট লওতে ২ মিনিটৰ পৰা ১৫ মিনিট পৰ্যন্ত সময় লাগিব পাৰে। যদি ছবি লব লগা থাকে, তেতিয়া MRI কৰোতে এঘন্টা বা ডেৰঘণ্টা পৰ্যন্ত সময় প্ৰয়োজন হয়। পৰীক্ষাৰ সুবিধাৰ্থে ৰোগীক ঘন ঘন কিন্তু আৰামদায়ক শ্বাস প্ৰশ্বাস লৈ থাকিব দিয়া হয়। কিন্তু যিমান পাৰি লৰচৰ কম কৰিব লাগে।
বহুসময়ত MRI মেচিনৰ ভিতৰত থাকি কেতিয়াবা কিছুমান ৰোগী হতাশা আৰু অস্থিৰতাৰ চিকাৰ হয়। তেনেকুৱা হলে এই বিষয়ে চিকিৎসকক জনালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি দিয়ে। (may arrange a sedative if necessary)
এম আৰ আই কৰা শেষ হোৱাৰ লগে লগেই পৰীক্ষা কোঠাৰ পৰা ওলাই নাহি অপেক্ষা কৰা ভাল, কিয়নো প্ৰয়োজন হলে যদি কোনো অংশৰ ছবি লবলৈ ৰৈ গল বা আধৰুৱা হল তেতিয়া চিকিৎসাকৰ্মী য়ে ৰোগীৰ স্কেন কৰাই যথাযথ ৰিপৰ্ট চিকিৎসকলৈ প্ৰেৰণ কৰিব পাৰে।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate