অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ডিচলিপিডেমিয়া আদিৰ বিষয়ে জানিবলগীয়া লাগতিয়াল কথা

ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ডিচলিপিডেমিয়া আদিৰ বিষয়ে জানিবলগীয়া লাগতিয়াল কথা

ওপৰৰ দীঘলীয়া শিৰোনামাটো দেখি পাঠক হয়তো সচকিত হৈ উঠিব৷ কিন্তু আজিৰ যুগত এই বিষয়ৰ আলোচনা অতীব প্ৰয়োজনীয় হৈ পৰিছে৷ সময়,পৰিবেশ আৰু মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি হোৱাৰ লগে লগে নতুন নতুন শাৰীৰিক সমস্যাই আমাৰ আগত প্ৰত্যাহ্বান স্বৰূপহৈ দেখা দিবহি ধৰিছে৷ তাৰে ভিতৰত এটা হ'ল ডিচলিপিডেমিয়া (Dyslipidemia)৷

ডিচলিপিডেমিয়াৰ অৰ্থ হ'ল আমাৰ তেজত থকা অপকাৰী লিপিডৰ (চৰ্বি) পৰিমান অস্বাভাবিকভাবে বাঢ়ি যোৱা আৰু তাৰ বিপৰীতে উপকাৰী লিপিডৰ পৰিমান হ্ৰাস পোৱা৷ অপকাৰী লিপিড হ'ল Low-density lipoproteins (LDL) আৰু ট্ৰাইগ্লিচাৰাইড (Tryglycerides)৷ উপকাৰী লিপিড হ'ল High-density lipoproteins (HDL)৷ আকৌ ট'টেল ক'লেষ্টেৰল হ'ল তেজত থকা অপকাৰী (Bad cholesterol) আৰু উপকাৰী (Good cholesterol) ক'লেষ্টেৰলৰ যোগফল৷ সঠিককৈ কবলৈ হ'লে ট'টেল ক'লেষ্টেৰল নিৰ্ণায়ক সমীকৰণটো হ'ল: HDLৰ পৰিমান + LDLৰ পৰিমান + Triglycerideৰ পৰিমানৰ কুৰি শতাংশ৷

লাইপোপ্ৰটিন কি?

লাইপোপ্ৰটিন হ'ল চৰ্বি বা লিপিড আৰু প্ৰটিনৰ সংযোগ৷ লিপিড হ'ল পানীত অঘোলনশীল৷ পানীত ঘোলনশীল লাইপোপ্ৰটিনলৈ পৰিবৰ্তন হোৱাৰ পিছত লিপিডৰ তেজত সঞ্চালন সম্ভৱপৰহৈ উঠে৷ লাইপোপ্ৰটিন কেইবাপ্ৰকাৰৰ হব পাৰে৷ ইয়াৰ দুটা প্ৰমুখ উদাহৰণ হ'ল LDL (Low Density Lipoprotein) আৰু HDL (High Density Lipoprotein)৷ উল্লেখযোগ্যযে ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড দুয়োটাই পানীত অঘোলনশীল৷ লাইপোপ্ৰটিনলৈ ৰূপান্তৰিতহৈহে দুয়োটাই তেজত প্ৰবাহমান হব পাৰে৷

ক'লেষ্টেৰল কি?

ক'লেষ্টেৰলে আমাৰ তেজত থকা চৰ্বিক বুজায়৷ মানৱ দেহৰ লিভাৰে ক'লেষ্টেৰল উৎপাদন কৰে৷ ক'লেষ্টেৰল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় তত্ব৷ ই শৰীৰত হৰমোন, ভিটামিন-ডি আদি উৎপন্ন কৰাত আৰু পাচন ক্ৰিয়াত সহায়কৰ ভূমিকা লয়৷ ক'লেষ্টৰল হ'ল মম জাতীয় পদাৰ্থ৷ শৰীৰৰ প্ৰতিটো কোষত ইয়াৰ অৱস্থিতি দেখা যায়৷ মাংস,কণী,গাখীৰ,মাখন,পনীৰ আদি খাদ্যৰ পৰাও আমি ক'লেষ্টেৰল আহৰণ কৰোঁ৷

ঘাইকৈ ক'লেষ্টেৰল দুই প্ৰকাৰৰ৷ সেয়া হ'ল HDL আৰু LDL - লিভাৰৰ পৰা LDL ক'লেষ্টেৰল আতৰি তেজৰ নলীয়েদি প্ৰবাহিত হওঁতে তাত জমা হৈ (যাক atheroma/atherosclerotic plaque বোলে) তেজৰ প্ৰবাহ বাধাপ্ৰাপ্ত কৰিব পাৰে৷ এই প্ৰক্ৰিয়াটোক Atherosclerosis বোলে৷ গতিকে LDL হ'ল বেয়া বা অপকাৰী ক'লেষ্টৰল৷ আনহাতে উপকাৰী বা ভাল ক'লেষ্টেৰল HDL লিভাৰলৈ প্ৰবাহিত হৈ আহে আৰু ই তেজৰ সঞ্চালন নিয়াৰিকৈ ৰাখে৷ তদুপৰি ই অপকাৰী LDLক শৰীৰৰ পৰা নিষ্কাশনত সহায় কৰে৷

ট্ৰাইগ্লিচাৰাইড কি?

ট্ৰাইগ্লিচাৰাইড আমাৰ শৰীৰৰ চৰ্বিৰ কোষসমূহত সঞ্চিতহৈ থাকে৷ আমি খোৱা খাদ্যৰ অতিৰি ক্ত কেলৰিখিনি শৰীৰে ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে৷ পিছত হৰমোনৰ প্ৰভাৱত ট্ৰাইগ্লিচাৰাইডৰ পৰা শক্তি দেহে আহৰণ কৰিব পাৰে৷ আমি যদি আমাৰ প্ৰয়োজনকৈ অধিক চৰ্বি আৰু কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰি থাকোঁ-তেন্তে আমাৰৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ আধিক্য (Hypertriglyceridemia)হোৱাটো খাটাং৷

লিপিড প্ৰফাইল কি?

লিপিড প্ৰফাইল বা লিপিড পেনেল হ'ল তেজৰ সকলো প্ৰকাৰৰ ক'লেষ্টেৰলৰ পৰীক্ষা৷ ইয়াৰ যোগেদি ভাল ক'লেষ্টেৰল আৰু বেয়া ক'লেষ্টেৰলৰ পৰিমান ভাগ ভাগকৈ চিনাক্ত কৰা হয়৷ সঠিক ফলাফল জানিবৰ বাবে তেজ পৰীক্ষা কৰোৱাৰ আগতে ৮৷১০ঘন্টা উপবাস দিয়া ভাল৷
স্বাভাবিক পৰিমান কিমান থকা বাঞ্চনীয়?

  • ট'টেল ক'লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমান ২০০ মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্চনীয়৷ (যিমানে কম ওলায়, সিমানে ফলাফল ভাল৷)
  • এলডিএল ক'লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমান ১৩০ মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্চনীয়৷ (যিমানে কম ওলায়, সিমানে ফলাফল ভাল৷)
  • ট্ৰাইগ্লিচাৰাইডৰ নৰ্মাল বা স্বাভাবিক পৰিমান ১৫০ মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্চনীয়৷ (যিমানে কম ওলায়,সিমানে ফলাফল ভাল৷)
  • এইডিএল ক'লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমান ৪০মিলিগ্ৰাম%ৰ পৰা ৬০মিলিগ্ৰাম% হোৱা বাঞ্চনীয়৷ (যিমানে বেচি ওলায়,সিমানে ফলাফল ভাল৷)

জানি থোৱা ভালযে কিশোৰ আৰু বৃদ্ধ অৱস্থাত লিপিডৰ ফলাফল কিছু পৃথক হয়৷

কিমান দিনৰ ব্যৱধানত লিপিড প্ৰফাইল পৰীক্ষা কৰাব?

আমেৰিকান হাৰ্ট এচ'চিয়েচনৰ মতে ২১বছৰ বয়সৰ ওপৰৰ প্ৰতিজন লোকে ৫বছৰৰ ব্যৱধানত লিপিড পেনেল পৰীক্ষা কৰোৱা উচিত৷ এই কথাফাকি ৰোগৰ কোনো লক্ষণ নথকা ব্যক্তিৰ বাবেহে প্ৰযোজ্য৷

আনহাতে হৃদৰোগ, ডায়েবেটিজ, মেদবহুলতা, কিডনিৰ অসুখ থকা লোকে প্ৰতি বছৰে লিপিড পেনেল পৰীক্ষা কৰোৱা মংগল জনক৷

আকৌ এবাৰ ডিচলিপিডেমিয়া চিনাক্ত হ'লে আৰু তাৰ চিকিৎসা আৰম্ভ কৰিলে প্ৰতি মাহত বা দুমাহৰ ব্যৱধানত লিপিড পেনেল স্বাভাবিক নোহোৱালৈ পৰীক্ষা কৰাই যাব লাগিব৷

ডিচলিপিডেমিয়াত সাধাৰণতে দেখা দিয়া কিছুমান লক্ষণ হ'ল -

  • ভৰিৰ বিষ বিশেষকৈ খোজ দিওঁতে
  • বুকুৰ বিষ বা হেঁচা অনুভৱ কৰা
  • উশাহ ছুটি হোৱা
  • শীতলতাৰ মাজত ঘমাৰ্ত হোৱা(cold sweats)
  • ডিঙি, গলধন, পিঠি বা কান্ধৰ বিষ
  • পেট-বুকু জ্বলাপোৰা কৰা আৰু বদহজমি
  • ক্লান্তিবোধ
  • মূৰঘূৰণি
  • বুকুৰ ধপধপনি
  • ওকালি বা বমি হোৱা
  • হাত ভৰি মুখমণ্ডল ফুলি যোৱা
  • চেতনা হেৰোৱা।

ডিচলিপিডেমিয়াৰ উপযুক্ত বা সঠিক চিকিৎসা নকৰিলে হব পৰা সম্ভাব্য ভয়ংকৰ পৰিনাম দুটা হ'ল-

১)Coronary artery disease(CAD)আৰু

২)Peripheral artery disease (PAD)৷

বৰ্ধিত ট্ৰাইগ্লাইচাইডৰ (Hypertriglyceridemia) পৰা হব পৰা বিপদসমূহ: বহু লোকৰ দেহত লক্ষণ একো দেখা নোযোৱাকৈ থাকে আৰু তেজ পৰীক্ষা কৰাত আকস্মিকভাবে তেজৰ বৰ্ধিত ট্ৰাইগ্লিচৰাইড ধৰা পৰে৷ ইয়াৰ বিপৰীতে আন কিছুমানৰ ছালৰ তলত বা চকুৰ পতাৰ কাষত গোটা বন্ধা Xanthomas, চকুৰ ৰেটিনাত হোৱা Lipemia retinalis, লিভাৰ আৰু প্লীহাৰ আকাৰ ডাঙৰ হোৱা (Hepatosplenomegaly) আদি লক্ষণ ধৰা পৰে৷ এক শতাংশৰ পৰা ৪শতাংশ Hypertriglyceridemia ৰোগীৰ পেনক্ৰিয়াটাইটিচ (pancreatitis) হোৱা পৰিলক্ষিত হয়৷ এনে ৰোগীৰ তেজত ট্ৰাইগ্লাইচেৰাইডৰ পৰিমানে ১০০০ মিলিগ্ৰাম % চেৰাই যাব পাৰে৷ আকৌ উচ্চ ট্ৰাইগ্লাইচেৰাইড ষ্ট্ৰ'ক,হাৰ্ট এটেক আৰু আন হৃদৰোগৰ কাৰক হব পাৰে৷ উচ্চ ট্ৰাইগ্লাইচেৰাইড থকা ৰোগীৰ যৌন অক্ষমতা দেখা দিব পাৰে৷

ট্ৰাইগ্লাইচাইডৰ বৰ্ধিত পৰিমান (Hypertriglyceridemia) হোৱাৰ কিছুমান কাৰক তলত উল্লেখ কৰা হ'ল: -

  • মেদবহুলতা
  • শাৰীৰিক নিস্ক্ৰিয়তা
  • অত্যাধিক ভক্ষণ
  • এলক'হল
  • ধুম্ৰপাণ
  • ডায়েবেটিজ
  • অটো-ইমিউনডিজিজ যেনে SLE
  • মেটাবলিক চিনড্ৰম
  • হাইপ'থাইৰয়েডিজম
  • গৰ্ভাৱস্থা - কিছুমানৰ ৩য় ত্ৰিমাসিকৰ সময়ত
  • ঔষধৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া - ষ্টেৰইড, এন্টিচাইক'টিক ড্ৰাগছ, এন্টিহাইপাৰটেচিভ (থায়াজায়েড, বিটা-ব্লকাৰ), এইডৰ চিকিৎসাৰ কিছুমান দৰব, গৰ্ভনিৰোধক পিল

বৰ্ধিত ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ উপায় কি?

লাইফ-ষ্টাইল বা জীৱনধাৰণৰ পদ্ধতিত কৰিবলগীয়া সালসলনি সমূহ হ'ল : -

  • শৰীৰৰ ওজন হ্ৰাস কৰা -বিজ্ঞানীসকলে পাইছে যে ৫ শতাংশৰ পৰা ১০ শতাংশ দেহৰ ওজন হ্ৰাস পালে ৪০ মিলিগ্ৰাম% পৰ্য্যন্ত ট্ৰাইগ্লিচৰাইডৰ পৰিমান কমিব পাৰে৷
  • শাৰীৰিক ব্যায়াম- সপ্তাহত ৫/৬ দিন দৈনিক আধা ঘন্টাৰ কছৰৎ শৰীৰৰ বাবে অতি লাগতিয়াল৷ সি লাগিলে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা, খোজ কঢ়া বাআন ব্যায়াম যিয়েই নহওঁক৷
  • মদ্যপান আৰু ধূম্ৰপান ত্যাগ কৰা -ইয়াৰ দ্বাৰা ডিচলিপিডেমিয়াৰ ওপৰিও নানাবিধ কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰিব৷
  • মানসিক দু:চিন্তা আৰু ষ্ট্ৰেচ কমাবলৈ ধ্যাণ আৰু মেডিটেচন কৰিব৷

খাদ্যত লবলগীয়া নানাবিধ সতৰ্কতা তলত উল্লেখ কৰা হ'ল : -

  • খাদ্যৰ পৰিমান লক্ষ্য ৰখা, কেলৰিৰ পৰিমান হ্ৰাস কৰা- নাপাহৰিব দেহৰ প্ৰয়োজনতকৈ অতিৰিক্ত কেলৰি ট্ৰাইগ্লিচৰাইডলৈ ৰূপান্তৰিত হয়৷
  • খাদ্যৰ বাচনি- কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ - ডালডা জাতীয় ট্ৰান্সফেটৰ তৈয়াৰী খাদ্য পৰিহাৰ কৰিব৷ তাৰ পৰিবৰ্তে আনচেচুৰেটেড চৰ্বি যেনে অলিভ অইল, ভিজিটেবল অইল, ফিচ অইল ব্যৱহাৰ কৰিব৷ নাৰিকল কমাই খোৱা ভাল কিয়নো ইয়াত চেচুৰেটেড ফেট থাকে৷
  • খাদ্যত চুগাৰ আৰু ফ্ৰোক্টজৰ মাত্ৰা হ্ৰাস কৰা - কিছুমান কাৰ্বোহাইড্ৰেট যেনে চেনি, ময়দা আদিৰ পৰা সহজে ট্ৰাইগ্লিচৰাইড উৎপন্ন হয়৷ সেইবিলাকৰ ব্যৱহাৰ কমোৱা উচিত৷ সকলো শীতল পানীয়, এনাৰ্জি ড্ৰিংক, মিঠা কফি, ফলৰ ৰস, মিঠাই পৰিহাৰ কৰিব৷ পেষ্ট্ৰি আৰু বেক কৰা মিঠাই বা খাদ্য এৰাই চলিব৷
  • খাদ্যত বেছি ফাইবাৰৰ বাচনি কৰা - ৰাজমাহ জাতীয় শইচ,দাইল,বাদাম আদি বেচি ফাইবাৰ থকা খাদ্যই পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ কমকৈ হবলৈ দিয়ে যাৰ ফলত ট্ৰাইগ্লিচৰাইড কমকৈ উৎপন্ন হয়৷
  • অমেগা-৩ ফেটি এচিড খাদ্যত সংযোগ কৰা- ঘাইকৈ সাগৰীয় মাছ টুনা, চলমান, চাৰডিন, হেৰিং, মেকৰেল আদিত উপলব্ধ৷
  • খাদ্যৰ তালিকাত চয়াবিন জাতীয় প্ৰটিনৰ সংযোগ কৰক৷ ইয়াৰ দ্বাৰা ট্ৰাইগ্লিচাৰাইড আৰু এলডিএল ক'লষ্টেৰল ৭শতাংশলৈকে হ্ৰাস পোৱা প্ৰমাণিত হৈছে৷
  • হালধি, মেথি, নহৰু, আভাকাডো, এলমণ্ড আদিৰ উপযুক্ত ব্যৱহাৰে ডিচলিপিডেমিয়া হ্ৰাস কৰে৷
  • নিয়মিত একে সময়ত খাদ্যগ্ৰহণ কৰা (Establish a regular meal pattern) - যাৰ দ্বাৰা দেহত থকা ইনচুলিনৰ সক্ৰিয়তা হ্ৰাস নাপায়৷ দেখা গৈছে যে উচ্চ ট্ৰাইগ্লিচাৰাইড হোৱাৰ এটা কাৰণ হ'ল Insulin resistance ৷

উচ্চ ট্ৰাইগ্লিচাৰাইড কমাবলৈ ব্যৱহাৰ কৰা ঔষধ কিছুমান হ'ল -

  • অমেগা-৩ ফেটি এচিড কেপচুল
  • ফেন’ফিব্ৰেট যেনে ট্ৰাইকৰ, ফেনগ্লাইড, লিপান্থিল, জেমফিব্ৰজিল
  • ষ্টেটিন যেনে এট্ৰভাষ্টেটিন, চিমভাষ্টিন, ৰজুভাষ্টটিন৷ ষ্টেটিনৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া হ'ল মাংসপেশীৰ বিষ হোৱা৷
  • নিয়াচিন বা নিকোটিনিক এচিড –সাধাৰণতে ৫০০ মিলিগ্ৰামৰ অধিক ট্ৰাইগ্লাইচেৰাইডত নিয়াচিন ব্যৱহৃত হয়৷ সতৰ্ক নহলে Drug interaction হোৱাৰ বেচ সম্ভাৱনা থাকে৷

এইবিলাক দৰবৰ পাৰ্শ্বক্ৰিয়া হব পৰা হেতুকে কোনেও চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে কোনোবিধ ঔষধ গ্ৰহণ কৰা উচিত নহয়৷ ফেন’ফিব্ৰেট আৰু ষ্টেটিন একে সময়তে প্ৰয়োগ কৰা নহয়৷
আজিলৈ ইমানেই৷ পৰৱৰ্তী সময়ত সম্ভৱপৰ হলে আৰু নতুন তথ্য যোগ দিম৷ প্ৰবন্ধটো লাগতিয়াল বুলি ভবাসকলে লিখকৰ নাম বাদ নিদিয়াকৈ শ্বেয়াৰ কৰাত আপত্তি নাই৷ সকলোৱে স্বাস্থ্যৰ যত্ন লওঁক আৰু কুশলে থাকক৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০৯৭৪৩৩৭৩৮৭২২

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate